আহিনৰ গান (কৃষ্ণানু কৌশিক)
মন বিহগীয়ে পাখি মেলি
আপোন দেশলৈ উৰি যায়।
আলি-কেঁকুৰিৰে বকুলজোপাত পৰি
স্মৃতিৰ দাপোনখনি চায়।
শেৱালীৰ সুবাসত যেন
আহিন আহিন মন।
কোমল কুঁৱলি ফালি
ভুমুকি মাৰিছে বেলি।
ভিজা দুবৰি,
সৰা শেৱালি,
শাৰদীয় প্ৰভাতৰ মিঠা সোঁৱৰণি।
নিয়ৰে সেমেকা কৰা
আহিন আহিন মন।
শুকুলা মেঘ,
নীলা আকাশ,
আলফুল কঁহুৱাৰ নাচোন লয়লাস।
পুৱাৰ শীতল বতাহ চাটিত
আহিন আহিন মন।