আৰ্নেষ্ট হেমিংৱেৰ জীৱনৰ এটি সৰু ঘটনা (ড.ভূপেন্দ্ৰ শইকীয়া)

স্কুলীয়া দিনত এবাৰ এখন ৰচনা প্ৰতিযোগিতা হৈছিল৷ ছাত্ৰসকলক এমাহৰ সময়দিয়া হৈছিল৷ মেধাবী ছাত্ৰ আৰ্নেষ্ট হেমিংৱেই ভাবি আচৰিত হ’ল -এইটো বিষয়ৰ ওপৰত দুঘন্টাতেই ৰচনা এখন লিখিব পাৰিচোন৷ তেওঁ দিনবোৰ অবাবতে যাব দিলে আৰুশেষৰ দুদিনত ৰচনাখন লিখি জমা দিলে৷ মনতে ভাবিলে প্ৰথম পুৰস্কাৰ নিশ্চয় পাম৷কিন্তু কোনো এটা পুৰস্কাৰ নাপাই বৰ ব্যথিত হ’ল৷ তেতিয়া তেওঁৰ বিদূষী বায়েকে বুজালে- চোৱা, এইটো হ’ল এমাহৰ কাম এদিনত কৰাৰ পৰিণাম ৷ নিজৰ ৰচনাক যিমানে সময় দি ঘঁহিব পিহিবা, সিমানে সেইয়া উজ্জ্বল হব৷

(১৮৯৯চনত আমেৰিকাৰ চিকাগোৰ ওচৰৰ এখন সৰুগাঁৱত জন্ম গ্ৰহণ কৰা আৰ্নেষ্ট হেমিংৱেই ১৯১৮চনৰ প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইটালিয়ান সৈন্যবাহিনীৰএম্বুলেঞ্চৰ ড্ৰাইভাৰৰ চাকৰি কৰি সাহসিকতাৰ বাবে ৰূপৰ পদক পাইছিল৷ যুদ্ধৰ শেষত আমেৰিকালৈ ঘূৰি গৈ সাংবাদিকতাৰ বৃত্তিত যোগদান কৰে আৰু নতুন কৰ্মক্ষেত্ৰ পেৰিচলৈ বদলিহৈ আহে৷ ১৯৫১চনত “অ’ল্ডমেন এণ্ড দি চি” নামৰ জীৱনৰ আটাইতকৈ বিখ্যাতউপন্যাসখন লিখি১৯৫৩চনৰ পুলিটজাৰ বঁটা লাভ কৰে ৷ তেওঁআফ্ৰিকালৈ যাওঁতে দুবাৰকৈ বিমান দূৰ্ঘটনা আৰু শাৰীৰিক ব্যাধিৰ সন্মুখীন হয়৷আৰ্নেষ্ট হেমিংৱেই ১৯৫৪ চনত সাহিত্যৰ বাবে নবেল বঁটা পাইছিল৷ ১৯৬১চনৰ ২জুলাইত শাৰীৰিক আৰু মানসিকভাবে ভাগি পৰা আৰ্নেষ্ট হেমিংৱেই আত্মহত্যা কৰিএই সংসাৰ ত্যাগ কৰে৷)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!