ইউনিকোডৰ উপযুক্ত প্ৰসাৰ নোহোৱাৰ কাৰণ

ইউনিকোডৰ উপযুক্ত প্ৰসাৰ নোহোৱাৰ কাৰণ


বনজিৎ পাঠকঃ ইউনিকোড পদ্ধতিয়ে আমাৰ মাজত পাব লগা স্থান এতিয়াও পোৱা নাই .. ইয়াৰ কাৰণ তলত উল্লেখ কৰা দিশ কেইটাৰ ওপৰিও আপোনালোকে আৰু কি কি বুলি ভাবে বাৰু ?

১ প্ৰয়োজনীয় প্ৰসাৰৰ অভাৱ …

২ কম্পিউটাৰ, মবাইল তথা অন্যান্য ইলেট্ৰণিক সামগ্ৰীৰ প্ৰচলন কম

৩ অসমীয়া লিখাৰ প্ৰতি আমাৰ অনিহা

৪ আমাৰ প্ৰচাৰ মাধ্যম বোৰৰ এই দিশটোৰ প্ৰতি উদাসীন মনোভাৱ

৫ ভবিষ্যতে যে এই মাধ্যমটো কাগজ তথা ছপাশালৰ এটা বিকল্প ৰূপে পৰিগণিত হ’ব সেইটো বোধ্যগম্য নোহোৱাটো (সম্পূৰ্ণৰূপে নহ’লেওঁ এইটো এটা অতি শক্তিশালী বিকল্প হ’ব বুলি মই  নিশ্চিত )

৬ ইউনিকোডৰ কাৰীকৰি অসুবিধা সমূহ

দেৱব্ৰত গগৈঃ আপুনি ঊল্লেখ কৰা তিনি নং কাৰণটো প্ৰধান কাৰণ ।

ধ্ৰুৱজ্যোতি শৰ্মাঃ ৭. মানুহৰ অসজাগতা

নৱনাথ চহৰীয়া অসমীয়া লিখিৰ প্ৰতি আমাৰ অনীহা আৰু  সজাগতাৰ অভাৱ।

দিগন্ত শইকীয়াঃ মোবাইলেই যিহেতু যোগাযোগৰ প্রধান মাধ্যম… মোৰ বোধৰে যিসকলে মোবাইল ব্যৱহাৰ কৰিছে সেইসকলে মোবাইল এটা কিনাৰ সময়ত ছেটটোত অসমীয়া আখৰ (ইন বিল্ট) লিখিব পৰা হয় নে নহয় সেইটো নিশ্চিত নোহোৱাকৈ কিনে যাৰ বাবে পিছত সমস্যাৰ সৃষ্টি হয়। পিচত অসমীয়া (ইউনিক’ড) লিখিবৰ বাবে যি সঁজুলি পোৱা যায় সেইয়া সিমান সৰল নহয় কোনোবা ঠাইত প’ষ্ট কৰিবলৈ ৷ বাকী আন ডিজাইন সজুলিবোৰৰ এতিয়াও ইউনিক’ড ফন্ট চাপৰ্ট কৰা ভাৰ্ছন ওলোৱা নাই ৷ সেয়ে বোধ হয় জনা মানুহৰো ইউনিক’ডৰ প্রতি অনীহা ৷

বনজিৎ পাঠকঃ আপোনাৰ কথা খিনি মই  লিখা ৬নং টোৰ ভিতৰতে পৰে।

উদ্দীপ তালুকদাৰঃ অসমীয়া লিপিৰ প্ৰতি আমাৰ অনীহা (লগতে যোগ দিব খোজোঃ অসমীয়া লিপিৰ apparent অপ্ৰয়োজনীয়তা), যিসকলে লিখা-মেলা নকৰে তেওঁলোকে অসমীয়া লিখিব নেজানিলেও চলে।

বনজিৎ পাঠকঃ মানে “মই অসমীয়া লিখিবলৈ শিকি কি হ’ব মইাটো কবি/সাহিত্যিক/প্ৰৱন্ধ লিখক নহয় ” এইটো ভাব ?

উদ্দীপ তালুকদাৰঃ সেইটোৱেই। অসমত এতিয়া স্নাতক বৰ্য পাছ কৰাৰ পাছত অসমীয়া লিখিব নেজানিলেও চলে। বঙালী ইউনিকোডৰ প্ৰসাৰত বাংলাদেশৰ চৰকাৰী ভাষা হোৱাটোত যথেষ্ট অৰিহনা সোমাই আছে।

বনজিৎ পাঠকঃ সেইটো হয় কাৰণ বাংলা ভাষাটো বাংলাদেশৰ ৰাষ্ট্ৰীয় ভাষা ..

দেৱব্ৰত গগৈঃ মই অসমীয়াত চহী কৰাৰ বাবে চিনাকী কিছুমানে উপলুঙা কৰে আৰু সোধে মই কি অসম সাহিত্য সভাৰ সভাপতি হবলৈ বিচাৰিছোনেকি আৰু কিছুমানে কয় ” তই তেন্তে টীপ চহীকে মাৰ” । কিনো কম ভাবিকে নাপাও । কওতাবোৰ একেবাৰে ওচৰৰ মানুহ হয় ।

উচ্চজিৎ কলিতা: মূল কথাটো হ’ল সমগ্ৰ ভাৰততে (অসমকে ধৰি)মৌলিক চিন্তা-চৰ্চাৰ প্ৰতি যুৱচামৰ আগ্ৰহ কৌশলগতভাবে কমাই অনা হৈছে বজাৰ অৰ্থনীতি আৰু সেৱা-বাণিজ্যৰ নেঙুৰত ধৰি । সেয়েহে আমাৰ মাজত মৌলিক একো নকৰাৰ এক ভয়াৱহ প্ৰবণতা গা কৰি উঠিছে । ফলত আমি নিজৰ একো মৌলিক চিনাকি নাথাকিলেও বেয়া নাপওঁ । গতিকে কিবা মৌলিক ভাষা-লিপি নাথাকিলেও কথা নাই, যেনেকৈ আমাৰ মৌলিক প্ৰযুক্তি নাথাকিলেও একো লোকচান নাই ।

ঋষীৰাজ শৰ্মাঃ প্ৰথম আৰু তৃতীয় উক্তি সমৰ্থন কৰিছোঁ। অলপ এলেহুৱা মনোবৃত্তি‍ও আছে। “কোনে চফটৱেৰ ডাউনলোড কৰি অসমীয়াত লিখিব” জাতীয় কথা বতৰাও মাজে সময়ে শুনিবলৈ পাওঁ। উদাসীনতা মানে ধৰক, কিনো হ’ব অসমীয়াত লিখি, আমাৰ কাম কাজবোৰ দেখোন গোটে‍ই ইংৰাজীতে হয়। মাজে সময়ে বন্ধু বান্ধৱীৰ লগত যোগাযোগ ৰাখিবলৈ ৰোমান লিপিৰে‍ই কাম চলি যায়। কিন্তু আচল কথা হ’ল যে অসমীয়া মানুহে এতিয়াও ভালকৈ Unicode-ক আঁকোৱালী ল’ব পৰা নাই। কিছু উদাসীন, কিছু এলেহুৱা আৰু বহু অজ্ঞতাৰ ফল এয়া। আমি মানুহৰ মাজলৈ গৈ unicodeক জনপ্ৰিয় কৰি তুলিব লাগিব। কৰিয়ে‍ই আহিছোঁ, আগলৈ‍ও কৰি যাম। নতুন চাল ওলা‍ই আহিছে, পুৰণি খিনিয়ে‍ও আগ্ৰহ প্ৰকাশ কৰিছে। অলপ সময় লাগিব, হৈ যাব।

ধ্ৰুৱজ্যোতি শৰ্মাঃ সকলোবোৰ বেয়া খবৰ….. তাৰে মাজতে ভাল খবৰো আছে… কিন্তু বেয়াৰ মাজত ভালখিনি লব এৰি আমি লৈছো বেয়াখিনিহে…অসম সচিবালয়ে তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত জানিব বিচৰা তথ্যৰ অসমীয়া চিঠি পত্ৰসমূহৰ উত্তৰ অসমীয়াতে দিয়ে…তকো বেছিভাগ ইউনিকোডত লিখি…..বয়োজ্যেষ্ঠ PIO এজনৰ ভাষ্য হেনো এনেধৰণৰ- “বৰ ভাল বস্তু লগাইছাহে ভাইটি, একেবাৰে ফৰফৰকৈ লিখি যাব পাৰি দেখো..মোৰ ঘৰতো লগাই দি আহিবাচোন, ল’ৰাজনে শিকিব পাৰিব “…. এয়া জানো অনীহা ? আচলতে আমাৰ এলাহ…নতুন বস্তু এটা শিকাৰ আগে আগেই এইটো টান হ’ব নেকি…. পাৰিম নে …ইত্যাদি ধৰণৰ মনোভাৱ…. পঢ়ি থকা ল’ৰা এজনে (ছোৱালীও) চাকৰি পোৱাৰ পিছতেই এইবোৰৰ আৰু একো দৰকাৰ নাই ধৰণৰ মনোভাৱ পোষণ কৰাৰ বাবে আমাৰ ভৱিষ্যত্‍ প্ৰজন্মৰো এইবোৰৰ প্ৰতি ঋণাত্মক ভাৱধাৰা এটা সোমাই গৈছে…যিয়ে গোটেই পদ্ধতিটোকেই বহুদূৰ পিছুৱাই লৈ গৈছে বুলি ভাবো….

উদ্দীপ তালুদাৰঃ ‎’তথ্য জনাৰ অধিকাৰ’ আইনৰ অধীনত কিছুমান কথা ৰাইজে বিচাৰিলেই চাব পৰাকৈ ৱেবছাইটবিলাকত ইংৰাজীৰ লগতে প্ৰাদেশিক ভাষাটো দিব লাগে। কিন্তু বেছি ভাগ সংস্থানৰে ৱেবছাইটত সেইটো নকৰে। আমাৰ কলেজৰ ৱেবছাইটতো এতিয়াও অসমীয়াখিনি সংযোগ কৰা হোৱা নাই। কাম চলি আছে পিছে। সোনকালেই হৈ যাব। চব এনেকুৱা ৱেবছাইটৰ ৱেবমাষ্টাৰলৈ চিঠি একোখন পঠিয়াই দিব পাৰি! তেতিয়াহে বপুৰাহঁতে উপায় নাইকীয়া হৈ ইউনিকোড শিকিব।

ধ্ৰুৱজ্যোতি শৰ্মাঃ ম‍ই জনাত CIC ৰ পৰা RTI ৰ ৱেবচাইটত আঞ্চলিক ভাষাত লিখাৰ কোনো নেৰ্দ্দেশনা নাথাকে…. সেই বাবেই চাগে’ কোনেও এই বিষয়ে আগ নাবাঢ়ে |

উদ্দীপ তালুকদাৰঃ ঠিক ‘দিবই লাগিব’ বুলি নাথাকে, কিন্তু ‘দিয়া উচিত’ বুলি আছে। তলৰ ফাইলটোৰ suo moto disclosure আৰু dissemination of information পেৰাগ্ৰাফ দুটা চাওঁক। (part II, For Public Authorities.) “The public authority should take into consideration the cost effectiveness, local language and most effective method of communication in the local area while disseminating the information.”

http://rti.gov.in/RTICorner/Guideonrti.pdf

অয়ন উত্তমঃ ৫ নম্বৰ কাৰণটোৰ সমিধান ওলালে ই এক বিপ্লৱৰ ৰূপ ল’ব…. কাৰণ এতিয়াও বহু প্ৰেছত ‘মাষ্টাৰ’ত প্ৰিণ্টিং কৰে আৰু বহুতে প্লেটত প্ৰিণ্টিং কৰে…. আৰু এই দুয়োটা পদ্ধতিত ইউনিকোড পিছ পৰি ৰৈছে…. কাৰিকৰী দিশটোৰ উন্নতি ঘটাব পাৰিলে ই নিঃসন্দেহে সকলোৰে গ্ৰহণযোগ্য আহিলা হৈ পৰিব….

উদ্দীপ তালুকদাৰঃ ৫ নম্বৰ কাৰণটোত ইউনিকোডৰ দোষ নাই। কাৰীকৰি ভাৱে ছপাশালৰ বাবে ইউনিকোড ব্যৱহাৰ কৰাত কোনো বাধা নাই। কিন্তু Adobe Pagemaker-এ ইণ্ডিক ইউনিকোড ছাপোৰ্ট নকৰি চব খেলিমেলি কৰিছে। আৰু কোনো ছপাশালে Pagemaker বা Indesign-ৰ দৰে প্ৰমাণিত ছফ্‌টৱেৰ সহজতে সলনি কৰিব নিবিচাৰিব।

অয়ন উত্তমঃ সেইটোৱেই হৈছে এটা প্ৰধান কাৰণ….. পেজমেকাৰ বা ফটোশ্বপত ইউনিকোড ছাপৰ্ট কৰাৰ লগে লগে ই বিপ্লৱৰ ৰূপ ল’ব….. সেয়া নিশ্চিত….. ফ’ৰ কালাৰ ছেপাৰেশ্যনত ফটোশ্বপৰ গুৰুত্ব আছে…. ছপাশাল কৰ্তৃপক্ষ বা ব্যৱহাৰকৰ্তাই আন এটা ছফট্‌ৱেৰ ব্যৱহাৰ কৰাৰ আগতে ইয়াৰ দোষ-গুণবোৰ বুজি ল’বলৈ সময় ল’ব….

বনজিৎ পাঠকঃ pagemaker/indesign আৰু indic characterৰৰ বন্ধুত্ব আশা নকৰায়েই ভাল … ইয়াৰ সুস্থিৰ বিকল্পৰ কথাহে চিন্তা কৰিব লাগিব |

কথাবোৰ সজাই পৰাই আমি যদি বাতৰি কাকতলৈ ৰাইজৰ চিঠি হিছাপে পঠিয়াওঁ তেতিয়াও আমাৰ ৰাইজৰ মাজত অলপ হ’লেওঁ ই প্ৰসাৰ পাব যেন লাগে .. অন্ততঃ মাহত ২খন এনে চিঠি প্ৰকাশ পালেওঁ হয়।

অয়ন উত্তমঃ মই মোৰ কাৰ্যালয়ত ইউনিকোডৰ ব্যৱহাৰ আৰম্ভ কৰি দিলোঁ….. ধন্যবাদ জনালোঁ বনজিত্‍ দা…. কুঁহিপাতে কাম দিলে….

বনজিৎ পাঠকঃ পাৰিলে বাকী সহকৰ্মীসকলোকে শিকাই দিব …. আৰু বিশেষকৈ ইয়াৰ প্ৰয়োজনীয়াতৰ বিষয়ে সকলোৱে জনা উচিত ..

ডাঃ ভূপেন্দ্ৰ শইকীয়াঃ ইউনিক’ডৰ বিষয়ে অসমীয়াত লিখা-পঢ়াজনা বহুজন লোকেও নাজানে৷তেওঁবিলাকে লিপ আৰু ৰামধেনু ব্যৱহাৰ কৰে৷ অসমীয়াত কম্পিউটাৰত টাইপ কৰা অনুস্থান বিলাকেও পুৰণি প্ৰচলিত লিপিকেই ব্যৱহাৰ কৰি আছে৷মই নিজেও ইউনিক’ডৰ বিষয়ে জানিবৰ ৫ মাহহে হৈছে৷মই ইতিমধ্যে মোৰ বন্ধু কেইজনমানক শিকাইছোঁ৷প্ৰান্তিকত অলপতে ইউনিক’ডৰ অসুবিধাৰ বিষয়ে লিখা চিঠি এখন ওলোৱা দেখা মনত পৰে৷

ধ্ৰুৱজ্যোতি শৰ্মাঃ ভূপেন্দ্ৰদা, আমাৰ কাম হৈছে সেই দূৰত্বতো আতঁৰ কৰা…. যিদিনা মানুহে লিপ বা ৰামধেনুৰ সলনি ইউনিকোড ব্যৱহাৰ কৰিবলৈ লব সিদিনাই আমাৰ এই যাত্ৰাৰ সাৰ্থক হব |

উদ্দীপ তালুকদাৰঃ গতিকে ইউনিক’ডৰ সুবিধাৰ বিষয়ে জনাই বহুল প্ৰচাৰৰ প্ৰয়োজন৷

উদ্দীপ তালুকদাৰঃ প্ৰান্তিকত ইউনিকোডৰ অসুবিধা সম্বন্ধে কি ওলাইছিল কোনোবাই জনাব পাৰিব নেকি? ছপাশালৰ ছফ্‌টৱেৰৰ বাহিৰে ইউনিকোডৰ বেলেগ অসুবিধা কিবা আছে বুলি মোৰ মনে নধৰে। ৰামধেনু, লিপ অফিছ আদি অসমীয়া কম্পিউটিঙৰ ধ্বজা বাহক, সেইটোত সন্দেহ নাই। বিশেষকৈ ৰামধেনুৱে অসমীয়া ছপাৰ ক্ষেত্ৰত বিপ্লৱ সৃষ্টি কৰা বুলিলেও ভুল কোৱা নহয়। কিন্তু এই দুয়োটাই প্ৰকৃত কম্পিউটিং ছিষ্টেম নহয়েই। মানে দুয়োটাকে প্ৰগ্ৰামিঙৰ কামত ব্যৱহাৰ কৰিবই নোৱাৰি।

ডাঃ ভূপেন্দ্ৰ শইকীয়াঃ প্ৰান্তিকৰ পত্ৰালাপত প্ৰকাশিত ইউনিক’ডৰ বিপৰীতে লিখা চিঠিখনৰ সবিশেষ জনাব নোৱাৰি দু:খিত৷১৬ অক্টোবৰত প্ৰকাশিত প্ৰভাকৰ শৰ্মা নেওগৰ ইউনিক’ডৰ প্ৰৱন্ধটোহে মোৰ লগত আছে৷

প্ৰভাষ নাথঃ বাংলাৰ দৰে অসমীয়াত operating language মোবাইলত থাকিলে ভাল আছিলে৷ এতিয়া অসমীয়াত sms দিবলে বাংলা লিপি ব্যবহাৰ কৰিব লাগে৷

উদ্দীপ তালুকদাৰঃ শৰ্মা নেওগৰ প্ৰবন্ধটো পঢ়িছোঁ। সেইটোত ইউনিকোডত বৰ্তমানে থকা কেইটামান অসুবিধা আঙুলিয়াই দি উন্নত কৰাৰ কথাহে কোৱা হৈছিল।

কৌশিক বৰাঃ ফেচবুকৰ পাততে ইউনিকোডৰ সৈতে বহুতক চিনাকি কৰাই দিলো । তেওঁলোকে নিজে নিজে অভ্যাস কৰি শিকি লয় । শেষত অসমীয়া লিখিব পৰা হৈ মোলৈ অসমীয়াতে মেচেজ কৰে । সেই সময়খিনিৰ অনূভূতিখিনি বুজাই ক’ব নোৱাৰি

প্ৰশান্ত ঋতু কাকতিঃ ৩ নং কাৰণটো। মুখকিতাপত অসমীয়াত লিখিলে হেনো কিছুমানৰ নাকটো কঁটা যায়|

বনজিৎ পাঠকঃ আমাৰ সেইটোৱেই প্ৰধান সমস্যা … আমি অসমীয়া নিলিখোঁ, সেইবাবে ক’ৰবাত অসমীয়া লিখা ওলালেও সেইটো বাংলা বুলি ভাবে আন ভাৰতীয় সকলে | তেতিয়া কিন্তু আমি অনা অসমীয়া বোৰক দোষ দিওঁ, অসমক চিনি নাপায় বুলি গালি পাৰো,অসমীয়া কথা বা লিখাবোৰ, বাংলাত লিখা বুলি ক’লে তেতিয়া আমাৰ গাত লাগে | নিজে কিন্তু অসমীয়া নিলিখো …….

প্ৰশান্ত ঋতু কাকতি আপুনি ঠিকেই কৈছে, দোষ আমাৰ আৰু আমি সেয়া শুধৰাবলৈ যত্ন কৰা নাই আৰু যিমানখিনি কৰা হৈছে সেইখিনি চেষ্টা যথেষ্ট নহয়|

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!