উনসত্তৰ: মৃদুল কুমাৰ শৰ্মা

উনসত্তৰ

মৃদুল কুমাৰ শৰ্মা

শৰ্মানী : হেৰা কেমেৰাটো লৈ আহাচোন ফটাফট ।

শৰ্মা : কি হ’লনো ইমানকৈ চিঞৰিছা যে ? ককৰোচ ওলাইছে নেকি ?

শৰ্মানী : ককৰোচ ওলোৱা নাই । টিটু পৰিলে…আঠুৰ পৰা তেজ ওলাইছে ।

শৰ্মা : ৰ’বা ৰ’বা ডেটল লৈ গৈ আছো ।

শৰ্মানী : এএ… আগতে কেমেৰাটো আনা আৰু ফটো এখন ফেচবুকত

আপলোড কৰা । আমাৰ গান্ধী কলনিৰ গ্ৰুপটোত দিবা দেই ।
শৰ্মা : অ’কে অ’কে ভাল কথা কৈছা ।

শৰ্মানী : চাও টিটু নাকান্দিবাচোন, স্মাইল এটা দিয়া । তেতিয়াহে চবে কাৰেজিয়াচ বয় বুলি কমেণ্টবোৰ দিব । সিদিনা বৰাহঁতৰ পিঙ্কীক দেখা নাই কেনেকে তোমাতকৈ বেছি দুখ পায়ো স্মাইল দি ফটো উঠিছে । সেইকাৰণে উনসত্তৰটা লাইক আৰু বাইছটা কমেণ্ট পাইছে । “কাৰেজিয়াচ গাৰ্ল”, “কাৰেজিয়াচ এণ্ড কিউত গাৰ্ল” কিমান ধুনীয়া ধুনীয়া কমেণ্ট পাইছে । আজি কিন্ত তাইক বীত কৰিবই লাগিব যেনেকে হলেও ।

শৰ্মা : দিলো দিয়া আপলোড কৰি বাপ্পেকে । আজি চাই থাকাচোন কমেণ্টত বীত কৰিব নোৱাৰিলেও লাইকত কিন্তু জিকিমেই ।

শৰ্মানী : তুমি কাক কাক টেগ কৰিলা কোৱাচোন ।

শৰ্মা : অ’ নকৰিলো নহয় কাকো টেগ ।

শৰ্মানী : এএ…তুমিও এটা ভাল এলাইবাদু মানুহদেই । ইমান ভাল সুযোগ এটা পাইছো অতদিনৰ মূৰত, কলিতা, দাস আৰু নাথ হঁতকতো কমচে কম টেগ কৰি থোৱা । সিহঁত কেইঘৰে আমাৰ প’ষ্টবোৰ লাইক কৰেই । কিন্তু নটিফিকেশ্যন নাপালেতো মিচ হৈ যাবও পাৰে । তোমাৰ দ্বাৰা নহৈছে আৰু ধেইত ।

শৰ্মা : অ’ কথাটো মূৰতেই নেখেলিলে । ৰ’বা এটা কাম কৰো । লিংকটো সিহঁতক ইনবক্স কৰি দিও আৰু লিখিও দিও এইবুলি যে ভাল কমেণ্ট দিব দেই ।

শৰ্মানী : অ’ তাকেই কৰা এতিয়া, বেলেগ উপায়টো নাই । মই ইয়াক বেন্ডএইডকে মাৰি দিও, অলপ ছালহে গৈছে তেজ বিৰিঙি উঠিছে ।

আধা ঘণ্টা পিছত ——
~~~~~~~~~~~~~~~~

শৰ্মানী : হেৰা চোৱাচোন এবাৰ ৰিফ্ৰেছ কৰি স্টেটাচটো । কোনে কি লিখিছে চাও ।

শৰ্মা : হুম্মম…চাইচো ৰ’বা । এ…. ৰাম । আধাঘণ্টা হৈ গ’ল আৰু এতিয়ালৈকে মাত্ৰ তিনিটা লাইক আৰু এটা কমেণ্ট । খঙেই উঠি আহিছে ।

শৰ্মানী : কিনো কোৱাহে ?!! পেজটো ভালকৈ ৰিফ্ৰেচ হোৱা নাই নেকি ? আকৌ এবাৰ কৰি চোৱাচোন ।

শৰ্মা : ভালকৈ কৰিছো তোমাৰ মূৰা ৰিফ্ৰেচ ! চাল্লা ইনবক্সত মেছেজো পঠিয়ালো তথাপিও একো ৰেছ্পন্স নাই । আৰে কমচেকম লাইকটো কৰ ভাই ।

শৰ্মানী : আৰু মাতি মাতি খুৱাবা জনী ৱাকাৰ আৰু মই বৰিয়লা মাছ ভাজি খুৱাম । হুহহ.. এইবিলাক বুকুত খোৱা বন্ধু তোমাৰ । দৰকাৰত কেতিয়াও কামত নাহে ।

শৰ্মা : থোৱাহে থোৱা । তোমাৰ কিটি পাৰ্টিৰ সেই কিটেন কেইজনীয়েওতো একো লাইক বা কমেণ্ট কৰা নাই । মোক দূষিলে কি হ’ব ?

শৰ্মানী : খবৰদাৰ, মোৰ ফ্ৰেইণ্ডক কিটেন নকবা দেই কৈ দিলো অ’ । পিছে কোনে কোনেনো লাইক কৰিলে আৰু কোনে কমেণ্ট দিছে বাৰু ?

শৰ্মা : লাইক মাৰিছে দত্ত, বৰুৱা আৰু গোহাঁই । কমেণ্ট দিছে ডেকাৰ সৰু জীয়েকজনীয়ে । হেৰা এটা কথা কোৱাচোন । ডেকাৰ সৰু জীয়েকজনীয়ে ক্লাছ চেভেনতহে পঢ়ে । তাইৰো ফেচবুকত প্ৰফাইল আছে নেকি ? অ’ এম জি !!

শৰ্মানী : হেৰা তাকেইতো তোমাক ইমানদিনৰ পৰা কৈ আছো আমাৰ টিটুৰ নামতো এটা প্ৰফাইল খুলিব লাগে । তুমি কাণষাৰেই দিয়া নাই ।

শৰ্মা : নহয় মানে মই আকৌ ভাৱিছিলো যে ওঠৰ বছৰ নহ’লে প্ৰফাইল খুলিব নোৱাৰি আৰু আমাৰ টিটুৰ পাঁচবছৰ হৈছেহে । আজিয়েই খুলি দিম বাপ্পেকে ।

শৰ্মানী : তুমি একেবাৰেই স্মাৰ্ট নহয়, আজিৰ পৰা মোৰ কথামতেহে হ’ব দেই কামবোৰ । কমেণ্টটো কি দিছেনো ?

শৰ্মা : তাই লিখিছে “ পুওৰ ফেলো, মিজাৰেবল কিদ” ।

শৰ্মানী : হুহহ… অলপ ভালকৈ লিখিব নোৱাৰিলে । বাৰু যি হওক কিবা লিখিছেতো ।

শৰ্মা : এটা কাম কৰো ৰ’বা । দুটামানক এচ এম এচকে কৰো । নহ’লে আজি লাজপাব লগীয়া অৱস্থা হ’ব । মোৰ হেৰি খোলা যাব ।

শৰ্মানী : তুমি এচ এম এচ কৰা ফোন কৰা যি কৰা কৰা মুঠতে আজি পিঙ্কীক বীত কৰিব নোৱাৰিলে মই গান্ধী কলনিত আৰু নাক উলিয়াব নোৱাৰিম । ময়ো খৱৰটো অলপ কেজুৱেলি ফাটাই দিও ৰ’বা ।

এঘণ্টা পিছত———–
~~~~~~~~~~~~~~~~

শৰ্মা : হেৰা এচ এম এচো কৰিলো আৰু ফোনো কৰিলো । কলিতাৰ মোবাইলত নেট পেক ঢালা নাই গতিকে চাব পৰা নাই । দাসৰো একে ঘটনা আৰু নাথে ফোন ৰিচিভ কৰা নাই । আমি মিছাতে সিহঁতক বেয়া পাই আছিলো । পটককে মানুহৰ বিষয়ে নিগেটিভ অপিনিয়ন ল’ব নেপায় একচুএলি ।

অ’…. আৰু সাতটা লাইক মাৰিছে, আৰু এটা কমেণ্ট । ভট্টই দিছে কমেণ্টটো, লিখিছে “ টেক কেয়াৰ বেবী” । ই মানুহটো ভাল বুজিছা । এদিন চাহ খাবলে’ মাতিব লাগিব । বেচেৰা আমাৰ কলনিৰ বেলেগ ব্লকৰ হৈও য়ে লাইক মাৰিছে । পিছে তোমাৰ কিটি ফ্ৰেইণ্ড বিলাকৰ ভিতৰত অকল শইকীয়ানীহে যে লাইক মাৰিছে ।

শৰ্মানী : এ ইহঁত কেইজনীৰ কথা নকবা আৰু । ইমান জেলাছ । পিছে সন্ধিয়ালৈ আৰু ৰেছ্পন্স আহিব চাবা, এতিয়া বহুতে অফিচত আছে নহয় ।

শৰ্মা : তেনেকুৱা হ’লেতো ভালেই হয় । পিছে এটা কথা মানি গ’লো দেই । চি ব্লকত থকা এটায়ো কিন্তু মৰি গ’লেও কোনো ৰেছ্পন্স নিদিয়ে ।

শৰ্মানী : এইবিলাক লবী বুজিছা । সিদিনা কথাটো শইকীয়ানীয়েও কৈছিল । বেচেৰীয়ে চিঙ্কীৰ বাৰ্থডেত চবকে এফ.বিতে টেগ কৰি কৰি ইনভাইট কৰিলে । অকল টেগ কৰাই নহয় ইনবক্সো কৰিলে । মাংস পোলাও আৰু এন্টিকুইটী খাবলৈ চব আহিল কিন্তু পিছত য়েতিয়া ফটো বোৰ আপলোড কৰিলে চি ব্লকৰ এটায়ো কমেণ্ট দিয়াটো দূৰৰে কথা লাইকো নকৰিলে । ইমান খাই পাত ফলা, জহনীত যোৱা, চকু চৰহা, পৰশ্ৰীকাতৰ । এনেকুৱা হ’লে কাৰনো দুখ নালাগিব বাৰু তুমিয়ে কোৱাচোন ।

শৰ্মা : তাকেইতো । পিছে এটা কাম কৰো নেকি কলিতা আৰু দাসৰ মোবাইলত ১০ টকাৰ নেট পেক ঢালি দিও নেকি ?

শৰ্মানী : নালাগে দিয়া গধুলি ৰিচাৰ্জ কৰিবই নহয় ।

শৰ্মা : হেৰা কথা এটা ভাৱিছো বুইছা ।

শৰ্মানী : কিনো ?

শৰ্মা : আমাৰ এ আৰু বি ব্লকৰ চবকে পৰহি মাতি গেট টুগেদাৰ এটা কৰি দিও নেকি ? আজিকালি লবী নকৰিলে লাভ নাই বুজিছা ।
শৰ্মানী : তোমাৰ আইডিয়াটো বেয়া নহয় কিন্তু ইমানবোৰ মানুহ মাতিলে খৰছ কিন্তু কিছু হ’ব আৰু তুমি দেখোন টকা নাই টকা নাই কৰি আছা ।

শৰ্মা : টকা নাই বাৰু, মাহৰ শেষ । কিন্তু সেইবুলি কি মই এনেকে ইজ্জত নিলাম হ’ব দিম নেকি ? লাগিলে ছাল চামৰা চব বেচিম । হেৰি পিছে তুমি শইকীয়ানীক সুধি চাব পাৰা যদি গেট টুগেডাৰৰ খৰছটো অলপ শ্বেয়াৰ কৰি লয় । আফটাৰঅল বেনিফিটটো চবৰে হ’ব ।

শৰ্মানী : অ’ অ’ ঠিক কথা কৈছা । তাই দিবই । সিদিনা যিটো শ্বক পালে, এতিয়া লোহা একেবাৰে গৰম হৈ আছে হাতুৰী মৰাৰ উপযুক্ত সময় । মই ফোন কৰো ৰ’বা ।

শৰ্মা : তেনেহ’লে মই নিজে ফেচ টু ফেচ কথা পাতি আহো নেকি ?

শৰ্মানী : দৰকাৰ নাই তুমি যাবলৈ । শইকীয়া টুৰত গৈছে আৰু তাই তোমালৈ যিহে চাৱনি দিব খোজে ।

শৰ্মা : হা: হা: হা: হয় নেকি ? মই কি জেমছ বণ্ড ?? সন্দেহ আৰু জ্বলন তো তোমালোক নাৰী জাতিৰ ডি এন এ তে সোমাই আছে । ডাৰ্টি মাইণ্ড ।

সন্ধিয়া——————
~~~~~~~~~~~~~~~~~~~

শৰ্মানী : হেৰা ফাইনেলি কোৱা আৰু লাইক কিমানটা আৰু কমেণ্টটো নায়ে চাগে । মোৰে ফুটা কপাল । তুমি চেলিব্ৰিটিটো দূৰৰ কথা মিনি চেলিব্ৰিটিও হ’ব নোৱাৰিলা ।

শৰ্মা : একত্ৰিশটা লাইক আৰু নটা কমেণ্ট মাত্ৰ । তাকো কমেণ্ট বিলাকো ইমান উত্সাহজনক নহয়, “টেক কেয়াৰ, গেট ৱেল ছুন, কেয়াৰ লেছ পেৰেন্টছ” ইত্যাদি ইত্যাদি । “কাৰেজিয়াচ বয়’ এই শব্দ দুটা কি কাৰো মনলৈ নাহিল ???

শৰ্মানী : হেৰা উনসত্তৰ মাইনাছ একত্ৰিশ… থাৰ্টি এইটটা এতিয়াও লাগে টাই হ’বলে । আচ্ছা মই যদি কথা এটা কও তুমি জকি নুঠিবা কিন্তু ।

শৰ্মা : কিনো ক’ব খুজিছা ? মই এতিয়া অলপ গোলাপী হ’ব ধৰিছো । তোমাৰ কথা শুনি ময়ো আজি হেৰিহে বনিলো।

শৰ্মানী : সেই এফ ব্লকৰ ড: হিলৈধাৰীকে ৰিকুৱেষ্ট এটা কৰি চোৱা নেকি ? তেওঁতো ফেচবুকত মস্ত এক্তিভ, ফ্ৰেইণ্ড লিষ্ট খনো বেচ ডাঙৰ । তেওঁ কিবা এটা আপডেট দিলে সকলোৱে লাইক মাৰে । কিবাকে হুক কৰি আমাৰ ফাইলত আনিব পাৰিলে বাকী চববোৰ একেবাৰে চেটেপ ।

শৰ্মা : থৈ দিয়া, সেই অহংকাৰীটোৰ কোনো সহায় নালাগে । কি ঘটিডাল কৰি দিব সি ? সিদিনা সি আপডেট দিছিল “লেন্ডেড এট ক’লকাতা এয়াৰপ’ৰ্ট” । ময়ো কমেণ্ট দিলো “ হেৱ এ প্লিজেন্ট ষ্টে” । আৰু জানা সি লাইকো নকৰিলে কমেণ্টো নিদিলে । অকল মোৰ বুলিয়েই নহয় কাৰো কমেণ্ট লাইক নকৰিলে । হাৰে বাবা, তোমাৰ বকৱাছ থাৰ্দ ৰেট আপডেট এটাত লাইক কৰি দস্তুৰমত পজিটিভ কমেণ্ট মাৰিছো আৰু তুমি তাক লাইকো নকৰিবা, থেঙ্কছ দিয়াটো দূৰৰে কথা, তুমি কি চুপাৰ চেলিব্ৰিটি ?? ইমান আহম্মক । হোৱাট দা ফ…ফ… মানে হোৱাট দা হেৰি !! এই কাৰণে আমাৰ অসমীয়া জাতিটোৰ কোনো উন্নতি নাই । আমাৰ একতা নাই । আমাৰ লোকৰ উন্নতি দেখি গা জ্বলে । অল আৰ ব্লাদি ক্ৰেবছ ।

শৰ্মানী : হ’ব, দুপেগ মাৰিলাতো এতিয়া লেবাই থাকিব নালাগে । পাৰা যদি গেট টুগেদাৰৰ হিচাপটোকে কৰাগে’ ।

শৰ্মা : সঁচা কথা ক’লে লেবাই থকা হয় । সচাঁ কথা কাৰো হজম নহয় । যোৱা এতিয়া ডিষ্টাৰ্ব নকৰিবা । কোৱাৰ্টাৰটো শেষ কৰি লও ।

ৰাতি——–
~~~~~~~~~

শৰ্মানী : বুজিছা মই অলপ আগতে লগ অফ কৰাৰ আগতে ৰিফ্ৰেচ কৰি চাইছিলো । বিয়াল্লিছটা লাইক আৰু কমেণ্ট সিমানটাই আছে । গোটেই বেয়া নহয় কিন্তু ভাবি চাবলৈ ।

শৰ্মা : হুমমম… তোমাৰ উনসত্তৰৰ টাৰ্গেটটোৱেই ভুল হ’ল । উনসত্তৰ দা ছিক্সটি নাইন । সংখ্যাটোৱেই কিবা জেঙীয়া । শুই থাকা এতিয়া ।

One thought on “উনসত্তৰ: মৃদুল কুমাৰ শৰ্মা

  • November 15, 2012 at 10:17 pm
    Permalink

    Borhia lagil pohi..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!