আমাৰ ঘৰৰ শেৱালিজুপি (নিকুঞ্জ কাশ্যপ)

গোঁসাইঘৰৰ ঠিক সন্মুখতে দেউতাই আনি ৰুইছিল শেৱালিজুপি৷ দেউতা শেৱালিৰ অগাধ প্ৰেমিক আছিল৷ সৰুৰেপৰাই দেখি আহিছো এই শেৱালিজুপি৷ সেয়েহে শেৱালিৰ প্ৰতি মোৰো এক বিশেষ মোহ আছে৷ শেৱালি সুবাস বিচাৰিবলৈ, শেৱালি বুটলিবলৈ বেলেগ ক’লৈকো যাব লগা হোৱা নাছিল ঘৰৰ চোতালতে পাইছিলোঁ৷ খুব ৰাতিপুৱাতে দেউতাই মোক শোৱাপাটিৰপৰা উঠাই কৈছিল “অই সৰু উঠ, মাৰাই চোতালত ঝাৰু দিয়াৰ আগতে শেৱালি ফুল বোটলগৈ যা“৷ কেতিয়াবা দেউতাও উঠি আহিছিল মোৰ লগতে৷ ওচৰৰে জোন, কৰবীহঁতো ৰাতিপুৱাতে সৰু খৰাহী এটা হাতত লৈ আমাৰ ঘৰলৈ শেৱালি ফুল বুটলিব আহিছিল৷ আনকি নদীৰ সিপাৰে থকা বঙালী চুবুৰীটোৰ পৰাও শেৱালি ফুল নিবলৈ বঙালী ছোৱালীবোৰ আহিছিল৷ সিহঁতৰ ঘৰত পূজা থকাৰ দিনা বেছিখিনি ফুল সিহঁতক দি পঠাইছিলোঁ৷
“শুকাই যোৱা শেৱালিৰ ফুলবোৰো পেলনীত নাযায় পিঠা বনাই খাব পাৰি পেটৰ ৰোগৰ কাৰণে ভাল “ আমাৰ আইতাই কৈছিল৷ তেনেকে বহুবাৰ খায়ো পাইছোঁ৷
এবাৰ আমাৰ ঘৰ নতুনকৈ সাজোতে শেৱালিজুপি কাটিবলগীয়া অৱস্থা হৈছিলগৈ পিছে দেউতাই কোনোপধ্যে নাকাটিলে৷ “লাগিলে ঘৰটোৱেই সৰু হওক কথা নাই“ দেউতাই কৈছিল তেনেকে৷ আমাৰ ঘৰত আলহী অতিথি আহিলেও সকলোৱে এই শেৱালিজুপিক লৈ প্ৰশংসা কৰে৷ কোনেও মুঠতে একাষাৰ নোকোৱাকৈ নাযায়েই৷ সন্ধিয়া হ’লে আমোলমোলাই থকা শেৱালিৰ সুবাসে আমাৰ ঘৰখনৰ পৰিবেশটোকেই সলনি কৰি দিয়ে৷ মই সৰুতে ৰাতিপুৱাই এদিন ঝাৰু এদালেৰে শেৱালিৰ পাহিবোৰ একগোট কৰি আছিলোঁ দেউতাই দৌৰি আহি ঝাৰুদাল মোৰ হাতৰ পৰা কাঢ়ি নি কৈছিল “ফুলক ঝাৰু লগাব নাপায় সৰু, ফুল বৰ পবিত্ৰ বস্তু “৷ এইদৰে শেৱালিৰ সৈতে মোৰ শৈশৱৰ পৰাই প্ৰেমভাৱ জাগিছিল৷ আজিও মই শেৱালিৰ দুৰ্ঘোৰ প্ৰেমিক৷

বয়স হৈছে যদিও প্ৰতিবাৰৰ দৰে শেৱালিজুপি এইবাৰো ফুলিছে৷ আমোলমোলোআ সুগন্ধটোই আমাৰ ঘৰখন সতেজ কৰি তুলিছে৷ এই দিনকেইটাত মোৰ দেউতালৈ বৰকৈ মনত পৰে৷ সপোনত পুৱাৰাতি প্ৰায়ে দেউতাৰ মাতটো শুনো ……“অই সৰু উঠ শেৱালি বোটলগৈ নহ’লে জোন কৰবীহঁতে শেষ কৰিব“৷ এনে লাগে মই যেন আকৌ দেউতাক বিচাৰি পাওঁ৷ খৰাহীটো লৈ লাহে লাহে শেৱালিজুপিৰ তললৈ যাওঁ নিয়ৰত সেমেকী থকা শেৱালিৰ পাহিবোৰ এপাহ এপাহকৈ বুটলি লওঁ৷ পাহিবোৰ সৰি থাকে৷ দেউতাই কথা কৈ থকা যেন লাগে৷ অই সৰু, অই সৰু বুলি মাতি থকা যেন পাওঁ পিছপিনে ঘূৰি চাওঁ৷ দেউতাৰ ছবিখনি বাৰে বাৰে চকুত ভাহি আহে৷ আৱেগিক হৈ পৰো চকুদুটা অজানিতে সেমেকি উঠে ৰখাবই নোৱাৰো৷ দেউতাও শেৱালিজুপিৰ দৰেই আছিল৷ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!