আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ বক্তৃতা অনুবাদঃ চন্দনা কাশ্যপ

সজ্জনসকল, মই লক্ষ্য কৰিছোঁ যে যেতিয়া মই আপোনালোকক এটা নতুন উদ্যোগত নেতৃত্ব দি আগবাঢ়োঁ, আপোনালোকে মোক এতিয়া আৰু আপোনালোকৰ আগৰ উদ্যমেৰে অনুসৰণ নকৰে। মই আপোনালোকক মোৰ লগত আলোচনা কৰিবলৈ আমন্ত্ৰণ কৰিছোঁ, যাতে আমি একেলগে এটা সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে মোৰ পৰামৰ্শ মতে আমি আগুৱাই যাম নে আপোনালোকৰ মতে, পিছ হুহুকি আহিম?
যদি আপোনালোকে এতিয়ালৈকে কৰা প্ৰচেষ্টাসমূহৰ ফলাফলৰ বিষয়ে বা আপোনালোকৰ নেতা হিচাপে মোৰ বিষয়ে, আপোনালোকৰ যিকোনো আপত্তি আছে, তেতিয়াহ’লে আৰু একো ক’বলগীয়া নাই। কিন্তু, মোক আপোনালোকক এইখিনি সোঁৱৰাই দিবলৈ দিয়ক যে আপোনালোকৰ সাহস আৰু সহ্যশক্তিৰে আপোনালোকে আইওনিয়া, হেলচ’ণ্ট, ফ্ৰিজিয়া আৰু কেপেডোচিয়া উভয়কে, পেফ্লাগোনিয়া, লিডিয়া, কাৰিয়া, লিচিয়া, পেম্ফিলিয়া, ফিনিচিয়া আৰু ইজিপ্ট জয় কৰিছে; আৰৱৰ অধিকাংশ, চিৰিয়াৰ সমতল ভূমি, মেচ’প’টেমিয়া, বেবিলন আৰু চুচিয়াৰ সৈতে একে সময়তে লিবিয়াৰ গ্ৰীক অংশটো এতিয়া আপোনালোকৰ; পাৰ্চিয়া আৰু মেডিয়া ইয়াৰ সকলো প্ৰদেশৰ সৈতে, যিবোৰ আগতে তেওঁলোকৰ দ্বাৰা শাসিত আছিল বা নাছিল, সেয়া এতিয়া আপোনালোকৰ হাতত; আপোনালোকে নিজকে কেস্পিয়ানৰ দেৱালৰ বাহিৰৰ ভূখণ্ডৰ, ককেঁচাচৰ বাহিৰৰ ভূখণ্ডৰ, টেনাইছৰ বাহিৰৰ ভূখণ্ডৰ, বেক্ট্ৰিয়া, হাৰ্কেনিয়া আৰু হাৰ্কেনিয়ান সাগৰৰ অধিকাৰী কৰি তুলিছে; আমি চিডিয়ানসকলক মৰুভূমিলৈ খেদি পঠিয়াইছোঁ; এতিয়া ইণ্ডাচ নদী আৰু হাইডাস্পিচ নদী, একেচিন্স নদী আৰু হাইড্ৰ’টচ নদী যিখন দেশৰ মাজেৰে বয় সেইখন আমাৰ দেশ। এই সমস্ত সাফল্যৰ পিছতো, আপোনালোকে কিয় মেচিডনৰ শক্তিক, আপোনালোকৰ শক্তিক, হাইফেচিচ নদী লৈকে আৰু অন্যফালে থকা জনগোষ্ঠীসমূহলৈকে বিস্তাৰ কৰিবলৈ দ্বিধাবোধ কৰে? আপোনালোকে ভয় কৰে নেকি যে এতিয়াও বাকী ৰৈ যাব পৰা সামান্য সংখ্যক স্থানীয় লোকে বিৰোধ কৰিব? আহক, আহক! এই স্থানীয় লোকসকলে হয়তো একো সংঘৰ্ষ অবিহনেই আত্মসমৰ্পণ কৰিব বা পলাই যাওঁতে ধৰা পৰিব বা আপোনালোকে অধিকাৰ কৰিবৰ বাবেই তেওঁলোকৰ দেশখনৰ কোনো প্ৰতিৰক্ষা নকৰাকৈ গুছি যাব; আৰু আমি যেতিয়া ইয়াক দখল কৰিম, আমি এয়া সেইসকল লোকক উপহাৰ হিচাপে দিম যিয়ে নিজ স্বাধীন ইচ্ছাত আমাৰ সৈতে অংশগ্ৰহণ কৰিছে আৰু আমাৰ পক্ষৰ হৈ যুদ্ধ কৰিছে।

Alexendar the Greeat আলেকজেণ্ডাৰ দ্য গ্ৰেট
এজন পুৰুষ যি প্ৰকৃতাৰ্থত ‘পুৰুষ’, মোৰ বিশ্বাস, এনে কাম কৰিব যদি সেয়া কোনো মহান লক্ষ্যৰ দিশে ধাৱমান হয়, ইয়াৰ নিজৰ বাহিৰে অন্য কোনো অভিপ্ৰায় নাথাকে; তৎসত্ত্বেও, যদি আপোনালোকৰ কোনোবাই এয়া জানিব বিচাৰে যে এই নিৰ্দ্দিষ্ট অভিযানটোৰ বাবে কি সীমা ধাৰ্য্য কৰা হ’ব পাৰে, মই আপোনালোকক ক’ব বিচাৰোঁ যে এতিয়াও এই ৰাষ্ট্ৰৰ বাহিৰত থকা অঞ্চল, ইয়াৰপৰা গংগা আৰু ভাৰত মহাসাগৰলৈকে, তুলনামূলকভাৱে সৰু। আপোনালোকে নিঃসন্দেহে বুজি পাব যে এই মহাসাগৰখন হাৰ্কেনিয়ান সাগৰৰ লগত সংযোজিত, কাৰণ মহাসাগৰৰ এই মহান ধাৰাই এই পৃথিৱীক ঘেৰি থাকে। ইয়াৰ উপৰিও, মই আপোনালোকক প্ৰমাণ কৰি দিম, যে ভাৰতীয় আৰু পাৰ্ছিয়ান গাল্ফসমূহ আৰু হাৰ্কেনিয়ান সাগৰ — এই তিনিও অঞ্চল সংলগ্ন আৰু অবিৰত হৈ আছে। আমাৰ জাহাজবোৰে, পাৰ্ছিয়ান গাল্ফৰপৰা লিবিয়ালৈকে, তাতকৈও দূৰৈৰ ‘হাৰকিউলিচৰ স্তম্ভ’লৈকে বিচৰণ কৰিব, য’ৰপৰা পূৱফাললৈকে সমগ্ৰ লিবিয়া সোনকালেই আমাৰ হ’ব, আৰু সমগ্ৰ এছিয়াও, আৰু এই সাম্ৰাজ্যৰ কোনো সীমা নাথাকিব, মাত্ৰ ঈশ্বৰে নিজে এই সমগ্ৰ পৃথিৱীৰ বাবে যি নিৰ্মাণ কৰি থৈছে, তাৰ বাহিৰে।
কিন্তু, আপোনালোকে যদি এতিয়া পিছ হোঁহোকে, তেতিয়াহ’লে হাইফেচিচ নদী আৰু ভাৰত মহাসাগৰৰ মাজত বহুতো যোদ্ধসুলভ লোকক জয় নকৰাকৈ ৰৈ যাব, আৰু উত্তৰৰ ফালে আৰু হাৰ্কেনিয়ান সাগৰৰ ফালে বহুতো বেছি লোক, লগতে চিডিয়ানসকলো বহুত দূৰত নহয়; যাতে আমি যদি এতিয়া প্ৰত্যাহাৰ কৰোঁ, এটা বিপদ আছে যে যিবোৰ প্ৰদেশ আমি এতিয়ালৈকে দৃঢ়ভাৱে দখল কৰা নাই, সেইবোৰক বিদ্ৰোহৰ বাবে উত্তেজিত কৰা যাব পাৰে, এনে কোনো ৰাষ্ট্ৰ বা আনৰ দ্বাৰা যাক আমি এতিয়ালৈকে বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য কৰা নাই। যদি সেয়া হয়, আমি যি কৰিলোঁ বা ভুগিলোঁ, সেই সকলো বিফল বুলি প্ৰমাণিত হ’ব — বা আমি এই সকলো একেবাৰে প্ৰথমাৱস্থাৰ পৰা আকৌ আৰম্ভ কৰা কাৰ্য্যৰ সম্মুখীন হ’ম। মেচিডনৰ সজ্জনসকল আৰু আপোনালোক, মোৰ বন্ধুবৰ্গ আৰু সমৰ্থকসকল, এয়া হ’বই নোৱাৰে। দৃঢ় হওক; কাৰণ আপোনালোকে ভালদৰে জানে যে পৰিশ্ৰম আৰু সংকট হ’ল গৰিমাৰ মূল্য আৰু সেই মিঠাকণ হ’ল এটা সাহসী জীৱনৰ সমাধিকো পাৰ কৰি ৰৈ যোৱা এক অমৰ গৌৰৱৰ স্বাদ।
আপোনালোক জ্ঞাত নহয় নেকি যে যদি হ্যেৰাক্লিছ, মোৰ পূৰ্বপুৰুষ, টিৰিন্স বা আৰ্গোচে পেলোপ’নিজ বা থিবছ পাৰ কৰি দূৰলৈ নগ’লহেঁতেন, তেওঁ কেতিয়াও সেই কীৰ্তি অৰ্জন কৰিব নোৱাৰিলেহেঁতেন যি কীৰ্তিয়ে তেওঁক এজন মানুহৰপৰা ৰূপান্তৰ কৰালে ঈশ্বৰলৈ। আনকি ডায়’নিচাচ, যি হ্যেৰাক্লিছৰ ক্ষেত্ৰত প্ৰযোজ্য অৰ্থৰ বাহিৰৰ অৰ্থত প্ৰকৃততেই এজন ঈশ্বৰ, অলপো কষ্টকৰ কামৰ সম্মুখীন হোৱা নাছিল; তথাপি আমি তাতকৈ বেছি কৰিছোঁ: আমি নাইচা পাৰ কৰি গৈছোঁ আৰু আমি এওৰ্ন’চৰ শিলাখণ্ড আনিছোঁ, যিটো হ্যেৰাক্লিছে নিজে কৰিব পৰা নাছিল। আহক, আৰু আপোনালোকে ইতিমধ্যে যিখিনি অধিকাৰ কৰিছে তাৰ লগত এছিয়াৰ বাকী অংশ যোগ কৰি দিয়ক — আপোনালোকৰ বিজয়ৰ বিশাল সমষ্টিৰ লগত এটা সৰু সংযোজন। আমি নিজে কিমান ডাঙৰ বা মহান কাৰ্য্য সাধন কৰিব পাৰিলোঁহেঁতেন এই বিষয়ে যদি আমি পৰ্যাপ্ত চিন্তা কৰিলোঁহেঁতেন, মেচিডনত স্বাচ্ছন্দ্যৰ জীৱন অতিবাহিত কৰি, মাত্ৰ আমাৰ ঘৰবোৰক প্ৰতিৰক্ষা দিয়াৰ বাবে থাকি, আমাৰ সীমান্তত থ্ৰেচিয়ানসকল, বা ইলিৰিয়ান আৰু ট্ৰাইবেলাইয়ানসকল বা হয়তো এনে কোনো গ্ৰীক যিয়ে আমাৰ সুখ-শান্তিৰ প্ৰতি বিপদ বুলি প্ৰমাণিত হ’ব পাৰে, তেনে অনধিকাৰ প্ৰৱেশক বাধা দিয়াৰ বাহিৰে অন্য কোনো দায়িত্বৰ বোজা গ্ৰহণ নকৰাকৈ থাকি, মই আপোনালোকক প্ৰথমেই আত্মবিশ্বাস হেৰুৱাই পেলোৱাৰ বাবে দোষাৰোপ কৰিব নোৱাৰিলোঁহেঁতেন, যদিহে মই, আপোনালোকৰ নেতাজনে, আপোনালোকৰ ক্লান্ত জয়যাত্ৰা আৰু আপোনালোকৰ বিপদসংকুল যুদ্ধযাত্ৰাত লগত নাথাকিলোঁহেঁতেন; এয়া যথেষ্ট স্বাভাৱিক হ’লহেঁতেন যদি আপোনালোকে সকলো কাম মাত্ৰ ইয়াৰ সুফল আনে লৈ যাবৰ বাবেহে কৰিলেহেতেঁন। কিন্তু কথাবোৰ তেনেকুৱা নহয়। সজ্জনসকল, আপোনালোক আৰু মই, পৰিশ্ৰমখিনি ভগাই লৈছোঁ আৰু বিপদখিনি ভগাই লৈছো, আৰু ইয়াৰ প্ৰতিদানখিনিও আমাৰ সকলোৰে বাবে। জয় কৰা ৰাজ্যসমূহ আপোনালোকৰ, আপোনালোকৰ পদমৰ্য্যাদা অনুসৰি ইয়াৰ প্ৰশাসক বাছনি কৰা হয়; ইতিমধ্যেই এই সম্পদৰ সৰহ অংশ আপোনালোকলৈ হস্তান্তৰিত হৈছে, আৰু যেতিয়া সমগ্ৰ এছিয়া অধিকৃত হ’ব, তেতিয়া মই প্ৰকৃতাৰ্থতে আমাৰ উচ্চাকাংক্ষাবোৰ মাত্ৰ সন্তুষ্ট কৰাতকৈ অধিক দূৰলৈ আগবাঢ়িমঃ চহকী বা প্ৰভুত্বৰ অত্যন্ত আশা যিটো আপোনালোকৰ প্ৰত্যেকে লালন কৰে, সেয়াও অতিক্ৰম কৰি যাব, আৰু যিয়ে ঘৰলৈ উভতি যাবলৈ বিচাৰিব, তেওঁক যাবলৈ অনুমতি দিয়া হ’ব, হয় মোৰ লগত বা মোৰ অবিহনে। যিসকল থাকি যাব, তেওঁলোকক মই, যিসকল উভতি যাব, তেওঁলোকৰ ঈৰ্ষাৰ পাত্ৰ কৰি তুলিম।

টোকাঃ ** কেস্পিয়ানৰ দেৱাল (Caspian Gates): কেস্পিয়ান সাগৰৰ ওচৰত আলেকজেণ্ডাৰে নিৰ্মাণ কৰা বিখ্যাত দেৱাল।
**’হাৰকিউলিচৰ স্তম্ভ(Pillars of Hercules): বিশেষ অৱস্থান আৰু আকৃতিৰ তিনিখন ভৌগোলিক স্থানক বুজাবলৈ ব্যৱহাৰ কৰা খণ্ডবাক্য।
** হাৰ্কেনিয়ান সাগৰঃ বৰ্তমানৰ কাজাখস্তানত অৱস্থিত কেস্পিয়ান সাগৰ।

উৎস: স্পীচ্চ অৱ আলেকজেণ্ডাৰ দ্য গ্ৰেট — আৰ্ট অৱ মেনলিনেছ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!