এখন হাতপুথিৰ সম্পাদনা, প্ৰেক্ষাপট আৰু কিছু অনুভৱ (ভাস্কৰজ্যোতি দাস)

শিৱসাগৰলৈ নতুনকৈ অহা উপায়ুক্তক যোগদান কৰাৰে পৰা কেৱল মেল-মিটিং কৰি থকাহে দেখি আহিছিলোঁ। দিনটোত তিনি-চাৰিখন মিটিং থাকেই। প্ৰয়োজনো নথকা নহয়। প্ৰশাসনিক বিষয়া এজনৰ বাবে এখন নতুন ঠাইৰ বিষয়ে জ্ঞান আহৰণ কৰা আৰু বিভিন্ন তথ্য সংগ্ৰহ কৰাটো এটা জৰুৰী কাম। অন্তত: আজিৰ তাৰিখত। তেখেতে বিভিন্ন মহলৰ সৈতে আলচ কৰি কিছুমান আঁচনি গ্ৰহণ কৰা বুলি শুনিলোঁ আৰু এই আঁচনিসমুহ ৰূপায়ণৰ বাবে এটা “বিশেষ প্ৰকল্প দল” (Special Project Team চমুকৈ SPT) গঠন কৰিছে বুলি গম পালোঁ।

২৫ অক্টোবৰৰ দিনা এটা অৰ্ডাৰ পালোঁ। অৱশ্যে দুদিনমানৰ আগতেই কথাটো গম পাইছিলোঁ। মোক সেই বিশেষ প্ৰকল্প দল (SPT)ত বিচাৰিছে উপায়ুক্তই। কেইমিনিটমানৰ পাচতে উপায়ুক্তৰ ব্যক্তিগত পিয়ন কুলেশ ডেকাই আহি ক’লেহি-“চাৰে বিচাৰিছে” পলম নকৰি তেখেতৰ কোঠা পালোহি। তেখেতে হাঁহি এটা মাৰি বহিবলৈ কৈ কথাবোৰ ভগা-চিগা অসমীয়া-ইংৰাজী-হিন্দী মিশ্ৰিত ভাষা এটাত কৈ গ’ল। কি কি বিশেষ প্ৰকল্প হাতত লৈছে, কিয় লৈছে ইত্যাদিবোৰ কথা। লগতে জনালে যে ২৬ অক্টোবৰ শণিবাৰে ONGCL ৰ গেষ্ট হাউচত SPT ৰ ৰিভিউ মিটিং হ’ব। তাতে কথাবোৰ বিতংভাৱে আলোচনা কৰা হ’ব।

২৬ অক্টোবৰ শণিবাৰে দিনৰ ১ বজাত গেষ্ট হাউচ পালোগৈ। SPT ৰ ৩জন লোকক তাতে লগ পালোঁ। তাৰে দুজন জে.ই., লগতে এজন ৱেব ডিজাইনাৰ। ১৫মিনিটমানৰ পাচতে উপায়ুক্তও গৈ পালেগৈ। প্ৰথমে ৱেব ডিজাইনাৰজনে প্ৰজেক্টৰযোগে এটা ৱেবচাইট দেখুৱালে। Mission Green Sivasagar (সেউজ শিৱসাগৰ অভিযান) ৰ ৱেবচাইট। নিৰ্মানকাৰ্য চলি আছে। ৱেবচাইট সম্পৰ্কীয় কিছু কথা আলোচনা কৰা হ’ল। যোগ-বিয়োগৰ কথা। এই সেউজ শিৱসাগৰ অভিযানটো বিশেষ প্ৰকল্প দলৰ আন আন প্ৰকল্পৰ মাজৰে এটা। এইক্ষেত্ৰত কিছু পৰামৰ্শ আমিও দিলোঁ। ইয়াৰ পাচতে উপায়ুক্তই SPT ৰ আন আন প্ৰকল্পৰ বিষয়ে জনালে। তাৰ মাজৰে কৃষ্নকান্ত সন্দিকৈ সেউজ শিৱসাগৰ কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰাম, প্ৰাচীন কৃতীচিহ্নৰ সংৰক্ষণ তথা সৌন্দৰ্যবৃদ্ধিকৰণ, ট্ৰেফিক আৰ্ট, পেৰামটৰিং ইভেন্ট ইত্যাদিবোৰ প্ৰকল্পৰ বিষয়ে জানি ভাল লাগিল। এইসমুহত এক নতুনত্বৰ আভাস পালোঁ। কিন্তু যিটো বিষয়ে আমাক সকলোতকৈ বেছি উৎসাহিত কৰিলে সেইটো হ’ল-শিৱসাগৰৰ প্ৰতিখন চাহ বাগানতে একো একোটা “সেউজ শিৱসাগৰ চাহবাগান তথ্য কেন্দ্ৰ” খুলিবলৈ আগবঢ়োৱা প্ৰস্তাৱটো।

ভাৰতৰ শতকৰা ১৭ শতাংশ আৰু অসমৰ শতকৰা ৫১ শতাংশ দৈনিক কাম কৰা শ্ৰমিক চাহ উদ্যোগৰ লগত জঢ়িত। কিন্তু পৰিতাপৰ বিষয় যে স্বাধীনতাৰ ৬৬ বছৰ পাৰ হৈ যোৱাৰ পাচতো সভ্যতাৰ পোহৰ নপৰা এই চাহবাগানসমুহত ডাইনী ওলাই, আজিও ডায়েৰিয়া হৈ শ শ হিচাবে শিশুৰ মৃত্যু হয়। শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাৰ চাহ বাগানবোৰত জন্ম হৈয়ে মৃত্যু হোৱা শিশুৰ সংখ্যা তথা হাৰ দেশৰ ভিতৰতে সৰ্বাধিক। অসমৰ আন আন বাগানসমুহততো আবেলি ৩ বজাৰ পাচত যাবলৈ সাধাৰণ মানুহে সাহসেই কৰিব নোৱাৰে। শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ কণাপথাৰ চাহ বাগিছাত ঘটা ঘটনাটোৰ পাচত অসমৰ চাহবাগিচাত মাওবাদীৰ উত্থানহোৱাটো ষ্পষ্ট হৈছে। মাওবাদীৰ যুদ্ধ এক আদৰ্শৰ ওপৰত প্ৰতিস্থিত। লাগিলে ই যিমানে ধ্বংসাত্মক নহওক কিয়। চৰকাৰে চাহবাগানত খোৱাপানীৰ ব্যৱস্থা কৰি দিয়ে ঠিকেই কিন্তু শ্ৰমিকে সেই পানীৰে কাপোৰ-বাচনহে ধোৱে। খাবলৈ ঘৰৰ পিচফালে থকা কোঁৱাৰ পানী আছেই। এইবোৰকে ধৰি এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে অসমৰ চাহবাগানবোৰৰ লেবাৰ লাইনত থকা লাখ লাখ শ্ৰমিক। ইয়াৰোপৰি উজনি অসমৰ কাৰাগাৰসমুহৰ শতকৰা ৭০ শতাংশ হাজোতিয়েই এই চাহ বাগানৰ শ্ৰমিক সম্প্ৰদায়ৰ। কিন্তু, কিয় ইত্যাদিবোৰ ধৰিলে একো একোটা প্ৰশ্নভান্ডাৰ হ’ব। এইসমুহ প্ৰশ্নৰ সমাধানৰ দিশত “সেউজ শিৱসাগৰ চাহবাগান তথ্যকেন্দ্ৰ” একো একোটা প্ৰতিখন বাগানতে থাকিব। তাত দহজনমান স্বেচ্ছাসেৱক থাকিব আৰু এই স্বেচ্ছাসেৱকসলক চৰকাৰৰ বিভিন্ন আঁচনিৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ’ব। প্ৰশিক্ষণৰ অন্তত তথ্যকেন্দ্ৰটো খূলি অহালৈকে কাম জিলা প্ৰশাসনৰ। তাৰ পাচত বাগানসমুহৰ মেনেজমেন্টে এইসমুহ চলাব। প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱক সকলে বাগানখনৰ লেবাৰ লাইনত সোমাই চৰকাৰৰ আঁচনিবোৰৰ লাভ কেনেকৈ ল’ব পাৰি, কাৰ সৈতে যোগাযাগ কৰিব লাগিব, কি কি নথি লাগিব ইত্যাদিসমুহ পৰ্যায়ক্ৰমে শ্ৰমিকক বুজাব। মুঠৰ ওপৰত বাগানৰ লোকসকলে আন লোকৰ দৰেই চৰকাৰী সা-সুবিধা পাব লাগে-আঁচনিৰ লক্ষ্য এয়াই।

যি কি নহওক, মোক ইয়াৰ সম্পূৰ্ণ দায়িত্ব দিয়া হ’ল। প্ৰকল্প দলটোৰ কৰ্মচাৰীসকলক বাহিৰৰ অফিচৰপৰা Deputationত অনা হৈছে। কাৰ্যসম্পাদনৰ দক্ষতাত সন্দেহ থাকে। সন্দেহটো অমুলক বুলিও প্ৰমাণিত নহ’ল। হ’লেও কামবোৰ হাতত লোৱা হ’ল। প্ৰায় এটামান মাহৰ কচৰৎ, মেল-মিটিং তথা আন আন যাৱতীয় কৰ্ম সম্পাদন কৰাৰ পাচত বিষয়সমুহৰ কাৰ্যক্ষেত্ৰত সম্পাদনৰ সময় আহি পৰিল। বিশেষ প্ৰকল্প দলৰ ১৯ নৱেম্বৰৰ ৰিভিউ মিটিংত চাহ বাগান তথ্যকেন্দ্ৰ খোলাৰ কথা চুঢ়ান্ত কৰা হ’ল।

তথ্যমতে শিৱসাগৰ জিলাৰ মুঠ চাহবাগানৰ সংখ্যা ৮৭ খন। ইয়াৰে দুখনমানৰ আন্তগাঁথনি যথেষ্ঠ দুৰ্বল। ভাৰতীয় চাহ পৰিষদ (BCP), এবিটা (Assam Branch Indian Tea Association), এ.টি.পি.এ.(Assam Tea Planter’s Association), এইসমুহৰ অধীনৰ চাহবাগানসমুহৰ মেনেজাৰ তথা সহকাৰী শ্ৰম আয়ুক্তৰ অধীনৰ বিষয়াসকলক লৈ ২০ নৱেম্বৰ তাৰিখে এখন জৰুৰী সভা অনুস্থিত কৰা হ’ল। সকলোৱে এই তথ্যকেন্দ্ৰক এক উল্লেখনীয় পদক্ষেপ বুলি কোৱাৰ লগতে এইসমুহ স্থাপনৰ বাবে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হ’ব বুলি জনালে। সেইমৰ্মে কাৰ্যপন্থাৰ বিষয়ে তেওলোকক জনোৱা হ’ল আৰু এই তথ্যকেন্দ্ৰটোৰ বাবে প্ৰয়োজনীয় হোৱা স্বেচ্ছাসেৱকৰ (প্ৰতিখন বাগানৰ ১০জনকৈ) তালিকা অনতিপলমে দাখিল কৰিবলৈ চাহবাগান কতৃপক্ষক জনোৱা হ’ল। জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলৰ সহযোগত তিনিখনমানকৈ ওচৰা-ওচৰি বাগানক সাঙুৰি মুঠ ২৮ টা ক্লাষ্টাৰ (Cluster) কৰা হ’ল।

একেদৰে জিলাখনৰ মুঠ ১২টা বিভাগৰ বিভাগীয় মুৰব্বী সকলক নিজৰ বিভাগৰ সমল ব্যক্তিসকলৰ নাম, ঠিকনা তথা ম’বাইল নম্বৰ দাখিল কৰিবলৈ জনোৱা হ’ল। লগতে বিভাগৰ আঁচনিসমুহৰ বিতং তথ্য দাখিল কৰিবলৈ জনোৱা হ’ল। সেইমৰ্মে তথ্যভান্ডাৰ প্ৰস্তুত কৰা হ’ল। লগতে কিছুমান বিভাগৰ পৰা IEC (Information, Education, Communication) ৰ সামগ্ৰী যেনে লিফলেট, স্কিমন’ট, চি.ডি, ডি.ভি.ডি. ইত্যাদিসমুহো বিচৰা হ’ল আৰু সেইদৰেই সেউজ শিৱসাগৰ চাহবাগান তথ্যকেন্দ্ৰই পূৰ্ণতাৰ প্ৰাৰম্ভিক গতি ল’লে।

২৬ নৱেম্বৰ তাৰিখ মঙ্গলবাৰে SPT ৰ জৰুৰী বৈঠক অনুস্থিত হ’ব বুলি উপায়ুক্তই জানিবলৈ দিয়ে। সেই সভাত বিভিন্ন বিষয়ৰ লগতে মুলত: চাহবাগান তথ্যকেন্দ্ৰৰ বিষয়ে আলোচনা হয়। আলোচনাকালত ডিচেম্বৰ মাহৰ মধ্যভাগতে মুখ্যমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ সময়তে চাহবাগান তথ্যকেন্দ্ৰ মুকলি কৰোৱাৰ চিন্তাৰ কথা উপায়ুক্তই জানিবলৈ দিয়ে আৰু তাৰ বাবে ১০ ডিচেম্বৰৰ ভিতৰতে অন্তত: ১০খন চাহ বাগানত স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণ শেষ কৰিব লাগে। ইতিমধ্যে প্ৰায় ২০খনমান বাগানৰ স্বেচ্ছাসেৱকৰ তালিকা আমাৰ হাতত পৰিল যদিও তিনিখন বাগান সাঙুৰি ক্লাষ্টাৰ কৰাটো সম্ভৱ নহ’ব যেন লাগিল কিয়নো বাগানবোৰৰ ভিতৰত তেনে বাগান কমসংখ্যকেই আছিল যিবোৰ এখন আনখনৰ ওচৰৰ। দুই এখন যোগ দি, দুই এখন বাদ দি ক্লাষ্টাৰবোৰৰ সংশোধন কৰা হ’ল।
৫ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ প্ৰথম পৰ্যায়ত প্ৰশিক্ষণ আৰম্ভ কৰাৰ কথা চুঢ়ান্ত কৰা হ’ল। ট্ৰেইনিংৰ কেলেন্ডাৰ, সুচী ইত্যাদিসমুহ চুঢ়ান্ত কৰা হ’ল। ২৯ নৱেম্বৰৰ সভাত এটি চমু আলোচনা হ’ল। বিষয় সন্ডৰ্ভত সকলোবোৰ কথায়েই ঠাই পালে। জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া বীজেন্দ্ৰ গগৈদেৱে কথাৰ মাজতে উপায়ুক্তক ক’লে- “চাৰ, Training Manual এখন লাগিব নহয়” কথাটো ময়ো চিন্তা কৰিছিলোঁ যদিও ব্যস্ততাৰ বাবে উনুকিয়াবলৈ থাকি গ’ল। উপায়ুক্তই সেইখনৰ সম্পাদনাৰ কাম মোকে দিলে। মই তেখেতক জনালো যে ৫ দিনত এখন হাতপুথি লিখি উলিওৱাটো অসম্ভৱ। তেখেতে এইবাৰ মোক প্ৰায় আঁচৰিত কৰি কৈ উঠিল-“আপুনি ই-মেগাজিনৰ কাম কৰে। মই পঢ়িছো। অলপ কষ্ট কৰিলে আপুনি পাৰিব। মোক ৰুমিনে কৈছেই আপোনাৰ কথা” মনতে ৰুমিন বৰুৱালৈ খঙ উঠিল। ৰুমিন বৰুৱা, ডি.চি.ৰ গোপনীয় সহায়ক।

হাতত মাত্ৰ ৫টা দিন। এখন হাতপুথিৰ সম্পাদনাৰ কাম। ১২টা বিভাগৰ সকলোবোৰ আঁচনিৰ বিষয়ে লিখিব লাগিব। আঁচনিখন কি, ইয়াৰ পৰা কি লাভ কৰিব পাৰি, যোগ্যতাৰ ভিত্তি, আঁচনিখনৰ লাভ পাবলৈ হ’লে কাৰ সৈতে যোগাযাগ কৰিব লাগিব, কি কি নথি আৱশ্যকীয় ইত্যাদিবোৰ সাঙুৰিলেহে হাতপুথিখন বাস্তৱ অৰ্থত কামত আহিব। বিভাগসমুহে দাখিল কৰা Write-up বোৰ চালোঁ। দুটামান বিভাগ বাদ দি প্ৰায় সকলোবোৰেই অসম্পূৰ্ণ। সকলো বিভাগৰে মুৰব্বী সকললৈ ফ’ন কৰি তথ্যবোৰ ল’লো। কেইটামান বিভাগে নিজৰ বিভাগৰ কিছুমান সাধাৰণ তথ্যও দিব নোৱাৰিলে। চৰকাৰৰ আঁচনিৰ বিষয়ে বিভাগীয় মুৰব্বীয়েও ভালদৰে নাজানে। আনৰ কথা বাদ দিলোঁ।চৰকাৰৰ আঁচনিৰ বিষয়ে ৰাইজে গম নোপোৱাৰ এইটোও এটা কাৰণ যেন লাগিল।

হাতপুথিখন লিখিবলৈ দিনত সময় নাই। দিনৰ দিনটো আন আন যাৱতীয় কামৰ বাবে দিনৰ ভাগত এই কামটোত হাত দিবলৈ সময় নোহোৱাটোও স্বাভাৱিক। সেয়ে ৰাতিৰ সময়খিনিতে হাতপুথিখনৰ কাম হাতত ল’লো। সেই পাঁচটা দিনত যন্ত্ৰৰ দৰে ব্যস্ত হৈ পৰিলোঁ। অৱশেষত ৪ ডিচেম্বৰ তাৰিখে পুৱাভাগত হাতপুথিখন লিখি উলিয়ালোঁ। প্ৰেচেও কামটোৰ গুৰুত্ব বুজি একেদিনাই ৩২ পৃষ্ঠাৰ পুথিখন প্ৰিন্ট কৰি উলিয়ালে।
পুৰ্বনিৰ্ধাৰিত সময় অনুযায়ী ৫ তাৰিখৰ পৰা প্ৰথম পৰ্যায়ত ৯খন বাগান সাঙুৰি আৰু দ্বিতীয় পৰ্যায়ত ৬খন বাগান সাঙুৰি স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণ কাৰ্য্যসুচী সমাপ্ত হ’ল। কালি ১৩ ডিচেম্বৰ তাৰিখে শিৱসাগৰৰ পাটসাঁকোত মুখ্যমন্ত্ৰী মহোদয়ে চাহবাগান তথ্যকেন্দ্ৰ, সেউজ শিৱসাগৰ অভিযানৰ Newsletter, ৱেবচাইট ইত্যাদিসমুহৰ উন্মোচন কৰে।

ইমান কম সময়ৰ ভিতৰতে এখন হাতপুথি লিখা এই ৫টা দিন মই জীৱনত পাহৰিব নোৱাৰিম।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!