ইতিহাসে গৰকা ছয়দুৱাৰ-(অঞ্জল বৰা)

গ্ৰন্থ পৰিচয়
অঞ্জল বৰা
গ্ৰন্থ : ইতিহাসে গৰকা ছয়দুৱাৰ
লেখক : সৰ্বানন্দ বৰা
প্ৰথম প্ৰকাশ : অক্টোবৰ ২০০১
মূল্য : ৬০ টকা

কোনো এটা জাতিৰ ইতিহাস বা বুৰঞ্জীয়ে সেই জাতিটোৰ ভৱিষ্যত উন্নতিৰ বাট সুগম কৰি তোলে৷ অতীতৰ সম্যক জ্ঞানৰ ওপৰতে আমাৰ ভৱিষ্যতৰ সকলো আশা−ভৰষা নিৰ্ভৰ কৰে৷ অসম এখন ইতিহাস প্ৰসিদ্ধ ঠাই৷ অসমৰ বিভিন্ন সৰু বৰ অঞ্চলসমূহৰ অনেক ঐতিহাসিক ঘটনা আৰু কাহিনী আজিও উদঘাটন হ’বলৈ অনেক বাকী৷ কোনো এখন ঠাইৰ ঐতিহাসিক ঘটনা উদ্ধাৰ কৰাটো কোনো সহজ কথা নহয়৷ কাৰণ এনে বহু ঘটনা আৰু পদচিহ্ন কালৰ বুকুত হেৰাই যাবলৈ বাধ্য হয়৷ কিন্তু সময়ে সময়ে কিছু সংখ্যক ব্যক্তিয়ে অনেক কষ্ট কৰি জনশ্ৰুতি, কিম্বদন্তি বা নানান বয়োজেষ্ঠ ব্যক্তিৰ সাক্ষাৎকাৰৰ জৰিয়তে কিছুমান অঞ্চলৰ ইতিহাস উদ্ধাৰত নিমগ্ন হয়৷
‘ইতিহাসে গৰকা ছয়দুৱাৰ’ কিছুমান ঐতিহাসিক ঘটনা আৰু কাহিনীৰ আলমত ৰচনা কৰা এখন বুৰঞ্জীমূলক গ্ৰন্থ৷ গ্ৰন্থখনৰ ৰচক দক্ষিণ কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক সৰ্বানন্দ বৰা৷ গ্ৰন্থখনৰ মাজত লেখকে অবিভক্ত দৰং জিলাৰ আৰু বৰ্তমানৰ শোণিতপুৰ জিলাৰ একেবাৰে পূব প্ৰান্তৰ বৰ্তমানেও অখ্যাত হৈ থকা কাহিনী আৰু ইতিহাসৰ লগতে তাৰ আনুষঙ্গিক বিস্তৃত অঞ্চলৰো কিছু বুৰঞ্জী সামৰিবলৈ চেষ্টা কৰিছে৷ গ্ৰন্থখনৰ প্ৰথম অধ্যায়ত লুইত, খাৰৈপৰীয়া অঞ্চলৰ; দ্বিতীয়, তৃতীয় অধ্যায়ত সমগ্ৰ ছয়দুৱাৰ অঞ্চলৰ কিছু কাহিনী আৰু ইতিহাস সন্নিবিষ্ট কৰা হৈছে৷ ইয়াৰ পিছৰ অধ্যায় দুটাত লেখকে কানিখেতিৰ প্ৰভাৱকে ধৰি কেইটামান বিশ্লেষণাত্মক প্ৰবন্ধ লিখিছে৷
অসমৰ ৰাজনৈতিক মানচিত্ৰত গহপুৰ সমষ্টিয়েই ছয়দুৱাৰ৷ একালৰ কল্যাণপুৰ আৰু এতিয়াৰ কলংপুৰ বুলিলে গহপুৰ গমিৰিৰ মাজৰ অঞ্চলকে বুজায়৷ এই অঞ্চলৰ এটা সুউজ্জ্বল ইতিহাস আছে৷ ইয়াৰ ইতিহাসৰ লগত অনেক নৈ−নদী, আলি−পথ, অনুষ্ঠান−প্ৰতিষ্ঠান, মঠ−মন্দিৰ আদি জড়িত হৈ আছে৷ এই অঞ্চলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সচেতনতাৰ এটা পৰিৱেশ সৃষ্টি হৈছিল বৃটিছৰ দিনৰ পৰাই৷ ফুলবাৰী দেৱালয় (বৰকালিকা থান), ডিফলু সত্ৰ, কামদেৱাল সত্ৰ আদিকে ধৰি কেইবাখনো সত্ৰ আৰু মঠ−মন্দিৰে এই অঞ্চলৰ ঐতিহ্য বহন কৰি আছে৷ সাহিত্য−সংস্কৃতিৰ ক্ষেত্ৰত এই অঞ্চল অতি আগৰণুৱা আছিল৷ হৰিবিলাস আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা, আনন্দচন্দ্ৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, লম্বোদৰ বৰা, হেম বৰুৱাৰ দৰে কবি−সাহিত্যিকৰ জন্ম আৰু সাহিত্য−চৰ্চাই ছয়দুৱাৰ অঞ্চলক প্ৰতিনিধিত্ব কৰিছিল৷ লেখকে গ্ৰন্থখনৰ মাজত এই সকলো দিশৰে চমু বৰ্ণনা দিবলৈ চেষ্টা কৰিছে৷
স্বাধীনতা আন্দোলনত ছয়দুৱাৰ অঞ্চলৰ অৱদান আছিল উল্লেখযোগ্য৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত কনকলতা আৰু মুকুন্দ কাকতিয়ে এই অঞ্চলৰে গহপুৰ থানাত দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল৷ লেখকে গ্ৰন্থখনৰ মাজত স্বাধীনতা সংগ্ৰামৰ অনেক পুৰণি ঘটনাৰ লগতে উক্ত সংগ্ৰামত অংশ গ্ৰহণ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ব্যক্তিৰ নাম উল্লেখ কৰিছে৷
লেখকে গ্ৰন্থখনৰ মাজত কেৱল পুৰণি ইতিহাসকে লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰা নাই৷ ইতিহাসৰ লগতে বাস্তৱ সময়ৰ সমগ্ৰ অঞ্চলটোৰেই আৰ্থ−সামাজিক পৰিৱেশ, যাতায়ত, শিক্ষাব্যৱস্থাৰো উল্লেখ কৰিছে৷ আনহাতে ভাষা−সাহিত্য−সংস্কৃতি সম্পৰ্কে তেখেতৰ নিজস্ব দুই এটা চিন্তাও প্ৰকাশ কৰিছে৷
পোন প্ৰথমবাৰৰ বাবে এটা বিস্তৃত অঞ্চলৰ বুৰঞ্জী এখন গ্ৰন্থৰ মাজত আৱদ্ধ কৰাৰ ক্ষেত্ৰত লেখক সফল হৈছে বুলিব পাৰি৷ তথাপি অধ্যায় বিভাজনকে ধৰি দুই এটা সৰু−সুৰা ভুল−ত্ৰুটি নথকাকৈ থকা নাই৷ বিশেষকৈ লেখকৰ নিজৰ জন্মস্থান খাৰৈ পাৰৰ বৰ্ণনা আৰু লেখকৰ ভাষাৰ কাব্যিকতাই পাঠকক নিশ্চয় আকৰ্ষণ নকৰাকৈ নাথাকে৷ মুঠৰ ওপৰত ইতিহাসে গৰকা ছয়দুৱাৰ গ্ৰন্থখনক এখন সৰু বুৰঞ্জী আখ্যা দিব পাৰি৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!