ইতৰ প্ৰাণীৰ ছাত্ৰাবাস -(দিগন্ত যাদৱ শৰ্মা)

ইতৰ প্ৰাণীৰ ছাত্ৰাবাস

-দিগন্ত যাদৱ শৰ্মা

ইতৰ প্ৰাণীৰ ছাত্ৰাবাস অথবা গৰু-ম’হৰ ছাত্ৰাবাস। কোনটো লিখিলে শুনিবলৈ শুৱালা হ’ব? ইংৰাজীত Animal Hostel বুলি কোৱা হয়। কথাটো শুনিবলৈ আচহুৱা যেন লগা নাইনে বাৰু! মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস আছে, ছাত্ৰীনিবাস আছে। ভাৰা ঘৰ আছে, নিজৰ ঘৰ আছে। বৃদ্ধা আৱাস আছে, P.G. আছে মানে Paying Guest। মানৱ জাতিৰ বাবে কিমান ধৰণৰ যে থকাৰ ব্যৱস্থা আছে। কিন্তু ইতৰ প্ৰাণীৰ ছাত্ৰাবাস অথবা গৰু-ম’হৰ ছাত্ৰাবাস মানে Animal Hostel! গৰু-ম’হ নিজৰ নিজৰ গোহালিতহে থাকে। কিন্তু ‘হোষ্টেল’ত! কথাটো সঁচা। ইতৰ প্ৰাণীৰ ছাত্ৰাবাস আছে। ভাৰতত প্ৰথমটো ইতৰ প্ৰাণীৰ ছাত্ৰাবাস গুজৰাটৰ একোডাৰা নামৰ ঠাইত স্থাপিত হৈছে। সকলোতকৈ ডাঙৰ কথা ইতৰ প্ৰাণীৰ ছাত্ৰাবাসৰ ধাৰণাটো কিন্তু বাহিৰৰ পৰা আমদানি কৰা নহয়। এয়া গুজৰাটৰ থলুৱা আৰু নিজস্ব ভাবে কৰা চিন্তা-চৰ্চাৰ প্ৰতিফলন। Animal Hostelৰ বিষয়ে কিছু কথা জনাবলৈ বুলি এই চমু লেখাটো আগবঢ়ালোঁ।

 

গুজৰাট চৰকাৰৰ উদ্যোগত পৰীক্ষামূলক ভাবে চবৰকাথাঁ জিলাৰ একোডাৰা নামৰ গাঁওখনত ২০১১ চনৰ মে’ মাহৰ ৬ তাৰিখে “এনিমেল হোষ্টেল” সাধাৰণ কৃষক ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। প্ৰথমতে ৰাজ্যখনৰ পশুপালন আৰু পশুচিকিৎসা বিভাগক ‘নোডেল এজেঞ্চি’ৰূপে মকৰল কৰি আৰু গুজৰাটৰ গান্ধীনগৰত কৰ্মৰত ভাৰত চৰকাৰৰ এটা সংস্থাক পৰামৰ্শদাতা হিচাপে লৈ প্ৰকল্পটোৰ সুচলতা সম্বন্ধে অধ্যয়ন কৰা হয়।

 

একোডাৰা গাঁওখনৰ লগত ৰাজ্যখনৰ যোগাযোগৰ মাধ্যম আন আন ঠাইৰ লগত বিশেষকৈ জিলাখনৰ সদৰ হিমতনগৰৰ সৈতে অতি উত্তম। আৰু গাঁওখনত ইতিমধ্যে এটা “দুগ্ধ সমবায়” চলি আছিল যিটো নেকি “চবৰকাথাঁ জিলা দুগ্ধ সমবায় ইউনিয়ন”ৰ লগত পোনপটীয়াভাৱে ভাবে সংযোজিত। একোডাৰা গাঁৱৰ ২১৫টা পৰিয়ালৰ ভিতৰত ২০৫টা পৰিয়ালেই দুগ্ধৱতী গৰু-ম’হৰ গৰাকী। গতিকে প্ৰথমতে যেতিয়া এনেকুৱা এটা ‘হোষ্টেল’ৰ প্ৰস্তাৱ ৰখা হয়, তেতিয়া সকলোৱেই ইয়াক একেমুখে সমৰ্থন কৰিছিল আৰু উৎসাহিত হৈছিল। গাঁওখনত থকা মুঠ গৰু-ম’হৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আৰু লগতে সকলোবোৰ চালি-জাৰি চাই মুঠ ৯০০ গৰু-ম’হ ৰখাৰ ব্যৱস্থাৰে গোহালিসমূহ নিৰ্মাণ কৰি উলিওৱা হয়। এই প্ৰকল্পটো ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আৰু DRDAৰ সহযোগত প্ৰস্তুত কৰি উলিওৱা হয়।

 

ইয়াতে গোটেই গাঁওখনৰ প্ৰায় ৯০০ গৰু-ম’হক ৰখাৰ ব্যৱস্থা কৰা হয়। অৰ্থাৎ গাঁওখনৰ কোনোৱে নিজৰ ঘৰত গৰু-ম’হ ৰখাৰ প্ৰয়োজন নোহোৱা হৈ পৰিল। গোটেই ব্যৱস্থাটো সমবায় ভিত্তিত পৰিচালনা কৰিবলৈ ঠিক কৰা হয়। “এনিমেল হোষ্টেল”ত ব্যৱহাৰ হ’বলগীয়া প্ৰয়োজনীয় বিজুলীৰ বাবে এটা গোবৰ গেছৰ প্ৰকল্পও স্থাপন কৰা হয়। ইয়াৰ বাবে বাহিৰৰ পৰা বিজুলী আমদানি কৰাৰ প্ৰয়োজন নোহোৱা হৈ পৰিল। একোডাৰাৰ আটাইবোৰ বাসিন্দাই এই ইতৰ প্ৰাণীৰ ছাত্ৰাবাসটো নিৰ্মাণ কৰোঁতে সহযোগ কৰে।

থুলমুলকৈ ‘এনিমেল হোষ্টেল’টোত থকা সুবিধাখিনি এনে ধৰণৰঃ

৩৬ টা গৰুৰ গোহালি। প্ৰতিটোতে অতি কমেও ২৪টাকৈ গৰু-ম’হৰ থকাৰ সু-ব্যৱস্থা আছে।

এক লাখ লিটাৰ পানী ধৰি ৰাখিব পৰা জলাধাৰ।

এটা ‘বায়ো গেছ’ (গোবৰ গেছ) প্ৰকল্প। নিজাববীয়াকৈ বিজুলী উৎপাদনৰ ব্যৱস্থা কৰা।

‘এনিমেল হোষ্টেল’ৰ ৫০ হেক্টৰ মাটিত গৰু-ম’হৰ বাবে ঘাঁহ খেতিৰ ব্যৱস্থা য’ত নেকি প্ৰতি বছৰে ৩০০ মেট্ৰিক টন ঘাঁহ উৎপাদন কৰিব পাৰি।

ইয়াৰ লগত ‘এনিমেল হোষ্টেল’টোত প্ৰতি বছৰে এহেজাৰ মেট্ৰিক টন ‘ভাৰ্মি কম্পোষ্ট’ সাৰ (কেচু সাৰ) উৎপাদনৰো ব্যৱস্থা ৰখা হয়।

প্ৰকৃততে এই গোটেই প্ৰকল্পটোৰ লক্ষ্য আছিল এনেধৰণৰঃ-

বিশেষকৈ মহিলা সকলৰ কঠোৰ শাৰীৰিক পৰিশ্ৰম কমোৱা, যাতে তেওঁলোকে নিজৰ সন্তানৰ লগতে ঘৰখনৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰে। তেনেকৈ মহিলাসকলক সৱলীকৰণ কৰা, অৰ্থাৎ গোটেই দিনটোৱে গৰু-ম’হৰ লগত লাগি নথকাকৈ আন আন সৃষ্টিশীল কামৰ মাজেৰে আত্মপ্ৰত্যয়ৰ জন্ম দিয়া।

গাঁওখনৰ সম্পদসমূহ যৌথভাৱে‍ পৰিচালনা আৰু ব্যৱস্থাপনা কৰা।

স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি কৰি গাঁওখনৰ সকলো লোকৰে উৎকৰ্ষ সাধন কৰা।

গৃহপালিত জীৱ-জন্তুৰ মল-মূত্ৰ বিজ্ঞানসন্মতভাৱে‍ নিষ্কাষিত কৰা।

গাঁওখনত এটা স্বাস্থ্যকৰ পৰিৱে‍শ গঢ়ি তোলা।

সমূহীয়া ভাৱে‍ জীৱ-জন্তুবোৰৰ প্ৰতিপালন আৰু সিহঁতৰ স্বাস্থ্যৰ প্ৰতি সুবিচাৰ কৰা।

‘গোবৰ গেছ’ উৎপাদন কৰা।

জৈৱিক সাৰ উৎপাদন কৰা।

‘এনিমেল হোষ্টেল’টো স্থাপন হোৱাৰ এবছৰ পিছতেই একোডাৰাত এক বৈপ্লৱিক পৰিৱৰ্তন আহে। বিজ্ঞাসন্মনত আৰু সন্মিলিত ভাৱে‍ পালন কৰা হেতুকে তেওঁলোকৰ গাইবোৰো অধিক উৎপাদনক্ষম হৈ পৰে। গাঁওবাসীও অৰ্থনৈতিক ভাৱে‍ টনকীয়াল হৈ পৰে। প্ৰথম অৱস্থাত গাঁওবাসীয়ে ৬০০ জনী দুগ্ধৱতী গাই ‘এনিমেল হোষ্টেল’ত ৰাখিছিল। পিছলৈ এই সংখ্যা বৃদ্ধি হৈ ৯০০ৰো অধিক হয়গৈ। আৰু দেখা গৈছিল প্ৰথম বছৰটোতে ২০% শতাংশতকৈ অধিক গাখীৰৰ উৎপাদন বাঢ়িছিল। ইয়াৰ ফলত অহা আন আন সুফলবোৰ আছিল গাঁওখনৰ সকলোৰে মাজত অখণ্ডতা ৰক্ষা কৰাত অৰিহণা যোগোৱাটো। সমূহীয়াভাৱে‍ কাম-কাজ কৰা বাবে সকলোৰে মাজত সকলোধৰণৰ সহযোগিতা আৰু সংৰক্ষণ সম্বন্ধীয়া কথা-বতৰাবোৰে প্ৰাধান্য পাইছিল। ঘৰ আৰু গোহালিৰ চাৰিবেৰৰ মাজত থাকি নিজৰ অস্তিত্ব পাহৰি যোৱা গাঁওখনৰ মানসিক ভাৱে‍ দুৰ্বল আৰু দুখীয়া পুৰুষ-মহিলাসকলে লাহে লাহে উন্নতিৰ শিখৰত আগবাঢ়ি অহাটো দেখিবলৈ পোৱা গৈছিল।

‘এনিমেল হোষ্টেল’ৰ আন আন লাভা-লাভ সম্বন্ধে যদি আলোচনা কৰা হয়, তেনেহ’লে প্ৰথমতেই ক’ব লাগিব বায়ুমন্ডলত মিথেন গেছৰ ‘গ্লোবেল ৱাৰ্মিং’ কিছু হ’লেও ৰোধ কৰা। কিয়নো গৰু-ম’হ হৈছে গোলকীয় উঞ্চতা বৃদ্ধিৰ এটা অন্যতম কাৰণ। গৰু-ম’হৰ গোবৰ আৰু মূত্ৰৰ পৰা উৎপন্ন হোৱা মিথেন গেছে বায়ুমন্ডলত প্ৰৱে‍শ কৰি গ্লোবেল ৱার্মিঙৰ সৃষ্টি কৰে। কিন্তু গৰু-ম’হৰ গোবৰ আৰু মূত্ৰ ‘গোবৰ গেছ’ প্ৰকল্পত ব্যবহৃত হৈ বিজুলী উৎপাদনতহে সহায়ক হয়। আৰু তেনেকৈয়ে বায়ুমন্ডলত অপকাৰী মিথেন গেছৰ প্ৰৱে‍শ ৰোধ কৰে।

কাম কাজবোৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ প্ৰতিটো গৰু-ম’হৰ গৰাকীয়ে প্ৰতিমাহে ৫০০শ টকাকৈ দিয়াটো থিৰাং কৰা হয়। ‘এনিমেল হোষ্টেল’ত সকলো গৰু-ম’হৰ গৰাকীয়ে দৈনিক চাৰি ঘন্টাকৈ কাম কৰিব লাগিব বুলি সময় বান্ধি দিয়া হয়। গৰু-ম’হৰ স্বাস্থ্যজনিত সমস্যা আৰু কৃত্ৰিম প্ৰজনন সম্পৰ্কীয় কাজ-কৰ্মবোৰ ‘এনিমেল হোষ্টেল’ত গঠিত হোৱা পৰিষদখনে নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰা হয়। গৰু-ম’হৰ গৰাকীবোৰে আগতে নিজৰ ঘৰত জীৱ-জন্তুৰ লগত প্ৰায় দিনটোৱেই ব্যস্ত হৈ থাকিবলগীয়া হৈছিল। তাৰ বাবে আন আন কাম-কাজবোৰ তল পৰিছিল। গতিকে ইয়াৰ ফলত কৃষকসকলে ৰাহি হোৱা সময়খিনি তেওঁলোকৰ আন আন উৎপাদনশীল কাজ-কৰ্মত ব্যৱহৃত হোৱাত সহায়ক হৈছিল।

এনেকুৱা একোটা প্ৰকল্প নিশ্চয় আন আন ঠাই সমূহতো ৰূপায়ণ কৰিব পাৰি। ইয়াৰ বাবে আমি আগবাঢ়ি আহিব লাগিব। সদিচ্ছা থাকিলে নিশ্চয় অৰ্থৰ অভাৱ নঘটে। এনেকৈয়ে সমাজ একোখন অৰ্থনৈতিক আৰু আৰ্থ-সামাজিক উন্নতিৰ পথত আগবাঢ়ি যোৱাত সহায়ক হয়। এনেকৈ একোটা প্ৰকল্পই দৰিদ্ৰতা দূৰ কৰি মানসিকভাৱে‍ও সৱল কৰি তোলাত সহায় কৰে‍। প্ৰয়োজন মাথো তাক উপলব্ধি কৰাৰ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!