‘আসাম টি’ পুৰাণ (- প্ৰতীক্ষা বৰা)

 

“চাহ”- নামটো শুনিলেই মোৰ গাতো কিবা কেলেং মেলেং লাগিব ধৰে, এনে লাগে যেন বহুযুগ ধৰি চাহ একাপো মুখত দি পোৱা নাই, মগজুৱে কৈ উঠে লাগিছিলে হে একাপ, নোৱাৰিবা নহ’লে। কোৱা শুনোঁ, গ্ৰীণ টি স্বাস্থ‍্যৰ পক্ষে ভাল। ধুইট, গৰু গাখীৰ দি ডাঠকৈ উতলোৱা কাঢ়া চাহকাপকহে আমি চাহ বুলি কওঁ, বাকীবোৰ কিবা ফ্ৰুট জুচ টাইপ লাগে।
বাৰু যি কি নহওক, উত্তৰ ভাৰতৰ মানুহখিনিয়ে চাহ বনাব নাজানে বুলিয়ে মোৰ সম‍্যক ধাৰণা এটা গঢ় লৈ উঠিব পৰা ইতিমধ‍্যে হৈছেগৈ। নাজানে মানে, বগা চেনী পানীএখিনিত চাহপাত দুটা পেলাই উতলাই দিয়াৰ দৰে লাগে, না ৰং না সোৱাদ। অৱসাদ দূৰ কৰক চাৰি বঢ়াইহে, (আজিকালি নিজৰ চাহকাপ নিজেই বনাই খাওঁ)।
এই মই থকা ঘৰটোৰ ওচৰতে মাৰ্কেট এখন আছে, আজি এবছৰমান হ’ল তাতে ‘টাইম টু টি’ বুলি টি কৰ্ণাৰ(এইটো শব্দ অসমীয়াত কি ক’ব ভাবিব পৰা নাই, চাহ আৰু আড্ডাৰ সংগমস্থলী বুলিলে ভুল নহ’ব চাগে) এটা খুলিছে। এদিন গৈ দেখিলোঁ, অপ্চন ধেৰ, ব্লেক টি, ৰে’ড টি, মিল্ক টি, আচাম টি, ৰ’জী আইচ, গ্ৰীণ টি, কাৰ্ডাম’ম ফ্লেভাৰ্ড টি, ইলাইচী ফ্লেভাৰ্ড টি, মুঠতে এলেকৰ পেলেক টিয়েই টি। এইফালৰ চাহে এনেও আগৰে পৰা মূৰত ধৰিয়েই আছিল, আসাম টি অপ্চন দেখি সাউৎকৰে অৰ্ডাৰ দিলোঁ। ৩০ টকাত পাতল ৰঙা পানীয় এবিধ চিঁচাৰ কাপ এটাৰ মাজত নাচি নাচি আহি মুখৰ আগত ৰ’লহি। চাহ..! তাতে আমাৰ অসমৰ চাহ। মুখত দি চালোঁ, ঠিকেই আছে, মানে পাৰি আৰু..নাই মোমাইতকৈ কণা মোমায়েই…!! এনেকৈয়ে মাজে সময়ে যাওঁ সিহঁতৰ তালৈ, সদায়তো চাহ একাপৰ নামত ত্ৰিশ টকা উৰুৱাই দিব নোৱাৰি। মিল্ক টি কাপ ভালেই পাওঁ সিহঁতৰ, অলপ কাঢ়া যেন লাগে, চাহ হিচাপে মন মগজুত কৰিব লগীয়া কামতো যে অন্তত কৰিব পাৰিছে সেয়াই বহুত।

tea
(এনেকুৱাতে বেলেগ এটা কথাহে মনত পৰে, মোৰ লগত আগতে দুজনী ছোৱালী আছিল। বান্ধৱী, ৰুমমেট যিয়েই নোবোলা; এজনী ৰাজস্থানৰ, আনজনী উৰিষ‍্যাৰ। তেওঁলোকে আকৌ চাহ নাখায় কফিহে খায়। উৰিষ‍্যাৰ জনীয়ে অলপ চলপ জানেতো আমাৰ অসমীয়া মানুহৰ কথা সেইবাবে একো নকয়, তাতে তাইৰ প্ৰেমিকো অসমীয়া, মাজে মাজে অসমীয়া গানো গাই শুনায়, দুই এটা কথা শিকিবও খোজে মোৰপৰা। ৰাজস্থানৰ গৰাকীৰ ভাষ‍্য, “য়াৰ চায় ক‍্যেচে ক‍্যেচে ল’গ পিতে হ‍্যেয়, হাম ত’হ কফি পিয়েংগে।” এইটোও দীঘল কাহিনী, ক’ম কেতিয়াবা।)
বাৰু যি কি নহওক, এদিন টাইম টু টিত চাহ বনোৱা ল’ৰাজনক বুজালোঁ (মোৰ লগত তাৰ ভাল), ভায়া, আসাম টি বনাওক, কিন্তু কাঢ়াকৈ উতলাব গাখীৰ দি, লগত লং ইলাচী যি আছে পিহি দিব। সি ক’লে ‘বাৰু’। গ’ল কথা গুচিল, যথা সময়ত আহিল চাহ। চাহৰ ৰং মই কেনেকৈ বাখ‍্যা কৰোঁ এতিয়া, গাখীৰ পানীত যদি একটোপাল জেতুকা ৰস দি দিয়ে কেনে ৰং ওলাব ভাবিছোঁ। যদি মই ভবাৰ দৰেই ৰংটো ওলায় তেন্তে এই চাহৰ ৰঙো সেই একেই। বহুত সময় কাপটোলৈ চাই ভাবিছো, ই বাৰু চাহপাত দিবলৈ পাহৰিলে নেকি? ওঁঠৰ ওচৰলৈ আনোঁতে নাকত লং ইলাচীৰ অদ্ভূত গোন্ধ এটা লাগিলহি। অদ্ভূত কিয় কওঁ শুনক, চাহপাতখিনি গ্ৰীণ টি পৰ্য‍্যায়তে আছিল, ভালদৰে গুৰি হোৱায়ে নাছিল বোধহয়, লগতে হবপায় কিবা জেছমিন ফ্লেভাৰ্দ। তাতেই যদি গাখীৰ মিহলাই দিয়ে ভাবি চাওক কেনে চাহ বনিব, লং ইলাচীৰ গোন্ধ গাখীৰৰ লগত মিশ্ৰিত হৈ পেট পকাই ওকালি অনা গন্ধ এটাহে নিৰ্বাপিত হৈছিল যেন।
নোৱাৰিলোঁ শান্তিত খাব, মাতিলো তাক, চাহপাতৰ টেমাতো চাওঁ। চিৰি বিষ্টু, চাহপাত চাহপাত হৈয়েই আছে, দীঘল দীঘল শুকান পাত একেবাৰে। মই ক’লোঁ গুৰি কৰা আসাম টি বিধ নাই নেকি ইয়াত, এইতো চাহপাতত গাখীৰ নিদিয়ে নাজানা নেকি?
“মেডাম আপনে হি ত’হ ব’লা দুধ মিলানে ক’..।”
আসাম টি মানে সিহঁতে এইবিধকে চিনি পায়‌। আমি খোৱা গা মন নচুৱাই তোলা চাহকাপ খাবলৈ মন কৰিলে ইহঁতক ‘মিল্ক টি’ বুলি ক’ব লাগিব। ধুৰ্… আজিকালি নিজেই বনাই লওঁ, আন নহ’লেও দৈনিক চাহকাপৰ লগত ন’ কম্প্ৰমাইজ’।

****

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!