উছৰ্গা ( ৰূপাংকৰ চৌধুৰী )

কাপোৰেৰে ভৰ্তি বিচনাখনত ঠাই অকণ উলিয়াই বহি দিলোঁ। বহিবলৈ নহয়, দিনটোৰ ভাগৰ জৰ্জৰিত শৰীৰটোৱে এতিয়া নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিবলৈহে মন কৰি আছে। টেবুলত থকা এলাৰ্ম ঘড়ীত তেতিয়া নিশা ২বজাৰ সংকেত। মোক তাৰ ৰূমত বহিবলৈ দি বিমান বাহিৰলৈ ওলাই গ’ল। সেই ভাগৰুৱা দেহাৰেও মই বুজ ল’ব পাৰিলোঁ যে ৰূমৰ মজিয়াত বহুত দিন ঝাৰুৰ পৰশ পৰা নাই।

ৰূমৰ এটা কোণত খিড়িকীৰ ঠিক তলতে আন এখন কাঠৰ টেবুল। অলপ দীঘলীয়া। বিমানৰ ‘মিনি পাকঘৰ’। কাইলৈৰ পৰা ময়েই চম্ভালি ল’ব লাগিব সেই টেবুলখন। কি অৱস্থা কৰি ৰাখিছে! পিঁয়াজৰ বাকলি, আলু এফাল, শুকাই যোৱা কেঁচা জলকীয়া আদি নানা ৰকমৰ অলাগতীয়া বস্তুৰে ভৰ্তি। পুৰণি ‘হৰলিক্‌চ’ৰ বৈয়ামত চেনি আৰু নিমখ চাগে সেয়া। গেছ ষ্টোভৰ ওপৰত এটা কেৰাহী আৰু এটা প্ৰেছাৰ কুকাৰ- নিশ্চিতভাৱে ধোৱা নাই। কাষত থকা কৰচ খনত দালিৰ শুকান হালধীয়া প্ৰলেপ এটা। মুঠতে এক বিশৃংখল পৰিৱেশ। মই যিজন বিমানক ইমান দিনে চিনি আছিলোঁ তাৰেই যেন বহিঃপ্ৰকাশ তাৰ ৰূমটোৰ পৰিৱেশ।

এখন পাল্লাৰ দৰ্জাখনৰ ঘৰৰ ফালটোত গজাল মৰা আছে- চাৰি-পাঁচটা মান হ’ব। এটা গজালত নানাৰঙী পলিথিন ওলমাই থোৱা, আনটোত গজালত এটা ফ্লাক্স, এটাত ‘হট-ৱাটাৰ’ বেগ। বাকী দুটা গজাল খালী। বিমানৰ বেমাৰী মাকক মাজে-মাজে শৰীৰ ‘চেক-আপ’ৰ বাবে গুৱাহাটীলৈ আনে। তেতিয়াই নিশ্চয় ফ্লাক্স আৰু ‘হট-ৱাটাৰ’ বেগৰ প্ৰয়োজন হয়। ব’হাগৰ সন্ধিয়াৰ বৰষুণ জাক ভালদৰে নাহিল।

বতৰ ডাৱৰীয়া। বৰদৈচিলাজনী আহিব পাৰে ব’হাগী সুৱাস বিয়পাবলৈ। লাহে লাহে মই গৰম অনুভৱ কৰিলোঁ। ওপৰলৈ চালোঁ। নাই। চিলিং ফেন নাই। হাততে পোৱা বিচনীখনেৰে দেহা জুৰ পেলাবলৈ চেষ্টা কৰিলোঁ। বাল্বৰ হালধীয়া পোহৰতো বাঁহৰ বিচনীত সৰুকৈ লিখা A+B চকুত পৰিল। ইমান অৱসাদৰ মাজতো হাঁহিৰ খোৰাক বিচাৰি পালোঁ- A+B! ই ক’ত গ’ল? বিমান? এই ৰাতিখন ক’ত যাব পাৰে সি? কি যে হ’ব এই ল’ৰাটোৰ- এই বিমানটোৰ!

বিমানক কি বুলি চিনাকি কৰি দিও? বন্ধু? নে আমাৰ ঘৰৰে এজন? যি বুলিয়েই পৰিচয় নিদিওঁ কিয় – আজি সি মোক যি পৰিৱেশৰ পৰা টানি আনি তাৰ ৰূমত সুমুৱালে আজীৱন চিৰকৃতজ্ঞ হৈ ৰ’ম!

আজি মোৰ বিয়া আছিল। সামাজিক নিয়ম অনুযায়ী সকলো আগবাঢ়ি গৈছিল। বিয়াৰ এমাহ আগৰে পৰা লাগি দিছিল বিমানে। সকলোৱে তাক ঘৰৰ এজন বুলি মানি লৈছিল। মা-বাবা, দাদা, ভনী, অঙহী-বঙহী- সকলোৱে। ৰভা সজাৰ কাম, কৰৰাৰ পৰা অহা ৰান্ধনী কেইজনক আবদাৰ কৰা, সৰভোগৰ পৰা দৈ-মিঠাই অৰ্ডাৰ দি অনা, পান-বজাৰৰ পৰা ফুল অনা, মাছৰ বজাৰ কৰা, মাংস ঠিক কৰা, দূৰ-সম্পৰ্কীয় আলহীৰ থকাৰ ব্যৱস্থা, বেণ্ড-পাৰ্টী ঠিক কৰা মুঠতে বাবা আৰু দাদাক- মোৰ বিয়া বুলি কোনো ধৰণৰ অতিৰিক্ত কষ্ট নিদিয়াকৈ সকলো কাম সিয়েই নিয়াৰিকৈ কৰি গৈছিল। বহুত নিজৰ চিনাকি আপোন জনেও আজিৰ দিনত ইমান দায়িত্ব কান্ধ পাতি নলয়। বহুতে ঈৰ্ষা কৰা আৰম্ভ কৰি দিছিল- ভোগবাদী আজিৰ সমাজত এনেকুৱা নিস্বাৰ্থ ভাৱে কাম কৰা মানুহ আছে নে?

নিস্বাৰ্থ মই নাছিলোঁ। কিয়বা বিমানৰ সকলো কামতে মই স্বাৰ্থ জড়িত হৈ থকা হে দেখিছিলোঁ দেখোন- সেয়া চাগে মোৰ অসুখী মনৰ বাহ্যিক প্ৰতিক্ৰিয়া! বিমানৰ ভাল-বেয়া সকলো কামতে মই মাথোঁ বেয়াবোৰ হে চকু-কাণ দিছিলোঁ- সেয়া লাগিলে তাৰ চিগাৰেট খোৱা বদঅভ্যাস হওক বা মোৰ বাবা আৰু দাদাৰ প্ৰতি থকা তাৰ আন্তৰিক শ্ৰদ্ধা। লাগিলে সেয়া তাৰ বিহু ফাংচনৰ দিনা মদ খাই ৰঙা হৈ অহা চকু দুটাৰ বাবেই হওক বা আমাৰ অঞ্চলৰ সু্ন্দৰী নাচনী কৰবীৰ প্ৰতি সি ৰাজহুৱাকৈ কৰা মাত্ৰাধিক স্নেহ।

স্নেহৰ পৰা বিমান বঞ্চিত বুলি কথা প্ৰসংগত কৈছিল। কথা সাধাৰণতে তাৰ লগত যিমান পাৰোঁ কম কৈ পাতিছিলোঁ মই। নিজকে কিবা দোষী-দোষী মনোভাৱ এটা লৈ কথা পাতিছিলোঁ তাৰ লগত। সি ইমান খাৰাংখাচ? সকলো কথা খুলি ক’ব পাৰে! নোৱাৰো মই! খাৰাংখাচ বিমানে কথা প্ৰসংগত কৈছিল কেনেকৈ সিহঁতৰ মাকে তাক ডাঙৰ দীঘল কৰিছিল। অচিন ৰোগত অকালতে ঢুকাই থকা সিহঁতৰ দেউতাক নথকা ঘৰখন মাকে কেনেকৈ অশেষ কষ্টৰে টানি-টুনি চলাইছিল সেই কথাও সি কৈছিল মোক। ইঘৰ-সিঘৰত কাম কৰি মাকজনীয়ে তাক আৰু তাৰ ককায়েকক ডাঙৰ-দীঘল কৰাৰ বাবদত পাহৰি গৈছিল কৰিবলৈ স্নেহ।

পঢ়া-শুনাত সিমান মনোযোগ নাছিল বিমানৰ সৰুৰে পৰা। যদিও অইন সকলো কামতে সি আগৰণুৱা আছিল। ককায়েক পঢ়াত ভাল আছিল। এতিয়া গাঁওৰে স্কুল এখনত শিক্ষকতা কৰে। পঢ়াবলৈ আধিয়াত থোৱা মাটিখিনি মোকলোৱাৰ নামত ককায়েকৰ বিয়াৰ বয়স পাৰ হৈ যোৱাৰ পিছতো অংক মিলি অহা নাই বিয়াত বহিবলৈ। ইপিনে মাকৰ অসুখৰ নামত খৰচবোৰ আছেই। বিমানে কষ্ট কৰি তিনিবাৰৰ মুৰত বি৹এ৹ পাছ কৰি গুৱাহাটীলৈ আহিছিল উপাৰ্জনৰ উদ্দেশ্যে। এতিয়া মোৰ দাদাই কাম কৰা কোম্পানীতে কাম কৰি আছে। তেনেকৈয়ে আমাৰ ঘৰৰ লগত ঘৰুৱা সম্পৰ্ক।

সম্পৰ্ক মোৰো আছিল বহুতদিনীয়া- যাৰ লগত হোমক সাক্ষী কৰি আজি বিবাহ সম্পন্ন কৰাৰ মাংগলিক দিন আছিল। কিন্তু কি মোল থাকিল সেই সম্পৰ্কৰ যাৰ বাবে আজি মই সামাজিক ভাৱে লজ্জিত হৈ বিমানৰ তৰ্জাৰ বেৰৰ এজনীয়া কোঠাত সোমাই আছোঁ? নিজকে সামাজিক ভাৱে প্ৰতিপত্তিশালী বুলি গৌৰৱ কৰা মোৰ বাবাৰ কি ইজ্জতৰ মূল্য থাকিল যাৰ বাবে আজি মই বিমানৰ ঘৰত আশ্ৰিত? গোটেই বিদ্যাপুৰখনেই আমাৰ পৰিয়ালক সমীহ কৰি চলিছিল- আজি সকলোবোৰ যেন ফুটুকাৰ ফেন।

ফেন এখন অন্ততঃ বিমানে ল’ব লাগিছিল। বেমাৰী মাকজনীয়ে কিমান চাগে কষ্ট পায়? কেনেকৈ ল’ব? আয় যিমান কৰে তাতকৈ অধিক কিজানি বেপৰোৱা ভাবে উৰুৱাই সি! ঘৰত দাদাৰ মুখত বিমানৰ গুণানুকীৰ্তনৰ লগতে মাজে মাজে তাৰ বদঅভ্যাসৰ সৰস বৰ্ণনাই আমাৰ খোৱাৰ মেজত হাঁহিৰ খোৰাক যোগাই।

নাই! এতিয়াৰ পৰা আৰু মই নিদিওঁ- বিমানক কাৰো হাঁহিৰ পাত্ৰ হ’ব নিদিওঁ। কিন্তু এই ৰাতিখন মোক অকলে এৰি কলৈ গ’ল সি? ৰাতি তিনিটাই বাজিব এতিয়া। বাহিৰত কাৰোবাৰ খোজৰ শব্দ কাণত পৰিল। বিমানে হ’ব সেয়া।
– কোন?
– মই বিমান।
– ঐ? এই ৰাতিখন মোক অকলে এৰি ক’লৈ গৈছিলি?
– এজনে তোক গোটেই জীৱনৰ সংগী হোৱাৰ প্ৰতিশ্ৰুতি দি এৰি থৈ গ’ল সমাজত লজ্জিত কৰি- তাক একো কৰিব নোৱাৰিলি? মই আগৰ পৰাই কৈ আছিলোঁ- তোৰ ঘৰৰ মানুহক। সিহঁতে মোক বিশ্বাসেই নকৰে। সেই কটা নিধকটোৰ আমাৰ ইয়াৰে কৰবীৰ লগত বহুত দিনৰ পৰা হিয়া-দিয়া-নিয়া চলি আছিল। তাৰ বাপেকৰ পুৰণি আখেজ আছিল- তহঁতৰ ঘৰৰ লগত। পুৰণি ব্যৱসায়িক শত্ৰুতা- তাৰেই পোটক তুলিলে চাগে তোক ৰভাত এৰি। তেতিয়া দেখোন তই নিশ্চুপ হৈ আছিলি?
– ৰভাতলীত যিবোৰ হৈ গ’ল তাৰ বাবে মই অনুতপ্ত। কিন্তু পিছ মূহুৰ্ত্ততে হঠাৎ তই যি নাটকীয় ভাৱে মোক টানি আনিলি ইয়ালৈ তাৰ বাবে মই আশ্চৰ্যান্বিত! বেছি আচৰিত তেতিয়া হৈছিলোঁ যেতিয়া তোক আমাৰ ঘৰৰ মানুহ কোনেও বাধা নিদিলে! যাক জীৱন লগৰী কৰিম বুলি আশা পালি বহি আছিলোঁ সেইজনেতো মোক মাজবাটতে এৰি থৈ গ’ল!
– আৰু এঘণ্টাৰ বাবে এৰি থৈ যাওঁতেই মোৰ ওপৰত ইমান খং দেখাইছ’?
– তোৰ এই তৰ্জাৰ ঘৰত অকলে-অকলে ভয় লাগে ও!
– নালাগে দে ভয় কৰিব আজিৰ পৰা। মই আছোঁ নহয় তোৰ লগত।
– জানোঁ! মই তোক বুজাত ভুল কৰিছিলোঁ। তোৰ আৰ্থিক দৈন্যতা দেখি মোৰ ভয় হৈছিল। কিন্তু তই মৰম-স্নেহৰ যে ইমান চহকী মই গমেই পোৱা নাছিলোঁ অ! পিছে তই গৈছিলি ক’ত? মদ খাই আহিছ ন’?
– নাখাওঁ দে মদ আজিৰ পৰা। মই এটা বস্তু আনিব গৈছিলোঁ।
– কি?
– শাৰী এখন কিনিছিলোঁ তোক বিয়াত উছৰ্গা দিম বুলি। পতি লগাব দিছিলোঁ। কামৰ ব্যস্ততাত পাহৰি আছিলোঁ। তাকে আনিব গৈছিলোঁ।
– তই এই ৰাতিখন মোক দিবলৈ উছৰ্গাৰ শাৰী আনিব গৈছিলি?
– একো নাই দে। নৰেন দৰ্জী মোৰ পুৰণা লগ- সিবিধ পান কৰাৰ। শাৰীখন পচন্দ হৈছে নে নাই তোৰ?
– হৈছে। কিন্তু শাৰীখন উছৰ্গা দিয়াজনে মোৰ মন মুহি নিছে।
– দে দে। শুই থাক বিচনাত। মই তলতে শুই যাওঁ। তোৰ বাবে আজি বহুত কষ্ট হৈছে।
– অই? এবিধ আজীৱন লগত ৰাখিব পৰা কিবা এটা মোক উছৰ্গা দে না?
– কি?
– বাঁহৰ বিচনীখনত যেনেকৈ লিখি থৈছ- A+B। তেনেকৈ তোৰ হিয়াৰ মাজতো লিখি থ’- অনুৰাধা + বিমান। তোৰ হিয়া ভৰা আন্তৰিক মৰমবোৰ দে না মোক আজীৱন – উছৰ্গা!!!

[বি.দ্ৰ.- অসমৰ ঠাই বিশেষে ‘উপহাৰ’ দিয়া প্ৰথাক ‘উছৰ্গা’ দিয়া বুলিও কয়।]

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!