আমাৰ চৰ-চাপৰিত এতিয়া ভাপা পিঠাৰ বতৰ (আশ্ৰাফুল হুছেইন)

Ashraful Hussain recipee
শীতকাল আহিল মানেই আমাৰ চৰ-চপৰিত পিঠা খোৱাৰ ধুম । চৰ-চাপৰিত প্ৰচলিত পিঠা সমূহৰ ভিতৰত ভাপা পিঠাও অন্যতম । এই শীতৰ সময়ত আজি আমি যি সকলে নিজৰ গাওঁ এৰি বহু দূৰৈত আছোঁ সেই সকলে বৰকৈ আফচোচ্ কৰিম । আই-জেঠীহঁতে সূৰ্য উদয়ৰ পূৰ্বেই পিঠা বনোৱাৰ পূৰ্বপ্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাতিপুৱা কেৱল ভাপত সিজাইছিল । টোপনিৰ পৰা মাতি উঠাই কিদৰে আথে-বেথে খোৱাইছিল । আমাৰ বাবে দিনবোৰ অতীত হ’ল আৰু নিশ্চিত যে সেই দিনবোৰ কাহানিও ঘুৰি নাহে । যিকিনহওঁক টেকেলি পিঠা আৰু ভাপা পিঠাৰ প্ৰস্তুত প্ৰণালী প্ৰায় একেই । এই পিঠা উতলা পানীৰ ভাপত বনোৱা হয় বাবেই “ভাপা” পিঠা কোৱা হয় । আমি চৰ-চাপৰিবাসীৰ বাবে আজিও গৌৰৱৰ বিষয় যে- চৰ-চাপৰি অঞ্চলৰ পিঠা-পনাৰ অন্যতম ভাপা পিঠা আজিৰ সময়ৰ ফাষ্ট-ফুডৰ ভিৰত হেৰাই যাব লগা হোৱা নাই। অন্যহাতে ভোগালীৰ জলপানৰ দৰেও পেকেটত ক্ৰয় কৰিবলগীয়া দিন এতিয়াও অহা নাই । চৰ-চাপৰীবাসীলৈ আমাৰ বাৰ্তা- “এই পিঠা-পনা আমাৰ চৰ-চাপৰিবাসীৰ সংস্কৃতি, এই ঐতিহ্যবাহী খাদ্য সম্ভাৰক ধৰি ৰখাৰ দ্বায়িত্বও আমাৰেই” ।
বি: দ্ৰ: নজনা সকলৰ বাবে ভাপা পিঠাৰ উপকৰণ আৰু প্ৰস্তুত প্ৰণালী আগবঢ়াইছোঁ।
উপকৰণ: ( মজলীয়া আকৃতিৰ ১০/১২ টা পিঠাৰ বাবে )
১। আল বা আতপ চাউলৰ গুৰি – ৮৫০ গ্রাম চাউলৰ
২। উহোৱা বা সিদ্ব চাউলৰ গুৰি – ১৫০ গ্রাম চাউলৰ (পিঠা কোমল হোৱাৰ বাবে)
৩। খেজুৰৰ গুড় – ৭৫০ গ্রাম
৪। নাৰিকল চূৰ্ণ – ১ টা
৫। নিমখ – স্বাদমতে
৬। সূতাৰ বগা পাতল তথা কোমল কাপোৰ – (২৫ ছে.মি. + ২৫ ছে. মি.)=আধা মিটাৰ
৭। বাঁহৰ চালনী – ১ টা
৮। পিঠা ভাপ দিয়াৰ বাবে মাটিৰ কলহ এটা ।( এলুমিনিয়ামৰ কলহ হ’লেও চলিব )
৯। কলহৰ মুখত দি পিঠা ভাপ দিবলৈ দুটা বাটি নতুবা মাটিৰ পাত্ৰ ।
১০। কলহৰ মুখত বাটি বহাবলৈ ছিদ্ৰ থকা ঢাকনী- ১ টা

প্রস্তুত প্রণালীঃ
১। উভয় প্রকাৰৰ চাউলৰ গুৰি আৰু নিমখ একেলগে এটা বৰ্তনত লৈ সামান্য পানী (কুহুমীয়া গৰম) মিহলি কৰি চালনীত হাতেৰে ঘঁহি-ঘঁহি চালি লব । এয়া পনীয়া নতুবা গোটা বিদৰ হ’ব নালাগিব, প্ৰায় চুজিৰ দানাৰ দৰে হ’ব লাগিব ।
২। মাটিৰ কলহটোৰ অৰ্ধেক পানী ভৰাই ঢাকনী এটা লগাই পানী উতলি ভাপ উঠা পৰ্যন্ত অপেক্ষা কৰিব লাগিব ।
৩। চালনীৰে চালি লোৱা পিঠাগুৰি আধা বাটি লোৱাৰ পিছত গুড় আৰু নাৰিকলৰ চূৰ্ণৰ প্ৰলেপ এটা বহুৱাই খালী থকা অংশ পিঠাগুৰিৰে ভৰাই দিয়ক ।
৪। উপকৰণত উল্লেখ থকা ধৰণৰ কাপোৰৰ টুকুৰাটো পানীত ভিজাই লৈ আকৌ এবাৰ চেপি ল’ব । আপুনি ভৰাই থোৱা পিঠাগুৰিখিনি কাপোৰটোৰে ঢাকিলৈ কলহটোৰ মুখৰ ছিদ্ৰ ঢাকনীত বহুৱাই সাৱধানে বাটিটো উঠাই আনি পিঠাটো কাপোৰেৰে ঢাকি দিয়ক ।
৫। ৫/৭ মিনিট উতলা পানীৰ ভাপত সিজোৱাৰ পিছত আঙুলিৰে চেপি ধৰিলে কোমল হোৱা বুলি অনুভৱ হ’লে নমাই আনক আৰু গৰমে-গৰমে পৰিবেশন কৰক । অৱশ্যে ঠাণ্ডা হোৱাৰ পিছতো গাখীৰত ভিজাই খাবলৈও এই পিঠা বৰ তৃপ্তিদায়ক ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!