এঘণ্টাত দুজনকৈ ভগৱানৰ মৃত্যু – মনোজ কুমাৰ ডেকা

ভাৰতবৰ্ষত প্ৰতি এঘণ্টাত দুজনকৈ ভগৱানৰ মৃত্যু হয়৷ – কথাষাৰ কৈছিল, কল্যাশ সত্যাৰ্থীয়ে৷ গুৱাহাটীত৷ তেখেতৰ শেহতীয়া গুৱাহাটী ভ্ৰমণৰ সময়ত৷
তেখেতৰ “ভাৰত যাত্ৰা“ৰ অংশৰূপে শান্তিৰ নোবেল বঁটা বিজয়ী ব্যক্তি গৰাকী উত্তৰ পূৰ্বাঞ্চললৈ আহিছে৷ গুৱাহাটীত তেখেতে প্ৰথমদিনৰ ব্যস্ততাৰ অন্তত গধূলি আমাৰ সৈতে কথা পাতিছিল অকণমান সময়ৰ বাবে৷ তেখেতে তেখেতৰ যাত্ৰাৰ উদ্দেশ্য সম্বন্ধে পোনতে ব্যাখ্যা কৰিছিল৷ তাৰ পিছত উত্তৰ দিছিল প্ৰায় ছয়টা প্ৰশ্নৰ৷

প্ৰসংগক্ৰমে নোবেল বঁটা প্ৰাপক গৰাকীয়ে কৈছিল যে আজিৰ ভাৰতবৰ্ষত প্ৰতি দুঘণ্টাত দুগৰাকী শিশু যৌন আতিশয্যৰ বলি হয়৷ মৃত্যু হয় ভগৱানৰ৷ মানৱীয়তাৰ৷ প্ৰতি এঘণ্টাত আঠ গৰাকী শিশু হেৰাই যায়৷ আমি মাত নামাতো৷ মিঠাইৰ দোকানত ভীৰ নকমে৷
কিছুদিন পূৰ্বে মুম্বাইত এটি ১৩বছৰীয়া লৰাই আত্মহত্যা কৰিলে৷ মাক দেউতাক, দুয়ো ভাৰতীয় প্ৰশাসনিক বিষয়া৷ তদন্তত ওলাল বিগত কেইবাবছৰ চাৰিজনকৈ অমানুহে ল’ৰাটোক শোষণ কৰি আহিছিল৷ তাৰ উশাহ বন্ধ হৈ আহিছিল৷ কাকো ক’ব পৰা নাছিল৷ কোনেও তাৰ দুখ বুজা নাছিল৷ শেষত সি সকলোৰে পৰাই আঁতৰি গল৷

আমি সিহঁতৰ মনৰ খবৰ লব লাগে৷ সাহস দিব লাগে, বন্ধু হব লাগে৷ অথচ বহুতে লুকুৱাই থয়৷ লাজত৷ ভয়ত৷ বদনাম হব৷ বহুসময়ত আমাৰ শিশু নিজ মানুহৰ দ্বাৰাও আক্ৰান্ত হয়৷ অপ্ৰিয় সত্য৷

শ্ৰী সত্যাৰ্থীয়ে কৈছিল, মই ঘৰে ঘৰে যাম৷ সকলোকে কম৷ আহক৷ মাত দিয়ক৷ এনে কামৰ বিৰুদ্ধে৷ তেখেতে সমাজৰ ধৰ্মগুৰু সকলক আবেদন জনাইছে, মাত দিয়ক, সকলোকে এই বাৰ্তা দিয়ক৷ তেখেতে লগ কৰিছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীক৷ তেওঁলোকে এনে সজ কামত সমৰ্থন জনাইছে৷ নোৱেল বঁটা বিজয়ী গৰাকীৰ মতে ভাৰতবৰ্ষ তেতিয়া শক্তিশালী হব, যেতিয়া আমাৰ শিশু নিৰাপদ হব৷
শ্ৰী সত্যাৰ্থীয়ে কৈছিল, বিশ্বত আমি সোতৰজন জীয়াই আছো; শান্তিৰ নোবেল বঁটা বিজয়ী৷ সকলোৱে ভাবিছিল মই নোবেল বঁটা পালো যেতিয়া আৰু কাম শেষ৷ মিটিং কৰি ফুৰিম৷ কিন্তু মোৰ দেশৰ শিশুৱে মোক আকৌ মাতিলে৷ আমাৰ সোতৰজনীয়া পৰিয়ালটিৰ বিভিন্নজনে মোক ফোন কৰি সোধে, what happend to you kailyash? Is everything ok? Have you become crazy…! কিন্তু মই নৰও৷ মই মোৰ দেশৰ শিশুক সুৰক্ষিত কৰিবই লাগিব৷

সন্ধিয়া ওভতাৰ সময়ত তেওঁ আমাক শপত বাক্য পাঠ কৰোৱাইছিল৷ লিখিছোঁ, আপুনিও শপত লব পাৰে৷ –
“মই শ্ৰী……………..শপত খাই কওঁ যে মই শিশুৰ বিৰুদ্ধে হোৱা যিকোনো প্ৰকাৰৰ যৌন আতিশয্য বা উৎপীড়নৰ বিৰুদ্ধে মাত মাতিম৷ শিশুক ধৰ্ষণ, শোষণ বা শিশু সৰবৰাহৰ বিৰোধ কৰিম৷ তেনে কোনো কাম দৃষ্টিগোচৰ হলে কৰ্তৃপক্ষক অৱগত কৰিম৷ মই মোৰ অসমখনক সুৰক্ষিত কৰাৰ শপত ললো৷ মই মোৰ ভাৰতবৰ্ষক সুৰক্ষিত কৰাৰ শপত ললো৷“

আমি ভগৱানৰ মৃত্যুক সহজে লম জানো!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!