এখন ক্ৰিকেট টুৰ্নামেণ্ট আৰু এটা ”সন্দেহজনক বাংলাদেশী” বনুৱা (- বিকাশ শইকীয়া)

এখন ক্ৰিকেট টুৰ্নামেণ্ট আৰু এটা ”সন্দেহজনক বাংলাদেশী” বনুৱা
(এটা সঁচা ঘটনাৰ আলমত)
লেখক: বিকাশ শইকীয়া
০১.০৫.১৪
——————————————————————————————————–

মাৰ্চৰ শেষৰপিনে, ২০১৩ চন
গুৱাহাটীৰ বেলতলাত টেনিচ বল ক্ৰিকেট টুৰ্নামেণ্ট এখনৰ আয়োজন চলি আছে৷ লগৰকেইটাই ফোনৰ ওপৰত ফোন কৰি মাতি আছে, সোনকালে আহিব লাগে৷ ইফালে কোম্পানীত মাৰ্চ এণ্ডিঙৰ টাৰ্গেট ফিল আপ কৰাৰ প্ৰেচাৰ৷ তথাপিও বছক মেনেজ কৰি, সহকৰ্মীৰ লগত শ্বিফট ডিউটি এদজাষ্ট কৰি ১০ দিনৰ ছুটী গোটালো৷
৩১ মাৰ্চ ২০১৩…….
ৰাতিপুৱা গুৱাহাটীত নামিলো৷ মোৰ ঘৰৰ কাষতে বেলতলা স্কুল ফিল্ডখন, যোগেন দা , সুৰেন, নয়নহঁতে কামত লাগি আছে, বঙলুৱা মিঞা লেবাৰ এটাই চাইডস্ক্ৰীনৰ খুটা পুতিবলৈ গাত খান্দিছে৷
দুপৰীয়া খেলৰ হিচাপ নিকাচ কৰি আছো, উদ্বোধন কোনে কৰিব, কাক কাক গামোচা পিন্ধাব লাগিব, বাজেটমতে কালেকচন হৈছে নে নাই, কেইটা দলে যোগ দিব৷
কথাৰ মাজতে উৎপলে কলে, আমাৰ লেবাৰো এলাপেচা নহয়, মেট্ৰিকত লেটাৰ পোৱা লেবাৰ৷
মই আচৰিত হৈ সুধিলো ……কি ?
– অ’, সি বোলে তিনিটাত লেটাৰ পাইছিল
বনুৱাটোলৈ ভালকে চালো, গাৰ ৰংটো ক’লা, সি লেতেৰা হাফপেণ্ট আৰু গেঞ্জী এটা পিন্ধিছে, আপাতদৃষ্টিত এটা বঙলুৱা মিঞা, অভিজাত স্বঘোষিত অসমীয়াৰ ভাষাত ”সন্দেহজনক বাংলাদেশী”……….
”সন্দেহজনক বাংলাদেশী” ল’ৰাটোক হাত বাউল দি মাতিলো
– ঐ গেদা, তই পঢ়ি আছ নেকি
– অ’
– ক’ত
– খাৰুপেটীয়া কলেজ, ফাৰ্ষ্ট ইয়াৰ, আৰ্টছত
– মেট্ৰিকত বোলে লেটাৰ পাইছিলি
– হয় দাদা, চচিয়েল ষ্টাদি, চাইন্স আৰু অসমীয়াত
– পঢ়া শুনা বাদ দি হাজিৰা কৰিবলৈ আহিলি যে
– ঘৰৰ অৱস্থা বেয়া, HS ছেকেন্দ ইয়াৰৰ এডমিচন ফীজ গোটাবলৈ গুৱাহাটীলৈ আহিছো
– তোৰ কলেজত ষ্টুডেন্ট এইড ফাণ্ড আছে নে নাই
– নাজানো
মই এতিয়ালৈ ভাবি থকা ”সন্দেহজনক বাংলাদেশী” টোৱে অসমীয়াত লেটাৰ পাইছে, কথাটো শুনি অলপ লাজ লাগিল৷
৭৫ টা দলৰ যোগদানেৰে টুৰ্নামেণ্ট চলি থাকিল৷ দুদিন পাছত চৰিফ ঘৰলৈ উভতি গল৷ তাৰ ঠাইত নতুন ল’ৰা এটা আহিল, আহমেদ আলি, চৰিফৰ গাৱৰ, সিও চৰিফৰ দৰেই গুৱাহাটীলৈ এডমিচনৰ পইচা গোটাবলৈ আহিছে৷
৬ এপ্ৰিল ২০১৩, শনিবাৰ
আবেলি…… ফিল্ডত থকা কমিটীৰ অস্থায়ী কাৰ্যালয়ত বহি আছো, লগত ৰঞ্জিত দা, বিষ্ণু, প্ৰবাল আৰু মুকুল৷
মই ক’লো, এইবাৰ খেলখন পতাৰ লগতে অলপ সামাজিক কামো কৰো, বেলতলা স্কুলত লাইব্ৰেৰীৰ কিতাপ কিনিবলৈ দুহেজাৰ টকাৰ অনুদান দিও, লগতে আমাৰ টুৰ্নামেণ্টত যে কাম কৰি আছে ল’ৰা দুটা, সিহতক হাজিৰাৰ উপৰিও কমিটীৰ ফালৰ পৰা কলেজৰ এদমিচন ফীজ দি দিওঁ৷
সকলোৱে লগে লগে সন্মতি দিলে৷
আহমেদক মাতি ক’লো, কাইলৈ টুৰ্নামেণ্টৰ শেষ দিন, তহঁতক কলেজৰ এদমিচন ফীজ যিমান হয় দি দিম৷ চৰিফক গাৱৰ পৰা মাতি দে, আৰু আহোতে তহত দুটাৰ মেট্ৰিকৰ মাৰ্কচিতৰ জেৰক্স কপি লৈ আহিব দিবি৷
৭ এপ্ৰিল ২০১৩, দেওবাৰ, টুৰ্নামেণ্টৰ অন্তিম দিন…..
সেইদিনা বঁটা বিতৰণীত মন্ত্ৰী এজন অহাৰ কথা, ৰঞ্জিত দাক কলো, মন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শেষ হোৱাৰ পাছতে আমাৰ ঘোষণাটো কৰি দিব৷
আবেলি চৰিফ আৰু আহমেদক কলো, আজি এডমিচনৰ লগতে ফৰ্ম ফিলাপৰ পইচাও পাই যাবি৷
যথাসময়ত মন্ত্ৰী ডাঙৰীয়া আহিল,লগত বহুতো নেতা-পালিনেতা…..
মন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শেষ হোৱাৰ লগে লগে ৰঞ্জিত দাই কৈ উঠিল…… বেলতলাৰ পুমা ক্লাৱৰ সৌজন্যত ক্ৰিকেট খেল আয়োজন কৰাৰ লগতে আমি কিছু সামাজিক কামত আগবাঢ়িব খুজিছো, ইয়াৰ অংশস্বৰূপে বেলতলা স্কুললৈ আৰ্থিক অনুদান তথা দুজন আৰ্থিকভাৱে দুৰ্বল কিন্ত উদ্যমী ছাত্ৰক ক্ৰিকেট টুৰ্নামেণ্টৰ সমিতিৰ তৰফৰ পৰা কলেজৰ এডমিচন ফীজ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো৷
চৰিফ আৰু আহমেদ মঞ্চলৈ উঠি গল, মই মন্ত্ৰী ডাঙৰীয়াৰ ফালে দুটা খাম আগবঢ়াই দিলো,
মন্ত্ৰী ডাঙৰীয়াই সুধিলে, ”কিমান আছে ?”
ৰঞ্জিতদাই কলে, ”এওঁলোকৰ এইবছৰৰ সম্পুৰ্ন এডমিচন ফীজ৷”
মন্ত্ৰী ডাঙৰীয়াই নিজৰ ফালৰপৰাও খাম দুটাত এহেজাৰটকীয়া নোট কেইখনমান ভৰাই দিলে৷
২৫ এপ্ৰিল ২০১৩,
ৰীগত নাইট শ্বিফট কৰি কোৱাৰ্টাৰ সোমাইছো, ফোনটো বাজি উঠিল, অচিনাকী নম্বৰ
– দাদা মই চৰিফে কৈছো, কালি মই এদমিচন ললো, এইবাৰ ফী়জটো বাঢ়িছে, আপোনালোকে আশীৰ্বাদ কৰিব , মই ভালকৈ পঢ়িম.
তাৰপাছত মই চৰিফৰ খা-খবৰ লোৱা নাই৷ তাক মই পাহৰি গলো৷
৩০ মে ২০১৪
ৰীগত ডিউটিত আছো৷ অচিনাকী নম্বৰ এটাৰপৰা ফোন এটা আহিল৷ ৰিচিভ কৰিলো, কিন্তু নেটৱৰ্কৰ সমস্যাৰ কাৰণে সংযোগ কাট খাই গল৷ কেইবাবাৰো সংযোগ কাট খাই গল৷
ৰাতি ১০-৪৯ বজাত আননউন নাম্বাৰটোৰপৰা মেচেজ এটা আহিল
“dada.mai.sharif.mai.h.s.exam ot star.3tat letter(76.2%).paisu. towere problem korile babe funot apunar maat huni puwa nai.”
বি.দ্ৰ- এটা সময়ত চৰিফ নামৰ লৰাটোক গাৰ বৰণ ক’লা, আৰু গুৱাহাটীত দিনহাজিৰা কৰা মুছলমান বাবে ”বাংলাদেশী” বুলি ভাবিছিলো৷ চৰিফ আলী বাংলাদেশী হওক বা নহওক, তেতিয়াৰ মোৰ চিন্তাধাৰাৰ বাবে মই লজ্জ্বিত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!