আমেৰিকা এয়াৰপৰ্টৰ ৰোমাঞ্চকৰ অভিজ্ঞতা- পৰীশ‍্যামলী ভূঞা

আমেৰিকা যাবলৈ যা যোগাৰ চলি থাকোতেই টি ভিৰ বাতৰিত অহৰহ শুনিবলৈ পালো ভাৰতৰ নাগৰিকক আমেৰিকাত হত‍্যা, প্ৰবাসী ভাৰতীয়সকলক ঘূৰাই পঠোৱাৰ প্ৰচেষ্টা৷ শুনি মনৰ ভিতৰতে কিছু চিন্তা নোহোৱাকৈয়ো থকা নাছিল৷ তথাপিও আমি টুৰিষ্টহে কেইদিনমানৰ আলহীহে বুলি চিন্তা বাদ দি ফুৰ্তিৰে ভৰা মন এটা লৈ আমেৰিকালৈ গমন কৰিলো৷ মনতে আমেৰিকাবাসীৰ প্ৰতি বিভিন্ন ধৰণৰ ধাৰণাও গঢ় লৈ উঠিব ধৰিলে৷ লেণ্ডিং কৰিয়েই আমি সকলো immigration ৰ বাবে দীঘলীয়া শাৰীত আগবাঢ়ি গৈ থাকিলো৷ শাৰী যথেষ্ট দীঘলীয়া আছিল৷ তাতেই এঘণ্টামান লাগিল৷ শাৰীত ৰৈ ৰৈ ভীষণ আমনিও লাগিব ধৰিছিল৷ ইফালে চকুত টোপনি ভাবে আৰু জুৰুলা কৰি তুলিবও ধৰিছিল৷ অৱশ হৈ পৰিছিলো৷ আমেৰিকা এয়াৰপৰ্টৰ ষ্ট্ৰিক্ট immigrationৰ কথা আগৰ পৰাই শুনি আছিলো৷ শাৰী পাতি ৰওঁতেই দূৰৈৰ পৰাই ভালকৈ প্ৰতিটো কথা প্ৰত‍্যক্ষ‍ হৈছিল৷ সাতজনমান security person য়ে সাতটামান কাউণ্টাৰত বহি সকলোকে সোধা পোছা কৰা কামত ভীষণ ব‍্যস্ত৷ এটা এটাকৈ আটাইকেইটা কাউণ্টাৰলৈ মোৰ চকু গ’ল৷ ওচৰৰ কাউণ্টাৰকেইটাত সোধা কথাবোৰ কাণত পৰিছিল৷ সকলোকে সোধা মেলা কৰাৰ সময়ো বেলেগকৈ লাগিছিল৷ কাৰোবাৰ যদি দুই মিনিটত হৈছে কাৰোবাৰ সাত আঠ মিনিট লাগিছে৷ পৰিয়াল কিছুমানক বাদ দি অকলশৰীয়াকৈ অহা যাত্ৰীসকলৰ কিছুমানক সময় লৈ তন্ন তন্নকৈ জেৰা কৰা হৈছিল৷ কথা বতৰাত প্ৰতিজন নিৰাপত্তাৰক্ষীৰ সুতীক্ষ্ণ দায়িত্ববোধ আৰু কৰ্তব‍্যনিষ্ঠতা ফুটি উঠিছিল৷ যাত্ৰীসকলক সোধা এটা এটা কথাৰ লগতে চকুৰ তীক্ষ্ণ দৃষ্টিৰেও থকাসৰকা কৰি গৈছিল৷ কোনোবা অসাধু আৰু মিছলীয়া এজনৰ চাগে এইসময়তে তত হেৰাব৷ পেছেঞ্জাৰৰ এটাও খুঁত তেওঁলোকৰ দৃষ্টিৰপৰা সাৰি যাব পৰাটো চাগে অসম্ভবেই হব৷ শাৰীত থিয় হৈ সেইবোৰকে লক্ষ‍্য কৰি থাকিলো৷ হঠাতে জোৰকৈ মাত ভাহি অহাত মন কৰিলো পেছেঞ্জাৰজনক যেন কিবা কথাত গালি পাৰিছে৷ পিছে গালি পৰা যেন লাগিছিলহে গালি পৰা নাছিল, খং কৰা যেন লাগিছিল কিন্তু খঙেৰে কাকোৱে একো কোৱা নাছিল৷ ইমানেই স্পষ্ট আৰু strict enquiry আছিল৷ পাচাত‍্য দেশ যত সমন্ধবোৰৰ খুব বেছি মূল‍্য নাই, পৰিয়ালৰ কোনো বান্ধোন নাই৷ তথাপিও ইমান উন্নত দেশ৷ যাৰ বাবে সহজতে ভিছা পোৱাও সম্ভব নহয়৷ উন্নয়নৰ মূলতে তেওঁলোকৰ নিজৰ দেশৰ প্ৰতি আস্থা আৰু নিষ্ঠাই মূল বুলি কব লাগিব যিটো immigration ৰ প্ৰক্ৰিয়াতে ভালকৈ পৰিস্ফুট হৈ দেখা দিছিল৷

অলপ পাছতে দেখা পালো এজন ইণ্ডিয়ানৰ লগত নিৰাপত্তাৰক্ষীৰ অনুসন্ধানমূলক কাৰ্যৰ কথা বতৰা অলপ দীঘলীয়াই হৈ পৰিছিলগৈ৷ পুলিচজনে অহৰহ প্ৰশ্ন কৰিব ধৰিছিল ’ইমান মাহৰ কাৰণে কিয় আহিছে it is too long. এবাৰ ইণ্ডিয়া গৈ আকৌ ঘূৰি অহাৰ কাৰণ? শেষৰবাৰ কেতিয়া আহিছিল? ছমাহৰ পাছতে আকৌ আহিছে? কিয়? লগতে আকৌ নতুন এজনকো লৈ অহাৰ কাৰণ? এওঁ কি কৰিব ইয়াত? জব? কি জব? খুচৰি খুচৰি তেওঁক enquiry কৰা কথাকেইটা মোৰ আজিও ভালদৰেই মনত ৰৈ গল৷ strict আৰু sharp কথা বতৰাৰে তীক্ষ্ণ দৃষ্টিৰে কাৰোবাক বেচি জেৰা কৰিছিল কাৰোবাক সোনকালেই এৰিছিল৷ শাৰী পাতি থাকোতেই আকৌ দূৰৈৰ পৰাই অন‍্য এটা দৃশ‍্য লাহে লাহে সক্ৰিয় হৈ অহা দেখা পাবলৈ ধৰিলো৷ দেখা পালো chinese girl এজনীৰ লগত সুৰক্ষা কৰ্মীৰ কথা প্ৰায় বাঢ়ি গৈ গৈ বহুত সময়েই পাৰ হ’ব ধৰিছে৷ বেছি টকা পোৱাৰ বাবে immigrationৰ পাছতে বেলেগকৈ নি জেৰা কৰা হৈছিল৷ পুলিচজনে নেৰেনেপেৰাকৈ তাইক প্ৰশ্নবাণেৰে থকাসৰকা কৰি গৈছিল৷ ইমান টকা কিয় আনিছে লগত, আমি এলাও নকৰো, হাজবেন্দ ক’ত? যদি আপোনালোক দুয়ো হাজবেন্দ ৱাইফ হয় তেন্তে আপোনালোক দুয়ো কিয় চেপাৰেট চেপাৰেট? তেওঁক মাতক লগত থাকিব লাগিব৷ কথাবোৰ কৈ থকাৰ লগতেই কিবা কিবি পেপাৰ ৱৰ্কৰ সমানে আগবাঢ়ি গৈ আছিল৷ সঁচা কবলৈ গ’লে পুলিচজনৰ সেই সন্দেহৰ লগত কিন্তু ময়ো সমভাগী হৈ পৰিছিলো৷ কিবা এটা যে খুঁত নথকা নহয় সেই ভাবনাটোৱে মোৰ মনটোতোত বাৰে বাৰে তল ওপৰ কৰিব ধৰিলে৷ কি হৈছে কি হ’ব উৎকণ্ঠাৰ আত নপৰোতেই তেতিয়ালৈ আমাকো সোধা মেলা এনকুৱাৰিৰ সময় আহি পৰিলহি৷ তাৰ পাছত সেইগৰাকী চকুৰ আঁৰ হৈ লাহে লাহে আঁতৰ হৈ থাকি আহিল৷ তথাপিও তাইৰ কথা মোৰ মনৰ পৰা আজি পৰ্য্যন্ত আঁতৰ নহ’ল৷ কি হ’ল তাইৰ, কি কৰিব বিচাৰিছিল, লগত হাজবেন্দ আছিল নে, সেয়া ৰহস‍্যয়ে হৈ ৰল৷ এইবাৰ আমি প্ৰশ্ন উত্তৰৰ বাবে আগবাঢ়ি গলো৷ এইবাৰ আমাৰো আৰম্ভ হ’ব ধৰিলে কিয় আহিছো, ক’ৰ পৰা আহিছো, কিমান দিনলৈ, টুৰিষ্ট নে, চাকৰি বিচাৰি, কলৈ আহিছো, আদিবোৰ প্ৰশ্ন৷ আমি  তেখেতৰ ভায়েকৰ ঘৰলৈ আহিছো সেয়া জানিব দিয়াত লগে লগেই এইবাৰ ভাইটিৰ বিষয়েহে সকলো কথা সোধা মেলা আৰম্ভ হব ধৰিলে৷ ভাইটিয়ে কি চাকৰি কৰে, ক’ত থাকে, কিমান দিন হ’ল, মুঠতে এইবাৰ কথাই টাৰ্ন লৈ ভাইটিৰ ফালেহে পোনাব ধৰিলে৷ আটাইবোৰ ডিটেইলচ পোৱাৰ পাছতহে এইবাৰ আৰম্ভ কৰিলে এওঁ কি চাকৰি কৰে? এওঁ defense ত চাকৰি বুলি জানিব দিয়াতেই পুলিচজন উৎফুল্লিত হৈ উঠিল৷ oh great nice to meet u তেওঁঁ হাঁহি হাঁহি কলে৷ তাৰ পাছতে চাকৰি সম্পৰ্কীয় আৰু কথা বতৰা অলপ চলিব ধৰিলে৷ তাৰ পাছত আহিল মোৰ কথা মই কি কৰো৷ হাউচ ৱাইফ বুলি কোৱাৰ লগে লগেই তেওঁ তেওঁৰ মনোভাব প্ৰকাশ কৰিলে oh house wife, that is the taughest job.ময়ো মনে মনে হাঁহি উঠিলো৷ এইবাৰ আহিল ল’ৰা কোন ক্লাচত৷ তাৰ পাছত মা দেউতাৰ কথা৷ তেওঁলোকৰ মাথোঁ চেহেৰা চায়েই হৈ গল৷ ফটো ক্লিক হাতৰ আঙুলিৰ স্কেনৰ কাম পাৰ হোৱাত শেষত আমাৰ সাক্ষাৎকাৰৰ অন্ত পৰিল৷ এতিয়াহে আমেৰিকাৰ সুবাস ল’বলৈ যেন সমৰ্থ হ’লো৷ লাহে লাহে লাগেজ লবলৈ আগবাঢ়ি গলোগৈ৷ লাগেজ লোৱাৰ পাছতো অন‍্য এক পৰ্য্যায় বাকী আছিলেই৷ আমেৰিকা যে ইমান সহজ নহয় গমেই পোৱা নাছিলো৷ লাগেজ স্কেন হবলৈ ধৰিলে৷ সকলো পেছেঞ্জাৰকে এখন ফৰ্ম ফিলাপ কৰিবলৈ ফ্লাইটৰ ভিতৰতে দিয়া হৈছিল য’ত উল্লেখ কৰিব লাগে বেগৰ ভিভৰত এনে কি কি বস্তু আছে যিবিলাক আমেৰিকালৈ নিয়া নিষেধ৷ কেঁচা মাংস, ফল মূল, শাক পাচলি বা ফলমূলৰ গুটি, ফুল, পাত, চাউল আদিবোৰৰ নিষেধাজ্ঞা উল্লেখ কৰি ফৰ্ম খন ফিলআপ কৰিবলৈ দিয়া হৈছিল৷ নিৰ্দেশনা মতে কোনো ধৰণৰ বাহিৰা দেশৰ উদ্ভিদ আমেৰিকাত প্ৰবেশ কৰিব নোৱাৰাৰ উপৰিও আমেৰিকাৰ কোনো গছ গছনি, ফুল, শাকপাতৰ সঁচ, গুটি আদিও অন‍্য দেশলৈ নিব নোৱাৰাৰ কটকটীয়া নিৰাপত্তাৰ ব‍্যৱস্থাৰ উল্লেখ আছিল৷ তদুপৰি কেঁচা মাছ মাংস আদিৰ যোগেদি বাহিৰা দেশৰপৰা আহিবপৰা বীজাণুৰ পৰা দেশখনক সুৰক্ষা দিয়া হৈছিল৷ আমাৰ হাতৰপৰা ফৰ্মখন লোৱাৰ পাছতে ইতিমধ‍্যে স্কেন কৰা আমাৰ এটা নিদিষ্ট বেগক উল্লেখ কৰি তেওঁলোকে খুলিবলৈ কলে৷

মোৰ শাহুমায়ে দূৰত থকা পুতেকৰ মৰমত বেগতনো কি কি ভৰাই ঠাহ খুৱাই ৰাখিছিল সেয়া আমিও এয়াৰপৰ্টৰ চেকিঙতহে গম পাবলৈ সক্ষম হ’লো৷ এইবোৰ যে আনিব নোৱাৰি আমি কোনেও গমো পোৱা নাছিলো অৱশ‍্যে৷ কেইবাটাও প্ৰকাৰৰ চাউলবোৰ বেগৰপৰা পটাপট উলিয়াই অনা দেখিহে আচৰিত হ’লো৷ আমেৰিকাৰ পুলিচো কম নহয় লগা ঠাইতে পটকৈ হাত দিলে৷ উলিয়াই অনা চাউলবোৰ দাষ্টবিনত যেতিয়া হৰহৰাই ঢালি দিছিল কেনে যে লাগিছিল মনটো বুজাব নোৱাৰিম৷ মোৰ মনটো সেমেকি উঠিছিলেই তেওঁৰ কিমান বেয়া লাগিছিল ভাবিবই নোৱাৰি, যেন পুতেকৰ মুখৰ পৰা খোৱাখিনিহে কাঢ়ি ললে৷ মাত্ৰ অসমতহে পোৱা আপুৰুগীয়া কাজি নেমুবোৰো বাদ নপৰিল৷ তদুপৰি ঘৰৰ বাৰিৰ তেজপাতবোৰো৷ বেগৰ ভিতৰতে ফলমূলৰ টুকুৰা চুকুৰা ক’ৰবাত চুকত পৰি আছিল কিজানি সেয়াও গৈ দাষ্টবিন পালেগৈ৷ বেগ খুচৰি খালী কৰি একেবাৰে চাফ কৰি পেলালে৷ শেষত সেই খালী বেগটো দি সিমানতে আমাৰ হৈ গ’ল বুলি যাব দিলে৷ খালী বেগটো লৈ আগবাঢ়িলো যদিও মোৰ মুখত আচল হাঁহি এতিয়াহে ভালদৰে বিয়পি পৰিবলে ধৰিলে মোৰ তামোলকেইটা যে সুৰক্ষিত হৈ পাৰ হৈ আহিল৷ ফালি ফালি কাটি অনা তামোলকেইটা যে বাচিব আশা কম আছিল৷ আমেৰিকাত থকা কেইদিন খাই থাকিব পৰা যাব বুলি বৰ ভাল লাগি আহিল মনটো৷ তামোল খোৱাজনেহে বুজিব পাৰিব এই নিচা৷ ইফালে us ত থকা মোৰ জা জনী তাইৰো তামোলৰ প্ৰতি হেঁপাহ৷ ঘৰত থকা সৰুজনী জা তাই কাটিকুটি শাহুমাৰ হাতে তামোলখিনি গতাই দিয়াত আহি তামোল মোৰ হাতত পৰিলহি৷ আমি তিনিওজনী ভীষণ তামোলতী৷ তিনি তামোলতী মিলখালে ৰাতি আৰু দুপৰীয়া ভাত খোৱাৰ পাছত যিহে ধুনীয়া তামোলৰ মেলখন বহে দেখাইহে বুজিব৷ exit ৰ ফালে আগুৱাই আহোতে মনটোত এনে এটা ভাব আহিছিল যেন কিবা জয় কৰিহে আহিছো৷ মই যদি তামোলৰ বাবে ফুৰ্তিত হাঁহিছো শাহুমাই আকৌ অন‍্য কাৰণত ফুৰ্তি পাবলৈ ধৰিলে৷ তেওঁৰ ফুৰ্তিৰ কাৰণ হল পুতেকহঁতলৈ লৈ যোৱা পিঠাবোৰ, লাড়ুবোৰ আৰু কিবা কিবি ভজা বস্তুবোৰৰ টোপোলাবোৰ যে বাচি আহিল৷ হয়তো কেঁচা নোহোৱা বাবে৷ যিয়েই নহওক আমেৰিকাত গৈ বিহু কৰিব পৰা যাব এতিয়া৷ সেই সময়ত বিহুলৈ আৰু এসপ্তাহে আছিল৷ এয়াৰপৰ্টৰ পৰা ওলাই ইমান সময়ৰ পাছত অলপ মুকলি বতাহ লবলৈ পাম বুলিয়েই ভাল লাগি গল৷ হঠাতে পাছফালৰ পৰা কাৰি পাত্তা কাৰি পাত্তা বুলি কৈ থকা শব্দ ভাহি অহা শুনিলো৷ ঘূৰি চাই দেখিলো দাক্ষিণাত‍্যৰ ফেমিলি এটা৷ সিহতৰ বেগৰপৰা যিসোপাহে নৰসিংহ পাত উলিয়ালে৷ তাকে দেখি মোৰো বেয়া লাগি গল৷ দাক্ষিণাত‍্যৰ মানুহে ভাত দাইলো এই পাত নিদিয়াকৈ খাব নোৱাৰে৷ এতিয়া এওঁলোকৰ কি অৱস্থা হব৷ নাৰিকলো যে ভাঙি মেলি কিবা প্ৰকাৰে অনা নাই মোৰ সন্দেহেই হব ধৰিল৷ তেওঁলোকলৈ মোৰো চিন্তা হবলৈ ধৰিলে৷ এয়াৰপৰ্টৰ immigration সুৰক্ষাকৰ্মীসকলৰ মুখামুখি হোৱাৰ পাছত এনে লাগিবলৈ ধৰিলে এতিয়া চাগে পৃথিৱীৰ কোনো দ্বিতীয় মানুহ নাই ভয় লাগিবলৈ৷ তেতিয়ালৈকে মই মোৰ মনত আমেৰিকাবাসীৰ প্ৰতি বেলেগ ধাৰণাক প্ৰশ্ৰয় দিবই পৰা নাছিলো৷ বাহিৰৰ সমাজখনৰ সংস্পৰ্শলৈ আহিহে মনৰ বহু ধাৰণা সলনি হৈ গল৷ আহি আহি বাহিৰ পালোহি৷
বাহিৰলৈ অহাৰ লগে লগেই এচাটি ঠাণ্ডা বতাহে আমাক চুই গ’লহি৷ ঠাণ্ডা মানে ভীষণ ঠাণ্ডা৷ কোচিনত ইমান গৰমত থকা ঠাইৰপৰা গৈ এই ঠাণ্ডাত কঁপিয়ে উঠিলো৷ আঁতৰত দেখিলো ভাইটিৰ পৰিয়ালটো হাঁহি হাঁহি আগুৱাই আহি আছে৷ ক’ত ক’ত যে আছেগৈ ঘৰৰ মানুহবোৰ লগ পাবলৈকে মহাসাগৰ পাৰ হব লগা হয়৷ লগ খাই আটাইবোৰ আবেগিক হৈ পৰিব ধৰিলো৷

One thought on “আমেৰিকা এয়াৰপৰ্টৰ ৰোমাঞ্চকৰ অভিজ্ঞতা- পৰীশ‍্যামলী ভূঞা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!