উৰহীৰ ওৰ – বন্দিতা মেধি

অফিচৰ অত্যন্ত ব্যস্ততাৰ পিছত আজৰি হৈ মানুহজনে ম’বাইলটো চালে৷ দহটা মিছকল! আটাইকেইটা পত্নীৰ নম্বৰটোৰ পৰা৷ তেখেতে লগেলগে ফোন লগালে৷ সিফালৰ পৰা পত্নীৰ উদ্বেগভৰা কণ্ঠ–
: হেৰা ইমান ফোন কৰি আছো, কি কৰি থাকে হে?
মানুহজনে কিবা কোৱাৰ আগতেই পত্নীয়ে পুনৰ ক’লে–
: বস্তুটো যে আনিব কৈছিলোঁ পাহৰিলে নেকি?
: কি বস্তু নো?
: সেয়া সেয়া পাহৰিলেই! সেইকাৰণে মই ফোন কৰি আছোঁ৷ কোনো কাৰণত যাতে নাপাহৰে৷ আজি আনিবই!
: হেৰা তোমাৰ হৈছে কি? তিনিদিন ধৰি একেটা কথাতে লাগি আছা যে?
: সেইবোৰ মই নাজানো, মুঠতে আজি আনিব‌ই লাগিব৷
এইবুলি কৈ পত্নীয়ে ফোনটো কাটি দিলে৷ মানুহজনে দুনাই কিবা কোৱাৰ সুযোগেই নাপালে৷

অফিচৰ সকলো ভেজাল মাৰি ওলোৱালৈ নিশা প্ৰায় ৯ বাজো বাজো হ’ল৷ তথাপি পত্নীয়ে বিচাৰি থকা বস্তুটো আজি যিকোনো প্ৰকাৰে লৈ যাওঁ বুলি মানুহজন বজাৰত সোমাল৷ ইতিমধ্যে প্ৰায়খিনি খুচুৰা ব্যৱসায়ীয়ে দোকান সামৰি ঘৰমুৱা হৈছে৷ তেখেতৰ পত্নীয়ে নিবলৈ কোৱা বস্তুটো কেইবাখনো দোকানত বিচাৰিও নাপালে৷ দেৰি হৈ গ’ল হেনো তেখেতৰ অহা৷ মানুহজনৰ এইবাৰ অলপ ভয় লাগিল, আজি পত্নীয়ে কি কৰে ঠিক নাই৷ যোৱা তিনিদিনে বস্তুটো নিবলৈ কৈ আছিল৷ তেখেতে পাহৰে৷ মনত ৰাখিব লগা তেনেকুৱা বস্তু বুলি আচলতে মানুহজনে ভবাই নাছিল৷ কিন্তু ইমান নেৰানেপেৰাকৈ পত্নীয়ে বিচাৰি আছে যে আজি নিনিয়াকৈ গ’লে কি ৰূপ ধাৰণ কৰে ঠিক নাই৷ তথাপি ঘৰলৈ নগ’লেটো নহ’ব৷

কলিং বেল টিপি মানুহজনে জোতাযোৰ খুলিবলৈ লাগিল৷ এপাট জোতা খুলি হ‌ওতেই পত্নীয়ে দুৱাৰ খুলিলে আৰু আকাঙ্খিত ধৰণেই পোনেই সুধিলে–
: হেৰি আনিছেনে আজি?
মানুহজনে কিবা কোৱাৰ প্ৰয়োজনেই নহ’ল৷ অন্তৰ্যামী পত্নীয়ে তেখেতৰ মুখৰ হাৱভাৱ দেখিয়ে বুজি পালে যে তেওঁৰ প্ৰয়োজনীয় বস্তুবিধ আজিও নানিলে৷ পত্নীৰ কান্দোনৰ ৰোল উঠিল৷ মানুহজনে একো টলকিব‌ই নোৱাৰিলে৷ ইমান সাধাৰণ বস্তুটোৰ বাবে পত্নীয়ে কন্দা-কটাখন কৰে নে! ছেঃ কি কৰা যায় বুলি তেখেতে যিমান পাৰি সিমান কোমলকৈ পত্নীক সুধিলে–
: হেৰা নাকান্দিবা চোন৷ মোক বুজাই কোৱা তোমাক কঁঠাল এটাৰ ইমান প্ৰয়োজন হৈছে কিয়? তুমিটো কঁঠাল খাই মুঠেই ভাল নোপোৱা৷ কেতিয়াবা আনিলেও তুমি কঁঠালৰ পিনে ঘূৰিকে নোচোৱা৷ ঘৰটো গোন্ধায় থাকিলে বেয়া পোৱা বাবে মই হে সৌ বাৰীৰ চুকত নি কাটি খাই তাৰ লেঠা তাতে মাৰো৷ গুটি কেইটাও ভিতৰ সোমোৱাব নিদিয়া৷ বেলেগৰ মুখৰ নাখাও বুলি কোৱা৷ এতিয়া পিছে এনেকুৱা কি হ’ল যে তোমাক কঁঠাল এটা আনি নিদিলে নহয়?
: আপুনি কি বুজিব সংসাৰৰ ভু নোপোৱা মানুহ৷ এইকেইদিন ফেচবুকত কঁঠাল আৰু কঁঠালগুটিৰ ফটো দিয়া প্ৰতিযোগিতা চলি আছে৷ সকলোৱে দি শেষেই কৰিলে৷ মই হে বাকী আছোগৈ৷ কঁঠালৰ ফটো দি গুটি শুকোৱাৰ ফটো দিব লাগিব, তাৰ পিছত কঁঠালগুটি পুৰাৰ ফটো, ভজাৰ ফটো, তৰকাৰীৰ ফটো এইবোৰ দিয়ালে কঁঠালৰ চিজনেই শেষ হৈ যাব৷
এইবাৰহে মানুহজনৰ মনত পৰিল তেখেতৰ আনপাট জোতা খুলিবলৈয়ে আছে!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!