এক অনবদ্য সৃষ্টিৰ পঠন অভিজ্ঞতা(দ্য ভিন্সি ক’ড)–[সুস্মিতা বৰা]

দ্য ভিন্সি ক’ড

লেখক- ডেন ব্ৰাউন

প্ৰকাশক- Doubleday Group (United States)

ইংৰাজী উপন্যাস সাহিত্যলৈ এক অনন্য ধাৰা বোৱাই অনা আমেৰিকান সাহিত্যিক ডেন ব্ৰাউন থ্ৰিলাৰধৰ্মী উপন্যাসৰ লেখক হিচাপে প্ৰখ্যাত ৷ ডেন ব্ৰাউনৰ জন্ম হয় ১৯৬৪ চনৰ ২২ জুন তাৰিখে ৷ তেওঁৰ Digital Fortress (1998), Angels and Demons (2000), Deception Point (2001), The Vinci Code (2003), The Lodt Symbol (2009) আদি উল্লেখযোগ্য উপন্যাস ৷ তাৰ ভিতৰত The Vinci Code পৃথিৱীৰ প্ৰায় চল্লিশটা ভাষালৈ অনূদিত হৈছে৷ লেখকৰ উপৰিও তেওঁৰ আন এটা চিনাকী হ’ন গীতিকাৰ আৰু গায়ক হিচাপে ৷ আলোচ্য উপন্যাসখনে বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছিল ৷

‘‘দ্য ভিন্সি ক’ড’’ ডেন ব্ৰাউনৰ এখন ৰোমান্সধৰ্মী উপন্যাস ৷ উপন্যাসখনৰ আৰম্ভ ঘটিছে এটা হত্যাকাণ্ডৰ যোগেদি ৷ পেৰিছৰ লু মিউজিয়ামৰ বয়োবৃদ্ধ কিউৰেটৰ জ্যেক ছৌনিয়েৰক মিউজিয়ামৰ ভিতৰতে কোনোবাই হত্যা কৰে ৷ একেসময়তে হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ‘ৰিলিজিয়াছ ছিম্বল’জী বিভাগৰ অধ্যাপক ৰবাৰ্ট লেংডন পেৰিছৰ আমেৰিকান বিশ্ববিদ্যালয়ৰ আয়োজন কৰা বক্তৃতানুষ্ঠানত ভাগ ল’বলৈ আহে ৷ যি নিশা ছৌনিয়েৰক হত্যা কৰা হয় সেই নিশাই ছৌনিয়েৰৰ অতিথি হ’বলগীয়া আছিল লেংডন, যি কথা তেওঁৰ ডায়েৰীত লিখা আছিল ৷ মৃত্যু তদন্তকাৰী বিষয়াজনে মৃতদেহৰ অৱস্থিতি দেখি প্ৰথমে লেংডনক সন্দেহ কৰে ৷ লেংডনে আহি লু মিউজিয়ামৰ মজিয়াতপৰি ৰোৱা মৃতদেহ দেখি শিহৰিত হৈ উঠে ৷ লেংডনে আহি দেখিছিল মৃতদেহটো পৰি ৰোৱা মজিয়াত কেতবোৰ উদ্ভৱ সাংকেতিক চিহ্ন ৷ মৃত্যুৰ আগত ছৌনিয়েৰে দেহৰ সমস্ত কাপোৰ খুলি ওপৰমুৱাকৈ পৰি ৰৈছিল ৷ তেওঁৰ বুকুৰ হাঁড়ৰ তলত গুলি লগা ঠাইৰ পৰা ওলোৱা ঠাইডোখৰ তেজেৰে উদং পেটটোত পাঁচডাল সৰল ৰেখাৰ পাৰস্পৰিকভাৱে সংযোগ কৰি এটা তৰা আঁকিছিল ৷ কাষত কিছুমান সংখ্যা, কিছুমান শব্দ ৷ মৃতদেহটো দেখিবলৈ লিঅ’নাৰ্ড দ্য ভিন্সিৰ The Vitravian Man ত থকাৰ দৰে দেখা গৈছিল ৷ এইদৰে ঔপন্যাসিকে উপন্যাসখনত থ্ৰিলাৰৰ সৈতে সংযোগ কৰে ইতিহাসক ৷ এফালে মৃত্যু তদন্ত আনফালে মৃতদেহৰ সৈতে সংপৃক্ত সংকেতৰ অৰ্থ আৱিস্কাৰৰ জৰিয়তে ইতিহাসৰ পাঠোদ্ধাৰ ৷ এই সময়তে উপন্যাসৰ কাহিনীলৈ আগমন ঘটে ছৌনিয়েৰৰ নাতিনী তথা প্ৰতিভাশালী ক্ৰাইপ্ত’ল’জিষ্ট ছ’ফি নেভিউৰৰ ৷ লেংডনৰ লগ লাগি ছ’ফিয়ে ছৌনিয়েৰে সজাই থৈ যোৱা শব্দ আৰু সংখ্যা শৃংখলৰ অৰ্থোদ্ধাৰৰ জৰিয়তে উদ্ধাৰ কৰে কেতবোৰ গোপন তথ্য ৷ ছৌনিয়েৰৰ মৃত্যু ৰহস্য উদ্ধাৰ কৰিবলৈ যাওঁতে লেংডন আৰু ছ’ফিয়ে উদ্ধাৰ কৰে লিঅ’নাৰ্ড দ্য ভিন্সিৰ সৃষ্টিৰ আঁৰত থকা কিছুমান ৰহস্য ৷ সেই ৰহস্যসমূহ উদঘাটন কৰোঁতে লেংডন আৰু ছ’ফিয়ে গম পালে ছৌনিয়েৰ ‘প্ৰিয়ৰি অৱ চিঞ (Priori of Sion)’ নামৰ এক গোপন সমাজৰ সৈতে জড়িত আছিল ৷ য্খিন সমাজৰ সৈতে অতীতত নিউটন, ভিক্টৰ হুগো আৰু লিঅ’নাৰ্ড দ্য ভিন্সি জড়িত হৈ আছিল ৷ একে সময়তে উপন্যাসখনত আন এটা কাহিনীয়েও গতি কৰি থাকে ৷ আপাছ ডেই (Upus Dei)ত বিশ্বাসী ছিলাছ নামৰ এটা চৰিত্ৰই এজন অদৃশ্য শিক্ষকৰ নিৰ্দেশ মানি এঠাইৰ পৰা আনঠাইলৈ ঘূৰি ফুৰে ৷ ছিলাছৰ সৈতে এৰিভগ্ৰছা নামৰ আন এক চৰিত্ৰই ভুমুকি মাৰে ৷ এই দুই চৰিত্ৰৰ মাজেদি ঔপন্যাসিকে আপাছ ডেইৰ দৰ্শনৰ ব্যাখ্যা কৰিছে ৷ উপন্যাসখনত আপাছ ডেইৰ দৰ্শনক এক গোড়া কেথলিক মাৰ্গ বুলি উল্লেখ কৰিছে, যি মাৰ্গে ধৰ্মীয় ক্ষেত্ৰত শাৰীৰিক নিৰ্যাতনত বিশ্বাস ৰাখিছিল ৷ ছিলাছ, এৰিভগ্ৰছা আদি চৰিত্ৰ অথবা আপাছ ডেইত বিশ্বাসী অনুগামীসকলে Key Stone সন্ধানত থাকে যাৰ দ্বাৰা তেওঁলোকে Holy Grail লাভ কৰিব পাৰিব ৷ সেইকাৰণেই প্ৰাণ দিব লগীয়া হৈছিল জ্যোক ছৌনিয়েৰে ৷ এই চৰিত্ৰবোৰ উপন্যাসখনলৈ আহিছে আৰু কাৰ্য সম্পাদন কৰি আঁতৰিও গৈছে ৷ উপন্যাসখনত চৰিত্ৰসমূহৰ চাৰিত্ৰক দিশসমূহতকৈ তেওঁলোকৰ কাৰ্যসমূহে অধিক গুৰুত্ব লাভ কৰিছে ৷ ছৌনিয়েৰৰ মৃত্যুৰ তদন্তকাৰী পুলিচ বিষয়াজন আৰু সতীৰ্থসকলৰ কাৰ্যপ্ৰণালীৰ বৰ্ণনাৰে থ্ৰিলাৰ কাহিনীটোৱে গতি লাভ কৰিছে ৷ আনহাতেদি ছ’ফি আৰু লেংডনৰ ৰহস্যোদ্ধাৰৰ মাজেদি ঔপন্যাসিকে ঐতিহাসিক তথ্যসমূহক সুন্দৰভাৱে উপস্থাপন কৰিছে ৷ উপন্যাসখনত এই দিশটোত গুপ্তসদস্যসকলে বিশ্বাস কৰা ধৰ্মীয় ৰীতিসমূহত পোহৰৰ পেলাইছে ৷ ভিন্সিৰ সৃষ্টিসমূহৰ মাজত থকা গোপন সমাজৰ দৰ্শনৰ প্ৰভাৱৰ এখন সুন্দৰ চিত্ৰ অংকন কৰিবলৈ ঔপন্যাসিক সক্ষম হৈছে ৷ ভিন্সিৰ এক অন্যতম সৃষ্টি ‘দ্য লাষ্ট ছাপাৰ’ৰ বিশ্লেষণ যুক্তিসংগতভাৱে আগবঢ়াইছে ৷ ছবিখনত ভিন্সি এগৰাকী নাৰী মেৰী মেগডলেনৰ ছবি অংকন কৰিছে ৷ ঔপন্যাসিকে ঐতিহাসিক তথ্য তথা ধৰ্মগ্ৰন্থ বিশ্লেষণ কৰি পোৱা এই তথ্য টেবিন আৰু ছ’ফিৰ মুখেদি কোৱাইছে ৷ তেওঁলোকৰ দ্বাৰা যুক্তিসহকাৰে উপস্থাপন কৰাইছে সেই সত্যক – Holy Grail এগৰাকী নাৰী, যি গৰাকী যিশুৰ প্ৰণয়ী আছিল আৰু যিশুৰ সন্তান গৰ্ভত ধাৰণ কৰিছিল ৷ ভিন্সিৰ লাষ্ট ছাপাৰৰ Holy Grail প্ৰকৃততে মেৰী ৷ ছৌনিয়েৰৰ মৃতদেহৰ ৰহস্য উদ্ধাৰৰ অচিলাত ঔপন্যাসিকে এক বিতৰ্কিত তথ্য আৱিস্কাৰ কৰি দেখুৱাইছে ৷ ধৰ্মীয় সংকীৰ্ণতাই হওক বা যীশুৰ ঐশ্বৰিকতাত আঘাত নালাগিবৰ বাবেই যীশুৰ জীৱনত মেৰী মেগডলেনৰ নামৰ এগৰাকী নাৰীৰ সত্বাক লুকুৱাই ৰাখিছিল অথবা নষ্ট কৰিছিল ৷ জনমানসত অজ্ঞাত এক চৰিত্ৰৰ উন্মেষ ঘটাইছে ঔপন্যাসিকে ৷ এই সকলোবোৰৰ সমাহাৰত সৃষ্টি হোৱা উপন্যাসখনৰ কাহিনীটোৱে লাভ কৰিছে অনন্য হোৱাৰ এক কৃতিত্ব ৷

উপন্যাসখনৰ কাহিীনী যদিও এটা, তথাপিও তাত সমান্তৰালভাৱে তিনিটা কাহিনীয়ে গতি কৰি থাকে ৷ এফালে ছিলাছ, এৰিভগ্ৰছা, ৰেমি আদি চৰিত্ৰবোৰৰ কাৰ্যকলাপ, ৪৫৫৫৬৭৮৬ ৰ বিষয় তথা ইয়াৰ উন্মোচনৰ কাহিনী, আনফালে ছ’ফি, লেংডন, টেবিন আদি চৰিত্ৰৰ দ্বাৰা গোপন ‘প্ৰিয়ৰি অৱ চিঞ’ৰ সদস্য ভিন্সি, ভিক্টৰ হুগো আদিৰ কাৰ্যসমূহৰ বিষয়ে অৱগত কৰাইছে ৷ আনহাতেদি Teacher আৰু টেবিন যে একেজন মানুহেই সেই কথা কৈ পাঠকৰ মনত মৃদু জোকাৰণি তুলিছে ৷ উপন্যাসখনৰ শেষ কাহিনী তথা মুখ্য কাহিনী অৰ্থাৎ ছৌনিয়েৰৰ মৃত্যু তদন্ত সাক্ষাৎ এক সাৰ্থক ৰোমান্সকাৰী থ্ৰীলাৰ ৷ উপন্যাসখনৰ প্ৰাৰম্ভণিৰ পৰা সমাপ্তিলৈকে উৎকণ্ঠা আৰু কৌতুহলৰ এখন নদী বৈ আছে অবিৰতভাৱে ৷ ৰোমান্সধৰ্মী উপন্যাসৰ বাবে ঠিক ধৰণৰ যি প্ল’টৰ প্ৰয়োজন ঠিক তেনে প্ল’ট ঔপন্যাসিকে ৰচনা কৰাত সফল হৈছে ৷ আনকথাত উপন্যাসখনৰ এইটো এটা যোগাত্মক দিশ ৷ উপন্যাসখনত বৰ্ণিত ধৰ্মীয় চিহ্নবোৰ প্ৰাচীন ৰীতি-নীতি, ইতিহাস, সেই সময়ৰ ভাস্কৰ্যৰ লেংডনৰ উপস্থাপন শৈলী সকলোবোৰ ঔপন্যাসিকে সুসংগতভাৱে অংকন কৰিছে সামান্য হীন-ডেঢ়ি নঘটাকে ৷ উপন্যাসখনত প্ৰতিটো কাহিনীৰ জৰিয়তে পাঠকক একপ্ৰকাৰ মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সমৰ্থ হৈছে লেখক ৷ ইয়াতেই তেওঁৰ কৃতিত্ব প্ৰকাশ পাইছে ৷ প্ৰতিটো চৰিত্ৰ, প্ৰতিটো ঘটনাই পাঠকৰ মনলৈ অনুসন্ধিৎসা অধিক সক্ৰিয় কৰি তোলাৰ লগতে উপন্যাসখনক এক বৌদ্ধিক মাত্ৰা প্ৰদান কৰিছে ৷ ঔপন্যাসিকে কল্পনাৰ সমাহাৰেৰে ঐতিহাসিক তথ্যসমূহক পৰিমাৰ্জিত কৰি উপন্যাসখনৰ সৃষ্টি কৰিছে৷ কিতাপখন প্ৰকাশৰ লগে লগে বহু বিতৰ্কৰ সমুখীন হৈছিল ডেন ব্ৰাউন ৷ ধৰ্মীয় গুৰুসকলে মানি ল’বলৈ টান পাইছিল তেওঁৰ দ্বাৰা উদঘাটিত হোৱা সত্যক ৷ তথ্যচুৰি অপৰাধৰ গোচৰত অভিযুক্ত হৈছিল উপন্যাসখনৰ স্ৰষ্টা ৷ সেই সকলোবোৰকে নেওচি জনপ্ৰিয় হোৱা উপন্যাসখন সৰ্বকানৰ এখন জনপ্ৰিয় উপন্যাস বুলি ক’লেও বঢ়াই কোৱা নহ’ব ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!