এখেত এজন জনপ্ৰিয় ফেচবুক শিল্পী !!! (-আশিক জামান)

এখেত এজন জনপ্ৰিয় ফেচবুক শিল্পী !!!

 

আশিক জামান

 

পৰিস্থিতি/ ক

 

ফেব্ৰুৱাৰী মাহ । বাজেট মাহ, বিত্ত মন্ত্ৰালয়ৰ কাৰ্যালয় সমূহত প্ৰচণ্ড কৰ্মব্যস্ততা | বিশেষকৈ সন্ধিয়া ৬টা বজাৰ পৰা ৭টা মান লৈ হঠাৎ যেন কাৰ্যলয়ত বঙ্গোপ সাগৰৰ নিম্নচাপৰ সৃষ্টি হয়, কাৰণ সেই সময়ত দিল্লীৰ পৰা বিভিন্ন ফোন, ফেক্স, ই-মেইল আদি আহে আৰু সেই অনুযায়ী বিভিন্ন ৰিপৰ্ট, ৰেটাৰ্ণ আদি পঠাব লাগে | এনেকুৱা এক ফেব্ৰুৱাৰীৰ সন্ধিয়া, টেলিফোন বাজি উঠিল । সিটো মূৰত দিল্লীৱালাই ইংৰাজীত জনালে যে, জইন্ট-ছেক্ৰেটাৰী, ফাইনেন্স য়ে কথা পাতিব বিচাৰে | অক’মান অপেক্ষা, টুং-টাং মিউজিক বাজি আছে, হঠাৎ গহীন কন্ঠত সিটো মূৰৰ পৰা জনালে যে অলপ দেৰি পিছত ৰে’ল-মন্ত্ৰীৰ লগত মিটিং এটা আছে, গতিকে উত্তৰ-পূৱ ৰে’লৰ পৰা সংগ্ৰহিত সেৱা-কৰৰ ফিগাৰটো এতিয়াই দিব লাগে । ফেক্স বা ৰিপৰ্টৰ সময় নাই, যাৰ কাৰণে তেওঁ নিজেই ফোন কৰিছে | মই ক’লো, ছাৰ মোক পাচঁ মিনিট সময় দিয়ক মই ফোন কৰি জনাই আছো |

কলিং বেল বাজিল, পিয়ন আহিল, চিপাহী আহিল, পৰিদৰ্শক আহিল, অধীক্ষক আহিল | দৌৰা-দৌৰি হ’ল, কম্পিউটাৰ, ইন্টাৰনেট হ’ল, ফাইল-ফোল্ডাৰ হ’ল, টেলিফোন-ম’বাইল হ’ল, মালিগাওঁ-শ্বিলং হ’ল আৰু ফিগাৰ তৈয়াৰ হ’ল | দিল্লী লৈ ফোন কৰা হ’ল | ভায়া দিল্লীৱালা ইংৰাজীত আকৌ গহীন কন্ঠ | ফিগাৰ জনোৱা হ’ল | উত্কণ্ঠাৰ যৱনিকা পৰিল | দুই এবাৰ ভেৰি-গুড, ভেৰি-গুড বুলি কৈ জইন্ট ছেক্ৰেটাৰি ডাঙৰীয়াই ফোন থৈ দিয়াৰ আগত সুধিলে, আপোনাৰ নাম কি ? মই অলপ সপ্ৰতিভ ভাব কন্ঠত আনি ক’লো মোৰ নাম | ফোনৰ সিটো মূৰত গহীন কন্ঠ হঠাৎ গহীনৰ পৰা আপোন-আপোন হ’ল আৰু এক আন্তৰিকতাৰে তেখেতে ক’লে যে, তেখেতে মোক ফেচবুকত দেখিছে আৰু এটা বিশেষ গ্ৰুপত লিখা মোৰ আপ-ডেট তেখেতে নিয়মীয়া ভাবে অনুসৰণ কৰে | বুকু দুই ইঞ্চি ফুলি গ’ল, হ্ঠাত নিজকে চেলিব্ৰেটি চেলিব্ৰেটি ল’গা হ’ল, আৰু ’এহ মেৰি বাওঁ হাত কে খেল’ টাইপ এটা ভাৱ আনি ধন্যবাদ জনালোঁ |

 

পৰিস্থিতি/খ

 

বাংলাত এটা যোজনা আছে ” ছেৰে দে মা কেদে বাচি ” | মই খোজকাঢ়ি ভাল পাওঁ | অফিচৰ পৰা আহি সময় পালে খোজ কাঢ়িব যাওঁ | ঘামি-জামি জু-ৰোডৰ ফুটপাথেদি খোজকাঢ়ি আছো | হাতত সৰু পানীৰ বটল এটা আৰু কাণত ইয়েৰ ফোন | ফুটপাথৰ দাঁতিত চাটৰ ঠেলাৱালা, আৰু তাতেই জুম বান্ধি তিনিজন কলেজীয়া ডেকা আৰু তিনিজনী সুন্দৰী ৰমণী কিবা খাই আছে | ৰমণী কেই গৰাকীলৈ এবাৰ সাউৎকৰে চকু ফুৰাই, তীব্ৰ গতিৰে আগুৱাই আছো, হঠাৎ হাঁহি মুখেৰে আগ ভেটি ধৰিলে এজন ডেকা – “দাদা আপুনি !!! অকলে ? আপোনাৰ চিকিউৰিটি ক’ত ?” মই ঠিক চিনি পোৱা নাই, হঠাৎ গতি স্তব্ধ হোৱাত অকমান উচপ খাইছোঁ, সেমেনা-সেমেনি কৈ কলো, মই চিকিউৰিটি লৈ ঘুৰি নুফুৰোঁ | “জানিছিলোঁ, মই জানিছিলোঁ আপুনি বেলেগৰ নিচিনা বাহাদুৰি নেদেখুৱাব বুলি |” এটা সন্তুষ্টিৰ হাঁহি মাৰি আগত থিয় দিয়া অপৰিচিত জনক লৈ বিপাঙত পৰিলোঁ | “মোক চিনি পোৱা নাই দাদা ? এহ, মই আপোনাৰ পোষ্টত কিমান ক’মেন্ট দিওঁ, অপোনাৰ ফেচবুক ফ্ৰেইন্ড |” মই অক’মান মনত পেলোৱাৰ চেষ্টা কৰিলোঁ, এইবাৰ যোগ দিলে তেওঁৰ উৎসুক লগৰীয়া কেইজন | এজনী ৰমণী লৈ চাই অপৰিচিতে ক’লে “মই কৈছিলোঁ যে তোমাক…দাদাৰ কথা কোৱা নাই? জামানিজম লিখে যে…ধেত আঁকৰী…অ’কে অ’কে…এখেত জামান দা…এওঁ…এওঁ…(কিবা এটা শব্দ বিচাৰি আছে)…এওঁ এজন জনপ্ৰিয় ফেচবুক শিল্পী |”

 

বাংলা যোজনা – “ছেৰে দে মা কেদে বাচি” টো কোনোবাই মোৰ কাণৰ কাষত হাই ডেচিবলত কোৱা যেন অনুভৱ হ’ল |

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!