একেবাৰে অদৰকাৰী, কিন্তু ইণ্টাৰেষ্টিং

একেবাৰে অদৰকাৰী, কিন্তু ইণ্টাৰেষ্টিং

উদ্দীপ তালুকদাৰ

এই যে আমি ভাষাবিলাক কওঁ, শুনোতে এনে লাগে যেন একেবাৰে আকাশ-পাতাল তফাৎ। অলপ ঘূৰাই-পকাই শুনিলে বুজা যায়, আচল তফাৎ ইমান নহয় কিজানি। মই তিনিটামানহে ভাষা মোটামুটি জানো। তাৰে হিন্দী, বঙালী, অসমীয়াৰ মাজত বাৰু ওচৰ-চুবুৰীয়া কাৰণে মিল আছে বুজিলোঁ। কিন্তু ইংৰাজীৰ লগত? অৱশ্যে তাৰে আগতে দুটামান সৰু সৰু কথা জনা দৰকাৰ। এই মিল চিধাই বিচাৰিলে নহ’ব। কিন্তু স্বৰ নে ব্যঞ্জন, আৰু কোনটো বৰ্ণৰ বৰ্গ তাৰ লগত ধৰিলে কিছুমান আচৰিত মিল দেখা যায়। যেনেঃ

এক            ওৱান (ইং) (দুয়োটাৰে আৰম্ভণি স্বৰবৰ্ণ)

দুই             টু (ইং) (দ-ট উচ্চাৰণত একেবাৰে ওচৰ সম্বন্ধীয়)

তিনি            থ্ৰী (ইং) (ত-থ)

চাৰি            ফ’ৰ (ইং) (কিবা এটা ভাবি উলিয়াইছিলোঁ, লিখাৰ সময়ত পাহৰি গ’লোঁ)                       

পাঁচ             ফাইভ (ইং) (প-ফ)

ছয়             ছিক্স (ইং) (ক’বই নালাগে)

সাত            ছেভেন (ইং) (স-ছ)

আঠ             এইট (ইং) (আ/এ-ঠ/ট)

ন               নাইন (ইং) (ক’বই নালাগে)

মা              মাতৃ-মাদাৰ (ইং) (ম-ত/দ-ৰ)

পিতৃ            ফাদাৰ (ইং) (প/ফ-ত/দ-ৰ)

ইয়াত           হিয়াৰ (ইং) (হ-ই দুয়োটাৰ উচ্চাৰণেই একে ধৰণৰ)

তাত            দেয়াৰ (ইং) (ত/দ)

সি              হি (ইং) (কি ক’ম আৰু!)

বৰষুণ           ৰেইন (ইং) (আগৰ ব-টো বাদ দিয়ক, বাকীখিনি একেই)

ক’লা            ব্লেক (ইং) (আখৰকেইটা ওলোটাই দিয়ক মাত্ৰ)

অস্থি            অষ্টিঅ'(গ্ৰীক ভাষাত অষ্টিঅ’ মানে হাড়)

মাংসপেশী       মাছল (ইং) (ম-স/ছ)

মাছ             ফিছ (ইং) (ম/ফ-ছ)

মনু             ম্‌নুহ-নোৱাহ (এইটো প্ৰান্তিকত পাইছিলোঁ)

মাহ             মান্থ (ইং)

দিন             দে (ইং)

মই             মি (ইং)

হাত             হেণ্ড (ইং)

 

গাড়ীত আহি থাকোঁতে আৰু কেইবাটাও মনলৈ আহিছিল, এতিয়া মনত পৰা নাই!

(নেট খুঁচৰি দেখিলোঁ, কিয় এই মিলবিলাক আছে, তাৰ এটা থিয়’ৰী আছে। সেইটো ৰাইজলৈ বুলি হোমৱৰ্ক হিচাপে এৰিলোঁ।)

ভগৎ লাল দত্ত:

দুমাহ           দুমোৱা (ফৰাচী বা ফ.)

নিশা            নাইট (ইং)

তই             তোৱা, তু (ফ.)

মোক           মোৱা (ফ.)

শত             শন্ত (ছন্ট?) (ফ.)–চেঞ্চুৰী (ইং)

দাঁত            দন্ত (ফ.) (একেবাৰে সংস্কৃত !!)–ডেণ্টেল (ইং)

পাৱ/পদ                পিয়ে (ফ.)-পিড (ইং. centepede, tripod আদিত)

পদচাৰী         পিয়ত(ন্)–পেডেষ্ট্ৰিয়ান (ইং)

উচ্চজিৎ কলিতাঃ

সূৰ্য             surya-sun–Raa

 

গৌতম বৰাঃ

ব্যৱহাৰ          Behaviour

 

পঙ্কজ চেতিয়াঃ

ভাৰতীয় শাস্ত্ৰীয় সংগীতত যে “সা ৰে গা মা পা ধা নি” (সপ্তক=সাতটা স্বৰ) হ’ল, ইংৰাজীতো সেই একেই সাতটা স্বৰ ( Do re mi fa so la ti) কেনেকৈ হ’ল বাৰু? নে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰাই অনুপ্ৰাণিত?

 

উদ্দীপ তালুকদাৰ:

পঙ্কজ চেতিয়া, ৱিকিপিডিয়া চাই দেখিলোঁ, সেইটোৰ আৰম্ভণি Guido of Arrezo য়ে এঘাৰ শতিকাত কৰা বুলি কোৱা হয়। কিন্তু, আন এটা মত আছে যে আৰব্য সভ্যতাৰ পৰা তেওঁলোকে লৈছিল। আৰব্য সভ্যতাৰ লগত ভাৰতীয় সভ্যতাৰ ওচৰ সম্বন্ধ আছে। গতিকে ইয়াৰপৰা তালৈ যাবও পাৰে। তলত ৱিকিপিডিয়াৰ লিংকটো দিছোঁ।

https://en.wikipedia.org/wiki/Solf%C3%A8ge

মই ওপৰত যিটো হ’মৱৰ্কৰ কথা কৈছিলোঁ, সেইটোও আচলতে এইটো থিয়’ৰীতে পৰে। কিছুমান বিশেষজ্ঞৰ মতে প্ৰথম সভ্যতাৰ বিকাশ হৈছিল মধ্য-পূৱত, য’ৰপৰা জ্ঞান, ভাষা, কিংবদন্তী, আদি সমগ্ৰ বিশ্বতে সিঁচৰতি হৈ পৰিছিল। সেই সভ্যতাৰ নিদৰ্শন আজিলৈ পোৱা হোৱা নাই। কিন্তু ধাৰণা কৰা হয়, তেওঁলোকৰপৰাই বিশ্বত বহুতো বস্তুৰ আৰম্ভণি হৈছিল বাবে বহুতো মিল দেখা যায়।
আন এটা স্নায়ু-বৈজ্ঞানিক তত্ত্ব হৈছে, যে স্বৰবৰ্ণকেইটা, ম, ব আদি বৰ্ণবোৰে সদায় আপোন, নিজৰ এনেকুৱা ভাৱ মনলৈ আনে, সেয়ে বেছিভাগ ভাষাতে ওচৰ বুজোৱা শব্দবোৰ এইকেইটা বৰ্ণৰে আৰম্ভ হয়। যেনে-মই, মা, ওচৰ, ইয়াত, ইত্যাদি। আনহাতে, ত, দ, প আদিবোৰে নিজৰ পৰা দূৰ অৰ্থ বুজায়, সেয়ে এনে শব্দবোৰ এইকেইটা বৰ্ণৰে আৰম্ভ হয়। অৱশ্যে নক’লেও বুজিব পাৰি, সেইখিনি অকল বুনিয়াদী শব্দবিলাকৰ লগতহে প্ৰযোজ্য, পাছত আৱিষ্কৃত শব্দৰ লগত নহয়।

 

পঙ্কজ চেতিয়া:

থিয়’ৰীটো একেই বুলি ভাবিলোঁ কাৰণেই এই পোষ্টটোত মোৰ মন্তব্যটো দিছিলোঁ!

 

উচ্চজিৎ কলিতা:

আৰু আছে-“নোৱাহৰ নাওখন”=সত্যব্ৰত মনুৰ নাওখন। মহাপ্ৰলয়ৰ সময়ত জীৱকূলক ৰক্ষা কৰাৰ কাহিনী।

 

ভগৎ লাল দত্ত:

পিড – টো ইংৰাজী নেকি? (কেনেকৈ লিখে ইংৰাজীত) ফৰাচীত pied (পিয়ে) মানে ভৰি।

 

উদ্দীপ তালুকদাৰ:

উচ্চজিৎ কলিতা, সেইটো ওপৰত লিখিছোঁৱেই। আচলতে গোটেই কথাখিনি সেই প্ৰবন্ধটোৰ কথা মনত পৰাতহে আহিল।

 

উচ্চজিৎ কলিতা:

স্বৰ্ণলংকা ধ্বংস হয় সেই সময়ৰ বিশ্বসুন্দৰী সীতাক হৰণ কৰি। ট্ৰয় নগৰ ধ্বংস হয় হেলেনক হৰণ কৰি।

 

উদ্দীপ তালুকদাৰ:

centepede, milipede আদিৰপৰাহে কৈছোঁ। শব্দকেইটা মূলতে গ্ৰীক বা লেটিনো হ’ব পাৰে। কিন্তু পদ-ঠেঙ অৰ্থত tripod আদি ইংৰাজীত ব্যৱহাৰ হয়।

প্ৰৱন্ধটো মানে বহুদিন আগতে প্ৰান্তিকত নোৱাৰ নাওখনৰ কাহিনীৰ লগত মনুৰ বানপানীৰ কথাৰ মিলবিলাক উল্লেখ কৰিছিল। সেইটো প্ৰবন্ধৰ কথা আজি হঠাতে মনত পৰিল। তাৰপৰাহে গোটেইখিনি ওলাইছে।

হোমাৰৰ ইলিয়াদৰ কাহিনীও মূলতে সাগৰ পাৰ হৈ এখন দ্বীপ আক্ৰমণ কৰাৰ, যিটো ৰামায়ণৰ লগত মিলে।

 

উচ্চজিৎ কলিতা:

পৌৰাণিক কাহিনীৰ তুলনাত্মক অধ্যয়নে লোকগাথাবোৰৰ মিলবোৰ দেখুৱাই দিয়ে আৰু ইয়ে মানৱ সভ্যতাৰ আৰম্ভণিৰ বিষয়ে বহুত ইংগিত দিয়ে।

ভগৎ লাল দত্তঃ

অগ্নি দেৱতাৰ বাহনটোক ফৰাচীত অনিয়(অ) বুলি কয়। দেৱ(তা) – দিউ [ফ.] – গড [ইং]

 

উদ্দীপ তালুকদাৰ:

দেৱ- দিউ -দেইটি (deity)

 

উচ্চজিৎ কলিতা:

ৰজা ইডিপাছৰ কাহিনীৰ আচৰিত মিল আছে আমাৰ ৰজা জয়দেৱৰ লগত। (ফ্ৰয়ডৰ জন্ম অসমত হোৱা হ’লে ইডিপাছ কমপ্লেক্সৰ ঠাই “জয়দেৱ জটিলতা”ই ল’লেহেঁতেন)

 

উদ্দীপ তালুকদাৰ:

গড-গোসাঁই (!) oh my God – অ’ মোৰ গোসাঁই! (OMG!!!) সেইদিনা ফেচবুকতে কোনোবাই লিখা দেখিলোঁ।

 

মিতালী বৰ্মনঃ

উদ্দীপ তালুকদাৰ, আপুনি দিয়া উদাহৰণখিনি ভাষা-বিজ্ঞানত ধ্বনি নিয়মৰ “গ্ৰিম-নিয়ম”, “ৱাৰ্ণাৰ-নিয়মৰ” অন্তৰ্গত৷

 

উদ্দীপ তালুকদাৰ:

মিতালী বৰ্মন, অশেষ ধন্যবাদ। এই নিয়মটো মই কোৱা স্নায়ু-বিজ্ঞানৰ নিয়মটোৰ নাম নেকি? নে আনটোৰ? আচলতে ইউটিউব-ৰ liguistic neuroscience ৰ ভিডিঅ’ এটাত পাইছিলোঁ কথাটো, কিন্তু নিয়মৰ নাম আদি মনত নাথাকিল।

 

উচ্চজিৎ কলিতা:

http://en.wikipedia.org/wiki/Grimm’s_law

 

মিতালী বৰ্মনঃ

উল্লেখ কৰা নিয়ম দুয়োটা ভাষা বিজ্ঞানৰ৷

 

ভগৎ লাল দত্তঃ

দুয়োটা কিবা প্ৰ’ট’-জাৰ্মেনিক দেখোন!!

 

উদ্দীপ তালুকদাৰঃ

প্ৰ’ট’ত লাগিছে মানে হ’ল আৰু! অলপ পিছুৱালেই ভাৰত পাবহি!

 

ভগৎ লাল দত্তঃ

‘অসমীয়া ভাষা ইণ্ডো-ইউৰোপীয়ান নহয়’ বুলিব খোজা সকলৰ যুক্তি কি তেনেহ’লে? আমি ব্যৱহাৰ কৰি থকা অসমীয়া দেখোন সেই গোষ্ঠীৰেই যেন লাগিছে!!

 

মিতালী বৰ্মনঃ

অসমীয়া ভাষা ইন্দো-ইউৰোপীয় গোষ্ঠীৰে৷

 

উদ্দীপ তালুকদাৰঃ

ব্যাকৰণৰ অমিল আছে নেকি কিবা?

 

উচ্চজিৎ কলিতাঃ

ভগৎদা…জাৰ্মান ব্যাকৰণ শাস্ত্ৰীয়ে লিখা কাৰণে জাৰ্মানক মূল কৰি লিখিছে। কিন্ত আচল কথাটো গৈ সংস্কৃতত পৰে।

 

ভগৎ লাল দত্ত:

ময়ো সেইবুলিয়েই জানিছিলোঁ মানে শুনি আছিলোঁ ইমান দিনে। কিন্তু কেইদিনমান আগতে কোনোবা এজন গৱেষকে ‘অসমীয়া ভাষা ইণ্ডো-ইউৰোপীয়ান নহয়’ জাতীয় মতামত দিয়া দেখিলোঁ।

 

উচ্চজিৎ কলিতা:

কোনে ক’লে এই কথা। অসমীয়া ভাষাৰ শব্দ সমাহাৰত আন বহুতো প্ৰভাৱ পৰিছে। কিন্তু মূলটো ইণ্ডো-য়ুৰোপীয়ানে।

 

ভগৎ লাল দত্ত:

হয়তো তেখেতে বৰ্তমানৰ প্ৰচলিত অসমীয়াৰ কথা কোৱা নাই। বাকী মংগোলীয় মূলৰ অধিবাসী সকলৰ ভাষাৰ প্ৰসংগৰে ক’ব খুজিছিল নেকি! মই ঠিক বুজিব নোৱাৰিলোঁ। কিন্তু প্ৰচলিত অসমীয়াত সেইবিলাক ভাষাৰ শব্দ কিমান আছে মোৰ বিশেষ ধাৰণা নাই। কিন্তু ব্যৱহাৰিক অসমীয়াত বেছিভাগ শব্দই অজনজাতীয় যেন লাগেচোন!

 

আফটাৰ হুছেইন চৌধুৰীঃ

তিনি            থ্ৰী (ত-থ)=তালাতা (আৰৱী)

ছয়             ছিক্স (ক’বই নালাগে)=ছিত্তা (আৰৱী)

সাত            ছেভেন (স-ছ)=চাবা (আৰৱী)

 

মিতালী বৰ্মনঃ

পৃথিৱীৰ মুখ্য ভাষা পৰিয়াল আঠটা আৰু গৌণ চাৰিটা, সৰ্বমুঠ বাৰটা৷

ইন্দো-ইউৰোপীয়/ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালঃ

১/ ভাৰত-ইৰানীয়

২/ দৰ্দীয়

৩/ ভাৰতীয় আৰ্য
ভাৰতীয় আৰ্য ভাষাঃ

ক/ প্ৰাচীন ভাৰতীয় আৰ্য ভাষা

খ/ মধ্য ভাৰতীয় আৰ্য ভাষা

গ/ নব্য ভাৰতীয় আৰ্য ভাষা
প্ৰাচীন ভাৰতীয় আৰ্যঃ সংস্কৃত ভাষা

মধ্য ভাৰতীয় ভাষাঃ i) পালি, ii) প্ৰাকৃত, iii) অপভ্ৰংশ

প্ৰাকৃতঃ মহাৰাষ্ট্ৰী, শৌৰসেনী, মাগধী, অৰ্ধমাগধী, পৈশাচী

নব্য ভাৰতীয় আৰ্য ভাষা: পঞ্জাবী, সিন্ধী, হিন্দী, মাৰাঠী, উৰ্দু, গুজৰাটী, কোঙ্কনী, সিংহলী, অসমীয়া, বাংলা আদি

অসমীয়া ভাষাৰ বিকাশঃ

ভাৰত-ইউৰোপীয়>ভাৰতীয় আৰ্য>সংকৃত (প্ৰাচীন ভাৰতীয় আৰ্য)>মাগধী প্ৰাকৃত (মধ্য ভাৰতীয় আৰ্য ভাষা)>অসমীয়া (নব্য ভাৰতীয় আৰ্য ভাষা)
সংস্কৃত ভাষা>মাগধী প্ৰাকৃত>অসমীয়া, বাংলা, উড়িয়া, মৈথিলী, মগহী আৰু ভোজপুৰী এইকেইটা নব্য ভাষাৰ উদ্ভৱ হৈছে৷ সেয়ে এই ভাষাকেইটাক ভগ্নী ভাষা বুলিব পাৰি৷

 

ভগৎ লাল দত্ত:

আমাৰ জনজাতীয় ভাষা সমূহ চীনো-তিব্বতীয় ঠালত পৰে নে কি? কেইটামান ভাষাৰ লিপিৰ সন্দৰ্ভত হোৱা বিতৰ্কত আৰ্যমূলীয় লিপিৰে তেওঁলোকৰ বহুবিলাক ধ্বনি লিখাটো টান বুলি মত প্ৰকাশ কৰা বুলি পাইছিলোঁ যেন লাগে।

 

উচ্চজিৎ কলিতা:

হয় ভগৎদা, কিন্তু ৰোমান লিপিটোও আৰ্যমূলীয় লিপি। আৰু চীনো-তিব্বতীয় লিপি বা অইন এচিয়ান লিপিত লিখিবলৈ হ’লে চীনা বা জাপানীজৰ দৰে Lopograms ব্যৱহাৰ কৰিব লাগিব।

 

মিতালী বৰ্মনঃ

ভাৰতবৰ্ষত পৃথিৱীৰ ভাষা পৰিয়ালৰ চাৰিটা পৰিয়ালৰ ভাষাৰ প্ৰচলন আছে৷

১/ ভাৰত-ইউৰোপীয়

২/ চীন-তিব্বতীয়

৩/ দ্ৰাবিড়ীয়

৪/ অষ্ট্ৰিক
ভাৰত-ইউৰোপীয়ৰ ভাষাবোৰঃ পঞ্জাবী, সিন্ধী, হিন্দী, মাৰাঠী, উৰ্দু, গুজৰাটী, কোঙ্কনী, সিংহলী, অসমীয়া, বাংলা আদি৷

চীন-তিব্বতীয়ৰ ভাষাবোৰঃ বড়ো, নগা, অকা, ডফলা, মিৰি, চিংফৌ, আপাটানি, গালং, লাডাখী, তিব্বতীয়, কনৌৰী, পাহাৰী, তামাং আদি

দ্ৰাবিড়ীয় ভাষাঃ তামিল, তেলুগু, কন্নড়, মালায়লম

অষ্ট্ৰিক ভাষাঃ মুণ্ডাৰী, হো, খৰিয়া, কোৰ্কু, শৱৰ, গদৰ, খাচী আদি৷

 

ভগৎ লাল দত্ত:

উচ্চজিৎ, ৰোমান লিপিৰ বিৰোধিতা কৰা সকলে সেইটো যুক্তি দিছিল।

 

উচ্চজিৎ কলিতা:

ভাষা আৰু লিপিৰ বিৱৰ্তন একে নহয় কেতিয়াবা কেতিয়াবা। যিবিলাক ভাষাৰ লিপি নাথাকে (বা লিখিত ভাষালৈ বহুত পিছত পৰিৱৰ্তিত হয়) সেই ভাষাৰ লোকে ওচৰ-চুবুৰীয়াৰ বা ৰাজনৈতিক প্ৰভাৱত অন্য কোনো ভাষাৰ প্ৰচলিত লিপি ব্যৱহাৰ কৰে।

 

ভগৎ লাল দত্তঃ

হয় হয়, বোধকৰো ‘চাহাবী ঢঙ’ এটা ৰাখি ৰোমান আৰু ‘ৰাষ্ট্ৰীয় অখণ্ডতা’ৰ টুপি পিন্ধি দেৱনাগৰী লিপি বিবেচনালৈ আনিছিল।

 

উচ্চজিৎ কলিতা:

আৰু মোৰ এটা ব্যক্তিগত মত হ’ল – “ৰাজতন্ত্ৰ আৰু লিপিৰ মাজত এটা ওতপ্ৰোত সম্পৰ্ক আছে”। শক্তিশালী ৰাজবংশই নিজৰ সুকীয়া পৰিচয়ৰ বাবে সুকীয়া লিপিৰ বিৱৰ্তনত অশেষ প্ৰভাৱ পেলাইছে। গণতন্ত্ৰত নতুন লিপিৰ সৃষ্টি নহয়।

 

ভগৎ লাল দত্তঃ

যুগ যুগ ধৰি ৰাজতন্ত্ৰ চলি থকা (এতিয়াও কেইবাখনো দেশত চলি আছে) ইউৰোপত দেখোন (ৰুচিয়া বাদ দি বাকী) লিপি মোটামুটি একেই!

 

উচ্চজিৎ কলিতা:

সেয়া লেটিন-গ্ৰীকৰ অৱদান। খুব সম্ভৱ, আলেকজেণ্ডাৰৰ বিশ্ব-বিজয়ৰ (ইউৰোপ বিজয়ৰ) লগত লেটিন লিপিৰ প্ৰসাৰৰ সম্পৰ্ক আছে।

 

ভগৎ লাল দত্তঃ

পাহৰিয়ে গৈছিলোঁ গ্ৰীচৰ কথা, গ্ৰীচৰ লিপি বাকীবোৰতকৈ বেলেগ, বাকীবোৰে লেটিন-ৰোমান ব্যৱহাৰ কৰে হ’বলা! গ্ৰীচে গ্ৰীক, বৰফলা কেইটামান একে অৱশ্যে।

 

উচ্চজিৎ কলিতা:

ৰোমান সাম্ৰাজ্য সমগ্ৰ ইউৰোপ জুৰি বিয়পি পৰিছিল । ফলত ৰোমান লিপিও । কিন্ত ৰোমান লিপিও প্ৰাচীন গ্ৰীক লিপিৰ পৰা অহা । সেয়েহে সকলো ইউৰোপীয় দেৱতা গ্ৰীকমূলীয় ।

 

ভগৎ লাল দত্তঃ

হ’ব পাৰে। ৰোমান সাম্ৰাজ্যৰ পতনৰ পিছত স্থানীয় ৰাজবংশবোৰে সেইবোৰ নাভাবিলেই হ’বলা।

 

উচ্চজিৎ কলিতা:

সাম্ৰাজ্যৰ পতন ঘটে ভগৎদা। সাম্ৰাজ্যই দান কৰা প্ৰভাৱৰ পতন নহয় যিবোৰ ইতিমধ্যে মানুহে Adopt কৰি ল’লে।

 

ভগৎ লাল দত্ত:

লিপিৰ কথাতো বুজিলো বুলি ধৰি লৈছোঁ। মানে “ওচৰ-চুবুৰীয়াৰ বা ৰাজনৈতিক প্ৰভাৱত, সাংস্কৃতিক সাম্ৰাজ্যবাদ,… ইত্যাদি”। ভাষাৰ কথা এটা কওঁ … এইফালেও আমাৰ দেশত থকাৰ নিচিনা সৰু-সৰু ভাষা বহুতক ৰাষ্ট্ৰই দমাই ৰাখিছে। মই এতিয়া থকা ঠাইডোখৰত ফৰাচী ভাষা মূল ভাষা নাছিল। চেলটিক জাতীয় (স্কটিছৰ নিচিনা খহটা) ভাষা এবিধ (ব্ৰেটোন) এতিয়াও বুঢ়া-বুঢ়ী সকলে ব্যৱহাৰ কৰে। নতুনবোৰে প্ৰায়েই নাজানেই। আমাৰো এসময়ত ৰাষ্ট্ৰীয়তাবাদে একেই অৱস্থা কৰিব কিজানি। দক্ষিণৰ গোড়া দ্ৰাবিড়ীয় শক্তিটো নথকা হ’লে ইমান দিনে হ’লেইহেঁতেন কিজানি! এতিয়াও লাহে লাহে তলে তলে শিপাবৰ চেষ্টা চলি আছে।

 

[এইটো এটা আলোচনাৰ এটা অংশহে। কিন্তু আলোচনাৰ বিষয়বস্তু আৰু আলোচনাত অংশগ্ৰহণকাৰী সকলৰ সবল তথ্যসহিত আলোচনাই পাঠকক বহুত কিবাকিবি জানিবলৈ সুবিধা কৰি দিব বুলিয়েই এই আলোচনাটি আগবঢ়োৱা হ’ল-সম্পাদক]

 

 

One thought on “একেবাৰে অদৰকাৰী, কিন্তু ইণ্টাৰেষ্টিং

  • June 17, 2013 at 3:03 pm
    Permalink

    এই আলোচনাটো অকবত মোৰ চকুতে পৰা নাছিল৷ 🙂 মাজৰাতি আৰম্ভ হৈ মাজৰাতিয়েই শেষ হৈছিল যেন পাইছোঁ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!