এজাক তৰুণীৰ স্বপ্ন যাত্ৰা – নৱ যুগল কাশ্যপ

 

৩ জুলাই, ২০১৭, সমগ্ৰ ভাৰতৰ ১২৫ কৌটি মানুহৰ চকু নিবদ্ধ টিভিৰ পৰ্দাত৷ ঐতিহাসিক লৰ্ডছত পুনৰ ইতিহাস সোঁৱৰাৰ সুযোগ৷ ঘঁড়ীৰ কাঁটাৰ শব্দ আৰু হৃদস্পন্দনৰ শব্দ সমান্তৰালকৈ তীব্ৰ হৈ গৈছিল৷ লৰ্ডছ ক্ৰিকেটৰ মক্কা আৰু ক্ৰিকেট ভাৰতৰ ধৰ্ম৷ সেই লৰ্ডছতে ১৯৮৩ ত কপিল দেৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপ হাতত লৈছিল৷ কিন্তু এইবাৰ তাত কপিল, শচীন অথবা ধোনী নাছিল, আছিল স্মৃতি, মিথালী, ঝুলন, হৰমনপ্ৰীতৰ দৰে এজাক তৰুণী৷ যাৰ দুচকুত স্বপ্ন বিজয়ৰ প্ৰত্যাশা৷ এইবাৰ মহিলা দলটোৱে অকল প্ৰতিপক্ষকে পৰাভূত কৰা নাছিল, মহিলা আৰু পুৰুষৰ মাজত বিভেদ বিচৰা প্ৰতিজন ভাৰতীয়ৰ চিন্তাকো পৰাভূত কৰিছিল৷ মহিলা ক্ৰিকেট কোনোদিন নোচোৱা মানুহো ফাইনেল অথবা চেমিফাইনেলত ৰোমাঞ্চিত হৈ পৰিছিল৷ লৰ্ডছৰ গেলাৰী “ওমেন ইন ব্লু”ৰ সমৰ্থনত চিঞৰি আছিল৷ বিশ্বৰ ১৩৯ খন দেশত এই ফাইনেল খেলখন পোনপটীয়া সম্প্ৰচাৰ হৈছিল৷ কাহানিও নোহোৱা কথাবোৰৰ আৰম্ভণি এয়া৷ প্ৰতিখন খেলতে মনোমোহা প্ৰদৰ্শনৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷
যদিওবা ভাৰতৰ বাবে মহিলা ক্ৰিকেট নতুন কিন্তু আন দেশৰ বাবে ইয়াৰ ইতিহাস বহু পুৰণি৷ ১৯৩৩ চনত প্ৰথমবাৰৰ বাবে ইংলেণ্ড আৰু দ্যা ৰেষ্ট এট লাইচেষ্টাৰৰ মাজত মহিলা ক্ৰিকেট খেল অনুষ্ঠিত হয়৷ ১৯৩৪ চনত প্ৰথম আন্তৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হয় ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত৷ প্ৰথমতে মহিলা ক্ৰিকেট ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজতে সীমাবদ্ধ আছিল৷ আনহাতে ১৯৭৬ চনত ভাৰতীয় মহিলা দলটোৱে প্ৰথমবাৰৰ বাবে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে টেষ্ট মেচ আৰু ১৯৭৮ চনত ইংলেণ্ডৰ বিপক্ষে এদিনীয়া খেলিছিল৷ ২০০৫ চনত প্ৰথমবাৰৰ বাবে মহিলা দলটোৱে বিশ্বকাপৰ ফাইনেল খেলিবলৈ সক্ষম হৈছিল আৰু তেতিয়া অধিনায়ক আছিল অঞ্জুম চোপ্ৰা৷ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা খেলখনত শক্তিশালী অষ্ট্ৰেলিয়াৰ হাতত দলটো পৰাজিত হৈছিল৷ ১৯৭৩ চনৰ পৰা অনুষ্ঠিত হৈ থকা বিশ্বকাপত এতিয়ালৈ সৰ্বাধিক ছয়বাৰ অষ্ট্ৰেলিয়াই, চাৰিবাৰ ইংলেণ্ডে আৰু নিইজিলেণ্ডে এবাৰ দখল কৰিছে৷
এইবাৰৰ ভাৰতীয় দলটোৰ ওপৰত সকলোৰে প্ৰত্যাশা আছিল আৰু ব্লু দলটোৰ অধিকাংশই আছিল কমবয়সীয়া যুৱতী৷ অধিনায়ক মিথালী ৰাজ আৰু ঝুলন গোস্বামীৰ বাহিৰে বাকী সকলোবোৰ আছিল নতুন৷ মাত্ৰ এই দুগৰাকীয়েহে ২০০৫ চনৰ বিশ্বকাপৰ ফাইনেল খেলিছিল৷ প্ৰথম চাৰিখন মেচতে লাভ কৰা ক্ৰমাগত জয়ে বিশ্বকাপ জয়ৰ আশা অধিক উজ্জ্বল কৰি তুলিছিল৷ কিন্তু তাৰ পাছত দুখন মেচত দলটো পৰাজয়ৰ সন্মুখীন হৈছিল, যাৰ ফলত লীগৰ শেষৰ খেলখন অঘোষিত ফাইনেললৈ ৰূপান্তৰ হৈছিল৷ চেমিফাইনেলত ভাৰতৰ সন্মুখত আছিল শক্তিশালী অষ্ট্ৰেলিয়া৷ হৰমনপ্ৰীতৰ ১৭১ ৰাণৰ বিস্ফোৰক ইনিংছৰ সহায়ত ভাৰতে অতি সহজে অষ্ট্ৰেলিয়াক পৰাভূত কৰে৷ ফাইনেলত ভাৰতৰ সন্মুখত আছিল ঘৰুৱা দল ইংলেণ্ড৷ ভাৰতৰ সঠিক বলিং লাইন আপে ইংলেণ্ডক ২২৮ ৰাণৰ ভিতৰতে সীমাবদ্ধ কৰিছিল৷ সহজ লক্ষ্য আগত লৈ ভাৰতেও প্ৰথম অৱস্থাত ভাল খেলিছিল যদিও অনভিজ্ঞতা আৰু তীব্ৰ চাপৰ বাবে মাত্ৰ ২৫ ৰাণৰ ভিতৰতে সাতটা উইকেট হেৰুৱাই পেলায়, যাৰ ফলত ৯ ৰানৰ বাবে ভাৰতীয় দলটোৱে পৰাজয় বৰণ কৰে৷ বিশ্বকাপ জয়ৰ আশা আধৰুৱা হলেও মহিলা দলটোৱে ক্ৰিকেট প্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল৷ পুৰুষ ক্ৰিকেট দলৰ দৰেই মহিলা দলটোৱেও ঘৰৰ মাটিত পদাৰ্পণ কৰাৰ লগে লগেই বিমান বন্দৰত ভিন ভিন উপহাৰৰ সৈতে অনেক লোকৰ সমাগম দেখা গৈছিল৷
এই সকলোবোৰৰ আঁৰৰ অন্যতম কাৰক হ’ল দলটোৰ অধিনায়ক মিথালী ৰাজ৷ ৰাজস্থানত জন্মগ্ৰহণ কৰা চৌত্ৰিশ বছৰীয়া খেলুৱৈ গৰাকী হ’ল সৰ্বাধিক ৰাণৰ গৰাকী৷ ছহেজাৰ ৰাণ সম্পূৰ্ণ কৰা বিশ্বৰ একমাত্ৰ মহিলা ক্ৰিকেটাৰগৰাকী ভাৰত নাট্যমৰ প্ৰতি আগ্ৰহী হোৱাৰ উপৰিও কিতাপৰ প্ৰতিও আছে তেওঁৰ প্ৰৱল নিচা৷ খেল চলি থকাৰ সময়তো মিথালী ৰাজে কিতাপত ডুবি থাকে, যাৰ বাবে বহু সময়ত তেওঁ আলোচনাৰ সন্মুখীন হৈছে৷ এবাৰ মিথালী ৰাজক সাংবাদিকে তেওঁৰ প্ৰিয় পুৰুষ ক্ৰিকেটাৰৰ কথা সোধোতে তেওঁ ওলোটাই প্ৰশ্ন কৰিছিল,
“আপুনি পুৰুষ ক্ৰিকেটাৰ এজনক কেতিয়াবা তেওঁৰ প্ৰিয় মহিলা ক্ৰিকেটাৰৰ কথা সুধিছেনে? ”
আৰম্ভণিবোৰ এনেকৈয়ে হয়৷ ভৱিষ্যতেও খেলপথাৰত পুৰুষ আৰু মহিলা দুয়োটা দলেই পৰাক্ৰম অব্যাহত ৰাখক৷ এজাক তৰুণীৰ সাফল্যত উৎফুল্ল হওক সমগ্ৰ দেশ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!