ইলেকট্ৰ’নিক প্ৰেম, পুঁজিবাদ ইত্যাদি

ইলেকট্ৰনিক প্ৰেম, পুঁজিবাদ ইত্যাদি

 

মৃণাল জ্যোতি গোস্বামী…………..

মোৰ মনত এটি প্ৰশ্ন উদয় হৈছে —  “আগতে কাগজত লিখা প্ৰেমপত্ৰসমূহক ‘নীলা খামৰ চিঠি’ বুলি কোৱা হৈছিল; কিন্তু বৰ্তমান সাধাৰণতে কাগজত কোনেও নীলা চিঞাহীৰে মনৰ কথা প্ৰকাশ নকৰে ৷ কৰে ম’বাইলেৰে এচ. এম. এচ. কৰি বা ইণ্টাৰনেটৰ যোগেদি মেইল কৰি ৷ এনেদৰে ম’বাইল বা ইণ্টাৰনেটৰ জৰিয়তে আদান-প্ৰদান কৰা প্ৰেমপত্ৰসমূহক কি নামেৰে অভিহিত কৰিম ৷”

পংকজ বৰা…….ই-ফ্লাৰ্টিং

অঞ্জল বৰা..……ঠিকেই ৷ এতিয়া বাতৰি কাকতত লিখেই ম’বাইল প্ৰেম ! ইণ্টাৰনেট প্ৰেম ! ফে’চবুক প্ৰেম ! ইজনে সিজনক নেদেখাকৈয়ে প্ৰেম হৈ থাকে, মাজৰাতি পলাই যোৱাৰ পিছতহে গম পায়, ইজনে সিজনক ! গতিকে তাৰ আগতে বিনিময় কৰা বাৰ্তাবোৰ নিশ্চয় কিবা বেলেগ এটা নাম দিব লাগিব ৷

দেবাংগ গগৈ……..আংশিকভাৱেহে সত্য, কিন্তু সকলোবোৰকেই এইদৰে সাধাৰণীকৰণ  কৰাটো অনুচিত বুলি ভাবোঁ । এতিয়াও সঁচা প্ৰেমিক-প্ৰেমিকা বহুতো আছে,  তেওঁলোকেও এচ্. এম্. এচ্, মেইল  আদান-প্ৰদান কৰে । গতিকে এইদৰে সাধাৰণীকৰণ কৰিলে তেওঁলোকৰ সঁচা প্ৰেমক ভ্ৰূকুটি দেখুওৱা হ’ব !

দেৱব্ৰত গগৈ……..মোৰ কিন্তু এটা কথা ভাবি আচৰিত লাগে । ৰাতি ৰাতি প্ৰেমিক-প্ৰেমিকাই ম’বাইলত প্ৰেমালাপ কৰিব আৰু ইফালে আলাসতে প্ৰেমিক-প্ৰেমিকাৰ যহতে ম’বাইল কোম্পানীবোৰ ধনী হৈ গৈ থাকে । ইয়াকে কয় বেপাৰ ! প্ৰেমক ব্যৱহাৰ কৰি কৰা বেপাৰ । আওপকীয়াকৈ । কাকো দোষ দিয়া নাই । পিছে ভাবিলে আচৰিত লাগে, পইচাও যে এনেকৈ ঘটিব পাৰি ! আগতে কল-বাৰীৰ চুকত পীৰিতি কৰোঁতে কোনেনো কেই পইচা ঘটিছিল বাৰু ?  পুঁজিবাদৰ বাহাদুৰি সেইখিনিতেই ।

দেবাংগ গগৈ….…সঁচা কথা, প্ৰেমক লৈ হয়তো কোনোবা কোম্পানীয়ে ব্যৱসায় কৰিছে । কিন্তু তাৰ বাবে জানো প্ৰেম দায়ী ?  আজিৰ এই ব্যস্ত যুগত প্ৰেমিক-প্ৰেমিকাই ম’বাইলৰ জৰিয়তে আলাপ কৰাত ভুল ক’ত ? অৱশ্যে বহুসংখ্যকে সস্তীয়া কৰি পেলোৱাটো নুই কৰিব নোৱাৰি, কিন্তু সাধাৰণীকৰণ  কৰাটো উচিত নহয!

আগেয়ে নৈৰ পাৰৰ পৰাই পানী আনিবলৈ যোৱা গাভৰু উধাও হৈছিল প্ৰেমিকৰ সৈতে, বিহু মাৰিবলৈ যোৱা ডেকা-গাভৰুৱে পলাই গৈ সংসাৰ কৰিছিল । আজি মাথোঁ ৰূপ সলনি হৈছে, কিন্তু কাৰু-কাৰ্য সকলো একেই আছে!

উদ্দীপ তালুকদাৰ…….পেটেৰকৈ মাজতে মাত দিলোঁ । আচলতে প্ৰায় সকলো ব্যৱসায়ৰ মূলধন হৈছে ‘সংযোগ’ (মানে মানুহৰ মাজত যোগাযোগৰ কথা কৈছোঁ ।) আজিৰ ব্যৱসায়ীবিলাকে সেয়ে প্ৰেম, বন্ধুত্ব, খং, মৰম, সন্মান আদিকে মাধ্যম হিচাপে লৈ বেপাৰ কৰিবলৈ আৰম্ভ কৰিছে । আৰম্ভ কৰিছে বুলিলে ভুল কোৱা হয়, আগতেই কিজানি আছিল, কিন্তু ইমান দেখ-দেখকৈ নাছিল । এটা বৰ আমোদজনক কথা,  চে’ গুৱেভেৰাক লৈ যে লী কুপাৰ-এ টি-ছাৰ্ট উলিয়ায়, সেইটো দেখিলে গুৱেভেৰাই কি কৰিলেহেঁতেন ! মই মাজে মাজে ভাবি আচৰিত হওঁ । কেপিটেলিষ্টে সুবিধা পালে তেওঁলোকে আটাইতকৈ বেছি ঘৃণা কৰা বস্তু ‘কমিউনিজম’ বেচিও লাভ আদায় কৰিব পাৰে । কিমাধিকম্ !

অঞ্জল বৰা………মই কিন্তু সকলোকে কোৱা নাই দেই । সময়ৰ লগত মিলাই আমি ম’বাইল, ইণ্টাৰনেট, ফে’চবুক সকলো ব্যৱহাৰ কৰিব লাগিব ৷ নিজেও কৰিছোঁ । কিন্তু অপব্যৱহাৰ হৈছে বাবেহে লিখিলোঁ ৷ ২৫০০ কিলোমিটাৰ আঁতৰত থাকি মোতকৈ কোনে ভালকৈ বুজিব ৷ 🙁

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!