আমাৰ নাম মইড ভাই (ৰক্তিম শৰ্মা)

“আমাৰ নাম মইড raktim sarmaভাই । এই অঞ্চলে আমি নতুন নয় দাদাৰা । যাৰ আছে দাত শশুৰ বাৰি যাবেন , মুৰ্গীৰ ঠেং খাবেন মছ্ মছ্ মছ্ । যাৰ নাই দাঁত আলু ভট্টা ভাত বক্ বক্ বক্”….হাট বজাৰৰ জনসমাগমত এইদৰে মইড ভায়ে দাঁত ঘঁহা পাউডাৰ বিক্ৰী কৰি যায় প্ৰতিদিন । তেওঁৰ চাৰিওফালে আগুৰি এটা বৃহত গোলকীয় জনসমষ্টি । মইড ভায়ে অকল দাঁত ঘঁহা পাউদাৰেই বিক্ৰী নকৰে; বিক্ৰী কৰে যৌনক্ষমতাবৰ্ধক দাৱাই; সন্তানহীন সকলক সন্তান জন্মৰ গেৰান্টি আনকি পুৰুষৰ গোপন অংগৰ শিথিলতা , বা মহিলাৰ বক্ষৰ সৌন্দৰ্যহানি আদি সকলো সমস্যাৰ সমাধান মইড ভাইৰ আঙুলীৰ মুৰত । কেবল এটা পুৰিয়া লৈ যাওঁক আৰু সকলো সমস্যাৰ পৰা মুক্তি । শুনা মতে দুই এক পাগল প্ৰেমিকে ছোৱালী পটাবলৈ দাৱাই বিচাৰিও মইড ভাইৰ কাষ চাপে গোপনে ।
কেনভাছাৰ বোৰৰ বাকপটতা মানিব লগা । বজাৰে বজাৰে মাইক এটালৈ মইড ভাই আহিবহে পায় , ৰাইজে ভেনা মাখি পৰাদি উবুৰি খাই পৰে । ৰাইজৰ সমস্যা আছে । মইড ভাইৰ কাষতে দুখনকৈ আটকধুনীয়া চেম্বাৰত এলপেথিক ডাক্তৰ সাহা আৰু হোমিও ডাক্তৰ ৰেজ্জাক ভাই মাখি মাৰি থাকে । মইড ভাইৰ চেম্বাৰ বুলিবলৈ গছৰ তলত সৰু সৰু টেমা, ৰাইজক ভয় খুৱাবলৈ সৰ্পাকৃতিৰ সামগ্ৰী কেতবোৰ আৰু অতি গোপন ৰঙা বাকচটো । মইড ভাইৰ ওঁঠত আজৰি পৰত লাগি থকা সন্তুষ্টিৰ হাহিঁ আৰু মন্টু বিড়িৰ সুখটান । তেওঁক দেখিলে এনে লাগে যেন ৰাইজক টুপী পিন্ধোৱাতকৈ সুখদায়ক একো নাই ভাৰস্তত । যেন একেই সুখানুভুতিত আছন্ন আমাৰ নেতা সকল । মইড ভাইৰ সৈতে আমাৰ জনপ্ৰিয় ৰাজনৈতিক নেতাবোৰৰ পাৰ্থক্য ক’ত??

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!