এক মিনিটৰ গল্প- কেমেৰা- নৱজিত মেধি

মেডিকেল কলেজৰ প্ৰফেচাৰ গৰাকীয়ে গাঁ‌ৱলৈ গৈছে – প্ৰায় চাৰিকুৰি বছৰ বয়সৰ মাকক এমাহ মানৰ কাৰণে গুৱাহাটীত নিজৰ লগত থকাকৈ আনিবলৈ বুলি, প্ৰায় ছয় মাহ মান ধৰি কামৰ ব্যস্ততাৰ কাৰণে মাকক লগ ধৰিবই পৰা নাই৷ মাকক দুবছৰমানৰ পৰা ইটো-সিটো বেমাৰেও আমনি কৰি আছে৷

ডাক্তৰগৰাকীয়ে নিজৰ গাড়ী খনত মাকক লৈ আহি থাকোঁতে গুৱাহাটী পোৱাত এখন বজাৰৰ ওচৰত গাড়ীখন পাৰ্কিং কৰি মাকক ক’লে – তই দহ মিনিট গাড়ীৰ ভিতৰতে বহি থাক, মই অলপমান ফল-মূল বজাৰৰ পৰা কিনি আনো৷

বজাৰখিনি কৰি ডাক্তৰগৰাকীয়ে আহি দেখে যে মাকজনী গাড়ীৰ ভিতৰত নাই৷ ইফালে-সিফালে চাই অলপ আঁতৰৰ ফুটপাথত মানুহ জুম বান্ধি থকা দেখি সেইফালেই আগবাঢ়ি গ’ল মাকক বিচাৰি৷ মাকক ফুটপথত বহুৱাই লৈ এজাক মানুহে বিভিন্ন কথা সুধি আছে – মানুহৰ জাকটোৰ মাজৰ পৰা কেমেৰাধাৰী এগৰাকীয়ে ধামধুম কেমেৰা চলাই আছে৷ ডাক্তৰ গৰাকীয়ে একো বুজিব নোৱাৰি মাকক আথে-বেথে তাৰপৰা আনি গাড়ীত বহুৱাই মাকক কিয় গাড়ীৰ বাহিৰত গৈছিল সুধিলত মাকে ক’লে – ছলি কেইটামানে মোক গাড়ীৰ দুৱাৰ খুলি বাহিৰত মাতি নিলে দেখোন কিবা এটা চাব লাগে বুলি৷

সন্ধিয়া সময়ত মাকৰ কাষত বহি ডাক্তৰ জনে বাতৰি চাবলৈ বুলি টি.ভি.টো চলাই দিলে – কিন্তু এইয়া কি দেখিলে – বৰ বৰ হৰফেৰে টি.ভি.ৰ পৰ্দাত নিজৰ লগতে মাকৰ ফটোৰে ধাৰাভাষ্য চলি আছে – “পাষাণ পুত্ৰৰ অমানৱবীয় কাম – ফুটপাথতেই এৰি থৈ গ’ল বৃদ্ধা মাকক৷“

ফোনটো ৰিং ৰিঙাই আছে – টি.ভি.টো বন্ধ কৰি ফোনটো অফ কৰি দিলে ডাক্তৰগৰাকীয়ে৷ তিনিদিন ধৰি ডাক্তৰগৰাকীয়ে মাকৰ দুভৰিৰ কাষতেই বিছনাত শুই থাকিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!