এই প্ৰেম সেই প্ৰেম নহয়- (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

আগদিনা ৰামলাল ধোবীয়ে ধুই ইস্ত্ৰী কৰি দিয়া ছাৰ্টটো পিন্ধি ৰুমমেট অমিতে যেতিয়া ক্লাছ বাংক কৰি ভেলেণ্টাইন ডে’ৰ ৰাতিপুৱাই ন’বজাৰ বাছত উঠি পানবজাৰলৈ যাবলৈ যো-জা চলাইছিল, তাৰো বৰকৈ মন গৈছিল তেতিয়া। মন যোৱাটো স্বাভাৱিক। হাতত মেছত দিয়া ঠাণ্ডা চাহকাপ আৰু অকল এক ছেণ্টিমিটাৰমান ঠাইত বাটাৰ লগোৱা ব্ৰেড দুটুকুৰা লিৰিকি-বিদাৰি সি অমিতৰ আয়োজনবোৰ চাই বহি ৰৈছিল।

পৰীক্ষাৰ আগনিশা ‘অহা ছেমিষ্টাৰত প্ৰথমদিনাৰ পৰাই পঢ়িম’ ধৰণৰ সংকল্পই মগজুত দৌৰা-দৌৰি কৰাৰ দৰে সেইসময়তো আন এটা সংকল্পই খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল- ‘ইমান বছৰে যি হ’ল হ’ল আৰু… অহাবছৰত ভেলেণ্টাইন ডে’ৰ আগতে কিবা এটা কৰিমেই কৰিম।’
কলেজৰ মাজতে থকা মাৰ্কেটখনত সি এদিন হঠাতে তাইক দেখা পাইছিল প্ৰথম। কিতাপ কিনিবলৈ আহিছিল দোকানত। লগত এজন সৰু ল’ৰা। সম্ভৱ ভায়েক হ’ব। বোধকৰোঁ ওচৰতে ক’ৰবাত ঘৰ।
প্ৰতিদিনে এপলক হ’লেও তাইক নেদেখিলে অশান্তি হ’বলৈ আৰম্ভ কৰাত সি বুজি পালে তাৰ কিবা এটা হৈছে৷ বুধবাৰে ৰাতি ভাত খাবলৈ যাওতে শৰ্মা দাই এটাৰ সলনি মাংসৰ দুটা বাটি দিলেও মনটো আনন্দেৰে ভৰি নপৰাত সি নিশ্চিত হ’ল যে তাৰ সঁচাকৈয়ে কিবা হৈছে!
‘ধেই, তোৰ প্ৰেম হৈছে৷ সেইটোও গম পোৱা নাই নে!?’- ছিনিয়ৰ ৰাজ দাই ফিল্টাৰটো পোৰাৰ আগত আৰু কেই হোপা মাৰিব পাৰিব সেইটোৰ হিচাপ এটা মনতে কৰি তালৈ চাই ক’লে।
‘হৈছে কিজানি ৰাজ দা..মোৰ মানে এক্সপেৰিয়েন্স নাই ন’- প্ৰেম হ’লে লাজটোও দেখোন বাঢ়ে, সি বুজিলে।
‘বাৰু, তইতো জানই মই এই প্ৰেম-চেম আদিত এক্সপাৰ্ট। ক’ৰ ছোৱালী, ক’ত থাকে কৈ দিবি। চিন্তা নকৰিবি সহায় কৰিম। ‘ইয়েছ’ হ’লে মাত্ৰ এটা ‘ফুল’।

দুদিনমান পিছত সি এদিন সন্ধিয়া ৰাজ দা’ক দূৰৰ পৰা দেখুৱালে ছোৱালীজনীক।
‘আৰে ভাই, এইজনী দেখোন আমাৰ দেউতাৰ বন্ধু মহেন খুৰা জীয়েক। অলপ আঁতৰত ঘৰ। হোষ্টেলত অহাৰ পাছত বহুবাৰ মাতিলে তেওঁলোকৰ ঘৰলৈ। কাইলৈ ওলাবি, তেওঁলোকৰ ঘৰলৈ। দুদিন পাছতেই তোৰ কাম হৈ যাব’। – ৰাজ দাৰ ফূৰ্ত্তিৰ যেন অন্ত নাই।
‘কাইলৈ? এসপ্তাহ পাছত পৰীক্ষা। পাছত যাম দিয়ক।’
‘পৰীক্ষা আহি থাকিব। এইবোৰ কামত দেৰি কৰিব নালাগে। ওলাবি’- ৰাজ দাই বুজালে তাক।

পাছদিনা ছয়মান বজাত ৰাজদাই হোষ্টেলৰ পৰা প্ৰায় এক কিল’মিটাৰমান আঁতৰৰ মহেন খুৰাৰ ঘৰলৈ লৈ গ’ল তাক। বুকুত এক মৃদু কঁপনি তাৰ। মহেন খুৰাই ৰাজক দেখি খুব ভাল পালে। যোৱা তিনি বছৰত প্ৰথমবাৰৰ কাৰণে অহা বাবে মৃদু গালিও দিলে। খুৰীয়ে চাহ আৰু পাপৰ দি গ’ল। চাহ খোৱা হ’ল।
‘খুৰাই কবিতা লিখে নহয় মাজে মাজে? ইয়াৰ আকৌ কবিতাৰ প্ৰতি বিৰাট ৰাপ। মাজে মাজে লিখেও’ -ৰাজ দাই তালৈ আঙুলিয়ালে।
‘কবিতা! সেই ‘গোলাপ’টোৱেই হয়তো আছিল পঢ়ি মনত থকা শেষৰটো কবিতা’- সি ভাবিলে। ৰাজ দাই চকু টিপিয়ালে। মহেন খুৰাই তিনি-চাৰিখনমান কবিতা পুথি হাতত লৈ আহিল ভিতৰৰ পৰা।
‘পঢ়াচোন এইকেইটা। মোৰ কবিতা! কেনে পালা জনোৱা মোক’।
সি ঘামি গ’ল। উপাই নাপাই পঢ়িবলৈ আৰম্ভ কৰিলে।

এঘণ্টামান পাছত মহেন খুৰাৰ জীয়েক মাজনীৰ প্ৰৱেশ। ৰাজদাই কথা আৰম্ভ কৰিলে। ওচৰতে কবিতা পঢ়ি থকা তাকো চিনাকি কৰাই দিলে। কথাৰ মাজতে ৰাজদাই তালৈ চাই চকুৰে বুজায়-‘মই চব মেনেজ কৰি আছোঁ। ড’ণ্ট ৱ’ৰী!’
‘মাজনী, পঢ়া-শুনা কেনে চলিছে? তোমাৰ ফিজিক্স আছিল ন?’ -ৰাজদাই সোধে তাইক।
‘ভালেই, পিছে অলপ টান পাওঁ কেতিয়াবা’।
‘আচ্ছা? ই পিছে ফিজিক্স’ত মাষ্টাৰ দেই। কিবা নোৱাৰিলে সুধিব পাৰা।’
‘মই ফিজিক্সত মাষ্টাৰ!? ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফিজিক্স’ৰ বেক এতিয়াও ক্লিয়েৰ হোৱা নাই!’- সি মনে মনে ভাবে। মাজনীয়ে দৌৰি গৈ বহী এখন আনি কিবা এটা প্ৰ’ব্লেম দেখায়। সি জ্বৰ ঘমাদি ঘামে। তাৰ মনটো, চকু দুটাই কবিতা পুথিৰ ‘তুমি মোৰ ৰাতিপুৱাৰ ৰ’দালি’ৰ পৰা ডাইৰেক্ট ‘কুৱাণ্টাম মেকানিকচ্’লৈ আহিবলগীয়া হোৱাত ধোঁৱা-কোৱা দেখে। ৰাজ দা আৰু মহেন খুৰাৰ আলোচনা অখিল-সৰ্বানন্দৰ পৰা ‘ইঞ্জিনিয়েৰিং পাছ কৰি কিডাল কৰিবাহে’লৈ অহা-যোৱা কৰে।
প্ৰায় তিনিঘণ্টামান পাছত সি ৰাজদাক চকুৰে ইংগিত দিয়ে- ‘যাও ব’লক, বহু হ’ল আজি’। সি আৰু ৰাজ দা তেওঁলোকৰ ঘৰৰ পৰা ওলায়।
‘এদিন ভাত খোৱাকৈ আহিবা’- পিছৰপৰা মহেন খুৰাই চিঞৰি কয়।
‘আহিম খুৰা, ইয়াকো লৈ আহিম। আজি বাকী থাকি গ’ল নহয়..ফিজিক্স, কবিতা…’-ৰাজ দাই দুগুণ উৎসাহেৰে চিঞৰে।
বাটত ৰাজদাই তাক কিলাকুটিৰে হেঁচুকি সোধে-‘ ভাই, মানি গ’লি ন এই ‘ৰাজ’ক? চাই থাক, মোৰ লগত আৰু দুদিন আহিবি, দেখিবি চব হৈ গ’ল!’ফুল’টো নাপাহৰিবি’।
‘আপুনি মাথা নষ্ট কৰি দিলে আজি। তিনিঘণ্টা সময় মিছাতে বৰবাদ, তাতে ছাল চিগি যোৱাকৈ কামোৰ!’
‘কি কথা ক ভাই? তোৰ কাৰণেই মই ইমান দেৰি বহিলোঁ, তোৰ কিবা এটা হওক বুলিয়েই…’।
‘আৰে, মই দেখুওৱাজনী এই ‘মাজনী’জনী নহয়েই! কি চাইও আপুনি? এনেই মিছামিছ..ধুৰৰ…!’

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!