এজোপা বিস্ময়কৰ লতা : নাম যাৰ ভেদাইলতা – ডা০ ভূপেন শইকীয়া

এটা সময়ত আমাৰ ককা-আইতাহঁতে থলুৱা খাদ্য-সম্ভাৰত বৰ গুৰুত্ব দিছিল ৷ মা-দেউতায়ো একে পৰম্পৰা ৰক্ষা কৰিছিল ৷ বাৰীত লাগ বুলিলেই পোৱা গৈছিল মাটিকান্দুৰী,মানিমুনি, দ্ৰোণশাক, খুতৰা, টেঙেচী, ভেদাইলতা,মচুন্দৰী, জিলমিল,কচুশাক আৰু কতবিধযে শাক ৷ নৰসিংহ, নিমপাত, ভেকুৰী তিতা, কলখাৰ, কলৰ পচলা ,বাঁহগাজ সপ্তাহে-পষেকে খোৱা হৈছিল ৷ আৰু আছিল বাৰীৰ পুখুৰীৰ জীয়া মাছ ! পেট চিকুট মাৰি ধৰিলে কুজি থেকেৰাৰ চৰবত খাবলৈ দিয়া হৈছিল ৷ খুন্দা-খুন্দলি খাই ছাল এৰাই গ’লে গেন্ধালিবন মোহাৰি লগাই দিছিল ৷ নখচুকীয়াত গৰম নহৰু তেল দি চিকিৎসা কৰি আৰোগ্য কৰিছিল ৷ বহাগ বিহুত এশ এবিধ শাক বুটলিবলৈ নিজৰ বাৰীত খুচৰিলেই হৈছিল ৷ মুঠতে অসমীয়া থলুৱা খাদ্য আৰু সহজলভ্য প্ৰাকৃতিক চিকিৎসাত গুৰুত্ব দি অহা হৈছিল ৷ মোৰ এই কাহিনীৰ লগত মিল থকা নিশ্চয় বহুকেইজন পাঠক ওলাব ৷ কিন্তু আজি যুগ সলনি হ’ল – তেহিনো দিবস: গতা ৷ মানুহৰ ঠাইৰ নাটনি হ’ল ৷ গাঁওমুখী মানুহ চহৰমুখী হ’ল ৷ মানুহৰ ৰুচিবোধ আৰু খাদ্যাভ্যাস সলনি হ’ল ৷ থলুৱা গাঁৱলীয়া খাদ্যৰ ঠাই দখল কৰিলেহি ফাষ্টফুডে ৷ চহৰে চহৰে কে এফ চি, মেকড’নাল্ড, বাৰ্গৰকিং জাতীয় বিপণি গঢ়লৈ উঠিল ৷ আজিৰ প্ৰজন্মৰ অধিকাংশই শাক-পাচলি মুখলৈ নিবলৈ পচন্দ নকৰা হ’ল !
বাৰু আগকথাৰ দীঘলীয়া বকলা সামৰি মূল আলোচনাৰ বিষয়লৈ আহোঁ ৷ ভেদাইলতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ গৈ মোৰ চকু কপালত উঠিল যেতিয়া দেখা পালোঁ গোটেই বিশ্বত এই লতাজোপাৰ বিষয়ে আয়ুৰ্বেদিক আৰু এলোপেথিক মিলাই শতাধিক গবেষণা পত্ৰ প্ৰকাশিত হৈছে আৰু এতিয়াও বিশ্বৰ কেইবাটাও প্ৰয়োগশালাত ইয়াৰ গুণাগুণৰ ওপৰত বৈজ্ঞানিক অনুসন্ধান চলি আছে ৷ ঘৰৰ গৰুৱে বাৰীৰ ঘাঁহে ৰাহি নাহিবৰে কথা ! আৰু কেইবছৰমান পিছত যেতিয়া নামী-দামী কোম্পানীৰ ব্ৰেণ্ডত পেকিংহৈ এই ভেদাইলতাই (নাম তেতিয়া হ’ব – Paederia foetida)বজাৰৰ নামী ফাৰ্মাচীৰ আলমিৰা শুৱনি কৰিবহি – তেতিয়া আমিয়েই হাতত প্ৰেচক্ৰিপচন লৈ তাক কিনিবলৈ উথপথপ লগাম ৷ ইয়াকে বোলে তোমাৰ বাৰীৰ বাঁহগাজ তাৰে কৰিছোঁ খৰিছা, তোমাকে বেচি টকাটো লাভ কৰিছোঁ কথাটো মন কৰিছা !
প্ৰাচীনকালৰ পৰা চীন দেশত ভেদাইলতাৰ প্ৰয়োগ কৰা হৈছিল- পেৰালাইচিচ,বাত বিষ,পুৰুষৰ যৌন অক্ষমতা,কীট-পতংগই কামুৰা আৰু তেজ- সঞ্চালন উন্নত কৰা চিকিৎসাৰ বাবে ৷ ভিয়েটনামত প্ৰয়োগ কৰি অহা হৈছে – প্ৰসাব খোলোচা কৰিবলৈ, জ্বৰ নিৰাময়ত, পেটফুলা আঁতৰাবলৈ, হজম আৰু শৰীৰৰ শক্তি বঢ়াবলৈ ৷ বাৰ্মাদেশত নানাবিধ বাতৰ চিকিৎসা ভেদাইলতাৰ দ্বাৰা কৰা হয় ৷ আমাৰ দেশতো অতীজতে যৌনব্যাধি, প্ৰসাবৰ ৰোগ,মহিলাৰ ঋতুস্ৰাবৰ সমস্যাত ভেদাইলতা ব্যৱহাৰ কৰিছিল বুলি জনা যায় ৷
ভেদাইলতাৰ ব’টানিকেল নাম হ’ল- Paederia foetida ৷ এইকেইটা হ’ল ইয়াৰ প্ৰতিশব্দ – Paederia scandens, Gentiana scandens, Paederia magnifica আৰু Paederia tomentosa ৷
ইংৰাজী নাম হ’ল- Chinese fever vine, Shunkvine, Stinkvine, Chinese moon creeper, King’s tonic ৷ অসমীয়াত ভেদাইলতাৰ আন আন নাম হ’ল-পাদুৰিলতা, গন্ধভাদুলীয়া, ভাদুলীলতা আৰু প্ৰসাৰণী ৷ বাংলাত কয় – গন্ধভাদাল, ভাদালপাতা, ভাদালি লতা ৷ নেপালীত বোলে পাদে লহৰু ৷ সংস্কৃতত ভেদাইলতাক প্ৰসাৰণী আৰু গন্ধপাত্ৰ বোলে ৷ পঞ্জাবী আৰু গুজৰাটীত প্ৰসাৰণী নামেই প্ৰচলিত ৷ প্ৰসাৰণীয়ে লতাজোপাৰ বগাই যোৱা স্বভাৱৰ দিশটোলৈ আঙুলিয়ায় ৷ হিন্দীত ভেদাইলতাক গন্ধপ্ৰসাৰণী, ৰাজাবালা আৰু প্ৰসাৰণ বোলে ৷ আন কেইটিমান ভাৰতীয় ভাষাত ইয়াৰ নাম এনেকুৱা- টেক্কেডা আৰু চাভিৰেল (তেলেগু), পিনাৰিচাংগাই (তামিল), হিৰান ভেল (মাৰাঠী), প্ৰসাৰণী বেইল আৰু হেচাৰনি (কানাড়া),তালা নিলি (মলয়ালম)৷
আন আন দেশৰ প্ৰচলিত নাম হ’ল এনেকুৱা – ইণ্ডোনেচিয়া (চেম্বুকান),মালেয়চিয়া ( আকৰ চেকুনটুট), ফিলিপাইনচ (কান্দুটাই), কম্বোডিয়া (ভিয়েৰ ফনম), লাওচ (কোৱা মাক টন চোৱা), থাইলেণ্ডত (কণ), ভিয়েটনামত (দাই-মও-লং-দাই-মও-ট্ৰফণ-মও-টাম থিৰ) আৰু টাই ভাষাত ভেদাইলতাৰ প্ৰচলিত নাম হ’ল ঞা কাও কা হিত ৷
ভেদাইলতাৰ প্ৰাকৃতিকভাৱে বসতিস্থল হ’ল – ভাৰতবৰ্ষ, ভূটানৰ পাদদেশ, বাংলাদেশ, নেপাল, ইণ্ডোনেচিয়া, ভিয়েটনাম, ম্যানমাৰ, চিংগাপুৰ, কম্বোডিয়া, লাওচ, মালেয়চিয়া, ফিলিপাইনচ, টাইৱান, দক্ষিণ কোৰিয়া, জাপান, হংকং,মাকাও আৰু চীনৰ অংশবিশেষ ৷ ভাৰতবৰ্ষৰ অসমৰ ওপৰিও ভেদাইলতা পোৱা আন প্ৰদেশসমূহ হ’ল- পশ্চিমবংগ, চিক্কিম, অৰুণাচল প্ৰদেশ, মেঘালয়,নগালেণ্ড, মিজোৰাম, মণিপুৰ, ওৰিষ্যা, টেলেংগানা আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জ ৷
মূলত: এচিয়াৰ ভেদাইলতা পোন প্ৰথমবাৰৰ বাবে ১৮৯৭চনত আমেৰিকাৰ কৃষি বিভাগে (USDA ) ফ্লৰিডা অঞ্চললৈ আমদানি কৰে ৷ ১৯১৬চনলৈকে ভেদাইলতা আমেৰিকাৰ বিভিন্ন অঞ্চলত অপৰ্য্যাপ্ত পৰিমানত ব্যাপ্ত হৈ পৰে ৷
গছৰ বৰ্ণনা : ভেদাইলতা হ’ল ৭ মিটাৰ বা ততোধিক দৈৰ্ঘ্যৰ লতা গছ ৷ লতাৰ পকোৱা পকোৱা গা অংশৰ ৰঙ মুগাবৰণৰ ৷ ইয়াত থকা গাঠিবিলাকৰ পৰা ঠাল-ঠেঙুলি ওলাই প্ৰসাৰিত হয় ৷ ডিম্বাকৃতিৰ সেউজীয়া পাতৰ ঠাৰি ৫৷ ৬ চেন্টিমিটাৰ দীঘল হয় ৷ পাত দীঘলে ১০৷ ১৫চেন্টিমিটাৰ আৰু বহলে ৫৷ ৬ চেন্টিমিটাৰৰ হয় ৷ পাতৰ ৰঙ হয় ডাঠ সেউজীয়া ৷
চুঙা আকৃতিৰ বেঙুনীয়া বা গোলপীয়া ফুল বছৰজুৰি ফুলি থাকে ৷ বেৰীৰ নিচিনা সৰু থোপা পাতি ৰজচুৱা বা কজলা ফল লাগে যাৰ ভিতৰত দুটাকৈ গুটি থাকে ৷
ভেদাইতাৰ শিপা ২৷ ৪ চেন্টিমিটাৰ দীঘল, পাক থকা,ঘূৰণীয়া, ঠেঙুলি থকা আৰু ডাঠমুগা ৰঙৰ ৷
ভেদাইলতাৰ গোত্ৰ বা বংশ হ’ল- Rubiaceae ৷ ইয়াৰ ৫২টা প্ৰজাতি আাছে বুলি জনা যায় ৷ প্ৰজাতিভেদে গছৰ ৰং- ৰূপৰ কিছু তাৰতম্য দেখা যায় ৷ Paederia শব্দৰ উৎপত্তি গ্ৰীক ভাষাৰপৰা হৈছে- যাৰ অৰ্থ হ’ল গাখীৰৰ নিচিনা শুভ্ৰ পাথৰ ৷ হয়তো কোনোবা ব’টানিষ্টে কোনোবা প্ৰজাতিৰ ভেদাইলতাৰ এনে শুভ্ৰ ফুল দেখি নাম ৰাখিলে ৷
ভেদাইলতাৰ গছ আৰু পাত মোহাৰিলে তীব্ৰ অসহ্যকৰ গোন্ধ ওলায় ৷ পাদুৰীলতা, গন্ধপাদাল, পাদে লহৰি আদি নামাকৰণৰ অন্তৰালত আছে এই গন্ধটো ৷ গছত থকা ডাইমিথাইল ডাইচাল্ফাইড নামৰ মিশ্ৰিত চালফাৰ পদাৰ্থৰ বাবে এই গোন্ধটো ওলায় ৷ সিজালে বা উতলালে চালফাৰৰ এই গোন্ধটো নোহোৱা হৈ পৰে ৷
ভেদাইলতাত কি কি তত্ব থাকে ?
ইয়াত থাকে কেৰটিন, ভিটামিন-চি, এলকেলইড, ফেটি এচিড, চেপনিন, কুইনন আদি লাগতিয়াল ৰাসায়নিক তত্ব ৷
ভেদাইলতাৰ বহুমুখী উপযোগিতাৰ চমু বৰ্ণনা তলত উল্লেখ কৰিলোঁ ৷
ইয়াৰ নানাবিধ আয়ুৰ্বেদিক ঔষধ পাত আৰু শিপাৰ পৰা তৈয়াৰ কৰা হয় ৷
কেঁচাকৈ চালাডৰ দৰে বা সিদ্ধ কৰি পিটিকি খালে ( ইচ্ছা কৰিলে আলু লগত মিহলাব পাৰে) বিকল্প হিচাবে নহৰু,আদাৰ সৈতে ভেদাইলতাৰ পাত কলপাতৰে মেৰিয়াই ভাপত সিজাই খাব পাৰে ৷
পেটৰ আভোক,বদহজমি, ওকালি-বমি,পেটৰ বিষ, লিভাৰ আৰু প্লীহাৰ অসুখৰ উপশম ঘটে ৷
ডায়েৰিয়া আৰু ডিচেন্ট্ৰিৰ ই হ’ল মহৌষধ ৷
হাৰপিজৰ চিকিৎসাত ভেদাইলতাৰ পাত বাৰুকৈয়ে ব্যৱহাৰ কৰা হয় ৷
হাঁপানি ৰোগৰ উপশম ঘটায় ৷
গছৰ ডাল ,শিপা,পাত মুত্ৰনলীৰ পাথৰ নিষ্কাষণ, ডেলিভাৰিৰ পিছৰ প্লেচেন্টাৰ নিষ্কাষণ সহজ কৰিবলৈ প্ৰয়োগ কৰা হয় ৷
নানাবিধ বাত, গাউটৰ চিকিৎসাত ব্যৱহৃত ৷
দাঁতৰ বিষ উপশম কৰে আৰু শেঁতা পৰা দাঁতৰ ৰঙ চিকচিকিয়া কৰে ৷
ৰসৰ প্ৰলেপে জ্বৰৰ উপশম ঘটায় ৷
কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক সতেজতা প্ৰদান কৰে ৷
পেৰালাইচিচ, স্নায়বিক দুৰ্বলতা,পুৰুষৰ যৌন দুৰ্বলতাৰ চিকিৎসাত ব্যৱহৃত ৷
কাহ-চৰ্দিৰ উপশম ঘটাবলৈ ভেদাইলতা আৰু আদাৰ চুপ মিহলাই খালে সোনকালে উপশম হয়
এই ঔষধি লতাজোপা ফুলিলে জাতিষ্কাৰ হৈ দূষ্টি আকৰ্ষণ কৰাৰ ক্ষমতা থকাৰ বাবে বহুতে ভেদাইলতাক ফুলনি শুৱনি কৰা গছ (Ornamental plant ) হিচাবে ৰোপণ কৰে ৷ মোখনিত পাঠকক জনাব খোজোঁযে এতিয়ালৈ এই বনৌষধিৰ অপকাৰিতা চিনাক্ত হোৱা নাই ৷ এন্দুৰৰ ওপৰত প্ৰয়োগ কৰি দেখা গৈছে ভেদাইলতাই পুৰুষ হৰমোন টেষ্ট’ষ্টেৰণৰ বৃদ্ধি কৰে ৷ পৌৰাণিক কালৰ পৰা আয়ুৰ্বেদাচাৰ্য্যসকলে পুৰুষৰ যৌন অক্ষমতাৰ চিকিৎসাত ইয়াক ব্যৱহাৰ কৰাৰ কাৰণ ভেদাইলতাৰ এই গুণতে হয়তো অন্তৰ্নিহিত থাকিব পাৰে ৷

ডা০ ভূপেন শইকীয়া
৩০ চেপ্তেম্বৰ, ২০১৬
ডোহা, কাটাৰৰ পৰা
ই মেইল : [email protected]
ৱাটচএপ আৰু ম’বাইল +974 33738722
(ইংৰাজীত মোৰ বিভিন্ন মেডিকেল লিখনিৰ লিংক হ’ল – HYPERLINK “http://www.drbhupensaikia.com” www.drbhupensaikia.com)

One thought on “এজোপা বিস্ময়কৰ লতা : নাম যাৰ ভেদাইলতা – ডা০ ভূপেন শইকীয়া

  • May 9, 2021 at 6:28 pm
    Permalink

    উপকৃত লিখনি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!