আবুৰ — চন্দন গোস্বামী

কবিতা আবুৰ নে
আবুৰ কবিতা

কথাটোকে লৈ
এন্ধাৰ বাট এটাৰে

মূল্যবৃদ্ধি
অনাহাৰ
অবাধ যৌনতা
হাইব্ৰিড পাচলি
দেশদ্ৰোহী

চাৰিওফালে
সন্ত্ৰাসবাদ
সন্ত্ৰাসবাদ
সন্ত্ৰাসবাদ

ঘন জংঘলত কোনে দিয়ে কাৰ্বনডাইঅক্সাইড অথবা অক্সিজেন

নিজৰ নিজৰ নিজৰ
জ্বলাৱলৈ
পুৰিৱলৈ
গলাবলৈ
গেলিবলৈ

স্বপ্নদোষ

বীৰ্যস্খলন

নিঃশেষ হৈ আহে যৌৱন

আই পিতাইৰ মাটি ডৰা
ৰখিব কোনে

সপোনত বুৰ যোৱা জোনৰ মুখত
কোনে সানি দিলে ছাই

জাতি ক’ত জাতি
জাতৰ মাজৰ মানুহ নে
মানুহৰ মাজৰ জাত
কোনে আৰম্ভ কৰিলে পাশাখেল

আবুৰৰ যাদুত ঘূৰিছে ভূৱন

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!