ওভতনি (দীপালি দুৱৰা)


 
 
 
 
 
 
 
 
 
 
সি ক’লে-আজি মাতাল হ’ম..
মই সুধিলোঁ-কিয়?
সি ক’লে-আজি মোৰ বুকুৰ বাঁহ ফুলবোৰ আকৌ ফুলি উঠিছে।
মই মোৰ আঁচল মেলি দিলোঁ
তাৰ মূৰৰ ওপৰত
জাক পাতি পৰিলহি
সখীয়তী চৰাই…
টোকালি থৈ গ’ল
তাৰ বাঁহফুলৰ বাগিছা।
সি মোক সুধিলে-কি পালি?
মই ক’লোঁ-নৰা বগৰীৰ ফুল…
বালিঘৰ সজা দিনত যে কোচ ভৰাই তুলি দিছিলি তই…
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!