একগুচ্ছ অনুভৱ: (-ইন্দ্ৰনীল গায়ন)

(১)

বিষাদ:-

বিবৰ্ণ আকাশৰ
বুকুত মেঘমল্লাৰ…
মেঘমল্লাৰ….
আহাচোন..
কাণপাতি শুনো
স্বপ্নময় হৃদয়ৰ বিষাদগাঁথা!!

(২)

যন্ত্ৰণা:-

এয়া চোৱা..
মোৰ দেহৰ…
শিৰায়ে শিৰায়ে
প্ৰগলভ ভালপোৱাৰ আৰক্ত যন্ত্ৰণা!!

(৩)

নিঃসংগতা:-

শুনিছো
নিঃসংগতা হেনো
নিৰৱতাৰ প্ৰিয়তম সংগী..
যদি কওঁ
মই তেনেকৈয়ে সুখী…??
তুমি কি ক’বা!!

(৪)
সান্নিধ্য:-

গধুৰ শব্দ এটাৰ দৰে
বুকুত ওলমি থাকে
এতিয়া ব্যস্ততা তাৰ আন এটি নাম!!

(৫)

সম্পৰ্ক:-

ইচ্ছা অনিচ্ছাৰ মাজত
“বান্ধোন”
আজিকালি কৃত্ৰিম

(৬)

মিলন:-

প্ৰাপ্তি- অপ্ৰাপ্তিৰ
দোমোজাত
ৰুক্ষ দুৱাৰ
হয়তো
অক্ষমতা !!

(৭)

বিচ্ছেদ:-

ঘৰমুখী হোৱাৰ কথা আছিল
কিন্তু…
তুমি নক’লা- “ এবাৰলৈ হ’লেও ৰৈ যোৱা”

(৮)

খবৰ:-

বিয়পি পৰিল
চৌদিশে…
নামৰ আগত এটা নতুন সম্বোধন:-
বদনাম..
বদনাম।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!