আমেজ – (ধ্ৰুৱ লোচন)

আমেজ

-ধ্ৰুৱ লোচন

–অসমীয়া লিখিব-পঢ়িব নজনা অসমীয়া বন্ধুচক্ৰৰ সমুখত লিখিব-পঢ়িব জনা বুলি দম্ভালি মৰাৰ আমেজ।

–নামনি অসমৰ ‘ধেকেৰী’ বুলি তাচ্ছিল্য কৰা বা ‘অসমীয়া ভালদৰে ক’বই নেজানে, সি আক’কবি হ’বলৈ আহিছে’ বুলি তৰ্জনা কৰা উজনিফলীয়া ‘মডাৰ্ণ’ বন্ধুবৰ্গক মাত্ৰ তিনিটা উজু অসমীয়া শব্দৰ অৰ্থ বুজাই দিবলৈ প্ৰত্যাহ্বান জনাই থকাসৰকা কৰাৰ আমেজ।

–অনা অসমীয়া চিনাকি মানুহবোৰৰ আগত শংকৰ-মাধৱ, জুবিন, পাপন, কাজিৰঙা, কলা-সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য্য ইত্যাদি তথা সমস্ত অসম গৌৰৱৰ বিষয়ে সীমা চেৰাই যোৱাকৈ বিজ্ঞাপন কৰি  তেওঁলোকক অসমৰ প্ৰেমত পৰিবলৈ বা অসম ফুৰিবলৈ বাধ্য কৰোৱাৰ আমেজ।

–দাদা-বৌহঁতে ইংৰাজী মাধ্যমত পঢ়ুৱাই ‘ছাতি’টোক ‘Umbrella’ বুলিবলৈ শিকোৱা ভতিজা-ভাগিন পোৱালিকেইটাক সেই ‘Umbrella’টোকেই আকৌ ‘ছাতি’ বুলি ক’বলৈ শিকোৱাৰ আমেজ।

–বৰগীত, জ্যোতি-বিষ্ণু-ভূপেন্দ্ৰ সংগীত ইত্যাদিবোৰ ঘৰৰ মিউজিক চিষ্টেমত উৰাই ঘূৰাই বজাই থাকি, পোৱালিকেইটাৰ থুনুক-থানাক মাতেৰে ‘বিলত তিলে বিলায় পদুমল পাই অই’  বা ‘বিত্…তিন্ন পাল’লে অকইংক’ জনলে হাহাকাল উনিউ’  শুনাৰ আমেজ।

–পথাৰলৈ চাহ-জলপান লৈ যাঁওতে, পোৱালিকেইটাকো লগত লৈ গৈ, বোকাত খোজ কঢ়োৱাই, সিহঁতৰ চেতনাত মাটিৰ সুৱাস ঢালি দিবলৈ চেষ্টা চলোৱাৰ আমেজ।

–দীঘলীয়া ৰে’ল যাত্ৰাৰ সময়ত, মূৰত গামোছাখন বান্ধি, বিহুগীত গাই বা ম’বাইলত বজাই যোৱাৰ আমেজ।

–অসমৰ বাহিৰত  অধ্যয়ন, সংগীত, শিল্পকলা, বন্ধুত্ব আদিত কিঞ্চিতমান হ’লেও পাৰদৰ্শিতা দেখুৱাই অনা অসমীয়াৰ মুখত ‘আসামীজ্ বন্দে বহত মস্ত্ হোঁতে হেঁ, বহত টেলেন্টেড হোঁতে হেঁ’ বুলি শুনাৰ আমেজ।

–Hard Rock Cafe ত হেজাৰ টকীয়া মদিৰাৰ পিয়লাত চুমুক মাৰি, ছাই মদৰ গুণ বখনাৰ আমেজ।

–মন গ’লেই ভাংৰা, গুজৰাটী, হিন্দী, টেলেগু ….যিকোনো গীতৰ তালত ‘আজ্জৈ’ বুলি টেটুফালি, ওপৰলৈ হাত দাঙি, জপিয়াই জপিয়াই বিহু নচাৰ আমেজ।

 

তালিকাখন বেছি দীঘলীয়া নকৰোঁ। এনেধৰণৰ আন বহুতো আমেজ আপোনালোকেও নিশ্চয় পাইছে। যদি নাই পোৱা, তেতিয়াহ’লে, আমেজবোৰ ল’বলৈ আৰম্ভ কৰক। সকলো আমেজ নেপালেও, এটা আমেজ নিশ্চয় ল’ব। মানে ল’বই লাগিব। সেয়া হ’ল ‘লুইতপৰীয়া হোৱাৰ আমেজ’।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!