ইজৰাইলঃ মধ্যপ্ৰাচ্যৰ ছুপাৰপাৱাৰ – বিকাশ দত্ত

দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ মূল কাৰণ আছিল জাৰ্মানীৰ পতন৷ ৬ বছৰত প্ৰায় ৬০ নিযুত ইহুদিক হত্যা আৰু নিষ্ঠুৰ নিৰ্যাতন চলোৱাৰ বাবে এডলফ হিটলাৰ মানৱ সভ্যতাৰ আটাইতকৈ কুখ্যাত স্বেচ্ছাচাৰী শাসকৰূপে জনাজাত৷ দ্বিতীয় মহাসমৰৰ অন্তত যেতিয়া ছোভিয়েট ইউনিয়নৰ দ্বাৰা ইহুদিসকলক মুক্ত কৰা হৈছিল তেতিয়া তেওঁলোকে জাৰ্মানী, ফ্ৰান্স আৰু পোলেণ্ডৰ পৰা পলাই আহি বৰ্তমানৰ ইজৰাইলৰ ঠাইত থাকিবলৈ লয়৷ সেই সময়ত ই পেলেষ্টাইনৰ অন্তৰ্গত আছিল৷ ১৪ মে ১৯৪৮ চনত ইজৰাইলে স্বাধীনতা লাভ কৰে আৰু এখন স্বাধীন ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা লাভ কৰে৷
সময়ৰ অভাৱ নঘটোৱাকৈ ইজৰাইলৰ বিষয়ে এটি চমু আভাস আৰু ইয়াৰ বিচিত্ৰতা সম্পৰ্কে এটি চমু আলোকপাত আগবঢ়ালোঁ৷

ৰাজধানীঃ জেৰুজালেম

মাটিকালিঃ ২২, ০৭২ বৰ্গ কিমি
(অসমৰ তুলনাত তেনেই সৰু)

জনসংখ্যাঃ ৮, ৭২০, ২০০

জিডিপিঃ ৩১৬.১২০ বিলিয়ন মাৰ্কিন ডলাৰ

জনমুৰী আয়ঃ ৩৬, ৩৭৯ ডলাৰ

১) ইজৰাইল পৃথিৱীৰ একমাত্ৰ ইহুদি ৰাষ্ট্ৰ য’ত ৭৫% ইহুদি লোকে বসবাস কৰে৷ আনহাতে চৰকাৰৰ নীতি অনুসৰি পৃথিৱীৰ যিঠাইতেই হওক বা যি দেশতেই হওক, যদি তেওঁ ইহুদি তেন্তে তেওঁ‌ ইজৰাইলৰ নাগৰিক৷

২) ইজৰাইল পৃথিৱীৰ এখন কমবয়সীয়া ৰাষ্ট্ৰ৷ ইয়াৰ বয়স মাত্ৰ ৭০ বছৰ৷

৩) ইজৰাইলৰ ৰাষ্ট্ৰভাষা হিব্ৰু৷ ইতিহাসবিদ সকলৰ মতে হিব্ৰু মধ্যযুগত বিলুপ্ত হৈ গৈছিল৷ অৰ্থাৎ হিব্ৰু কোৱা মানুহ পৃথিৱীত নোহোৱা হৈ গৈছিল৷ কিন্তু ইজৰাইল গঠন হোৱাৰ পিছতেই ইয়াক ৰাষ্ট্ৰভাষা মান্যতা দিয়া হৈছিল স্বাধীনতাৰ লগে লগে৷

৪) ইজৰাইল বিশ্বৰ একমাত্ৰ ৰাষ্ট্ৰ য’ত প্ৰতিজন নাগৰিকেই সামৰিক প্ৰশিক্ষণ লোৱাতো বাধ্যতামূলক৷ কলেজীয়া শিক্ষাৰ সময়ত ল’ৰাই তিনিবছৰ আৰু ছোৱালীয়ে দুবছৰৰ বাবে সামৰিক সেৱা আগবঢ়োৱাতো অনিবাৰ্য৷

৫) অতি কম জনসংখ্যা থকাস্বত্বেও ইজৰাইলৰ নিজা ছেটেলাইট ব্যৱস্থা আছে আৰু এই ব্যৱস্থা ইজৰাইলে কোনো দেশৰ লগতেই ভাগ-বতৰা নকৰে৷

৬) বিগত শতিকাৰ তুলনাত ইজৰাইলত গছ-গছনিৰ মাত্ৰা ব্যাপক হাৰত বৃদ্ধি হৈছে৷

৭) জনসংখ্যাৰ তুলনাত ইজৰাইলয় পৃথিৱীৰ আটাইতকৈ বেছিসংখ্যক বিশ্ববিদ্যালয় আছে৷

৮) ইজৰাইলৰ মুদ্ৰাব্যৱস্থাত ব্যৱহৃত নোট ব্ৰেইল লিপিৰে নিৰ্মিত৷ অৰ্থাৎ অন্ধ ব্যক্তিয়েও অনায়াসে ইয়াক চিনাক্ত কৰিব পাৰে৷

৯) ইজৰাইলৰ বায়ুসেনা পৃথিৱীৰ চতুৰ্থ বৃহৎ বায়ুসেনা৷

১০) ইজৰাইল পৃথিৱীৰ একমাত্ৰ দেশ যি পূৰ্ণৰূপে এণ্টি বেলিষ্টিক মিছাইল ডিফেন্স চিষ্টেমেৰে পৰিপূৰ্ণ৷ অৰ্থাৎ ইজৰাইলক কোনো দেশে মিছাইলৰ দ্বাৰা আক্ৰমণ কৰিলে সেই মিছাইল গতিপথতে ধ্বংস কৰি দিব পৰা ক্ষমতা ইজৰাইলৰ হাতত আছে৷

১১) ইজৰাইল পৃথিৱীৰ একমাত্ৰ দেশ যি চাৰিওফালৰ পৰা শত্ৰু দেশেৰে আবৃত৷ জন্মৰে পৰা আৰৱ ৰাষ্ট্ৰ আৰু ইজৰাইলৰ মাজত প্ৰায় সাতখন যুদ্ধ হৈছে৷ আচৰিত ধৰণে এই আটাইবোৰ যুদ্ধত ইজৰাইল জয়ী হৈছে৷ এবাৰ আনকি সাতখন আৰৱ ৰাষ্ট্ৰই ইজৰাইলৰ ওপৰত একেলগে আক্ৰমণ চলাইছিল যদিও ইজৰাইল সেই যুদ্ধতো জয়ী হৈছিল৷

১২) ইজৰাইলতেই প্ৰথম ম’বাইল ফোন, প্ৰথম পেণ্টিয়াম চিপ, প্ৰথম এণ্টি ভাইৰাছ আৰু প্ৰথম ভয়চ মেইল ব্যৱস্থা বিকশিত কৰা হৈছিল৷ ইজৰাইলত প্ৰায় ৩৫০০ প্ৰযুক্তিবিজ্ঞান বিষয়ক কোম্পানী আছে যি আমেৰিকাৰ চিলিকন ভেলীৰ পিছত দ্বিতীয় স্থানত আছে৷

১৩) ইজৰাইল নিজৰ দেশভক্তিৰ বাবে পৃথিৱী বিখ্যাত৷ ইজৰাইলে কোনো সন্ত্ৰাসবাদী আক্ৰমণ বা কোনো দেশৰ দ্বাৰা আক্ৰমণ হ’লে ইয়াৰ নিন্দা নকৰে৷ বৰং তেওঁলোকৰ এটা অতি সহজ নীতি আছে৷ এই নীতিমতে, যদি ইজৰাইলৰ কোনো এগৰাকী নাগৰিকক কোনো দেশ বা সন্ত্ৰাসবাদী সংগঠনে আক্ৰমণ চলাই হত্যা কৰে তেন্তে ইজৰাইলে সেই দেশ বা সংগঠনৰ ৫০ জন নাগৰিকক হত্যা কৰি পেলায়৷ সেইবাবে হয়তো ইজৰাইলে নিজৰ শত্ৰুক আজিলৈ জীৱিত অৱস্থাত ৰখা নায়৷
তদুপৰি এই কাণ্ড তেওঁলোকে অতি ক্ষিপ্ৰতাৰে আৰু সেই দেশত সোমাই নিজেই সংঘটিত কৰিব পৰা ক্ষমতা আছে৷

১৪) ইজৰাইলৰ দেশভক্তিৰ এক চমু উদাহৰণ ১৯৭২ চনৰ মিউনিখ অলিম্পিকত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ দ্বাৰা ল’ব পাৰি৷ সেইবছৰৰ অলিম্পিকত পেলেষ্টাইনৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন এটাই ইজৰাইলৰ ১২ গৰাকী এথলীটক অতি নিৰ্মম ভাবে হোটেলৰ ৰূমত হত্যা কৰিছিল৷ সেই সময়ৰ তদানীন্তন ইজৰাইলী প্ৰধানমন্ত্ৰী গোলডা মেয়ৰে কিন্তু এই ঘটনাৰ কোনো নিন্দা কৰা নাছিল বা আমাৰ ভাৰতীয় নেতাসকলৰ দৰে কোনো সংবাদমেল পাতি শান্তি বাৰ্তা প্ৰেৰণ কৰা নাছিল৷ বৰং তেওঁ সেই ১২ গৰাকী এথলীটৰ আত্মীয়সকললৈ ফোনযোগে সংযোগ কৰিছিল আৰু কৈছিল,
“আমি ইয়াৰ প্ৰতিশোধ নিশ্চয় ল’ম৷ নিশ্চিত থাকক“
। উক্ত বাৰ্তাপ্ৰেৰণ কৰিয়েই তেওঁ‌ ইজৰাইলী চোৰাংচোৱা সংস্থা মোছাডক ইয়াৰ দায়িত্ব অৰ্পণ কৰি সম্পূৰ্ণ স্বাধীনতা দি কৈছিল,
“ইআক্ৰমণত জড়িত কোনো সন্ত্ৰাসবাদী জীয়াই থাকিব নালাগিব৷ সম্পূৰ্ণ অথ’ৰিটী মোৰ ফালৰ পৰা আছে”  । সেই মৰ্মে মোছাডে প্ৰায় এবছৰৰ ভিতৰত অতি ক্ষিপ্ৰতাৰে সেই আটাইগৰাকী সন্ত্ৰাসবাদী তথা তাৰ লগত জড়িত আটাইবোৰ ব্যক্তিকে বিভিন্ন দেশত ৰহস্যজনক ভাবে বিচাৰি বিচাৰি নিঃশেষ কৰি পেলাইছিল৷

এয়ে আছিল ইজৰাইলৰ বিষয়ে কিছুমান আচৰিত আৰু ৰোমাঞ্চকৰ তথ্য৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!