আমাৰ ভাল হব  – মৃদুল হালৈ

তোমাৰ কাষলৈ আহিছোঁ

শিল আৰু নিজৰাবোৰে মোক
বাট এৰি দিছে

বৈ অহা বতাহৰ ধাৰত গা এৰি দিছে
ওখ পাহাৰবোৰে
গাৰ এডোখৰ কাটি ৰ’দে মোৰ
মুখৰ ছায়া মচি নিছে

সপোন দেখিছোঁ চাগে’
অথচ ইমান দিঠকৰ দৰে

ভাবনা বিভোৰ হৈ হালি পৰিছোঁ চাগে’
নুমাই নুমাই জ্বলিছোঁ চাগে’
মাজৰাতিৰ মজিয়াৰ চাকিটোৰ দৰে

সকলো হেৰুৱাৰ পাছতো
কিয় লাগে
সকলো ঘূৰাই পোৱাৰ দৰে

ভৰ ৰাতিৰ নিমাওমাও টোপনিতো
কিয় লাগে
সাৰ পাই উঠাৰ দৰে

মোক ইমানকৈ বাঁকুহিছে সময়ে
দিনে দিনে নিগৰিছোঁ নিজতে

আমাৰ এদিন ভাল হ’ব জানি
তোমাৰ কাষলৈ আহিছোঁ

সময়ে গুঁজি দিয়া ভৰিৰ কাঁইট
উঘালি দিবা জানি
তোমাৰ কাষলৈ আহিছোঁ
ফুল পাত আৰু চৰাইবোৰৰ
কথা মনত ৰাখিছোঁ
ঘাঁহৰ গজালিবোৰত
চকুহাল গুঁজি দিছোঁ
আৰু ভাবনা বিভোৰ খোজবোৰেৰে নিতৌ
ভাৰাঘৰৰ খিৰিকী খুলিছোঁ

ৰাতিৰ ৰাগি লগা চকুহাল মুদি নিতৌ
একেটা সপোনকে দেখিছোঁ
শিল আৰু নিজৰাবোৰ পাৰ হৈ
তোমাৰ কাষলৈ আহিছোঁ

হেৰুওৱাৰ পাছতো আকৌ
তোমাক সপোনতে ইমান দিঠকৰ দৰে
ওভতাই পাইছোঁ

মৃদুল হালৈ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!