উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শিক্ষকৰ মূল্যায়ন ব্যৱস্থা অতি প্ৰয়োজনীয় (বিমান কুমাৰ নাথ)

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শিক্ষকৰ মূল্যায়ন কৰাটো খুব দৰকাৰী বুলি ভাৱোঁ। এই মূল্যায়নে একোজন শিক্ষকৰ গুণগত মান যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পাৰে। যিটো পদ্ধতি বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ খুব কম সংখ্যক প্ৰতিষ্ঠানতহে দেখিব পোৱা যায়। এতিয়া উত্তৰ পূৰ্বাঞ্চলত এই পদ্ধতি উপলব্ধ কেৱল স্বশাসিত(Autonomous)আৰু কেইখনমান ব্যক্তিগত প্ৰতিষ্ঠানতহে।।এনআইটি-টিৰুচিৰুপল্লি দেশৰ ভিতৰতে এখন আগশাৰীৰ এন আই টি বুলি ভৱা হয়। তেওঁলোকে এই পদ্ধতি অৱলম্বন কৰে। তাৰে আলমত বৰ্তমান সকলো এন আই টি তে এই পদ্ধতি ৰখা হৈছে। আমি ভাৱো নতুন শিক্ষক নিযুক্তিৰ ক্ষেত্ৰটো এই পদ্ধতি যদি চৰকাৰে অৱলম্বন কৰে যথেষ্ট সুফল পাব। আজিকালি কেৱল নম্বৰৰ যোগ্যতাৰ ভিত্তিতে বেছি সংখ্যক শিক্ষা-প্ৰতিষ্ঠানে নতুন নিযুক্তি দিয়ে যাৰ বাবে শিক্ষক এজনৰ গুণগত মান নিৰ্ধাৰণ কৰা নাযায় আৰু Output বোৰ ভাল নহয়। আমি কিছু বছৰ আগতে কাম কৰা এখন উত্তৰ পূৰ্বাঞ্চলৰে আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠানত এনে পদ্ধতি আছিল। প্ৰতিটো শৈক্ষিক বৰ্ষৰ ওপৰত ছাত্ৰ-ছাত্ৰীক নিজৰ বিষয় শিক্ষকক মূল্যায়ন কৰিব দিয়া হয় আৰু ছাত্ৰ-ছাত্ৰীৰ পৰিচয় গুপুতে ৰখা যায়। যদি শিক্ষকজনক কৰা মূল্যায়ন ৭০ শতাংশৰ অধিক হয় তেতিয়া উক্ত শিক্ষকজনৰ দৰমহাৰ লগত এটা Incentive দিয়া হয় যিয়ে একোজন শিক্ষকক আৰু ভাল ক্লাচ কৰিবলৈ উদ্যত কৰে। তাৰ লগতে ৫০ শতাংশৰ কম মূল্যায়নৰ শিক্ষক সকলক অধ্যক্ষৰ কোঠালৈ মাতি নি কেইজনমান জ্যেষ্ঠ শিক্ষকৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোককো উত্সাহিত কৰা যায়। এইধৰণৰ পদ্ধতিয়ে উক্ত মহাবিদ্যালয়খনিক ৰাজ্যখনৰ ভিতৰতে উচ্চ শিক্ষাৰ গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান বুলি জ্ঞান কৰিব লয়। কিন্তু আমাৰ চৰকাৰী তথা ঘাটি-মঞ্জুৰী প্ৰাপ্ত মহাবিদ্যালয়বোৰৰ ভিতৰচ’ৰা ভালকৈ চালে দেখা যায় যে কোনোবাই শ্ৰেণীকোঠাত হুলস্থুল কৰে বুলিয়ে ক্লাচ ল’বলৈ টান পায়, কোনোবাই কেৱল স্নাতক মহলাতহে পঢ়ায়। ইয়াৰ মূলতে শিক্ষানুষ্ঠানৰ মুৰব্বীজন। তেওঁ ইচ্ছা কৰিলে বহুত কৰিব পাৰে। আজি যদি ইউ জি চিয়ে শিক্ষকসকলৰ গৱেষণা তথা প্ৰকাশিত পত্ৰৰ ওপৰত ভিত্তি কৰি Promotion ৰ ব্যৱস্থা কৰিব পাৰে তেনে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক-শিক্ষয়িত্ৰীক মূল্যায়ন কৰি আন্তঃউন্নয়ন কিয় গঠন কৰিব নোৱাৰে? নিশ্চয় পাৰে আৰু ইয়াৰ বাবে লাগে কেৱল সদিচ্ছা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!