এটা চিগাৰেটৰ ৫টা মিনিট ( উজ্জ্বল দিপ্লু গগৈ )

cigarette

 

 

দাদা গল্ড ফ্লেক নহ’ব, ফ্লেকহে ল’ব লাগিব ৷- দোকানী ল’ৰাটোৰ মাতত পুনৰ সম্বিৎ ঘূৰাই পালো ৷ তাৰ হাতৰপৰা চিগাৰেটতো লৈ লাইটাৰটো জোকাৰিলো ৷ নাই, গেছ বেছি নাছিল, নজ্বলিল ৷নতুন লাইটাৰ এটা দিব লাগিব দাদা বুলি কৈ কৈ ল’ৰাটোৱে জুইশলা বাকচটো আগুৱাই দিলে ৷ চিগাৰেটতো ওঁঠৰ কোণত লৈ জুইশলা বাকচটোৰপৰা কাঠী এটা উলিয়াই জ্বলালো ৷ চেচেচচৰৰককক কৈ জ্বলি কাঠীটো নুমাই থাকিল ৷ মূৰটো গৰম উঠি গ’ল ‘ধুৰৰৰ চাল্লা, চিগাৰেটডালেই এটা কাঠীত নজ্বলে, চাকৰি ক’ত এবাৰ দুবাৰত লাগিব মোৰ ৷ আকৌ এটা কাঠী উলিয়ালো; জুইকণ জ্বলি উঠোতেই চিগাৰেটডালৰ দুয়োকাষে হাতদুখনৰে ঢাকি জুইখিনিক বাহিৰৰ বতাহৰপৰা আঁতৰত ৰাখি চিগাৰেটতো জ্বলালো ৷ দীঘল টান এটা মাৰি ধোঁৱাখিনি ওপৰলৈ মাৰি পঠালো ৷ সুখ টান ৷ বহুতখিনি চিন্তা পাতল হৈ আহিল ৷ অলপ আগত দি অহা প্ৰাইভেট কোম্পানীটোৰ ইণ্টাৰভিউত সুধা প্ৰশ্নবিলাক পাকঘূৰণি খাবলৈ ল’লে মনৰ ভিতৰত…৷

‘চিগাৰেটটোৰ ৫টা মিনিটৰ প্ৰথম মিনিটটো আৰম্ভ হ’ল…’

চোৱা আমাৰ কোম্পানীৰ মট’ই হৈছে প্ৰফিট মেকিং ৷ গতিকে প্ৰয়োজন হ’লে তুমি কোনোবা মানুহৰ ভৰিতো পৰিবলগা হ’ব পাৰে ৷ কোৱাচোন তোমাৰ ইগ’ লেভেল কিমান?- থতমত খালো মই ৷ মই নাজানো মোৰ ইগ’ লেভেল কিমান ৷ ক্ষণিকৰ কাৰণে মনটো হাইস্কুলৰ দিনলৈ উৰি গৈছিল ৷ “ক্লাচ এইটত এদিন ছাৰ এজনক সুধিছিলো, ‘চাৰ, শেৱালি ফুল ৰাতি ফুলে, ইয়াৰ ইংৰাজী অনুবাদ কি হ’ব ?’ ‘এইটো কথা সুধিবলৈ কমন ৰূমলৈ আহিছ? ওলা ইয়াৰপৰা ৷’ ওলাই আহিছিলো তাৰপৰা ৷ অলপ পাছত একেটা প্ৰশ্ন হাতত লৈ মোৰ লগৰ ক্লাচ টপাৰ গৈছিল চাৰৰ ওচৰলৈ ৷ মোক আহি সি দেখাইছিলহি-‘চোৱা চাৰে মোক লিখি দিছে, Night Jasmine blooms in the night ৷ ইগ’ত লাগিছিল মোৰ ৷ এমাহলৈ চাৰৰ ক্লাচ নকৰিলো, প্ৰি়ঞ্চিপালে এদিন নি ক্লাচ নকৰাৰ বাবে আঠু কঢ়াই থলে স্কুলৰ গেটত ৷ ” …আৰু বিশেষ চিন্তা নকৰাকৈ ক’লো, ‘মোৰ অলপো ইগ’ নাই চাৰ, প্ৰয়োজন হ’লে মই যাৰে হ’লেও ভৰিত ধৰিম ৷’

২য়টো মিনিট আৰম্ভ হৈছিল…
সুখটানটো মাৰি এৰিলো, বতাহ মাৰি আছিল বিপৰীত দিশৰপৰা ৷ গোন্ধটো আহি নিজৰ মুখতেই পৰিলহি ৷ চিগাৰেট খাওঁ যদিও গোন্ধটো নিজেই খুব টান পাওঁ ৷…বৰ্ডৰ মেম্বাৰকেইজনৰ ৰেচপঞ্জ পজিটিভ আছিল যেনেই লাগিল ৷ আৰু এটা টান মাৰিলো, এইবাৰ বতাহ কমিছিল; গোন্ধটো নালাগিল নাকত ৷ ওলাই অহাৰ সময়ত চিফ্জনে কৈ পঠাইছে, ৰিজাল্টটো দুদিনৰ পাছতেই মেইলত পাবা, চেক কৰি থাকিবা ৷ আৰে…আগৰ কেইটামান চাকৰিত নাপালো বুলি সদায়েই নোপোৱাকৈ থাকিমনে ! দস্তুৰমত মাষ্টাৰ ডিগ্ৰী কৰা ল’ৰা মই ৷ মুখলৈ সেমেকা হাঁহি এটা আহিল; ঘৰৰ মানুহকেইটাৰ মুখখনলৈ মনত পৰিল ৷…আজিকালি আইয়ে আগৰ দৰে পৰীক্ষা, ইণ্টাৰভিউলৈ ওলাই গ’লে পদূলিমুখত পানী ভৰ্তি বাল্টিটো নৰখা হৈছেগৈ…৷ দেউতাৰ মুখলৈ চাবলৈ ভয় লাগে; ২৬বছৰীয়া ল’ৰা এটা হৈও একো এটা উপাৰ্জন বুলিবলৈ নাই মোৰ ৷…চিগাৰেটটো মুখলৈ নিলো, সেমেকা হাঁহিটো আকৌ মাৰ গ’ল ৷

৩য় মিনিটটো…
• ওঁঠদুটা চেপা খোৱাই আনি ধোঁৱাবোৰৰ কুণ্ডলী বনাবলৈ চেষ্টা কৰিলো ৷ নাই গৰম দিনত কুণ্ডলী পকাবলৈ নোৱাৰি, ঠাণ্ডাৰ দিনকেইটা ভাল ৷ হোষ্টেলৰ দিনবোৰলৈ মনত পৰিল…ছাদখন…গীটাৰখন…প্ৰিয় গানটো ‘Saari Umrr Hum Mar Marke Ji Liye, Ik Pal Toh Abb Hamein Jine Do, Jine Do’…ৰূমমেটৰ উকি কেইটা ‘ইইইইই…ইসসসসস’…মদৰ নিচাত সদায়ে ডুবি থকা ৰাজীৱ দাৰ সপোনবোৰ ‘চাই থাক চালল্লা, এদিনাখন মই কিমান ডাঙৰ বিজনেচমেন হ’ম; আছে কি ব্বে তাইৰ বাপেকৰ…দুই টকাৰ মাল থুইইই…দেখাই দিম দুনীয়াক চাই থাক এই ৰাজীৱ বৰদলৈ কি বস্তু’…৷ৰাজীৱ দা বাগৰি পৰিছিল আৰু আজি…? মইও বাগৰি পৰিছো চাকৰি বিচাৰি বিচাৰি…৷ এৰা মানসিকভাৱে বহুত পিছুৱাই গ’লো মই ৷

৪ৰ্থটো মিনিট…
চিগাৰেটটোৰ শেষৰকণ মই নাখাওঁ ৷ অভ্যাস হৈ গৈছিল মোৰপৰা আঁতৰি যোৱা গাৰ্লফ্ৰেণ্ডজনীৰ ভয়ত ৷ সদায় ভয় কৰিছিলো, চিগাৰেটৰ শেষৰকণ টানি ওঁঠ ক’লা হ’লে তাইৰ ওচৰত ধৰা পৰিম বুলি ৷ মোৰ ওঁঠ ক’লা নহ’ল বাৰু, কিন্তু তাইৰ বিয়াখন ধুমধামেৰে হৈ গ’ল কোনোবা এজন প্ৰতিষ্ঠিত শিল্পীৰ সুপুত্ৰৰ লগত ৷…আৰু মই এতিয়াও সেই তাহানিতে দেখা সপোনবোৰৰ পৰা মুক্ত হ’বলৈ যুঁজ দি আছোঁ সমান্তৰালকৈ, চাকৰি বিচৰাৰ লগত৷
চিগাৰেটটো পেলাবলৈ লওঁতেই ভ্ৰুমকৈ পালচাৰ এখন পাৰ হৈ গ’ল ৷ অলপত বাচিলো খুন্দাটো খোৱাৰপৰা ৷ অ’ইইই বুলি চিঞৰটো মাৰিব খুজোঁতেই বাইক চলাই যোৱা ল’ৰাজনে মোকেই মক্কেল বুলি চিঞৰি থৈ গ’ল ৷ হ’ব দে বাপেৰৰ পইচাৰে চলাইছ চাগৈ; সেয়ে ইমান ডেমাকি ৷ মনতে ভাবিলো, ‘কিনিম মইও কিনিম বাইক! বাইক? বাইক কিয় ? গাড়ী ল’ম গাড়ী ৷ বহুতক দেখুৱাবলৈ আছে; চবকে দেখাম…৷

৫মটো মিনিট…
• চিগাৰেটটোৰ পাবটো পেলাই দি শেষৰ ধোঁৱাখিনি এৰি এৰি দোকানী ল’ৰাজনক সুধিলো, কেইটকা হ’ল ভাইটি ? তাৰ পাবলগীয়া টকাকেইটা দি ৱালেটটো পকেটত সোমোৱালো ৷ বাছ এখন আহি ৰৈছিলহি…আহক আহক খালী বাছ, ক’ত যাব উঠক উঠি লওঁক…৷ খিৰিকী কাষৰ চীট এটাত বহি খিৰিকীখন খুলি ল’লো ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!