এখন দলং (দীপুল হালৈ)

এখন দলং | গাঁৱলীয়া এই দলঙখনত এক গ্ৰাম্য সুবাস বিদ্যমান | কোটি বা লাখটকীয়া টেন্দাৰৰ নহয় এই দলঙখন | চহা গাঁৱৰ ৰাইজৰ শ্ৰম দানত নিৰ্মিত হয় এই যাতায়ত ব্যৱস্থা | বাঁহ কাঠেৰে সজা এই দলঙখন বছৰৰ সকলো সময়ত যাতায়তৰ মাধ্যম | চাইকেল, ৰিক্সা,মটৰচাইকেল সকলো এই দলঙেৰে পাৰ হৈ যায় | গাঁওৰ শিল দিয়া ৰাস্তাৰ পৰা ওলাই যোৱা উপপথটোৰে অলপ গ’লেই দলঙখন পোৱা য়ায় | দলঙখন পাৰ হৈয়েই আছে পথাৰখন | শাওঁণত সেউজীয়া ,আঘোণত সোণোৱালী আৰু ফাগুণত ধূলিয়ৰি হয় এই পথাৰখন | পথাৰ খন পাৰ হৈয়েই গাঁৱখন | বাঁহনী- গছনীৰে আৰম্ভ হয় গাঁৱখনৰ সীমা | বাহেৰে সজা এই দলঙখন মোৰ ভাল লাগে | বিভিন্ন ধৰণৰ আৰ্হিৰে গাঁৱৰ ল’ৰা- বুঢ়াই হাঁহি ধেমালিৰে এই দলঙখন সাজে | সিদিনা এক উত্সৱ মুখৰ পৰিবেশ | এই দলঙখন বহি তলৰে বৈ যোৱা জানটোত মঙলা কায়ে বৰষি বায় | সন্ধিয়া হলে ঘনাই খুড়াৰ জীয়েক সৰলা আৰু ৰূপৰাম বাপৰ পুতেকে ইয়াত থিয় হৈ কথা পাতে | থিয় হৈ হৈ আমনি লাগিলে দুয়ো বহি পানীলৈ ভৰি লৰাই কথা পাতে | কথা যেনে শেষেই নহ’ব | জানৰ পানীৰ কলমৌত বহি থকা পাতবেঙটোৱে সিহতৰ প্ৰেমালাপ শুনি টোৰ টোৰাই | ভাগৰুৱা বগলীৰ জাক এটা সুদুৰৰ গাঁৱৰ বাঁহনীলৈ উৰি যায় | কেতিয়াবা বাৰিষা এই ধুনীয়া দলঙখন দুই মূৰ জানৰ পানীয়ে খহাই দিয়ে আৰু কিছু দিনৰ বাবে যাতায়ত বন্ধ হৈ যায় | কোনো সৰল মনা গাঁৱৰ লোকে দুয়োফালে বাঁহ পাৰি আকৌ দলঙখনক জীৱন দিয়ে | পাচত অবশ্যে ৰাইজে দলঙখন ঠিক কৰে | আকৌ গৰুৰ পাল ওপৰেৰে হুৰ হুৰাই দৌৰে | গাঁৱৰ দেৱ মাস্তৰৰ ডাঙৰ ল’ৰা হৰেণৰ নতুন বাইকখন হুৰুতকৈ শব্দ কৰি পথৰুৱা দুটা লিট থকা আলিত মিলি যায় | আৰু মফচলীয়া সাংবাদিকে এই দলঙখনৰে ফটো সহকাৰে বাতৰি প্ৰকাশ কৰি কেপচন দিয়ে “ মধুপুৰৰ যাতায়তৰ পুতৌ লগা অৱস্থা” |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!