ইতিহাস (কৌস্তুভমণি শইকীয়া দত্ত)

ইতিহাস

ইতিহাস..
বুকুত সুখ-দুখৰ চিঁয়াহীৰ আঁক-বাঁক !
 
তেজৰ উজান-ভাটী কলিজাবোৰত
কাৰেং দুৰ্গ আৰু যুদ্ধৰ শিবিৰবোৰত
ৰচনা হৈ থাকে
পানীপথ অথবা ৱাটাৰলু-ৰ ব্লু-প্ৰিণ্ট
জিৰণি আৰু ধেমালিৰ ফাঁকে ফাঁকে।
যুদ্ধৰ শেষত সলনি হয়
দেশবোৰৰ মানচিত্ৰ।
 
স্বৰ্ণযুগ দুৰ্ভিক্ষ কৰ-কাটল পূজা বা অৰ্থশাস্ত্ৰ..
ৰজা-প্ৰজা পুৰোহিত সৈনিক মহিষী বান্দী
বা আলফুলীয়া ৰাজনন্দিনী..
গৌৰৱৰ বিজয়-ধ্বজা
বা প্ৰেম-প্ৰত্যাশী চকুলোৰ ধাৰা-
এতিয়া সকলো আখৰ ।

বিদ্ৰোহৰ জুয়ে পোৰা দাগ
ক’লা আখৰৰ প্ৰাচীন গৌৰৱ এতিয়া ।
শিৰোচ্ছেদ আৰু আৰু জীৱন্ত কবৰত
শুই পৰা বহু আৰ্তনাদ
এতিয়া কিম্বদন্তি ।
কত বেদনাৰ কৰুণ অধ্যায়ে
বুকু ভেদি গ’ল..
তেজ আৰু চকুলোত উটিতো নগ’ল ।
আস্ !
বেদনাৰ হুলে বিন্ধা ক’লা সাঁচ
বহুকাল অতিক্ৰমি ফচিল হ’ল..
 
ইতিহাস !
সামৰি থোৱা মোকো-
আৰু সামৰি থোৱা
মোৰ বুকুৰ নীলকণ্ঠ কলম ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!