এটা দিন (-সৌম্যেন্দ্ৰ শইকীয়া)

এটা দিনলৈ মনত পৰিলে আজিও মোৰ গাৰ নোম শিয়ৰি উঠে। তেতিয়া মই তৃতীয়/চতুর্থ শ্ৰেণীৰ ছাত্ৰ। ঠাণ্ডা দিন আছিল। আমাৰ পৰিয়ালৰ সকলোৱে ভাত খোৱাৰ পিছত ১০বজাৰ পৰা ১১বজালৈ জয় হনুমান ধাৰাবাহিক খন চাওঁ।সেই দিনাওঁ জয় হনুমান চাই আমি বিছনাত উঠিছো।মোৰ লগত মা আৰু বাইদেউ। কাষৰ বিছনাত দেউতা আৰু ভাইটি। তেনেতে ডাঙৰ শব্দ এটা শুনিলো আৰু লগে লগে আমাৰ ঘৰৰ টিঙৰ ওপৰত শিলগুটি পৰাৰ দৰে এটা শব্দ হ’ল। অনুমান কৰিলো প্ৰথম শব্দটো আমাৰ ঘৰৰ পিচফালৰ খূড়া এজনৰ ঘৰত। পিচফালৰ মানে তেওঁলোকৰ ঘৰ আৰু আমাৰ ঘৰৰ মাজত দুই তিনি জোপা বাঁহ থকা এখন সৰু বাঁহৰ বাৰী আছে। আগতেই কৈ থওঁ যি জন খূড়াৰ ঘৰৰ পৰা শব্দটো আহিছিল তেওঁলোকৰ ঘৰত ককায়েক ভায়েক তিনি জন। সকলো বেলেগে বেলেগে থাকে যদিওঁ তেওঁলোকৰ ঘৰ কেইটাৰ মাজৰ ব্যৱধান খিনিৰে যেনে তেনে এজন মানুহ পাৰ হ’ব পাৰে আৰু। দুই তিনি দিন আগৰ পৰা তেওঁলোকৰ ঘৰত আমাৰ গাওঁৰ পৰা ২কি.মি. আঁতৰৰ ল’ৰা এজনৰ সৈতে তেওঁৰ ৬জন বন্ধু ৰাতিয়ে দিনে আছিল। ওচৰৰ গাওঁৰ ল’ৰা জন তেতিয়া আলফাৰ এজন দুর্ধষ সদস্য। তেওঁলোক দিনত ঘৰৰ পৰা নোলাই যদিও ৰাতি আমাৰ চোতালেৰে পাৰ হৈ কথা পাতি য়োৱা স্পষ্টকৈ আমি শুনা পাইছিলো। সেইদিনাওঁ হয়তো তেওঁলোক ওলাই যোৱাৰ সময় হৈছিল। কিন্তু তেনেতে দেৱালিত ফুটা জগমগ ব’মৰ দৰে শব্দতো শুণা গ’ল। তাৰ পিচত এটাৰ পাচত এটাকৈ ১ঘন্টামান সময় ধাৰাষাৰ গুলীৰ শব্দ। তাৰ মাজে মাজে তিনি চাৰি বাৰ মান এনেকুৱা বিভত্‍স চিঞৰ শুনা গ’ল য়েন কাৰবাক বাঁহৰে চেপি চেপি হত্যা কৰাৰ প্ৰয়াস কৰা হৈছে। তেতিয়া আমাৰ ঘৰৰ সকলো বিছনা এৰি পকাত পৰি চুলিৰ আগত জীৱনতো লৈ চকু মুদি ভগৱানক প্ৰার্থনা কৰিছিলো। এনেকৈয়ে ৰাতিটো উজাগৰে পাৰ হ’ল। তাতেই সকলো শেষ নহ’ল। পূৱতিনিশা ৩ বজাতে আমাৰ ঘৰতো টোকোৰ পৰিল। দর্জা বহু সময় নোখোলাৰ বাবে সেই টোকৰ ভৰিৰ গোৰলৈ পৰিৱর্তন হ’ল। দেউতাই গৈ র্দজা খন খোলি দিলে। লগে লগে ৬/৭জন মান মেলটেৰীৰ লগত এজন অসম পুলিচ সোমাই আহিল। আহিয়েই আমাৰ ঘৰত আলমাৰি, বাকচ, বিচনাৰ তল, লুটিয়াই তহিলং কৰিলে। বাইদেউ আৰু ভাইটি দেউতাৰ লগত আৰু মই মা’ৰ লগত হাতত ধৰি সকলো নিবাক হৈ চাই ৰ’লো। ঘৰত একো আপত্তিজনক বস্তু উদ্ধাৰ কৰিব নোৱাৰি তেওঁলোকক দেউতাক লগত লৈ যাবলৈ বিচাৰিলে। কিন্তু এজন চৰকাৰী শিক্ষক হোৱাৰ বাবে এৰি গুচি গ’ল। ৰাতিপুৱা গম পালো যে ৰাতিৰ সংঘর্ষত আমাৰ গাওঁৰ ওচৰৰ আলফা সদস্য জন পলাই গ’ল। কিন্তু তেওঁৰ বাহিৰে বাকী ৬ জন সদস্যৰে মৃত্যু হৈছে লগত ২ জন পুলিচ।আৰু ৰাতিপুৱা আমাৰ ঘৰত তালাচি কৰাৰ দৰে গাওঁৰ সকলোৰে ঘৰতে তালাচি কৰিছিল আৰু আমাৰ ঘৰৰ পিচফালৰ খুড়াহঁতৰ তিনিওঁজন ভাই-ককাইকে পুলিচে ধৰি চোতালতে উলিয়াই গোটা বাঁহৰে মাৰিছিল। আৰু তেওঁলোকৰ লগত গাওঁৰে ৬/৭জনক ধৰি থানালৈ লৈ গৈছিল। ৰাতিপুৱা মোক,বাইদেউক আৰু ভাইটিক ঘৰৰ পৰা বাহিৰলৈ যাবলৈ মা-হঁতে দিয়া নাছিল। কিন্তু কোৱা শুনিছিলো আমাৰ বাঁহ জোপাৰ লগতে আমাৰ চোতালতো হেনো তেজৰ কৰাল বান্ধি আছিল। পিচত গম পাইছিলো ঘটনা হোৱাৰ আগদিনা আলফা সদস্য কেইজনে বস্তাত ভৰাই ১০০টকা নোটৰ তিনি বস্তা টকা আনি ৰাতিয়েই কৰবাত থৈ আহিছিল আৰু ঘটনা সংঘটিত হোৱাৰ দিনাই তেওঁলোক আমাৰ গাওঁ এৰি গুচি যোৱাৰ কথা আছিল। এনেদৰেই ভয় সংকাৰ মাজেৰে ২/৩ সপ্তাহ পাৰ হৈ গ’ল। তাৰ মাজতে ২ বাৰ আকৌ পুলিচ মেলটেৰী আহি আমাৰ ঘৰৰ লগতে গাওঁৰ সকলোৰে ঘৰত তালাচি চলালে। কিন্তু একো উদ্ধাৰ নহ’ল। ঘটনাটো হোৱা এসপ্তাহ পিচত শুনিলো পলাই য়োৱা আলফা জনে আত্মসমর্পন কৰি ছালফা হ’ল। আত্মসমর্পন কৰাৰ দহ দিন মান পিছত আমাৰ পথাৰলৈ য়োৱা এটা সৰু আলিবাটৰ দাঁতিত ৰাতিপুৱা গাওঁৰ মানুহে তিনিটা ডাঙৰ গাঁত দেখিলে। গাঁতৰ কাষতে ডাঙৰ ডাঙৰ ক’লা পলথিন।তাৰ দুমাহ মান পিচতে ছালফা জনে বিয়া পাতি সংসাৰো কৰিলে। একে দূখীয়া ঘৰৰ ল’ৰা আছিল সি। কিন্তু আত্মসমর্পন কৰাৰ পিচতে এখন বিলাতি সুৰাৰ দোকান খোলিলে লগত এটা শিলৰ কোৱাৰী। গাওঁত দুমহলীয়া ঘৰ লগতে চহৰত মাটি কিনি তাতো চাৰি মহলীয়া ঘৰ আৰু বিশাল সম্পতিৰ মালিক হ’ল। যোৱাবাৰ বিধানসভাৰ ইলেক্চনত আমাৰ সমষ্টিৰ পৰা শাসক দলৰ হৈ খেলিবলৈ সুবিধাও পালে। জাপে জাপে টকা বিলালে। শুনিবলৈ পালো তেওঁ যিবোৰ টকা ইলেক্চনত খৰচ কৰিছিল সেইবোৰ আগৰ দিনত চলা ষ্টেপুল মৰা ১০০টকাৰ নোট। ধন আৰু ধমকী দুইটা ব্যৱহাৰ কৰিলে যদিও পৰাস্ত হ’ল।তেওঁ তাতে থমকি নৰ’ল। আজিও এজন সমাজ সেৱক হৈ কাম কৰি আছে। বিহু কমিটিত ডাঙৰ বৰঙণিও দিয়ে আৰু মঞ্চ মুকলী কৰি ডাঙৰ ডাঙৰ কথা কয় আৰু আমি শুনি হাত-চাপৰি মাৰো। হয়তো তেওঁ অহাবাৰলৈ সমষ্টিৰ পৰা ইলেক্চন জিকি দিছপুৰ পাবগৈ। কিন্তু আজিৰ পৰা দুবছৰমান আগলৈকে আমাৰ ঘৰৰ পিচফালৰ খুড়াহঁতে উগ্ৰপন্থী ৰখাৰ বাবে আদালতত হাজিৰ হৈয়ে আছিল। কিযে দেশৰ নিয়ম। এইবোৰ শুনিলে কেতিয়াবা মন যায় বন্দুক এটা লৈ ওলাই যাবলৈ। কি কৰিবলৈ নাজানো কিন্তু কিবা এটা কৰিম। হয়তো দুদিন মান উগ্ৰপন্থী হৈ টকা লুটি আত্মসমর্পন কৰি ভূৱা সমাজ সেৱা কৰিমহি নহ’লে এফালৰ পৰা এটা এটাকৈ সেই ভূৱা সমাজ সেৱক বোৰক এফালৰ পৰা মাৰি মৰি পুলিচৰ গুলী গাত লৈ মৰাৰ আগত হাঁহি এটা মাৰি কম “চালা কুকুৰ দুটাক মাৰি মৰিলো বে “।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!