উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটী বিমানকোঠৰ ভূত-ভৱিষ্যত – উৎপল বাদল বৰুৱা

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানকোঠটো ব্যক্তিগত খণ্ডলৈ হস্তান্তৰিত কৰাৰ খবৰটোৱে বিমানকোঠৰ খবৰ ৰখা অনেক লোককে কিছু চিন্তিত কৰা দেখা গৈছে৷ “চৰকাৰে ৰাইজৰ সম্পত্তি বনিয়াক বিক্ৰি কৰি দিলে” – ধৰণৰ একাংশ বাতৰিয়ে খবৰটোত এটা উত্তেজনা সানি দিয়াৰ ফলত সাধাৰণ মানুহৰো বিষয়টোৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে৷ বিমানকোঠ এটা বনিয়াক বিক্ৰি কৰি দিব পাৰিনে? ৰাইজৰ ব্যৱহাৰৰ বাবে সচল হৈ থকা এয়াৰপৰ্ট এটা কেনেকৈ ব্যক্তিগতকৰণ কৰা হয়? ইয়াৰ পৰা চৰকাৰৰ কি লাভ হয়?
যোৱা শতিকাৰ সত্তৰৰ দশকলৈকে পৃথিৱীৰ সমূহ বিমানকোঠ পৰিচালনা কৰিছিল দেশৰ চৰকাৰ নতুবা পৌৰ নিগমে, কোনো কোনো দেশত দুয়োৱে যুটীয়াভাবে৷ সেই সময়ত বিমানকোঠসমূহক মূলতঃ যোগাযোগৰ এক অপৰিহাৰ্য উপাদান হিচাপে, দেশৰ চৰকাৰে জনসাধাৰণক দিব লগা এটা সুবিধা হিচাপে গণ্য কৰা হৈছিল৷ বিমানকোঠৰ যে ব্যৱসায়ো হ’ব পাৰে, সেই কথা তেতিয়া কোনেও ভবা নাছিল৷ বিমানকোঠসমূহে নিজৰ লাভ-লোকচানৰো কোনো খাতিয়ান ৰখা নাছিল৷ যেনেকৈ এতিয়াও আমাৰ বেছিভাগ বিমানকোঠৰেই লাভ-লোকচানৰ খাতিয়ান বিমানকোঠটোৱে নাজানে!
বিমানকোঠ এটাৰ মূলতঃ উপাৰ্জন হয় বিমানৰ চাল-চলনৰ পৰা৷ বিমান যাত্ৰাৰ পৰা হোৱা উপাৰ্জনক বৈমাণিক আয় বুলি কোৱা হয়৷ ইয়াৰ উপৰিও বিমানকোঠত আন এবিধ আয় হয়, নাম অ-বৈমাণিক আয় অৰ্থাৎ যি আয়ৰ লগত বিমান চালচলনৰ প্ৰত্যক্ষ সম্পৰ্ক নাই৷ অ-বৈমাণিক আয়ৰ কেইটামান উদাহৰণ হৈছে কাৰ পাৰ্কিঙ, খোৱা-বোৱাৰ বাবে থকা বিভিন্ন সুবিধাসমূহ, কিনা-কূটাৰ বাবে থকা বিভিন্ন দোকান-পোহাৰ, হোটেল, আমোদ-প্ৰমোদৰ সুবিধা আদি৷ ১৯৭৮ চনত আমেৰিকাই মুক্ত আকাশ নীতি (Open Sky Policy) গ্ৰহণ কৰাৰ লগে লগে বিমানকোঠসমূহলৈও ব্যাপক পৰিৱৰ্তন আহি পৰিল৷ বিমানকোঠ একোটাত চলি থকা বিভিন্ন সুবিধাসমূহৰ পৰিবৰ্তন হ’বলৈ আৰম্ভ কৰিলে৷ এয়াৰলাইন আৰু যাত্ৰীসকলে আগতে নলগা ন ন সুবিধা এয়াৰপৰ্টত বিচাৰিবলৈ আৰম্ভ কৰিলে৷ আশীৰ দশকত পৃথিৱীত প্ৰথমবাৰৰ বাবে “ব্ৰিটিছ এয়াৰপৰ্টছ অথ’ৰিটি” নামৰ চৰকাৰী সংস্থাটোৱে এটা সম্পৰীক্ষা কৰিবলৈ সাজু হ’ল৷ তেওঁলোকে হিচাপ কৰি পাইছিল যে বৈমাণিক আয়ৰ লগতে অ-বৈমাণিক আয়ো যদি বঢ়াই দিব পৰা যায় তেনেহলে বিমানকোঠ এটা চৰকাৰী সহায় অবিহনেও চলি থাকিব পাৰে৷ এই কথাকে সৰোগত কৰি ১৯৮৭ চনত ব্ৰিটিছ এয়াৰপৰ্টছ অথ’ৰিটি নামৰ চৰকাৰী প্ৰতিষ্ঠানটো সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ হৈ গ’ল৷ সেই সময়ত এই সংস্থাটোৱে সাতটা বিমানকোঠ পৰিচালনা কৰি আছিল – ইংলণ্ডত তিনিটা (হিথ্ৰো, গেইটৱিক, ষ্টেণ্ডষ্টিড) আৰু স্কট্‌লেণ্ডৰ চাৰিটা (এবেৰডিন, এডিনবাৰ্গ, গ্লাছগো আৰু প্ৰেষ্টৱিক)৷ লাহে লাহে তেওঁলোকৰ আয় বাঢ়িবলৈ আৰম্ভ কৰিলে আৰু এটা দশকৰ ভিতৰত প্ৰমাণ হৈ গ’ল যে চৰকাৰী সহায় নহ’লেও বিমানকোঠ এটা চলি থাকিব থকাটো সম্ভৱ৷ অকল চলি থকাই নহয় অৰ্থনৈতিক ভাৱে সচ্ছল হোৱাটোও সম্ভৱ৷
সেয়াই আৰম্ভণি৷ ১৯৯৬ চনৰ পৰা পৃথিৱীৰ বৃহৎ চহৰসমূহৰ অনেক বিমানকোঠ ব্যক্তিগতকৰণ হৈ গ’ল৷ আমাৰ দেশৰ প্ৰথম ব্যক্তিগত খণ্ডৰ বিমানকোঠ কেৰালাৰ কোচিন এয়াৰপৰ্ট৷ ভাৰতীয় নৌ-সেনাই পৰিচালনা কৰি থকা বিমানকোঠটো বৰ সৰু আছিল আৰু সেইটোত ডাঙৰ আকাৰৰ বিমান অৱতৰণ কৰিব নোৱাৰিছিল৷ আশীৰ দশকত কেৰালাৰ “চেম্বাৰ্ছ অৱ কমাৰ্ছ”-এ বিমানকোঠটোৰ উন্নিতকৰণৰ অনুৰোধ লৈ নৌ-সেনাৰ ওচৰ চাপিছিল কিন্তু সেই অনুৰোধ ভাৰতীয় নৌ-সেনাই গ্ৰাহ্য নকৰিলে৷ ফলত সেই সময়ৰ উপায়ুক্ত ভি.জে.কুৰিয়ান নামৰ বিচক্ষণশীল বিষয়াজনে এটা নতুন বিমানকোঠ নিজেই প্ৰতিষ্ঠা কৰাৰ সপোন দেখে৷ বিদেশত থকা কেৰালাৰ দহ হাজাৰতকৈও বেছি প্ৰৱাসী ভাৰতীয়ৰ সহায় লৈ ৮৭২টা পৰিয়ালক নেডুমছাৰী নামৰ ঠাইৰ পৰা স্থানান্তৰিত কৰি ১৯৯৯ চনত কোচিনত আমাৰ দেশৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ বিমানকোঠে ভূমুকি মাৰিলে৷ সম্প্ৰতি কেইবাটাও কাৰণত এই বিমানকোঠটো জগত বিখ্যাত৷ যেনে, কোচিন এয়াৰপৰ্টে নিজৰ বাবে প্ৰয়োজন হোৱা সমস্ত বিদ্যুৎ শক্তি সৌৰ-শক্তিৰ পৰা নিজেই উৎপন্ন কৰি লয় আৰু অতিৰিক্ত বিদ্যুৎ শক্তি কেৰালা ৰাজ্যিক বিদ্যুৎ পৰিষদক বিক্ৰি কৰি দিয়ে৷ এনে উদাৰহৰণ পৃথিৱীতেই বিৰল৷ ভাৰতৰ চৰকাৰী বিমানকোঠসমূহৰ অ-বৈমাণিক আয় মূল উপাৰ্জনৰ শতকৰা দহ ভাগতকৈও কম৷ কিন্তু কোচিন বিমানকোঠৰ অবৈমাণিক আয় চমকপ্ৰদ ৬০ শতাংশ৷ ভাৰতৰ বাদেও পৃথিৱীৰ বিভিন্ন বিমানকোঠৰ পৰা বিমানকোঠৰ কৰ্মচাৰী আহি কোচিনত অ-বৈমাণিক আয় বৃদ্ধিৰ কৰাৰ কৌশল শিকে৷
বিমানকোঠ এটা ব্যক্তিগতকৰণ কৰা মানে কি? বিমানকোঠ ব্যক্তিগত কৰিব পৰা সৰ্বমুঠ পাঁচটা পদ্ধতি (Model) আছে৷ তাৰ ভিতৰত সাম্প্ৰতিক সময়ৰ আটাইতকৈ জনপ্ৰিয় আৰু আমাৰ দেশত ব্যৱহৃত হোৱা পদ্ধতিটোৰ নাম – কনছেচন মডেল৷ এই পদ্ধতি মতে বিমানকোঠ এটা চৰকাৰে এটা নিৰ্দ্দিষ্ট সময়ৰ বাবে ব্যক্তিগত খণ্ডক চলাবলৈ দিয়ে৷ বিমানকোঠটো পৰিচালনা আৰু তাৰ উন্নতি সাধন কৰিবৰ বাবে কিছুমান নিয়ম বান্ধি দিয়া হয়৷ সেই নিয়মৰ মাজত থাকি বিমানকোঠ পৰিচালনা কৰা প্ৰতিষ্ঠানটোৱে বিমানকোঠটোৰ পৰা উপাৰ্জন হোৱা অৰ্থৰ এটা নিৰ্দিষ্ট পৰিমাণৰ ধন চৰকাৰক দি থাকিব লাগিব৷ ম্যাদ শেষ হোৱাৰ পিছত চৰকাৰে বিমানকোঠটো আকৌ ঘূৰাই ল’ব পাৰে৷ এটা উদাহৰণ দিওঁ– ধৰি ল’লোঁ, দিল্লী এয়াৰপৰ্টত এশ টকাৰ উপাৰ্জন (Revenue) হ’ল৷ চুক্তি মতে এশ টকাৰ পৰা ৪৬ টকা পোনে পোনে চৰকাৰৰ ঘৰলৈ যাব৷ বাকী থকা ৫৪ টকাৰে কৰ্মচাৰীসকলক দা-দৰমহা দি, বিমানকোঠটো চলাই থকাৰ খৰচ আৰু কৰ বিয়োগ কৰাৰ পিছত ধৰা হ’ল এশ টকাত দহ টকা লাভ হ’ল৷ এই লাভৰ (Profit) পৰাও ২৬ শতাংশ অৰ্থাৎ দুটকা ষাঠি পইচা আকৌ চৰকাৰৰ ঘৰলৈ যাব৷ অৰ্থাৎ বিমানকোঠটোলৈ ১০০ টকাৰ আগমন ঘটিলে চৰকাৰে একো নকৰাকৈয়ে ৪৮ টকা ৬০ পইচা পায়৷ এনেধৰণে বেলেগ বেলেগ বিমানকোঠৰ লগত চৰকাৰৰ বেলেগ বেলেগ চুক্তি থাকে৷
এটা বিমানকোঠ চলাই ৰাখিবৰ বাবে আৰু সময়ে সময়ে তাত ব্যৱহাৰ হোৱা প্ৰযুক্তিবিদ্যা উন্নিতকৰণ আৰু টাৰ্মিনেল ভৱনৰ সম্প্ৰসাৰণ আদি কামৰ বাবে বহু অৰ্থৰ প্ৰয়োজন হয়৷ চৰকাৰে একেলগে সিমান ধন বিনিয়োগ কৰিব নোখোজে৷ সেয়ে বিমানকোঠ এটাৰ উন্নতি সাধন কৰিবৰ বাবে সাম্প্ৰতিক সময়ৰ চৰকাৰে ব্যক্তিগতকৰণৰ সুলভ পথটোকে প্ৰশস্ত বুলি ভাবিছে৷ ২০০৬ চনত দেশৰ চাৰিটা প্ৰধান বিমানকোঠ (দিল্লী, মুম্বাই, বাঙ্গালোৰ আৰু হায়দৰাবাদ) ব্যক্তিগতকৰণ কৰা হয়৷ ইয়াৰ পৰা চৰকাৰী প্ৰতিষ্ঠান ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণে বুজন পৰিমাণৰ লাভ পাই আছে৷ ১২৬-টা বিমানকোঠ পৰিচালনা কৰা এয়াৰপৰ্ট অথৰিটিৰ মূল উপাৰ্জনৰ ৪০ শতাংশ উপাৰ্জন হয় দিল্লী আৰু মুম্বাই বিমানকোঠৰ পৰা৷ আনহাতে ব্যক্তিগত প্ৰতিষ্ঠান এটাই নিজৰ মুনাফাৰ বাবে বিমানকোঠৰ উপাৰ্জন বঢ়াবৰ বাবে ন ন কৌশল অৱলম্বন কৰিব লগা হয়৷ নতুন নতুন ঠাইৰ লগত বিমান সংযোগ স্থাপন কৰি অধিক বিমানৰ আগমন ঘটাই বৈমাণিক আয় বৃদ্ধিৰ কৰিবৰ চেষ্টা কৰিব লাগে৷ বিমানকোঠ আৰু তাৰ আশে পাশে থকা বিমানকোঠৰ ভূমিত নতুন নতুন সুবিধাৰ সৃষ্টি কৰি অ-বৈমাণিক আয় বৃদ্ধিৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগে৷ ফলত বিমানকোঠটোৰ লগতে সেই অঞ্চলটোলৈও অৰ্থনৈতিক প্ৰগতিৰ সূচনা হয়৷ কাৰণ যিয়েই নহওক, চৰকাৰী হৈ থকা অৱস্থাত বিমানকোঠৰ এই প্ৰচেষ্টা সিমান কাৰ্যকৰী হৈ নুঠেগৈ৷ চৰকাৰী চিকিৎসালয়, চৰকাৰী বেংক, চৰকাৰী বিদ্যালয়, চৰকাৰী পৰিবহণ ব্যৱস্থা আদিৰ কথা মনত পেলালেই সেই কথাৰ উমান পাব পাৰি৷
ব্যক্তিগতকৰণ হোৱাৰ পিছত গুৱাহাটী বিমানকোঠৰ ভৱিষ্যত কি? প্ৰথম কথা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বিমানকোঠটোৰ পৰা চৰকাৰৰ এতিয়ালৈকে একো লাভ হোৱা নাই৷ কিন্তু, বিমানকোঠটোক লাভজনক কৰিব পৰাৰ অনেক সম্ভাৱনা লুকাই আছে৷ উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন উদ্যোগ গঢ়ি উঠিলে বিমানকোঠটোলৈ অধিক বিমানৰ আগমন ঘটিব৷ তদুপৰি পূৱৰ দেশসমূহৰ লগত পোনে পোনে বিমান সংযোগ ঘটিলে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ অৰ্থনৈতিক প্ৰগতি হোৱাৰ সম্ভাৱনা আছে৷ অধিক বিমানৰ পৰা বিমানকোঠটোৰ বৈমাণিক আয় বাঢ়িব৷ বিমানকোঠটোলৈ নতুন নতুন সুবিধাৰ আগমন ঘটিব৷ যেনে, দিল্লী, বাঙ্গালোৰ আদি বিমানকোঠত নিজৰ হাতত থকা সকলো বেগ-সম্ভাৰ লৈ পোনে পোনে ছেক-ইন কৰিব পাৰি৷ গুৱাহাটীত কিন্তু আগতে এক্স-ৰে কৰিহে ছেক-ইন কৰিব পাৰি৷ ইয়াৰ অৰ্থ “ইন-লাইন-বেগেজ-হেণ্ডলিঙ-ছিষ্টেম” নামৰ আধুনিক পদ্ধতিটো গুৱাহাটীৰ বিমানকোঠত নাই! ব্যক্তিগতকৰণ হোৱাৰ পিছতেই এনে আধুনিক সুবিধাৰে গুৱাহাটীৰ এয়াৰপৰ্ট সু-সজ্জিত হোৱাৰ আশা আছে৷ লগতে অ-বৈমাণিক আয় বৃদ্ধিৰ কৰিবৰ বাবে বিভিন্ন ধৰণৰ দোকান-পোহাৰ, খাদ্য-সামগ্ৰী আৰু আমোদ-প্ৰমোদৰ সুবিধাৰে টাৰ্মিনেল ভৱনটো আধুনিক হোৱাৰ সম্ভাৱনা আছে৷ তদুপৰি, কাৰগো, হোটেল আদি বিভিন্ন সা-সুবিধাৰে বিমানকোঠৰ ভূমিত নতুন নতুন ব্যৱসায় প্ৰতিষ্ঠানে ভূমুকি মৰাৰ সম্ভাৱনা আছে৷ এয়াৰপৰ্ট পৰিচালনা কৰিবলৈ অহা কোম্পানীটোৱে ৰাজ্য চৰকাৰ আৰু থলুৱা প্ৰতিষ্ঠানৰ লগ লাগি সদিচ্ছাৰে কাম কৰিলে সমগ্ৰ অঞ্চলটোলৈ অৰ্থনৈতিক প্ৰগতি কঢ়িয়াই অনাটো সম্ভৱ হ’ব পাৰে৷


(লেখক কেৰালাৰ কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ মুখ্য পৰিচালন বিষয়া৷ – সম্পাদক)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!