ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)

৷৷ঊনৱিংশ খণ্ড৷৷

৷৷দ্বাৰকা লীলা৷৷

৷৷স্যমন্তক হৰণ৷৷

৷৷প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷

ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ৷

এতেকে মুকুতি পাইবা কহিলো স্বৰূপ৷৷১১৩৷৷

পদ৷৷

শুক মুনি বোলন্ত শুনিয়ো পৰীক্ষিত৷

কৃষ্ণক কলঙ্ক দিয়া ডৰি সত্ৰাজিত৷৷

আপোনাৰ কন্যা আনি দিলেক কৃষ্ণক৷

স্যমন্তক মণি দিলা লগত যৌতুক৷৷১৪০৫৷৷

শুকত সোধন্ত দুনাই ৰাজা পৰীক্ষিত৷

দিলা কিবা কলঙ্ক কৃষ্ণক সত্ৰাজিত৷৷

কৈত পাইল স্যমন্তক মণি মহাৰত্ন৷

কিহেতু কৃষ্ণক কন্যা দিলে কৰি যত্ন৷৷১৪০৬৷৷

শুক নিগদতি শুনিয়োক পৰীক্ষিত৷

সূৰ্য্যৰ পৰম ভক্ত সখা সত্ৰাজিত৷৷

তুষ্ট হৈয়া সূৰ্য্যে স্যমন্তক তাঙ্ক দিলা৷

সত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা৷৷১৪০৭৷৷

সূৰ্য্য যেন প্ৰকাশিয়া আসৈ দ্বাৰকাক৷

ৰশ্মিয়ে চক্ষুক পীড়ৈ দেখি প্ৰজাজাক৷৷

আসন্ত আদিত্য বুলি মনত শঙ্কিয়া৷

কৃষ্ণৰ পাশক সৱে যায় লৱড়িয়া৷৷১৪০৮৷৷

সভাত খেলন্ত পাশা প্ৰভু পীতাম্বৰ৷

আথেবেথে দেয় জান প্ৰজা নিৰন্তৰ৷৷

নমো নাৰায়ণ শঙ্খ চক্র গদাধৰ৷

অৰৱিন্দলোচন গোৱিন্দ দামোদৰ৷৷১৪০৯৷৷

তোহ্মাক দেখিবে লাগি ত্ৰিজগত পতি৷

আসন্ত আদিত্য হেৰা দেখিয়ো সম্প্ৰতি৷৷

সৱাৰো চক্ষুক পীড়ি আসৈ ৰশ্মি জালে৷

তোহ্মাক অন্বেষ কৰে দশদিগপালে৷৷১৪১০৷৷

পুৰাণ পুৰুষ তুমি সনাতন হৰি৷৷

যদুকুলে অৱতৰি আছা ছদ্ম কৰি৷৷

তাতেসে আসন্ত সূৰ্য্যে দেখিবে তোহ্মাক৷

বোলা হৰি হৰি উদ্ধাৰিয়ো আপুনাক৷৷১৪১১৷৷

৷৷দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

গোপাল গোৱিন্দ যদুনন্দন৷

কৃষ্ণৰ চৰণে লৈলো শৰণ৷৷১১৪৷৷

পদ৷৷

শুনিয়া হাসি চাইলা চক্রপাণি৷

নোহন্ত আদিত্য বুলিলা বাণী৷

মণিৰ ৰশ্মি হুয়া প্ৰকাশিত৷

গৃহক লাগি আসৈ সত্ৰাজিত৷৷১৪১২৷৷

সত্ৰাজিত পাছে গৃহক আইলা৷

অনেক মাঙ্গল্য বাদ্য বজাইলা৷৷

দেৱৰ গৃহে পশি প্ৰণিপাতে৷

নিবেদিলা মণি বিপ্ৰৰ হাতে৷৷১৪১৩৷৷

মণিৰ মহিমা কি কৈবো আৰ৷

সুৱৰ্ণ নিতে স্ৰৱৈ অষ্ট ভাড়৷৷

যি থানে থাকৈ সিটো স্যমন্তক৷

নাহিকে দুৰ্ভিক্ষ মাৰিমৰক৷৷১৪১৪৷৷

নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্পভয়৷

একো উপসৰ্গ নুপজে তয়৷৷

দিনেক মণি খুজিলন্ত হৰি৷

নিদিলা সত্ৰাজিতে গহ কৰি৷৷১৪১৫৷৷

প্ৰসেন নামে তাৰ ভ্ৰাতৃ আছে৷

কণ্ঠত মণিক পিন্ধিলা পাছে৷

ঘোড়াত চড়ি মহাৰঙ্গ মনে৷

মৃগক মাৰি ফুৰৈ বিজুবনে৷৷১৪১৬৷৷

দেখি সিংহে তাক নখে বিদাৰি৷

ঘোড়ায়ে সহিতে পেহ্লাইলা মাৰি৷৷

কণ্ঠৰ মণিক ছিণ্ডিয়া লই৷

চড়িল গিৰি শৃঙ্গে সিংহ গই৷৷১৪১৭৷৷

দেখি জাম্বৱন্ত বীৰ বিড়িঙ্গ৷

লৈলন্ত মণিক মাৰিয়া সিংহ৷৷

স্যমন্তক মণি গৰ্ত্তক নিলা৷

ওমলাইবে লাগি শিশুক দিলা৷৷১৪১৮৷৷

বিচিত্ৰ মণিগোট ধৰি ধাই৷

বাটত ফুৰে শিশু ওমলাই৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷

বোলা হৰি হৰি সমস্ত নৰে৷৷১৪১৯৷৷

৷৷তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

বনমালী এ জগমোহন ৰাম৷

সুখে দুখে মুখে জোনো ছাড়ে ৰাম নাম৷৷১১৫৷৷

পদ৷৷

ভ্ৰাতৃক নেদেখি অনন্তৰে সত্ৰাজিত৷

মহাশোকে ক্রন্দন কৰিলা বিপৰীত৷৷

স্যমন্তক পিন্ধি গৈলা বনক ভৈয়াই৷

জানিলো মাৰিলে কৃষ্ণে নিৰ্জ্জনত পাই৷৷১৪২০৷৷

খুজি নপাই ভাইক মাৰি কৃষ্ণে নিলা মণি৷

শুনি সৰ্ব্বলোকে আক কৰে কণাকণি৷৷

বেকত নকৰে কেহো মাধৱক ডৰে৷

পাইলেক কলঙ্ক মোক জানি দামোদৰে৷৷১৪২১৷৷

কিমতে দুৰ্যশ গুচাওঁ গুণি ভগৱন্ত৷

লগে লৈয়া নগৰীয়া সেনা অপৰ্য্যন্ত৷৷

প্ৰসেনৰ পথে চলি যান্ত বনমালী৷

প্ৰবন্ধে ঘোড়াৰ সিটো খোজক নিহালি৷৷১৪২২৷৷

কতো দূৰ গৈয়া পাছে দেখিলা মহীত৷

প্ৰসেন পড়িয়া আছে ঘোড়ায়ে সহিত৷৷

সিংহে মাৰি মণি নিলা জানি বনমালী৷

উঠিলা পৰ্ব্বতে তাৰ খোজক নিহালি৷৷১৪২৩৷৷

মৰি পড়ি আছে সিংহ দেখিলা মুৰাৰি৷

জানিলা ভালুকে মণি নিলে আঙ্ক মাৰি৷৷

দেখি সৰ্ব্বজন ভৈলা মনত নিঃশঙ্ক৷

মিছাতে পাইলন্ত কৃষ্ণে দাৰুণ কলঙ্ক৷৷১৪২৪৷৷

খোজ গুড়ি ভালুকৰ গৰ্ত্ত পাইলা হৰি৷

ঘোৰ অন্ধকাৰে আছে গৰ্ত্তক আৱৰি৷৷

দেখি সেনাগণ সৱে বাহিৰত থই৷

একেশ্বৰে গৰ্ত্তে কৃষ্ণ প্ৰৱেশিলা গই৷৷১৪২৫৷৷

তথাত মণিক কৃষ্ণে দেখিলন্ত পাছে৷

হাতে লৈয়া ধাই শিশু ওমলান্তে আছে৷৷

কাঢ়ি লৈবে লাগি হৰি সমীপ চাপিলা৷

হেন দেখি ভয়ে ধাই ধাউগেড়ি দিলা৷৷১৪২৬৷৷

কোথাৰ মনুষ্য গোটে মণি নেই হৰি৷

আৱে ঋক্ষৰাজ লাগ লোৱা ঝান্ত কৰি৷৷

এহি বুলি ধাই আতি কৰে আৰ্ত্তনাদ৷

বোলা হৰি হৰি ছাড়া বিষয় বিষাদ৷৷১৪২৭৷৷

৷৷চতুৰ্থ কীৰ্ত্তন৷৷

ঘোষা৷৷

ৰাম কৃষ্ণ গোপাল৷

ত্ৰাহি হৰি কৃপাল৷৷১১৬৷৷

পদ৷৷

হেন শুনি জাম্বৱন্ত৷

ধাইলা মহা বলৱন্ত৷৷

নিচিনি স্বামীক পাছে৷

ধৰিলন্ত যুদ্ধ কাছে৷৷১৪২৮৷৷

সামান্য মনুষ্য বুলি

মহাক্রোধে গৈলা জ্বলি৷৷

নজানি প্ৰভাৱ আতি৷

লগাইলেক হতাহতি৷৷১৪২৯৷৷

দুয়ো হুয়া মহা ত্ৰুদ্ধ৷

লগাইলেক ঘোৰ যুদ্ধ৷৷

দুয়ো মাতঙ্গৰ লীলা৷

বৰিষে পৰ্ব্বত শিলা৷৷১৪৩০৷৷

কতো বেলি হানে গাছ৷

কতো কোপে চাপে কাছ৷৷

যুজিলন্ত মালবান্ধে৷

ধৰি ভৰি ভৰি ছান্দে৷৷১৪৩১৷৷

দুইকো দুইৰো নাহি তুষ্টি৷

হানৈ বজ্ৰ সমমুষ্টি৷৷

মাংসৰ কাৰণে যেন৷৷

যুজন্ত দুগোটা শেন৷৷১৪৩২৷৷

কেহো বলে নুহি ক্ষীণ৷

যুজন্ত আঠাইশ দিন৷৷

কৃষ্ণৰ প্ৰহাৰ পাই৷

পাছে মহা ঋক্ষৰায়৷৷১৪৩৩৷৷

শ্ৰান্ত ভৈলা মহা দুঃখে৷

নিশ্বাস বজাইলা মুখে৷৷

ভাগে যেন কটি স্কন্ধ৷

শৰীৰৰ ছিণ্ডে বান্ধ৷৷১৪৩৪৷৷

গোড়ে ঘৰ্ম্ম যায় বহি৷

ক্ষণেক স্তম্ভিলা ৰহি৷৷

সমস্ত সমাজে ঢাকি৷

হৰি হৰি বোলা ডাকি৷৷১৪৩৫৷৷

৷৷পঞ্চম কীৰ্ত্তন৷৷

ঘোষা৷৷ ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ

দীন দয়াশীল স্বামী৷

কৰাহা নিস্তাৰ তোহ্মাৰ চৰণে

শৰণ পশিলো আমি৷৷১১৭৷৷

পদ৷৷ কৃষ্ণৰ বিক্রম দেখি ঋক্ষৰাজ

পৰম বিস্ময় মনে৷

স্বামী হেন জানি বুলিবে লাগিলা

প্ৰণামি কৃষ্ণ চৰণে৷৷

জানিলো তোহ্মাক জগত ঈশ্বৰ

তুমি সনাতন হৰি৷

সমস্ত ভূতৰ তুমি প্ৰাণবল

জগতকে আছা ধৰি৷৷১৪৩৬৷৷

স্ৰষ্টাৰো সে স্ৰষ্টা তুমি সৰ্ব্বদ্ৰষ্টা

উদ্ধাৰি ধৰিলা ভূমি৷

জীৱৰ নিয়ন্তা পৰম আতমা

মৃত্যুৰো অন্তক তুমি৷৷

জানিলো তোহ্মাক সেহি ৰঘুনাথ

যিটো ইষ্টদেৱ মোৰ৷

সীতাৰ সন্তাপে জগতৰ বাপে

কৰিলা পয়াণ ঘোৰ৷৷১৪৩৭৷৷

যাৰ মহাক্রোধে কটাক্ষতে গ্ৰাসে

সাগৰে কল্লোল কৰে৷

লঙ্কাক লাগিয়া মাজে বাট দিলা

ডৰিয়া আতি সাগৰে৷৷

জানকীৰ হেতু বান্ধিলাহা সেতু

দহিলা লঙ্কা নগৰী৷

ৰাৱণৰ মাথ কাটিলাহা নাথ

আনিলা সীতা উদ্ধাৰি৷৷১৪৩৮৷৷

আগে নিছিনিলো এৱেসে জানিলো

তেন্তে তুমি ছিৰীৰাম৷

অজ্ঞানীক মোক প্ৰভু ক্ষমিয়োক

চৰণে কৰো প্ৰণাম৷৷

এতেক বুলিয়া নমি জাম্বৱন্ত

আছে কৃতাঞ্জলি কৰি৷

শুনা সৰ্ব্বজন নেৰিবা কীৰ্ত্তন

ডাকি বোলা হৰি হৰি৷৷১৪৩৯৷৷

৷৷ষষ্ঠ কীৰ্ত্তন৷৷

ঘোষা৷৷

হৰিৰ চৰণ চিন্তিয়ো চিত্ত হৃদয়ে সৰ্ব্বথা৷

মুখে ৰাম বোলা কৰ্ণে শুনা কৃষ্ণ কথা৷৷১১৮৷৷

পদ৷৷

হেন স্তুতি বাণী শুনি দৈৱকী তনয়৷

চাইলা দয়াদৃষ্টি ভকতক কৃপাময়৷৷

মাৰ্জিলা অমৃত হাতে সমস্ত শৰীৰ৷

ভৈলন্ত নিৰুজ জাম্বৱন্ত মহাবীৰ৷৷১৪৪০৷৷

মেঘৰ গম্ভীৰ ধ্বনি দিলা সমিধান৷

মণি হেতু ঋক্ষৰাজ আইলো তযু স্থান৷৷

তুমি আনি আছা মহামণি স্যমন্তক৷

মিছাতে সমস্তে দেয় আহ্মাক কলঙ্ক৷৷১৪৪১৷৷

পৰম ভকত তুমি জানোহো তোহ্মাক৷

দিয়া মণি মোক মই নেওঁ দ্বাৰকাক৷৷

গুচোক দুৰ্যশ দেখাওঁ লোকত প্ৰত্যয়৷

শুনি আনন্দিত জাম্বৱন্ত মহাশয়৷৷১৪৪২৷৷

তানে কন্যাৰত্ন আছে নাম জাম্বৱতী৷

কৃষ্ণক বিৱাহ দিলা ৰঙ্গে ঋক্ষপতি৷৷

লগত যৌতুক আনি দিলন্ত স্যমন্ত৷

পৰম আনন্দ দেখি ভৈলা ভগৱন্ত৷৷১৪৪৩৷৷

গৰ্ত্তৰ বাজত যত প্ৰজা আছে ৰহি৷

কৃষ্ণক চাহন্তে বাৰদিন গৈল বহি৷৷

নাসিবাৰ দেখি ভৈলা পৰম দুঃখিত৷

নিৱৰ্ত্তিয়া জান দিলা দ্বাৰকা পুৰীত৷৷১৪৪৪৷৷

গৰ্ত্তক পশিল মণি হেতু যদুৰায়৷

বাৰদিন তথাতে আছিলো বাট চাই৷৷

উলটি নাসিল কৃষ্ণ কিবা অথন্তৰ৷

বোলা হৰি হৰি তৰা সংসাৰ সাগৰ৷৷১৪৪৫৷৷

৷৷সপ্তম কীৰ্ত্তন৷৷

ঘোষা৷৷

ত্ৰাহি যদুনন্দন দেৱ৷

পাৱে পৰি মঞি কৰো সেৱ৷৷১১৯৷৷

পদ৷৷

বসুদেৱ হেন শুনি৷

তবধ ভৈলন্ত গুণি৷৷

ৰুণিী মূৰ্ছিতা আতি৷

কান্দন্ত দৈৱকী সতী৷৷১৪৪৬৷৷

শোকে যায় প্ৰাণ ফুটি৷

ভূমিত পাৰন্ত লুটি৷৷

পুত্ৰ হৰুৱাওঁ জোনো৷

শ্যামল সুন্দৰ তনু৷৷১৪৪৭৷৷

পীতবস্ত্ৰে শোভে কায়৷

মেঘত বিজুলী প্ৰায়৷৷

মুখ চন্দ্ৰো নুহি সৰি৷

কমললোচন হৰি৷৷১৪৪৮৷৷

কৰ্ণত কুণ্ডল দোলে৷

বনমালা শোভে গলে৷৷

ভ্ৰমৰে নছাৰে লোভে৷

শিৰত কিৰীটি শোভে৷৷১৪৪৯৷৷

কণ্ঠত কৌস্তুভ মণি৷

প্ৰভাতৰ সূৰ্য্য জিনি৷৷

একো অঙ্গে নুহি ৰুজ৷

আজানুলম্বিত ভুজ৷৷১৪৫০৷৷

কেয়ূৰ কঙ্কণে ৰঞ্জৈ৷

পাদ পঙ্কজক গঞ্জৈ৷৷

ৰত্নৰ নূপুৰ বাজে৷

মেখলা কটিৰ মাঝে৷৷১৪৫১৷৷

কোটি কন্দৰ্পক জিনি৷

প্ৰকাশন্ত যদুমণি৷৷

হেন কৃষ্ণ মোৰ বাপ৷

এৰাওঁ কৈত তান তাপ৷৷১৪৫২৷৷

যতেক বান্ধৱ জ্ঞাতি৷

কৰন্ত বিলাপ আতি৷৷

সমস্ত নগৰী লোকে৷

কৰন্ত বিলাপ শোকে৷৷১৪৫৩৷৷

সত্ৰাজিত ধূমকেতু৷

তঞিসে নাশৰ হেতু৷৷

নাৰীগণে পাৰে গালি৷

সত্ৰাজিত পুত্ৰ খালি৷৷১৪৫৪৷৷

কৃষ্ণক কলঙ্ক দিয়া৷

এভু পাপী আছ জীয়া৷৷

দ্বাৰকাপুৰক ছানি৷

কৰৈ হাহাকাৰ ধ্বনি৷৷১৪৫৫৷৷

কৃষ্ণৰ কিঙ্কৰে ভণে৷

শুনিয়োক সৰ্ব্বজনে৷৷

কৃষ্ণৰ কীৰ্ত্তন কৰি৷

ডাকি বোলা হৰি হৰি৷৷১৪৫৬৷৷

৷৷অষ্টম কীৰ্ত্তন৷৷

ঘোষা৷৷

ও হৰি দীনদয়াল

গোপাল পালিয়া নিয়া৷

তোহ্মাৰ নাম মুখে ফুৰো লৈয়া

তোহ্মাৰ চৰণ চিন্তোক হিয়া৷৷১২০৷৷

পদ৷৷

পাছে যদুবংশ যতেক আছে৷

কৃষ্ণ আসন্তোক মনত বাঞ্ছে৷৷

যাৰ যেন শক্য পাৰিলা মানে৷

পূজিলা দুৰ্গাক বলি বিধানে৷৷১৪৫৭৷৷

মায়াক আৰাধি সাধন্ত বৰ৷

সত্বৰে আসন্তোক দামোদৰ৷৷

পঢ়ি স্তুতি স্তোত্ৰ কৰে মঙ্গল৷

সিটো আশীৰ্ব্বাদ ভৈল সাম্ফল৷৷১৪৫৮৷৷

ভাৰ্য্যায়ে সহিতে আসিলা হৰি৷

গ্ৰীৱাত স্যমন্ত মণিক ধৰি৷৷

দেখন্ত সৱে আইলা যদুৰায়৷

মৰি উপজিল যেন দুনাই৷৷১৪৫৯৷৷

লগতে কন্যাক আসিলা লই৷

সমস্ত সুহৃদে বেঢ়িলা গই৷৷

পৰম ৰঙ্গে কৰে শুভ শুভ৷

শিৰত সিঞ্চিলা অক্ষত দূৰ্ব্ব৷৷১৪৬০৷৷

পাছে দিব্য সভা যাদৱে পাতি৷

অনাইলন্ত সত্ৰাজিতক মাতি৷৷

যিমতে মণিক পাইলন্ত তথা৷

ৰাজ সমাজত কহিলা কথা৷৷১৪৬১৷৷

সাক্ষী কৰি হৰি সৱে সভাতে৷

দিলা মণি সত্ৰাজিতৰ হাতে৷৷

হাতত মণি লৈয়া সত্ৰাজিত৷

ভৈলন্ত লাজ আতি বিপৰীত৷৷১৪৬২৷৷

কৰে অনুতাপ মনে আসুখে৷

গৃহক চলি গৈল আধোমুখে৷৷

আপুনি কৃষ্ণক বিৰোধ কৰি৷

ৰাত্ৰিদিনে চিন্তে নিদ্ৰাক এড়ি৷৷১৪৬৩৷৷

মই মহামূঢ় পাপী নৃশংস৷

মিছাতে কৃষ্ণক দিলো কলঙ্ক৷৷

কিমতে এৰাইবো লোকৰ শাপ৷

কেনে তুষ্ট হোন্ত জগত বাপ৷৷১৪৬৪৷৷

কিমতে কৃষ্ণৰ ৰঞ্জিবো চিত্ত৷

গুণন্ত এহি বুলি সত্ৰাজিত৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷

হৰি হৰি বোলা সমস্ত নৰে৷৷১৪৬৫৷৷

৷৷নৱম কীৰ্ত্তন৷৷

ঘোষা৷৷

হৰি ৰাম ৰাম ৰাম ৰাম ৰাম হৰি৷

ডাকিয়া ঘোষিয়ো শীঘ্ৰ কৰি৷৷১২১৷৷

পদ৷৷

দেওঁ কন্যা বিৱাহ কৃষ্ণক৷

দিবো মণি স্যমন্ত যৌতুক৷৷

তেৱে বা সন্তুষ্ট হোন্ত হৰি৷

নেদেখো উপায় আত কৰি৷৷১৪৬৬৷৷

হেনমতে নিয়ম কৰিয়া৷

মণি সমে কন্যা দিলা নিয়া৷৷

পায়া সত্যভামাক অচ্যুতে৷

কৰিলা বিৱাহ বিধিৱতে৷৷১৪৬৭৷৷

ৰূপেগুণে জগততে ধন্যা

খুজিল অনেকে সিটো কন্যা৷৷

কাহাকো নিদিল সত্ৰাজিত৷

কৃষ্ণে পাই ভৈলা কৃতকৃত্য৷৷১৪৬৮৷৷

শশুৰক বুলিলা বচন৷

নাহিকে মণিত প্ৰয়োজন৷৷

তোহ্মাতে থাকোক স্যমন্তক৷

তুমি সত্ৰাজিত অপুত্ৰক৷৷১৪৬৯৷৷

তোহ্মাৰ সৰ্ব্বস্ব সৱে মোৰ৷

নিয়া মণি এৰা চিন্তা ঘোৰ৷৷

শুনি সত্ৰাজিত ৰঙ্গ ভৈল৷

স্যমন্তক লৈয়া গৃহে গৈল৷৷১৪৭০৷৷

অনন্তৰে জগতৰে নাহ৷

কৰি সত্যভামাক বিৱাহ৷৷

ক্রীড়িলা আনন্দে নাৰায়ণ৷

যিটো শুনে স্যমন্ত হৰণ৷৷১৪৭১৷৷

এড়ায় কলঙ্ক মহাপাপ৷

দূৰ যায় সংসাৰৰ তাপ৷৷

হোৱৈ সিদ্ধি মনৰ বাঞ্ছিত৷

জানি শুনা কৃষ্ণৰ চৰিত৷৷১৪৭২৷৷

কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে৷

কীৰ্ত্তন নেড়িবা একো নৰে৷৷

আতপৰে নাহিকে উপায়৷

বেদৰো এহিসে অভিপ্ৰায়৷৷১৪৭৩৷৷

মায়াময় পুত্ৰ দাৰা গেহ৷

কেতিক্ষণে পৰৈ ইটো দেহ৷৷

আক নেদেখয় কিনো অন্ধ৷

বিষয়ত তথাপি প্ৰবন্ধ৷৷১৪৭৪৷৷

আন চিন্তা সৱে পৰিহৰা৷

মিছা মোৰ মোৰ বুলি মৰা৷৷

অন্তকে কেশত আছে ধৰি৷

জানি ডাকি বোলা হৰি হৰি৷৷১৪৭৫৷৷

৷৷স্যমন্তক হৰণ সমাপ্ত৷৷১৯৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!