ইতিবাচক চিন্তা আৰু সমাজত ইয়াৰ প্ৰভাৱ — ইন্দ্ৰনীল গায়ন

ইতিবাচক চিন্তা আৰু সমাজত ইয়াৰ প্ৰভাৱ

— ইন্দ্ৰনীল গায়ন

চিন্তা চেতনাৰ দিক্ নিৰ্ণয় কৰিব পৰাকৈ আমাৰ সমাজখন আজিকোপতি ধনী হ’ব পৰা নাই৷ ইয়াত ধনৰ ধনীৰ কথা কোৱা হোৱা নাই৷ কোৱা হৈছে চিন্তাৰ ধনীৰ কথা৷

সমাজখন সুস্থ, সবল, সুন্দৰভাৱে পৰিচালিত কৰিবলৈ হ’লে প্ৰয়োজন ইতিবাচক চিন্তাৰ৷ কিন্তুু সাম্প্ৰতিক সময়ত আমি দেখা পাইছো সমাজখনত নেতিবাচক চিন্তাৰহে পয়োভৰ বেছি৷ তথাপি আমাৰ সমাজত এনে কিছুলোক আছে যিসকলে প্ৰতিটো সময়ত সমাজখনৰ হিতৰ কাৰণে চিন্তা কৰি আহিছে৷ আৰু সেইসকল লোকৰ ইতিবাচক চিন্তাৰে সমাজখনৰ প্ৰতি থকা দায়িত্ববোধৰ কৰণীয়খিনিও যৎপৰোনাস্তি কৰি গৈছে৷ কিন্তু সেয়াই যথেষ্ট নহয়৷

বিশেষভাৱে আজিৰ এই লেখাটোত ইণ্টাৰনেটৰ ব্যৱহাৰৰ প্ৰাসংগিকতাই

আমাৰ সমাজত কিদৰে ইতিবাচক চিন্তাৰে প্ৰভাম্বিত কৰি শুভবাৰ্তা কঢ়িয়াই আনিছে৷ তাৰেই এটি চমু অৱলোকন আপোনালোকলৈ আগবঢ়াইছো:

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত কম্পিউটাৰ আৰু ইণ্টাৰনেট ব্যৱহাৰৰ প্ৰসংগটোও বৰ্তমান সময়ত আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ৷ কিয়নো সময়ৰ লগে লগে আমাৰ সমাজ জীৱনৰ প্ৰতিটো স্তৰ আৰু বিভিন্ন ক্ষেত্ৰ ইণ্টাৰনেটৰ লগত জড়িত হৈ পৰিছে৷ পুৱাৰ বাতৰি কাকতৰ পৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ সমসাময়িক তথ্য, দেশ বিদেশৰ প্ৰতিটো প্ৰান্তৰ খবৰ, বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন, বিভিন্ন শিক্ষানুস্থানৰ পাঠ্যক্ৰমৰ উপৰিও অনলাইন শিক্ষাগ্ৰহণ আদি ইণ্টাৰনেটৰ জৰিয়তেই লাভ কৰিব পাৰিছো৷ তদুপৰি সময় সলনি হোৱাৰ লগে লগেই প্ৰতিযোগিতাও আগতকৈ বহু পৰিমানে বৃদ্ধি পাইছে৷ সেইবাবে আমি সময়ৰ সৈতে নিজক খাপ খুৱাই ৰাখিবৰ বাবে নিজৰ জ্ঞানৰ পৰিসৰক অধিক উন্নীত কৰিব লগা হৈছে৷ এই ক্ষেত্ৰত ইণ্টাৰনেটৰ বিভিন্ন উৎসত উপলব্ধ যিকোনো বিষয়ৰ তথ্যবোৰে আমাক যথেষ্ট পৰিমানে সহায় আগবঢ়াই আহিছে৷

তদুপৰি ইণ্টাৰনেটত শিক্ষা, নিযুক্তি, বিজ্ঞান, সাহিত্য আদিৰ সম্পৰ্কীয় বিভিন্ন ৱেবচাইট আছে৷ উল্লিখিত সেই ৱেবচাইটসমূহত আমি বিচৰাধৰণেই বিভিন্ন তথ্য আদি লাভ কৰো মাত্ৰ এটা ক্লিকতেই৷ আৰু সেই তথ্যসমূহে সময় সাপেক্ষে আমাক বহু পৰিমানে উপকৃত কৰি আহিছে৷

বিশেষকৈ অসমত বৰ্তমান সময়ত ইণ্টাৰনেটত ফেচবুক ছ’চিয়েল নেটৱৰ্কিং ছাইটৰ জৰিয়তে সৃষ্টিশীল ক্ষেত্ৰখনৰ উপৰিও সামাজিক ক্ষেত্ৰখনত বিভিন্নধৰণৰ ৰুচিশীল, সুস্থ, আৰু গঠনমূলক আলোচনাৰ যোগেদি ইতিবাচক চিন্তা চৰ্চাৰ প্ৰতি ব্যৱহাৰকাৰীসকলক আকৃষ্ট কৰিব পাৰিছে৷ আৰু এয়া আমাৰ বাবে এক শুভলক্ষণ৷

লেখাটোৰ শেষত ক’ব বিচাৰিম ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰতো ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই আছে৷ কেৱল ব্যৱহাৰ কিদৰে কৰিব৷ সেয়া নিৰ্ভৰ কৰিব ব্যৱহাৰকাৰীৰ মানসিকতাৰ ওপৰত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!