এখন খেল বহু স্মৃতি (উজ্জল ফুকন)

এখন খেল বহু স্মৃতি (উজ্জল ফুকন)

দেওবাৰৰ দুপৰিয়া । ভাত খাই উঠি ষ্টাৰ স্পৰ্টচ ছেনেলটো লগাই সেই বিশেষ খেলখনৰ কাৰণে ৰৈ আছো । চিনাকি মুখৰ  বিজয় অমৃতৰাজে আন এজন স্পৰ্টচ কমেন্টটেতৰৰ সৈতে হব লগা ফাইনেল খেলখনৰ বিষয়ে কথা পাতি আছে । এটা  মূহুৰ্তত  টিভিৰ পৰ্দাত দুয়োজন খেলুৱৈক কৰ্টত প্রৱেশ কৰা দেখা গল । বৰ্তমান পৃথিৱীৰ এক নম্বৰ পুৰুষ টেনিছ খেলুৱৈ “নভাক জকভিক” যি ছেমিফাইনেলত এণ্ডি মাৰেক এক শ্বাসৰূদ্ধকাৰী খেলত পৰাস্ত কৰি আহিছে । ফাইনেলত তেওঁৰ প্রতিদ্বন্দী কোন বাৰু ? ছেমিত বহু যুঁজৰ নায়ক  ৰজাৰ  ফেডেৰাৰক  পৰাস্ত কৰা ৰাফেল নাডাল চমূকৈ “ৰাফা” । ছেয়াৰ আম্পায়াৰৰ নিৰ্দেশত খেল আৰম্ভ হল । মইও যেন টিভি  স্ক্রীনৰ  মাজেৰে  ৰড  লেভাৰ  এৰিনাত হৈ থকা অস্ট্রেলিয়ান অপেন ফাইনেলত প্রৱেশ কৰিলো । তুমুল সংঘৰ্ষৰ মাজত প্রথম ছেটটো ৰাফাৰ নামত  থাকিল  ৫-৭  ।  কিন্তু  দ্বিতীয় আৰু তৃতীয় ছেটত জকভিকে যেন ছন্দ ঘূৰাই পালে । দুয়োটা ছেট জকভিকৰ নামত ৬-৪,৬-২ ।

চতুৰ্থ ছেট । ৰেলীবোৰ ক্ষীপ্রৰপৰা ক্ষীপ্রতৰ হৈ গৈ আছে । এটা এটা পইন্টৰ বাবে কৰ্টৰ ইমূৰৰ পৰা সিমূৰলৈ দুয়োজন খেলুৱৈ  দৌৰি  আছে । চতুৰ্থ ছেট টাইব্রেকাৰত আহি ৰলহি ৬-৬ । উপস্হিত দৰ্শক আৰু টিভি স্ক্রীনৰ মূখৰ লাখ লাখ দৰ্শকে অবিশ্বাসী  দৃষ্টিৰে চাই আছে । সকলোৰে চকুত বিস্ময়ভৰা প্রশ্ন “এনেকৈও খেলিব পাৰে জানো ?” ৰাফাই যেন চিঞৰী সকলোকে কৈ দিলে “এনেকৈও খেলিব পাৰি” চতুৰ্থ ছেট ৰাফাৰ নামত ৭-৬ ।

ফাইনেল ছেট । ট্রাইবেকাৰৰ সুযোগ নাই । দুয়োজন খেলুৱৈৰ সমৰ্থকসকল চৰম উত্তেজনাত ফাটি পৰিছে । দুয়োজনৰ  মানসিক শক্তি  আৰু দুৰ্দান্ত শ্বটবোৰৰ মাজত দৰ্শক ভাগৰি পৰিছে । ৫-৫ । জকভিকৰ যেন শৰীৰে টানিব পৰা নাই । বাৰে বাৰে সময় উলিয়াই  ভৰি  দুটাক অলপ সকাহ দিছে । ৰাফাৰো প্রায় একেই অৱস্হা । কেৱল মনৰ জোৰত দুয়োজনে প্রাণপণে চেষ্টা কৰিছে । হঠাত যেন  ভাগ্যই  জকভিকক  লগ দিলে । ৰাফাৰ ছাৰ্ভ ব্রেক হল । ৬-৫ জকভিক আগবাঢ়িল । শেষ হাঁহি মাৰাৰ আশাৰে ছাৰ্ভ কৰিলে জকভিকে । অৱশেষত  প্রায় ৬ ঘন্টা যোৰা যুদ্ধৰ যৱনিকা পৰিল । এখন ঐতিহাসিক খেলৰ অন্ত পৰিল । সবাতোকৈ দীঘল গ্রেণ্ডশ্লাম ছিঙ্গলছ ফাইনেলৰ  সাক্ষী হৈ  ৰল  লাখ  লাখ  দৰ্শক । এয়া যেন জকভিকৰ জয় নহয় এয়া টেনিছৰ জয় । এয়া খেলৰ জয় । এয়া খেলুৱৈৰ জয় । জকভিকৰ ভাষাত  “আমি আজি ইতিহাস ৰছিলো । এখন খেলত দুজন খেলুৱৈ জিকিব নোৱাৰে । মই তোমাক আহি থকা খেলবোৰৰ বাবে শুভেচ্ছা জনাইছো ।” ৰাফাই মুৰ  দুপিয়াই  হাত চাপৰিৰে সমৰ্থন জনালে । দুজন মহান খেলুৱৈ আৰু সমানে মহান খেলুৱৈসুলভ আচৰণ ।

লন টেনিছ মোৰ অন্যতম প্রিয় খেল যদিও মই আজিলৈকে লন টেনিছৰ ৰেকেটখন হাতত লৈ পোৱা নাই । নাজানো  মই  কিয়  ভাল পাও । সেই অতিজতে মেকেনৰই ৰেকেট দলিয়াই ক্ষোভ প্রকাশ কৰাৰ কাহিনী শুনিছিলো । বিয়ন বৰ্গ আৰু মেকেনৰৰ খেলৰ বিষয়ে বহুবাৰ পঢ়িছিলো । ৰড লেভাৰ,জিমি কৰ্নছ,বেকাৰ,এডৱাৰ্গ,মেটছ উইলেন্দাৰ,ক্রিছ এভাৰ্ট,মাৰ্টিনা,বৰ্গ,মেকেনৰ এই সকলোবোৰ মোৰ বাবে সাধুকথাৰ নায়ক নায়িকা আছিল । স্পৰ্টষ্টাৰ আলোচনীত দিয়া বেকাৰ আৰু গ্রাফৰ প’ষ্টাৰ বেৰত লগোৱা আজিও মনত পৰে । বহুত ভাল নেখেলিছিল যদিও মই সৰুতেই ছাবাতিনিৰ প্রেমত পৰিছিলো । কেৱল মই নহয় মোৰ বন্ধু বৰ্গৰ মাজতো গেব্রিয়ালা  ছাবাতিনিয়ে  গ্রাফতকৈ অগ্রাধিকাৰ পাইছিল । পিছে গ্লেমাৰৰ মায়াত আন্না কূৰ্নিকোভাৰ দৰে ছাবাতিনিও কম সময়তে নোহোৱা হৈ গল । ইভান লেণ্ডেলে  চাৰিখন গ্রেণ্ড শ্লামৰ ফাইনেল হৰাৰ পিছত প্রথমখন গ্রেণ্ডশ্লাম জিকাৰ অনুভৱ ভাবি ৰোমাঞ্চিত হৈছিলো । হাৰি হাৰিও যে জিকিব পাৰি  আৰু  জিকাৰ সোৱাদ যে কিমান মিঠা তাক লেণ্ডেলতকৈ ভালকৈ আৰু কোনে বুজি পাব । লেণ্ডেল আৰু হাৰি হাৰি জিকাৰ কথা কবলৈ গৈ মই যদি গৰাণ ইভানিছেভিছৰ কথা নকও তেন্তে মোক পাপে চুব । ক্রয়েচিয়াৰ গৰাণ ইভানছেভিছৰ ছাৰ্ভিছয়েই মূল অস্ত্র আছিল । ১৯৯২ চন । উইম্বলডনত ইটোৰ পিছত সিটো অঘটন । লেণ্ডেল এডৱাৰ্গ আৰু ছামপ্রাছৰ দৰে খেলুৱৈক পৰাস্ত কৰি ইভানিছেভিছ ফাইনেল পালেগৈ । ফাইনেলত সন্মুখত আছিল সোণালী চুলিৰ আন্দ্রে আগাছী যি আন দুজন মহান খেলুৱৈ বৰিছ বেকাৰ আৰু জন মেকেনৰক পৰাস্ত কৰি ফাইনেল পাইছিলহি । আগাছী আৰু ইভানছেভিছ দুয়োজনে তেতিয়ালৈ গ্রেণ্ডশ্লাম জিকা নাছিল যদিও তাৰ আগতে আগাছী দুই এবাৰ গ্রণ্ডশ্লাম  ফাইনেল খেলিছিল । ৫ ছেটৰ ফাইনেলত আগাছীয়ে শেষ হাঁহি মাৰিছিল । ইভানছেভিছৰ সপোন ভাঙিছিল হয় কিন্তু মন ভঙা নাছিল ।

১৯৯৪ চন । উইম্বলডন গ্রেণ্ডশ্লাম ফাইনেল । ইভানছেভিছৰ সন্মুখত এইবাৰ পিট ছামপ্রাছ । কিন্তু সেই  সময়ত  দূৰ্দান্ত  ফৰ্মত থকা  ছামপ্রাছৰ হাতত সহজেই ৩ টা ছেটত হাৰ মানিলে ইভানছেভিছে । ১৯৯৫ উইম্বলডন ছেমিফাইনেলটো একেই ফলাফল । ছামপ্রাছৰ  হাতত হাৰিল ইভানছেভিছ । কিন্তু উইম্বলডনৰ চেম্পিয়নৰ কাপটো যেন এবাৰ চুই চাবই ইভানছেভিছে ।

১৯৯৮ চন । উইম্বলডন ফাইনেল । ইভানছেভিছৰ সন্মুখত আকৌ চিৰপ্রতিদ্বণ্ডী পিট ছামপ্রাছ । প্রাণপণে  যুঁজিছে ইভানছেভিছে । মনত এটাই আশা এইবাৰ যেনে তেনে জিকিবই । ৫ টা ছেটৰ তয়াময়া যুদ্ধত আকৌ শেষ হাঁহি মাৰিলে ছামপ্রাছে । সেইদিনা সমূহ দৰ্শকৰ লগতে ছামপ্রাছেও ইভানছেভিছৰ বাবে দুখ প্রকাশ কৰিছিল । পিছৰ বছৰবোৰত লাহে লাহে ইভানছেভিছ উইম্বলডনৰ কোৱাৰ্টাৰ,ছেমি বা ফাইনেলত নেদেখা হৈ আহিল । দৰ্শকেও চকুৰ আতৰ হলে মনৰ আতৰ হোৱাৰ দৰে ইভানছেভিছৰ কথা পাহৰিব ধৰিলে । লেটন হেৱিট, মাৰাট ছাফিন,ৰজাৰ ফেডেৰাৰ আদি নতুন নতুন মুখৰ মাজত ইভানছেভিছ হেৰাই থাকিল ।

২০০১ চন উইম্বলডন । ইভানছেভিছৰ তেতিয়া ৰেঙকিঙ ১২৫ যাৰ বাবে উইম্বলডনৰ মূল ড্রত অন্তৰ্ভূক্ত নহল । কিন্তু আগৰ ৰেকৰ্ড চাই তেওঁক ৱাইল্ড কাৰ্ড এন্ট্রি দিয়া হল । ছেমিফাইনেলৰ পথত ইভানছেভিছে হৰুৱাই গল পুৰণা আৰু আগলৈ হব লগা পৃথিৱীৰ  নম্বৰ  ৱান  খেলুৱৈ সকলক । যাৰ ভিতৰত আছিল কাৰ্লচ ময়া,এণ্ডি ৰডিক আৰু মাৰাট চাফিন । ছেমি ফাইনেলত ঘৰুৱা  সমৰ্থনেৰে পুস্ট  টিম  হেনমেনক ৫ টা ছেটৰ যুদ্ধত স্তব্ধ কৰি ইভানছেভিছ আকৌ উইম্বলডনৰ ফাইনেলত প্রৱেশ কৰিলে । এইবাৰ সন্মুখত ছামপ্রাছ নাই । আছে পূৰ্বৰ  ইউ এছ অপেন চেম্পিয়ন পেট্রিক ৰাফটাৰ । ৫ ছেটৰ তুমুল সংঘৰ্ষৰ শেষত বিজয়ৰ হাঁহি মাৰিলে টেনিছে,লাখ লাখ দৰ্শকে আৰু সকলোতকৈ ওপৰত ইভানছেভিছে ।

সেইদিনাৰপৰা মইও বাৰে বাৰে চেষ্টা কৰিও কিবা কামত সফল নহলে সৰুতে শুনা মকৰাৰ কাহিনীটো মনত নেপেলাও । নিজে দেখা ইভানছেভিছৰ কথা মনত পেলাও আৰু বুজি পাও মোৰ চেষ্টাবোৰ তেনেই পাতল । মই আজিও ভাবো আমাৰ উঠি অহা প্রজন্মক উন্নত পৰ্য্যায়ৰ শিক্ষাৰ লগতে খেলাধুলা কৰাৰ এটা পৰিবেশ গঢ়ি তোলাটো একান্ত প্রয়োজনীয় । ভিডিঅ গেম,মবাইল আৰু ইন্টাৰনেটৰ মাজত আজিৰ লৰা ছোৱালীয়ে প্রকৃত খেলৰ মাদকতা পাহৰি পেলাইছে । উঠি অহা প্রজন্মৰ বাবে এখন ভাল বিদ্যালয়  যি দৰে  জৰুৰী  থিক তেনেকৈ এখন খেলপথাৰ,এটা ইনডৰ ষ্টেডিয়াম বা এটা চুইমিঙ পুলো সমানে প্রয়োজনীয় ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!