এজাৰ ফুলিলে ধৰিবা খেতি – পদ্মজা বৰুৱা মহন

এজাৰ ফুলিলে ধৰিবা খেতি
বগৰী ফুলিলে এৰিবা খেতি….

পথাৰ সমাৰলৈ যাবলৈ বা কেতিয়াবা গা পা ধোওঁতে তিয়াবলৈ বোলো তাঁতখনত তিয়নিকে দুখনমান লগাওঁ৷ তাকে ভাবি দুটামান মহুৰা ফুৰাবলৈ লওঁতেই শাহুআয়ে ক’লেহি বোলে –

: আকৌ এইবোৰত লাগিলিহি যে? কঠীয়া ধানখিনি নলৱ নেকি…?

মই বোলো- “লম নহয়৷ কেইটানো ধান৷ তিয়াবৰ আগদিনা ল’লেও হব৷”

আমাৰ আকৌ কঠিয়াৰ ধান আগতীয়াকৈ লৈ থোৱা নহয়৷ আগতিয়াকৈ লৈ থ’লে অনিষ্টকাৰী কীট-পতংগই আধা খাই নষ্ট কৰে বুলিয়েই আৰু থ’বলৈ যতনো নাই৷

তেওঁ আকৌ ক’লে-

: অমুকীহ’ত! কথা ক’বলৈ আহিছ? জোনটো এন্ধাৰ হৈ থাকোঁতে নলৱ, পোহৰ হ’লে লবি, পোকে কঠীয়াবোৰ খাবলৈ!
তেওঁৰ মতে শুক্লপক্ষত কঠীয়া ল’ব নেলাগে, শুক্লপক্ষত যিহেতু জোনৰ পোহৰ থাকে তেতিয়া কঠীয়া ল’লে পোকে খাই হেনো৷ সেয়ে কৃষ্ণপক্ষত ল’ব লাগে৷ আৰু যে কিমান নেপায় কঠীয়া ধান লোৱা, কঠীয়া পৰাৰ লগত? কঠীয়া ধান লোৱাৰ পিছত ঘৰ সৰা শোটা ল’ব নেপায়৷ এতিয়ানো কাৰ ঘৰত ধানখেৰৰ শোটা পাবা! সৱৰে ঘৰত ঝাড়ু হল৷ সেয়ে কঠীয়া ধান লোৱাৰ আগতে শোটা কেইটামান চুচি থ’, কঠীয়া ধানবিলাক ভালদৰে বাছি ভৰিৰে মাৰিব লাগিব, মাৰোতে হাতেৰে নুচুচিবি নহ’লে পিছত ধান মাৰোতে চিকটা হয়, থোকৰপৰা নসৰে সতকাই .. …ইত্যাদি৷

চ’ত মাহৰ পৰাই খেতিৰ ব্যস্ততা আৰম্ভ হয়৷ এনেয়েও ডাকৰ বচনত আছে বোলে চ’ততে মাৰিবা বন, ডেকাতে ঘটিবা ধন৷ চ’ত মাহতে কঠীয়ানিখন হালেৰে নহ’লে কোৰৰে এচাহ বাই থয়৷ তাৰপিছত ব’হাগৰ শেষত বিহু চিহু উৰুৱাই খেতিৰ কামত লাগে৷ ননদহতৰ লগত মই কঠীয়া ধান মাৰিব লাগে, আমাৰ সিজনাই ভায়েকৰ লগ লাগি এটাই হাল বায়, এটাই চুক কোণবোৰত কোৰ মাৰে৷ গোবৰ-জাবৰ দিয়েগৈ, জেওৰা-হেঙেৰা ভেটিবলৈ বাঁহ-চাহ কাটে৷ শহুৰ দে’তাই ধানবোৰ তিয়াবলৈ বাঁহৰ টোম বনায়৷ শাহুআয়ে মৌসৰা ধানৰ চাউলৰ লগতে খুদ মলখুৱে মিহলাই লাওপানী সিজায়৷ আমাৰ ফালে আকৌ ন কঠীয়া পাৰোতেও ডাম মানে মৃতকক উদ্দেশ্যি কুকুৰা এটা মাৰি ৰহিলাওৰ লগত আগবঢ়োৱা হয়৷ গতিকে লাওপানী নহ’লেই নহয়৷

তাৰপিছত জেঠৰ কুৰিদিনমানৰ পিছৰ ভাল দিন এটি চাই কঠীয়া পৰাৰ দিন এটি লয়৷ সেইদিনালৈ আকৌ ওচৰ-চুবুৰীয়াৰ উপৰিও মিতিৰ-কুটুমৰ ঘৰলৈও খবৰ পঠিওৱা হয়৷ সেইদিনা পানী সিঁচিবলৈ, কঠীয়া ধান সিঁচিবলৈ, জেওৰা-হেঙেৰা বোৰ লগাবলৈ কে’বাজনো মানুহ দৰকাৰ হয়৷ আকৌ দুদিন আগৰেপৰা দহোটিং, লাহনী, মৈ আদি যোগাৰ কৰা কামবোৰ আছেই৷

এনেকৈয়ে এজাৰ ফুলাৰ লগে লগেই আমাৰ কঠীয়া পৰা আৰু খেতি-বাতিৰ কাম আৰম্ভ হয়৷ এয়া কেইবছৰমান আগৰ কথা৷ এতিয়া ঘৰে ঘৰে ট্ৰেক্টৰ, পানী সিঁচা মেচিন সুলভ হল৷ বেছি মানুহৰ প্ৰয়োজন নোহোৱা হ’ল, কঠীয়া পাৰোতে মানি চলা নীতি-নিয়ম, পৰম্পৰা বোৰ, ৰং-ৰহইচবোৰ কমি গল৷ গাঁৱৰ চাকৰিয়াল সকলৰ বাদেও আন ডেকা-বুঢ়া মানুহবিলাকে ধন ঘটিবৰ বাবে বিভিন্ন কোম্পানীবিলাকত সোমোৱাৰ বাবে খেতি কৰা মানুহতকৈ আধিয়াৰক দিয়া মানুহৰ সংখ্যা বাঢ়ি গল৷ চৰকাৰে দিয়া এটকীয়া চাউলেও এইক্ষেত্ৰত অৰিহণা যোগালে৷ হ’লেও আমি আৰু আমাৰ গাঁৱৰ মানুহে খেতিৰ বাবে সাজু হৈছোঁ৷ কিয়নো আমাৰ বাবে খেতিয়েই সংস্কৃতি৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!