এক অনন্য অভিজ্ঞতা-( অভিজিত কলিতা)

– অভিজিত কলিতা
 
এক অনন্য অভিজ্ঞতা
যোৱা ২০ ফেব্ৰুাৰী তাৰিখে এক অনন্য অভিজ্ঞতা হ’ল ৷ মৰাণৰ উমানন্দ দুৱৰাৰ আপুৰুগীয়া গ্ৰামোফ’ন ৰেকৰ্ড আৰু প্লেয়াৰৰ সংগ্ৰহালয়ত এটা আবেলি কটালো ৷ এনেকুৱা সম্পদ যে এটা সৰু কোঠালীতে সোমাই থাকিব পাৰে, নেদেখিলে বিশ্বাস কৰিবলৈ টান ৷ প্ৰায় ৫০০০ ৰেকৰ্ডৰ লগতে বিভিন্ন পৰ্য্যায়ৰ গ্ৰামোফ’ন প্লেয়াৰৰ এক অনবদ্য সংগ্ৰহ ৷ জ্যোতি, বিষ্ণুৰ, কণমানি ভুপেন হাজৰিকাৰ মাতৰ লগতে অসমৰ পাহৰণিৰ গৰ্ভত লীন হৈ যোৱা অসমৰ বহুতো শিল্পীৰ গীত শুণাৰ সৌভাগ্য হ’ল৷ সম্পূৰ্ণ বৰ্ণনা দিবলৈ নগৈ কেইটামান সংগ্ৰহৰ কথা ক’লেই আপোনালোকে অনুমান কৰিব পাৰিব —–
১) প্ৰফুল্ল বৰুৱা দেৱে HMV ১৯২৪ চনত বাণীবদ্ধ কৰা প্ৰথমখন অসমীয়া গ্ৰামোফ’ন ৰেকৰ্ড ।
২) বিষ্ণু ৰাভাই ১৯৩৭ ত কৰা ‘ অ মোৰ আপোনাৰ দেশ’।
৩) ১৯৩৭ চনত জ্যোতি প্ৰসাদে বাণীবদ্ধ কৰা “ জয়মতী” ৰ শ্ৰব্য ৰূপ ৷ ( মই এই বিষয়ে নেজানিছিলো, জ্যোতিপ্ৰসাদে লালুকসোলা বৰফুকনৰ ভাও লৈছে, জ্যোতিৰ কণ্ঠ বোধহয় একমাত্ৰ সেই ৰেকৰ্ডতহে বাণীবদ্ধ কৰা আছে৷ ) ।
৪) “জয়মতী” চলচিত্ৰৰ পোস্টাৰ আৰু পুস্তিকা ।
৫) ‘পষ্ট কাৰ্ড’ ৰ ৰূপৰ গ্ৰমোফ’ন ৰেকৰ্ড , এফালে চিঠি লিখিব পাৰি ।
৬) প্লাষ্টিক ৰেকৰ্ড ( কাগজৰ দৰে পাতল , নমনীয় আৰু বিভিন্ন ৰঙৰ) ।
অতি সুন্দৰ ভাবে ইণ্ডেক্সিং কৰি ৰখা এই সংগ্ৰহালয়ত তথ্যৰ শুদ্ধতাৰ ওপৰত পুৰ্ণ গুৰুত্ব আৰোপ কৰা দেখি অভিভুত হলো ৷ ডঃ ভুপেন হাজৰিকাই কেইটামান আপুৰুগীয়া গীত নিজে গোৱা হয় বুলি লিখি দি গৈছে৷ বাকী কেইটামান দুৱৰাদেৱে এতিয়াও প্ৰমাণ নোহোৱা বাবে ভুপেন হাজৰিকাৰ বুলি দাবী কৰা নাই৷
এতিয়া কথা হ’ল, সংগ্ৰহালয়তো আপুৰুগীয়া আৰু ইয়াৰ কিছুমান সংগ্ৰহ আৰু কতো পোৱা নেযাব এই কথা নিশ্চিত ৷ কিন্তু মনত দুটামান খুদুৱনি লাগিল, তাকে পাঠকক জনাব বিছাৰিছো ৷
এই ৰেকৰ্ডসমূহ অতি সোনকালে ডিজিটাইজ কৰিব লাগে , দুৱৰাদেৱো এই ক্ষেত্ৰত আগ্ৰহী, কিন্তু চৰকাৰ, সাংস্কৃতিক সঞ্চালকালয়, বা কোনো অনা চৰকাৰী প্ৰতিষ্ঠানে ইয়াত আগ্ৰহ দেখুওৱা নাই , তথা দুৱৰা দেৱক সহায় কৰিবলে আগবাঢ়িও অহা নাই৷আনকি সংগ্ৰহালয়টিত এটা কম্পিউটাৰো নাই ৷ লগতে ডিজিটাইজ কৰিবলে লগা সামগ্ৰী বা পদ্ধতি বিলাকৰ সম্যক জ্ঞানৰ প্ৰয়োজন , যি দুৱৰাদেবৰ ওচৰত নাই৷
সংৰক্ষণৰ পদ্ধতি বিলাক অত্যাধুনিক নহয়, যেনে সংগ্ৰহালয়ত কোনো অগ্নি প্ৰতিৰোধ ব্যৱস্থা নাই , ইলেকট্ৰিক ৱায়াৰিং সমূহো সাধাৰণ পৰ্যায়ৰ, ৰেকৰ্ড সমূহ কোনো ফায়াৰ চেফ ভল্টত ৰখা হোৱা নাই , সাধাৰণ কাঠৰ বাকচত ৰখা হৈছে৷ তাতে সংগ্ৰহালয়তো এক ব্যৱসায়িক অঞ্চলত প্ৰতিষ্ঠিত , গতিকে তাত পলে পলে দুৰ্ঘটনাৰ সম্ভাৱনা বৰ্তমান ৷
মূলতঃ উপৰোক্ত দুটা কাম অনতিপলমে কৰি পেলোৱাৰ প্ৰয়োজন আহি পৰিছে, আৰু তাৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন, যিখিনি এই মুহুৰ্তত দুৱৰা দেৱৰ ওচৰত নাই ৷ উল্লখযোগ্য যে , চৰকাৰ তথা আন সন্দৰ্ভিত সংস্থা সমূহৰ এনে ধৰণৰ সৰু সুৰা অদৰকাৰী কামত মনোযোগ দিবলৈ একেবাৰে সময় নাই, গতিকে তেওঁলোকৰ পৰা কোনো ধৰণৰ আশা ৰখা অনুচিত ৷ গতিকে, যিসকলে সংগ্ৰহালয়তোৰ গুৰুত্ব উপলব্ধি কৰে তেওঁলোকক ব্যক্তিগত পৰ্য্যায়তে হলেও অলপ চেষ্টা কৰিবলে অনুৰোধ জনালোঁ ৷ মই এটা কাম কৰাৰ সিদ্ধান্ত লৈছো, আমাৰ কাৰ্যালয়ৰ অগ্নি প্ৰতিৰোধ বিশেষজ্ঞ এজনক তালৈ গৈ , সংগ্ৰহালয়টিৰ “ Threat Perspective “ সমূহ অধ্যয়ন কৰিবলৈ অনুৰোধ কৰিছো, তেখেতে ইতিমধ্যে সন্মতি দিছে৷ লগতে দুটামান Fire Extinguisher যোগাৰ কৰি দিম বুলি থিক কৰিছো ৷ কোনো কোম্পানীৰ CSR আঁচনিৰ অধীনত এটা কম্পিউটাৰ তথা এখন USB Turn Table যোগাৰ কৰিব পাৰিলে ভাল হয় ৷ আপোনালোকৰ উপদেশ পৰামৰ্শ আশা কৰিলোঁ ৷
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!