ঈৰ্ষা- ৰিজা ৰোমানী জুৰি

’ঈৰ্ষা’-এক হিংসুক ৰক্তত জাগ্ৰত হোৱা এক অদৃশ্য গোপন,
আসুৰিক মানসিক সত্ত্বা
যাৰ ফিৰিঙতিৰ উন্মাদ লেলিহান স্ফুলিংগই,
হৃদয়বিদাৰকভাৱে নিমিষতে ধ্বংস কৰিব পাৰে
হাজাৰ নিষ্পাপ জীৱন৷
আনিব পাৰে শত-সহস্ৰ জীৱনলৈ
কাল অমানিশা৷
এক দুঃস্বপ্নৰ দৰে ধৰমৰাই উঠো এই শব্দৰ নামত
আজীৱন৷
কলমৰ নিবে গতি হেৰুৱায়
স্ব-অৱলোকনত
আছিলনে সুখৰ পোখা মেলা হৃদয়ৰ ৰ’দকাঁচিয়লিত
এই কুটুমৰ তেজপিয়া শিপা!
যাৰ অক্টোপাছী হাতোৰাত
কলংকিত আজি ইতিহাস৷
সেই তাহানিতে পখিলা খেদা বয়সত
বুকুত খাজ কাটি
সংগোপনে বাজি উঠা কৰুণ বিননি-
’হাতো নেমেলিবি, ফুলো নিচিঙিবি’ৰ কৰুণ সুৰত
বুকুত গজালি মেলি পৰিচিত হ’ল — ঈৰ্ষা
কিমান উজাগৰী নিশা মাহী-আইৰ সত্ত্বাই,
বাষ্পীভূত কৰিলে বন্ধ কুঠৰী৷
হে আলষণী ৰিপু, তোৰ লেলিহান শিখাৰে
যুগে যুগে ক’ত মাতৃ-কন্যা,
সদ্যস্নাতাৰ বুকু সুদা কৰি
মানৱতাক কুঠাৰঘাত কৰি
ঘৰে ঘৰে দীপক ৰাগৰ বাটি জ্বলাইছ!
কেৱল তোৰ বাবেই বলি হয় কিমান নিৰ্দোষ আত্মা৷
’ঈৰ্ষা’–তোৰ বজ্ৰ হাতৰ পৰশত
নিনাদিত প্ৰাণেও যে কঁপাব নোৱাৰে
পিশাচৰ পাষাণ আত্মা
কেনে শক্তি তোৰ?
যি শক্তিৰে নুমুৱাব পাৰ
হাজাৰ হাজাৰ আশা৷
প্ৰভু মোৰ, দিবানে এখনি ঠাই
য’ত জীৱনবোৰে ৰচিব পাৰে
সেউজী হাঁহিৰে
শান্তিৰ সোণোৱালী ধাম৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!