ইউনিক’ডত অসমীয়া লিখন সঁজুলি – [জ্যোতিৰূপম দত্ত]

আজিকালি বহুতেই ইউনিক’ডত অসমীয়া লিপি ব্যৱহাৰ কৰি লেখা মেলা কৰা দেখা যায় ৷ এয়া নিতান্তই শুভলক্ষণ ৷ কিন্তু তাৰ মাজতো একাংশ লোকে অসমীয়া লিপিত লিখা মেলা কৰিবলৈ আগ্ৰহী হলেও মনত কিবা এক অনীহা, দ্বিধাবোধে ক্ৰিয়া কৰি থকা যেন অনুভৱ হয়৷ এনেধৰণৰ বেছিভাগ লোকেই বানান বা ব্যাকৰণ ভুল হোৱাৰ আশংকাত অসমীয়াত লেখা মেলা কৰিবলৈ দ্বিধাবোধ কৰে৷ পিছে আজিকালি ইউনিক’ডত অসমীয়া লিপিত লেখা-মেলা কৰাটো তেনেই সহজ হৈছে৷ আজিকালি সকলোৱে বেছিভাগ টাইপহে কৰে ৷ কলমেৰে লিখা প্ৰায় নহয়েই৷ ময়ো অৱশ্যে ম’বাইলৰ সলনি লেপটপতহে লিখি (টাইপ কৰি) ভাল পাওঁ৷ লেপটপত লিখা (টাইপ কৰা) কামটো মোৰ বাবে বেছি সুবিধাজনক আৰু চকুৰ বাবেও বেছি ক্ষতিকাৰক নহয়৷

বহুজনে কম্পিউটাৰত অসমীয়া লিপিত লেখা-মেলা কৰা সঁজুলিৰ বিষয়ে বিষদভাৱে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে৷ প্ৰথমেই জনাই থওঁ যে ইয়াত মই ব্যক্তিগতভাৱে ইউনিক’ডত অসমীয়া লিপি লিখিবলৈ ব্যৱহাৰ কৰা কিছুমান কৌশল বা ছফটৱেৰৰ কথাহে কবলৈ ওলাইছো৷ ছফটৱেৰৰ সুবিধা-অসুবিধাবোৰ ব্যক্তিবিশেষে ভিন্ন হোৱাটো স্বাভাৱিক৷

ইউনিক’ডত অসমীয়া লিখন সঁজুলি: –
—————————————
MS-Word বা এনেধৰণৰ ৱ’ৰ্ড প্ৰচেছৰত ইউনিক’ডত অসমীয়া লিখিবলৈ বৰ সহজ৷ ময়ো MS-Word ৱ’ৰ্ড প্ৰচেছৰটোকেই ব্যৱহাৰ কৰো৷ আজিকালি ইউনিক’ডত অসমীয়া লিখিবলৈ বহুকেইখন অসমীয়া কী-বৰ্ড ওলাইছে৷ মই Windows-7 ৰ ভিতৰতে সংলগ্ন হৈ থকা নিজা অসমীয়া কী-বৰ্ডখনকেই ব্যৱহাৰ কৰো৷ এতিয়ালৈকে এইখনেই ব্যৱহাৰ কৰি আহিছো৷ অসুবিধা একো পোৱা নাই৷ ইউনিক’ডত অসমীয়া লিখিবলৈ ইয়াৰ উপৰিও আন বহুটো বিনামুলীয়া কী-বৰ্ড পোৱা যায়৷ ইউনিক’ডত লিখিবলৈ নিজৰ সুবিধা অনুযায়ী যিকোনো এখন ডাউনল’ড কৰি ব্যৱহাৰ কৰি চাব পাৰে৷ ব্যৱহাৰৰ প্ৰক্ৰিয়া ছফটৱেৰটোৰ ভিতৰতে বিতংভাৱে দিয়া থাকেই৷ লেপটপ বা ডেস্কটপ কম্পিউটাৰৰ বাবে এনে কেইখনমান অসমীয়া কী-বৰ্ড হ’ল – লাচিত, ৰ’দালি, জাহ্নৱী, আঝাগি (Azhagi+), মাইক্ৰ’ছফট ইণ্ডিক ইন্‌পুট ২ (Microsoft Indic Input 2), শব্দ, অভ্ৰ’, শব্দলিপি, অন্বেষা (Anvesha) NHM Writer, প্ৰমুখ (PramukhIME), লিপিকাৰ আদি৷

ম’বাইল বা টেবলেটত ইউনিক’ডত অসমীয়া লিখিবলৈ বহুলভাৱে ব্যৱহৃত সঁজুলিবোৰ হ’ল – ৰ’দালি, লাচিত, জাহ্নৱী, পানিনী (Panini) ইত্যাদি৷ এইবোৰ সঁজুলি ব্যৱহাৰ কৰিবলৈ বৰ সহজ৷ মই নিজেই লাচিত আৰু পানিনী কী-বৰ্ড দুয়োখনেই সলনা-সলনিকৈ ব্যৱহাৰ কৰো৷

বানানৰ কথা: –
——————
অসমীয়াত লেখা-মেলা কৰা কথাৰ লগতেই বানানৰো কথা আহি পৰে৷ একমাত্ৰ বানান ভুল হোৱাৰ বাবেই বহুতকে অসমীয়াত লিখিবলৈ অনীহা প্ৰকাশ কৰা দেখা পাওঁ ৷ পিছে ছ’চিয়েল মিডিয়াত প্ৰকাশিত লেখাবোৰৰ সুবিধা এয়ে যে এইবোৰ অনায়াসে সম্পাদনা (edit) কৰি শুদ্ধ কৰিব পাৰি৷ লেখাবোৰৰ ভুলবোৰ বিজ্ঞজনে দেখুৱাই দিলেই শুদ্ধ কৰি দিয়াত একো অসুবিধা নহয় ৷ নিজৰ ভুলবোৰ শুধৰাই ভাষাটো শুদ্ধকৈ লিখিবলৈ যত্ন কৰাটো একো লাজৰ কথা হ’ব নোৱাৰে৷

এটা কথা অনস্বীকাৰ্য যে অসমীয়া ভাষাত বৰ্তমানলৈ সম্পূৰ্ণ শুদ্ধ ৰূপত প্ৰকাশিত এখন পূৰ্ণাংগ অভিধানৰ অভাব এতিয়াও আছে৷ একেদৰে আজিলৈকে কম্পিউটাৰ বা ম’বাইলত লেখা-মেলা কৰা লোকসকলৰ সুবিধা হোৱাকৈ এখন সম্পূৰ্ণ শুদ্ধ তথা পূৰ্ণাংগ ‘অনলাইন বা অফলাইন অসমীয়া অভিধান’ ওলোৱা নাই ৷ তথাপিও চালুকীয়াকৈ হলেও অসমীয়া ইউনিক’ড ব্যৱহাৰকাৰীসকলৰ বাবে বহুকেইখন অসমীয়া অভিধান আছে ৷ মই ব্যক্তিগতভাৱে ব্যৱহাৰ কৰা তথা সম্পূৰ্ণ বিনামুলীয়াকৈ উপলব্ধ হোৱা কেইখনমান অনলাইন আৰু অফলাইন অভিধানৰ কথা উনুকিয়াই থব বিচাৰিছো৷

১৷ চন্দ্ৰকান্ত অভিধান
———————–
চিকাগো বিশ্ববিদ্যালয়ে দক্ষিণ এছিয়াৰ ভাষা সমূহৰ ডিজিটেল অভিধান প্ৰকল্পৰ অংশ স্বৰূপে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম সাহিত্য সভাৰ যুটীয়া প্ৰচেষ্টাত অনলাইনভাৱে প্ৰকাশ কৰা চন্দ্ৰকান্ত অভিধানখন ইতিমধ্যে অনলাইনত উপলব্ধ হৈছে৷ ইয়াত অসমীয়া ইউনিক’ড বা ইংৰাজী বৰ্ণমালা ব্যৱহাৰ কৰি বিচৰা শব্দৰ অৰ্থ বা বানানৰ শুদ্ধতা নিৰূপণ কৰিব পাৰি৷ পিছে ৱেবছাইটটোৰ মতে ২০০৮ চনৰ চেপ্টেম্বৰ মাহৰ পিছত এই অনলাইন অভিধানখনত নতুনকৈ একো শব্দ যোগ কৰা হোৱা নাই৷
[ http: //dsal.uchicago.edu/dictionaries/candrakanta/ ]

২৷ শব্দ [xobdo.org]
—————————–
২০০৬ চনত এমুঠিমান অসমীয়াই আৰম্ভ কৰা Xobdo.org নামৰ ৱেবছাইটটোৱে বৰ্তমান অসমীয়াৰ বাহিৰেও উত্তৰ-পুবৰ বহুকেইটি ভাষাৰ অভিধান আৰু উচ্চাৰণ সমূহ বুজিবলৈ সহায়ক হোৱাকৈ নিৰবিচ্ছিন্নভাৱে কাম কৰি আহিছে৷ বৰ্তমান এই ৱেবছাইটটোত নিৰ্দিষ্ট অসমীয়া শব্দৰ বানান, অৰ্থ, ইংৰাজী প্ৰতিশব্দৰ উপৰিও ফকৰা-যোজনা, শব্দৰ উচ্চাৰণ আদিও সন্নিবিষ্ট হৈছে৷ বতৰ্মানলৈ পূৰ্ণাংগ বা সম্পূৰ্ণ শুদ্ধ অৱস্থা প্ৰাপ্ত নহলেও এই অভিধানখনে বহুতকে ব্যক্তিগতভাৱে বহুক্ষেত্ৰত সহায় কৰিছে৷ এই ৱেবছাইটটোৰ সম্পাদনা মণ্ডলীৰ উপৰিও বহুকেইজন স্বেচ্ছাসেৱী সদস্যই প্ৰায় প্ৰতিদিনেই নতুন নতুন শব্দ যোগ দি এই অভিধানখন সমৃদ্ধ কৰাত ব্ৰতী হৈ আছে৷ এতিয়ালৈকে প্ৰায় ৩৩৬ জন সদস্যই এই অভিধান প্ৰকল্পটোৰ সৈতে জড়িত হৈছে৷ [http: //xobdo.org/member/points] এই অভিধানখনৰ এটি ‘Offline Version’ ও আছে৷ এই অভিধানখন ডাউনল’ড কৰি কম্পিউটাৰত ইনষ্টল কৰি ললেই ইণ্টাৰনেট অবিহনেও চাব পৰা যায়৷ [http: //xobdo.org/article/offline]
এই ৱেবছাইটটোৰ আটাইতকৈ সুবিধাজনক ব্যৱস্থাটো হ’ল ‘লিটিকাই’৷ ‘লিটিকাই’ হ’ল দীঘলীয়া লেখা এটা লিখি উঠাৰ পাছত একেলগে সম্পূৰ্ণ লেখাটোৰ বৰ্ণাশুদ্ধি বা কিছু ক্ষেত্ৰত ব্যাকৰণিক ভুলবোৰৰ সন্ধান কৰিব পৰা এটা ব্যৱস্থা৷ Ms-Word ত লেখা এটা লিখি উঠি সম্পূৰ্ণ লেখা বা পেৰেগ্ৰাফ এটা copy কৰি ‘লিটিকাই’ৰ নিৰ্দিষ্ট ঠাইত paste কৰি বানান বা ব্যাকৰণিক ভুলবোৰ ধৰা পেলাব পাৰি৷ সম্পূৰ্ণ শুদ্ধ নহলেও কিছুমান অনিচ্ছাকৃত বা চকুত নপৰাবিধৰ ভুল বানান ধৰা পেলাবৰ বাবে বহুতেই এই ‘অনলাইন’ ব্যৱস্থাটো ব্যৱহাৰ কৰে ৷
[http: //xobdo.org/litikai2/]
ম’বাইল ব্যৱহাৰকাৰী সকলৰ বাবেও ‘শব্দ’ৰ তৰফৰ পৰা দুটাকৈ ‘অসমীয়া অভিধান App’ মুকলি কৰা হৈছে৷ অসমী (Axomi) নামৰ Application এটি Google Android, Apple iOS আৰু Microsoft Windows Phone বাবে উপলব্ধ ৷ ইয়াৰ উপৰিও ‘শব্দ অভিধান’ (Xobdo Dictionary) নামৰ আন এটি Application Android ম’বাইল বা টেবলেটৰ বাবে উপলব্ধ হৈছে ৷

৩৷ লাচিত [ Browser Plug-in আৰু Text Sanitiser and Spell Rectifier ]
———————————————————————————————
অনলাইন বা ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ সময়ত বানানৰ শুদ্ধতাৰ বাবে ‘লাচিত’ৰ সহায় লব পাৰি ৷ xahitya.org আৰু ‘অকব’ৰ এজন সক্ৰিয় সদস্য মৃদুল কুমাৰ শৰ্মা আৰু বিতোপন দাসে Firefox Browser ৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা ‘লাচিত’ নামৰ এটি বানান পৰীক্ষক Browser Plug-in ব্যৱহাৰ কৰি বহুজনে সুফল পাইছে ৷ এই Browser Plug-in টো ইনষ্টল হৈ থাকিলে ফেচবুক বা ইণ্টাৰনেটৰ ব্ৰাউজাৰত ইউনিক’ডত অসমীয়া লিখাৰ সময়ত হোৱা ভুলবোৰ ৰঙা Underline ৰে স্বয়ংক্ৰিয়ভাৱে ধৰা পৰে৷ ইয়াৰ উপৰিও Right Click কৰিলেই শুদ্ধ শব্দটো বা সমাৰ্থক শব্দ কেইটিমান দেখা পোৱা যায়৷

এই ‘প্লাগ-ইন’টোত বিভিন্ন নামবাচক শব্দ বা অভিধানত অন্তৰ্নিহিত নোহোৱা শব্দ অন্তৰ্ভুক্ত কৰাৰো ব্যৱস্থা আছে৷ যেনে – ‘কেএফচি’ বা ‘বিগ-বাজাৰ’ৰ দৰে শব্দ Add to Dictionary কৰি ভৰাই লব পাৰি৷ [https: //addons.mozilla.org/addon/assamese-spell-checker]

ইয়াৰ উপৰিও ড° ভগৎলাল দত্ত, সূৰ্য্য বৰা আৰু মৃদুল কুমাৰ শৰ্মাৰ দ্বাৰা বৰ্ণাশুদ্ধি নিবাৰক ছফটৱেৰ ‘Lachit Text Sanitiser and Spell Rectifier’ টো বহুজন সমাদৃত ৷ লেখা-মেলা কৰোতে অনিচ্ছাকৃতভাৱে ভুল হোৱা প্ৰায় তিনিশৰো অধিক শব্দ স্বয়ংক্ৰিয়ভাৱে শুদ্ধ কৰি দিয়া এই ছফটৱেৰটোৰ ব্যৱহাৰৰ বাবে ইণ্টাৰনেটৰ কোনো প্ৰয়োজন নহয়৷ [http: //mridulkumar.com/unicode/Lachitsanitiser2.0.exe.zip]

উল্লেখ্য যে ইয়াৰ বাহিৰেও বৰ্ণাশুদ্ধি বা অসমীয়া অভিধানৰ বহুকেইটি ছফটৱেৰ তথা ইণ্টাৰনেট লিংক আছে৷ এই লেখাটোত মই ব্যক্তিগতভাৱে ব্যৱহাৰ কৰা ছফটৱেৰ তথা ইণ্টাৰনেট লিংককেইটিৰ কথাহে আগবঢ়াইছো৷ উল্লেখ্য যে ওপৰোক্ত আটাইকেইটি ছফটৱেৰ আৰু ইণ্টাৰনেট লিংকেই সম্পুৰ্ণ বিনামুলীয়া৷ অৱশ্যে বৰ্তমান বহুকেইটি বৰ্ণাশুদ্ধি বা অসমীয়া অভিধানৰ বহুকেইটি উন্নতমানৰ ‘Paid’ ছফটৱেৰো বিকশিত কৰি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে৷

এই সকলোবোৰ লিখন সঁজুলি ব্যৱহাৰ কৰি সকলোৱে অসমীয়া ভাষাত লিখা-মেলা কৰিবলৈ আগবাঢ়ি অহাটোকেই বিচাৰো৷ আশা কৰিছো যে ইউনিক’ড ব্যৱহাৰ কৰি অসমীয়া ভাষাত শুদ্ধকৈ লেখা-মেলা কৰাটো আৰু সহজ হৈ পৰক ৷ আনহাতে এই ক্ষেত্ৰত আন আন বিজ্ঞ লোক সকলকো আগবাঢ়ি আহি অসমীয়া ভাষাৰ বানান তথা ব্যাকৰণ সংক্ৰান্তীয় কথাবোৰ সকলোৰে সুবিধা হোৱাকৈ আলোচনা কৰিবলৈ অনুৰোধ জনালো৷

xahitya.org ৱেবছাইটটোৰ লিংক এটাত ইউনিক’ডত অসমীয়া লিখন সঁজুলি সমূহৰ এখন বিস্তৃত তালিকা দিয়া আছে৷ লিংকটো হ’ল – [http: //www.xahitya.org/useful-links/]

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!