ইলন মাস্ক (Elon Musk): প্ৰযুক্তিৰে ভৱিষ্যতৰ সপোন দেখা এটি অনন্য ব্যক্তিত্ব — অৰ্ণৱ বৰদলৈ


শৈশৱ কালৰেপৰাই আমি নানাজন মহান মনীষীৰ যুগান্তকাৰী জীৱনকাহিনী পঢ়ি আহিছোঁ৷ সেয়া লাগিলে মানৱ জীৱনৰ পথ-প্ৰদৰ্শক ডাৰউইনেই হওক, বা মানৱ সেৱাত উৎসৰ্গিত মাডাৰ টেৰেছা, ফ্ল’ৰেন্স নাইটিংগেলেই হওক, বিজ্ঞানক জনসাধাৰণৰ মাজলৈ কঢ়িয়াই অনা আইনষ্টাইন, মিছাইল মানৱ ডo এ. পি. জে. আব্দুল কালাম, শান্তি অহিংসাৰ অনন্য প্ৰতীক দালাই লামা, মহাত্মা গান্ধী, নেলছন মেণ্ডেলা আৰু বহুজন৷ কাল বলুকাত খোজ পেলাই এইসকল কীৰ্তিমান ব্যক্তিয়ে এৰি গৈছে আগন্তুক প্ৰজন্মৰ বাবে অসংখ্য আশা আৰু সম্ভাৱনা৷ আৰু এই সম্ভাৱনাৰ ফলস্বৰূপেই মানৱ জাতিক আৰু এখোজ আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে ওলাই অহা এচাম উদীয়মান ভৱিষ্যদ্ৰষ্টাৰ মাজত এটি অন্যতম নাম হ’ল- ইলন মাস্ক (Elon Musk)৷ হয়, ৪৬ বৰ্ষীয় ইলন আজিৰ যুৱচামৰ মাজত এটি বহুচৰ্চিত নাম৷ আৰু ন’হবওনো কিয়, যি সময়ত আমি অনাগত ভৱিষ্যতৰ জল্পনা-কল্পনাত মগ্ন হওঁ, ইলনে এটাৰ পিচত সিটোকৈ ইয়াক ভৱিষ্যতলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে৷
১৯৭০ চনত দক্ষিণ আফ্ৰিকাৰ প্ৰিটৰিয়াত জন্মগ্ৰহণ কৰা ইলন ৰীভ মাস্ক আজি বিশ্বত জনপ্ৰিয় এগৰাকী সফল ব্যৱসায়ী, উদ্ভাৱক, প্ৰযুক্তিবিদ, নিৱেশক আৰু উৎসাহী উদ্যমী (Entrepreneur) হিচাপে৷ ইলনৰ মতে “মই সেই কাম কৰিব খোজো যি মানৱ সমাজক এখনি নতুন দিগন্তৰ দিশে আগুৱাই নিব আৰু মানৱ জীৱনৰ এই মহামূল্যবান সময় বহু পৰিমাণে ৰাহি কৰিব৷“ কলেজীয়া শিক্ষা শেষ কৰি ১৯৯৫ চনত মাস্ক আমেৰিকাৰ কেলিফৰ্ণিয়াত থকা Stanford University ত “Applied physics and modern science“ ত পি.এইচ.ডি. পাঠ্যক্ৰমত নামভৰ্তি কৰে যদিও মনত পুহি ৰখা ইণ্টাৰনেটৰ সুবিশাল জগত, পুনৰ্বৱ্যহাৰযোগ্য শক্তি তথা মহাকাশ গৱেষণাত থকা দু্ৰ্দান্ত ইচ্ছাৰ বাবেই দুদিনৰ পিছতেই ইলনে বিশ্ববিদ্যালয় ত্যাগ কৰে৷
আৰু সেয়াই আৰম্ভণি৷ ১৯৯৫ চনতে ইলনে ভাতৃ কিম্বলৰ লগত মিলি দেউতাকৰ ২৮,০০০ ডলাৰেৰে আৰম্ভ কৰে নামৰ Zip2 নামৰ এটি চফ’টৱেৰ কোম্পানী৷ প্ৰধানতঃ বাতৰি কাকত প্ৰকাশনৰ লগত জড়িত এই কোম্পানীটোক ১৯৯৯ চনত Compaq কাম্পানীয়ে কিনি লয়৷ Zip2 বিক্ৰী কৰি পোৱা দহ মিলিয়ন ডলাৰেৰে ইলনে X.Com নামৰ অন্য এটি কোম্পানী স্থাপন কৰে যাক ২০০১ চনত PayPal নামেৰে পুনৰ্নামকৰণ কৰা হয়৷ যি সময়ত বিশ্বত প্ৰায় আটাইবোৰ বিত্তীয় লেনদেন বেংকৰ কাউণ্টাৰলৈকে সীমিত আছিল সেই সময়তে PayPalএ ইলেকট্ৰনিক মাধ্যমৰ জৰিয়তে তাৎক্ষণিকভাৱে আৰু সুচাৰুৰূপে জনসাধাৰণক আৰ্থিক লেনদেনৰ সুবিধা প্ৰদান কৰি এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰে৷ ২০০২ চনত অন্য এটি বহুজাতিক কোম্পানী Ebayএ ইয়াক ১৫ বিলিয়ন টকাৰে ইয়াক অধিগ্ৰহণ কৰে৷
ইয়াৰ পিচতে ইলনে হাত মেলে মহাকাশৰ সুবিশাল ক্ষেত্ৰখনলৈ, আৰু ইয়াৰ ফলস্বৰূপেই ২০০২ চনত প্ৰতিষ্ঠা হয় ইলনৰ স্বপ্নদ্ৰষ্টা অনুষ্ঠান SpaceX৷ মহাকাশলৈ ৰকেট উৎক্ষেপণ তথা ইয়াৰ আনুষংগিক প্ৰতিটো জটিল ধাৰণা ইলনৰ অনুসন্ধিৎসু মনে সাধাৰণ চিন্তালৈ ৰূপান্তৰিত কৰে৷ আমেৰিকাস্থিত মহাকাশ গৱেষণাৰ অগ্ৰণী অনুষ্ঠান NASA (The National Aeronautics and Space Administration)ৰ লগত মিলি বৰ্তমানলৈ SpaceXএ প্ৰেৰণ কৰিছে কেইবাখনো মহাকাশযান৷ SpaceX বৰ্তমান বিশ্বৰ সৰ্ববৃহ ব্যক্তিগত খণ্ডৰ ৰকেট ইঞ্জিন যোগানকাৰী সংস্থা যাৰ মূল উদ্দেশ্য হ’ল পুনৰ্ব্যৱহাৰযোগ্য তথা উন্নতমানৰ প্ৰযুক্তিৰ প্ৰয়োগেৰে মহাকাশলৈ যাতায়াত প্ৰক্ৰিয়া আৰু অধিক ত্বৰান্বিত কৰা আৰু Interplantrial Colonization বা বহিঃবিশ্বত এখনি মানৱ বসতিস্থলৰ সন্ধান কৰা৷ ইলনৰ মতে আজিৰ পৰা ৪০ বছৰৰ পিচত যদিহে আমাৰ গ্ৰহটি বাসোপযোগী হৈ নাথাকে, তেনেহ’লে মানৱ জাতিয়ে নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আন এটি উপযোগী ঠাই বিচাৰি পায় তাৰে নীৰৱচ্ছিন্ন সাধনাত ব্ৰতী SpaceX৷
অটোম’বাইলৰ জগতখনত প্ৰযুক্তিৰ সংমিশ্ৰণেৰে এটি নতুন দিশ উন্মোচন কৰিবলৈ সক্ষম হোৱা ইলনে ২০১২ চনত যোগ দিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ “চিলিকন ভেলী“ৰ বৈদ্যুতিক বাহন নিৰ্মাণকাৰী সংস্থা Tesla Incorporation যাক বৰ্তমান Tesla Motors বুলিও জনা যায়৷ চাৰ্বিয়াৰ বৈদ্যুতিক অভিযন্তা নিক’লা টেচলাৰ নামেৰে এই কোম্পানীটোৰ নাম ’টেচলা ম’টৰ্চ’ ৰখা হৈছিল৷ যান বাহনৰ পৃথিৱীখনক দ্বিতীয় প্ৰজন্মৰ ব্যৱহাৰোপযোগীকৈ গঢ়ি তোলাৰ লক্ষ্যৰে টেচলাই নিৰ্মাণ কৰে “লিথিয়াম-ইয়ন“যুক্ত বেটেৰীচালিত ইলেকট্ৰিক কাৰ “ৰ’ডষ্টাৰ৷“ উল্লেখ্যযোগ্য যে টেচলাৰ এই বাহনসমূহত ইন্ধন হিচাপে ব্যৱহৃত মাথোঁ এই পুনৰ্চালনযোগ্য বেটাৰী৷ বৰ্তমানলৈকে বিশ্বযুৰি আঠ লাখখন বাহন বিক্ৰী কৰা টেচলা বাহন খনৰ মডেলৰ সংখ্যা তেনেই সীমিত, কিন্তু বাহনখনৰ অতুলনীয় প্ৰযুক্তিৰ চমকে মূলতঃ গ্ৰাহকসকলক আকৰ্ষিত কৰি তোলে৷ গোলকীয় উষ্ণতাৰোধ কৰাত বিশেষ অৰিহণা আগবঢ়োৱা টেচলাই বৰ্তমান ভাৰতীয় বজাৰতো ভূমুকি মাৰিবলৈ যো-জা চলাইছে৷ ইলনে শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশ কৰামতে নিৰ্মীয়মাণ টেচলাৰ নতুন মডেলৰ বাহনখনত আৰু অধিক প্ৰযুক্তিৰ পয়োভৰ দেখিবলৈ পোৱা যাব৷
২০১২ চনত লছ এঞ্জেলেছত এখন গুৰুত্বপূৰ্ণ সভালৈ গৈ থকা অৱস্থাত পথত সৃষ্টি হোৱা স্বাভাৱিক যান-যঁটৰ বাবে সভাখনলৈ গৈ পোৱাত ইলনৰ প্ৰায় এঘণ্টা পলম হয়৷ এই ঘটনাটোৱে ইলনৰ মনত এক নতুন চিন্তাৰ উদ্ৰেক ঘটায়৷ লগে লগেই SpaceX আৰু Tesla এদল অভিযন্তাক লগত লৈ ইলনে আৰম্ভ কৰে এক নতুন যাত্ৰা৷ যাতায়াতৰ পঞ্চ মাধ্যম যেনে ৰেল, বাহন, পানীজাহাজ, উৰাজাহাজ আৰু সাম্প্ৰতিকভাৱে মহাকাশযানৰ পিচত ষষ্ঠ মাধ্যম হিচাপে চিহ্নিত কৰি ইলনে আৰম্ভ কৰে এক নতুন যাতায়াত ব্যৱস্থা, যাৰ নাম ৰাখে- Hyperloop৷ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এক টানেলসদৃশ কংক্ৰিটৰ টিউবৰ মাজেদি এটা কেপচুলসদৃশ বাকচৰ ভিতৰত অতি তীব্ৰবেগত এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰী তথা সামগ্ৰী পৰিবহণৰ নৱতম সংস্কৰণটোৱেই হৈছে Hyperlop৷ বৰ্তমানে পৰীক্ষামূলক পৰ্যায়ত চলাচল কৰোৱা এই hyperloopৰ গতিবেগ ঘণ্টাত ৯০০ৰ পৰা ১০২০ কিঃমিঃ পৰ্যন্ত৷ ২০১৭ চনৰ জুন মাহত অন্ধ্ৰ প্ৰদেশ চৰকাৰে ইয়াৰ মুখ্য নিৰ্মাণকাৰী সংস্থা Hyperloop Transportation (HTT) ৰ লগত মিলি বিজয়ৱাড়াৰ পৰা টেলেংগানাৰ ৰাজধানী চহৰ অমৰাৱতীলৈ ৩৫ কিঃমিঃ দৈৰ্ঘ্য্যৰ এক hyperloopৰ কাম হাতত লৈছে যাৰ ফলত এই দূৰত্ব মাত্ৰ পাঁচ মিনিট সময়ৰ ভিতৰতে অতিক্ৰম কৰিব পৰা যাব৷
২০০৬ চনত নিজৰ দুই ভতিজা পিটাৰ আৰু লিনডনে আৰম্ভ কৰা SolerCity নামে কোম্পানীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে৷ SolerCity বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিতীয় বৃহৎ সৌৰচালিত পদ্ধতি সৰবৰাহকাৰী সংস্থা৷ কেইবাটাও নৱতম উদ্ভাৱনেৰে SolerCityয়ে বৰ্তমান দেশখনক অধিক সৌৰশক্তি উৎপাদনক্ষম কৰি তোলাৰ লগতে বাঢ়ি অহা জলবায়ু পৰিৱৰ্তনৰ দৰে সামগ্ৰিক সমস্যাবোৰকো বহু পৰিমাণে ৰোধ কৰিবলৈ সক্ষম হৈছে৷
সাধাৰণ সমাজ তথা বিশাল সংস্থাসমূহত বিজ্ঞান আৰু প্ৰযুক্তিৰ অকল্পনীয় ব্যৱহাৰৰ ফলত মানৱ সমাজ এদিন যন্ত্ৰৰ দাস হৈ পৰিব আৰু অত্যাধুনিক সমলেৰে পৰিপূৰ্ণ এই যন্ত্ৰসমূহেই (Robotics) এদিন হৈ পৰিব মানৱ জাতিৰ প্ৰধান শত্ৰু৷ Artificial Intelligence অথবা কৃত্ৰিম বুদ্ধিমত্তা নামেৰে চিহ্নিত এই ব্যাধি বৰ্তমান আন্তৰ্জাতিক মজিয়াত এক গভীৰ বিষয়ৰূপে উত্থাপিত হৈছে৷ এই কৃত্ৰিম বুদ্ধিমত্তাৰে মোকাবিলা কৰাকৈ যন্ত্ৰশক্তিক এক সুনিয়ন্ত্ৰিত ৰূপত সঞ্চালনা কৰিবলৈ ইলনে ২০১৫ চনত অ’পেন এ.আই. (OpenAI) নামেৰে এক গৱেষণা প্ৰতিষ্ঠান গঢ়ি তোলে৷ মানৱ সভ্যতাক যান্ত্ৰিক অগ্ৰগতিৰ সমানে আগুৱাই নিবলৈ ইলনে ২০১৬ চনত Neuralink নামেৰে এটি স্নায়ুপ্ৰযুক্তি কোম্পানী প্ৰতিষ্ঠা কৰে যাৰ জৰিয়তে অত্যাধুনিক সঁজুলি মানৱ মগজুত স্থাপন কৰা যি মানৱ স্মৃতি অতি প্ৰখৰ তথা কম্পিউটাৰ ব্যৱস্থাৰ লগতে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰিবলৈও সক্ষম হ’ব৷
এটি দশকতকৈও অধিক সময় নীৰৱচ্ছিন্নভাৱে উদ্ধাৱনত ব্ৰতী ইলনৰ সাংসাৰিক জীৱন কিন্তু সুখকৰ নহয়৷ তিনিবাৰকৈ বিবাহপাশত আবদ্ধ হোৱা ইলনৰ বিচ্ছেদসমূহৰ মূল কাৰণ তেওঁৰ অত্যন্ত ব্যস্ত সময়সূচী বুলিয়ে বহুতে অভিহিত কৰিব খোজে৷ ইয়াৰ মাজতো কিন্তু মাস্কে নিজৰ স্বাভাৱিক কৰ্মসূচী অটুট ৰাখিছে, আনকি তেওঁৰ প্ৰতিটো অনুষ্ঠানৰ বাবে দিনটোৰ এক নিৰ্দিষ্ট শতাংশ সময় নিৰ্ধাৰণ কৰি লয় যাৰ ফলত প্ৰতিট কাৰ্যই সূচাৰুৰূপে সম্পন্ন হৈ উঠে৷ ইলনৰ প্ৰতিটো উদ্ভাৱনী খোজে বিশ্ববাসীক প্ৰযুক্তিৰ জগতখনৰ প্ৰতি অধিক কৌতূহলী কৰি তুলিছে৷ ইলনৰ ভগ্নী ট’ষ্কা মাস্ক এগৰাকী চলচ্ছিত্ৰকাৰ আৰু তেওঁ “মাস্ক এণ্টাৰটেইনমেণ্ট“ নামৰ অনুষ্ঠানৰ বেনাৰত কেইবাখনো উচ্চ পৰ্যায়ৰ চলচ্ছিত্ৰ নিৰ্মাণ কৰিছে৷ “মাস্ক ফাউণ্ডেচন“ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে ইলনে কেইবাটাও সামাজিক আঁচনিৰ বাবে অৰ্থসাহায্যও আগবঢ়াই আহিছে৷ আমেৰিকাৰ বিখ্যাত য়েল বিশ্ববিদ্যালয়ৰ লগতে আন দুখন বিশ্ববিদ্যালয়ে তেওঁলৈ আগবঢ়াইছে সন্মানীয় ডক্টৰেট উপাধি৷ ২০১৬ চনত ফৰ্বচ আলোচনীৰ “বিশ্বৰ ২০০ গৰাকী প্ৰভাৱশালী ব্যক্তি“ৰ তালিকাখনত তৃতীয় স্থান লাভ কৰে ইলন মাস্কে (তালিকাখনত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ১৫তম স্থানত আছে)৷ মানৱ সমাজৰ বাবে কঠিন কামবোৰ কৰিবলৈ অত্যুৎসাহী ইলনৰ আছে আৰু কেইবাটাও ভৱিষ্যতৰ স্বপ্ন যাক তেওঁ অহোপুৰুষাৰ্থ কৰি হ’লেও বাস্তৱ ৰূপ দিবলৈ বিচাৰে৷ ২০১৭ চনৰ ১৭ ফেব্ৰুৱাৰীত ভাৰতীয় মহাকাশ সংস্থা চমুকৈ ইজৰো (ISRO)য়ে এখন মহাকাশযানতে একেলগে উৎক্ষেপণ কৰা ১০৪টা কৃত্ৰিম উপগ্ৰহ কাৰ্য্যসূচীত অভিভূত হৈ ইলনে এটি টুইটযোগে ইজৰোক শুভেচ্ছা দি কয় যে ভাৰতবৰ্ষৰ এই খোজটিয়ে মহাকাশ বিজ্ঞানত এখন নতুন জগতৰ দুৱাৰ মুকলি কৰিব৷ আকৰ্ষণীয় যে, ইলনে এখনি মেলত এটি উক্তি কৰিছিল যে তেওঁ হেনো জীৱনৰ শেষ মুহূৰ্তটি মঙ্গল গ্ৰহত পাৰ কৰিব বিচাৰে৷ এইজনা মহান মনিষীলৈ থাকিল অলেখ শুভকামনা৷ (ইণ্টাৰনেটৰ সহায় লৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!