এটা নষ্ট সপোন– ‘অদাহ্য’ চলচ্চিত্ৰত সাহিত্যৰ বিকৃতি (ননি)

ভাৰতীয় পোনোৰামাত অন্তৰ্ভূক্ত ‘অদাহ্য’ই কলিকতা আৰু কেৰালা, দুয়োখন ঠাইৰে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰীয় বৌদ্ধিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বহিঃবিশ্বৰ কৌতুহলী আকৰ্ষণ তথা ইয়াৰ শক্তিশালী সংলাপৰ (ইংৰাজীলৈ অনুবাদ হোৱা) বাবে ই আন্তঃৰাষ্ট্ৰীয়ভাৱেও দৃষ্টি আকৰ্ষণ কৰিছিল আৰু জাপানলৈও নিমন্ত্ৰিত হৈছিল৷ ইতিমধ্যে ‘অদাহ্য’ই ‘অৰবিন্দন বঁটা’ লাভ কৰিছে৷ এনেবোৰ তথ্য ‘অসমীয়া’,’অসমীয়া চলচ্চিত্ৰ’,’অসমীয়া চলচ্চিত্ৰ পৰম্পৰা’ আদি শব্দবোৰৰ বাবে আনন্দদায়ক৷

তেনেহ’লে শিৰোনামাত কিয় উল্লেখ কৰা হ’ল ‘নষ্ট সপোন’ বুলি? কিহৰ বাবে ‘অদাহ্য’ই উপৰোক্ত উপমাসমূহেৰে বিভূষিত হোৱাৰ পিছতো মনত ‘নষ্ট সপোন’ হিচাপে দোলা দি যায়? তলত এই বিষয়ে কিছু কথা ফঁহিয়াই আলোচনা কৰিলো৷

সাহিত্যৰ বিকৃতিকৰণ: ‘অদাহ্য’– আচৰিত এক সার্বিক অনুপম সৃষ্টিৰ কেনে এক সৰলীকৰণ তথা একমূখী যাত্রাৰ অৱলোকনত সেই সৃষ্টিৰ এক নিম্ন স্তৰৰখনৰ বিকৃতি! আমি চলচ্চিত্রখনৰ আলোচনালৈ নগৈ সাহিত্য আৰু চলচ্চিত্রৰ পাৰস্পৰিক সম্পর্কক লৈ কেতিয়াবা চলচ্চিত্র মহৎ সাহিত্যৰ বাবে কেনে প্রচণ্ড ক্ষতিকাৰক হ’ব পাৰে তাকে উনুকিয়াব খুজিছো ৷ অসমত এইটো এটা পৰম্পৰাৰ দৰে হৈছেগৈ যে সাহিত্য নির্ভৰ তথাকথিত কলাত্মক চলচ্চিত্র নির্মান ,চলচ্চিত্র ৰূপায়ণত ইয়াৰ বিকৃতি তুলনামূলকভাৱে সাহিত্য নির্ভৰ নোহোৱা অথচ নেৰেটিভ চলচ্চিত্র কথনভঙ্গী অক্ষুন্ন ৰখা তৰামাই,আজলী নবৌ,বোৱাৰী আদিয়েই ভাল চলচ্চিত্র;  এইবোৰক কলাত্মক চলচ্চিত্র বুলি কোৱা নহয় ৷ সাহিত্যক চলচ্চিত্রৰ মহত্বলৈ লৈ যোৱা সত্যজিত ৰায় হ’ব নোৱাৰিলেও ,ইয়াৰ বাবে নূন্যতম চলচ্চিত্রীয় ক্ষমতাৰ প্রয়োজন হয় ৷ নহ’লে কলাত্মক চলচ্চিত্রৰ নামত ভাল চলচ্চিত্রও নহয় ,’বাণিজ্যিক’ চলচ্চিত্রৰ নামত বেয়া চলচ্চিত্র বুলিও সাধাৰণ দর্শকে চাব নিবিচাৰে৷ ফলত পৰিচালকৰ সমগ্র অভিযোগ পৰেগৈ সাধাৰণ দর্শকৰ ওপৰত৷ অসমত দর্শক কেনে ‘আনকালচাৰড’, পুৰস্কৃত চলচ্চিত্রও চাব নিবিচাৰে ৷ অথচ এই পুৰস্কৃত চলচ্চিত্র ও চলন্ত ফটোগ্রাফ বিলাকে  ইয়াৰ চলচ্চিত্রীয় গুণ,সততা অক্ষুন্ন ৰাখিব পাৰিছেনে নাই ই বিবেচনাৰ যোগ্য নহয়েই৷ জাহ্নু বৰুৱাৰ ‘হালধীয়া চৰায়ে বাওধান খায়’,সঞ্জীৱ হাজৰিকাৰ ‘হলধৰ’, ড° ভৱেন্দ্রনাথ শইকীয়াৰ ‘অগ্নিস্নান’, ‘ইতিহাস’ আদিলৈকে অসমীয়া সাহিত্যৰ ৰূপায়ণত সাহিত্যৰ কেনে ভয়ংকৰ ক্ষতি হৈছে তাক ভাবিবলগীয়া ৷ ‘হলধৰ’ সম্পর্কত, গল্পকাৰ অপূর্ব শর্মাৰ বক্তব্য উল্লেখযোগ্য ৷ ইয়াৰ ফলস্বৰূপে লাভ হৈছে চলচ্চিত্ৰকাৰসকলৰ, কিন্তু মাৰাত্মক ক্ষতি হৈছে সাহিত্যিকসকলৰ । এই সাহিত্যৰ বিকৃতি আন এক সংযোজন ‘দঁতাল হাতীৰ উয়ে খোৱা হাওদা ‘ উপন্যাসৰ ভিত্তিত নিৰ্মান কৰা ‘অদাহ্য’৷  আচলতে সাহিত্যৰ মূল ৰূপটো ফুটাই তুলিব নোৱাৰিলেও ই নূন্যতম আভাস দাঙি ধৰিলেই যথেষ্ট৷ চলচ্চিত্ৰীয় প্ৰয়োজনত অলপ ইফাল সিফাল কৰিলেও ই সাহিত্যৰ বাবেই মংগলজনক । কিন্তু চলচ্চিত্ৰৰ অন্য প্ৰয়োজনত সাহিত্যৰ যেতিয়া বিকৃতি ঘটে যেতিয়া ,তেতিয়া ইয়াক মানি ল’ব নোৱাৰি সাহিত্যৰ স্বাৰ্থতেই আৰু চলচ্চিত্ৰকাৰৰ উদ্দেশ্য সম্পৰ্কতো সন্দেহ জাগে। ইয়াক মহৎ সাহিত্যৰ পিঠিত উঠি বৈতৰণী পাৰ হ’বলৈ বিচৰা এক মহৎ চালাকি অথবা কাৰচাজি বুলিও অভিহিত কৰিব পাৰি৷  নূন্যতম সৎ অনুকৰণৰ ক্ষমতা নাৰাখি,  সেই মহৎ সাহিত্যৰ প্ৰতি দায়বদ্ধ নোহোৱা , জাতীয় জীৱনৰ সাহিত্য নিজস্ব ক্ষেত্ৰৰ বাবে অপৰাধেই নহয় ,ই অপমানজনকো । ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ৰ এছোৱাৰ ভিত্তিত ‘অদাহ্য’ নিৰ্মিত হৈছিল । উক্ত উপন্যাসখন অসমীয়া সাহিত্যৰ এক মাইলৰ খুঁটি । মামণি ৰয়চম গোস্বামীৰ প্ৰচুৰ জীৱন বোধেৰে ব্যাপ্ত কলমেদি নিগৰিত উক্ত উপন্যাস অসমৰ জাতীয় জীৱনৰ এক সম্পদ তথা এক ঐতিহাসিক দলিল।

 নাৰীবাদী প্ৰকাশভংগীঃ
‘অদাহ্য’ সান্ত্বনা বৰদলৈৰ নিজস্ব কোনো গল্প বা উপন্যাসৰ ভিত্তিত নিৰ্মাণ কৰা চলচ্চিত্ৰ নহয়। পৰিচালক সান্ত্বনা বৰদলৈয়ে এই চলচ্চিত্ৰখন নিৰ্ম্মাণ কৰিবৰ বাবে বাছি লৈছিল বা আধাৰ হিচাপে লৈছিল ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ নামৰ উপন্যাসৰ এছোৱা৷ কিন্তু দুখৰ বিষয় এছোৱা নহয়,পৰিচালক সান্ত্বনা বৰদলৈয়ে  সমগ্ৰ উপন্যাসখনৰ মূল সংযোগ ৰেখাডালেই চিত্ৰায়ণ কৰিবলৈ বিচাৰিছে, কিন্তু ইয়াৰ বাবে তেখেতৰ নাৰীবাদী দৃষ্টিকোণেৰে উপন্যাসৰ পৰা বাছি বাছি উলিয়াই লৈছে নাৰী চৰিত্ৰকেইটা। এই চৰিত্ৰকেইটাৰ সমান্তৰালভাৱে  কেইবাটিও গুৰুত্বপূৰ্ণ পুৰুষ চৰিত্ৰ থকা স্বত্বেও ই বাদ পৰিছে। চলচ্চিত্ৰখনৰ পুৰুষ চৰিত্ৰকেইটিয়ো নিয়ন্ত্ৰিত হৈছে নাৰীবাদী বিচাৰভংগীৰ দ্বাৰা;  কাৰণ সমগ্ৰ চলচ্চিত্ৰখনিত আধিপত্য বিস্তাৰ কৰিছে, বাখ্যায়িত হৈছে নাৰী চৰিত্ৰকেইটাৰহে৷ মূখ্য গিৰিবালাৰ চৰিত্ৰৰ সৈতে বিভিন্ন চৰিত্ৰৰে ভৰপূৰ মামণি ৰয়ছম গোস্বামীয়ে উপন্যাসখন এই চৰিত্ৰকেইটাৰ ব্যাপ্ত কৰিছে নিৰ্মোহ বস্তুভিত্তিক দৃষ্টিভংগীৰে,  গভীৰ জীৱনবোধেৰে তথা মানৱীয় অৱলোকণেৰে এক সামাজিক ইতিহাস। নাৰী মূখ্য চৰিত্ৰ হ’লেও ই নাৰীবাদী উপন্যাস নহয়। ( যেনেদৰে আশাপূৰ্ণা দেৱীৰ ‘ প্ৰথম প্ৰতিশ্ৰুতি’ নাৰীবাদী উপন্যাস নহয়)। কিন্তু চলচ্চিত্ৰখনত সমগ্ৰ উপন্যাসৰ সাৰাংশ হিচাপে দেখা গ’ল (এছোৱা নহয়) নাৰীবাদী প্ৰকাশভংগী। ই পৰিচালক সান্ত্বনা বৰদলৈৰ সচেতন নহ’লেও অৱচেতন অৱলোকন। সমগ্ৰ উপন্যাসখনৰ প্ৰকাশভংগী বিভিন্ন মাত্ৰাৰ হোৱা স্বত্ত্বেও উপন্যাসৰ ‘পাঠ’ সান্ত্বনা বৰদলৈৰ ওচৰত হয়তো অৱচেতনভাৱে মূলতঃ নাৰী চৰিত্ৰকেইটাহে দোলা দি গ’ল। আমি ভাৱো নিজস্ব গল্পৰ আধাৰত অদাহ্য নির্মিত হোৱা হ’লে সান্তনা বৰদলৈৰ এক সচেতন নিজস্ব পৰিচিতি হ’লহেঁতেন ৷ কিন্তু মহৎ সাহিত্যৰ এক আধাৰ কৰি লোৱা হেতুকে ইয়াৰ বিকৃতিকৰণৰ দ্বাৰা পৰিচালক সান্তনা বৰদলৈৰ আর্থসামাজিক,ইতিহাস আদি বিষয়ত অসচেনতা,অজ্ঞানতা অথবা ইচ্ছাকৃত অৱহেলাৰ আভাস দিয়ে ৷যিটো নথকাৰ বাবে ক্ষতি হ’ল  চলচ্চিত্রখনৰ আৰু চলচ্চিত্ৰখনৰ উদ্দেশ্যসম্পর্কতো এতিয়া প্রশ্ন উঠিব পাৰে৷ গতিকে আমাৰো অসমীয়া মহৎ সাহিত্যৰ অনুৰাগী হিচাবে ড° মামণি ৰয়চম গোস্বামী,নিৰূপমা বৰগোহাঞি,অপূর্ব শর্মা,ভৱেন্দ্রনাথ শইকীয়া আদি সাহিত্যিকসকলৰ সৃষ্টি বিকৃত প্রকাশত সহৃদয়তাৰে দুখ অনুভৱ হয় ৷

  চলচ্চিত্রখনৰ গুৰুত্বপূর্ণ অপৰাধটোঃ
‘অদাহ্য’ এখন নীচক চলচ্চিত্র হোৱাহেতেঁন ইয়াৰ নাৰীবাদী প্রকাশভংগীটোত বিশেষ ক’বলগীয়া নাথাকে ৷ কিন্তু পৰিচালকৰ নাৰীমুক্তি বিপ্লৱৰ চূড়ান্ত স্পৃহা তথা তাগিদাত স্পর্দ্ধাই যেতিয়া মাত্রাধিক অৱস্থা পায় তেতিয়া সাহিত্যৰ নিজৰ স্বার্থত অথবা সামাজিক জাতীয় স্বার্থত কিছু ক’বলগীয়া থাকে ৷ ‘অদাহ্য’ শব্দটোৰ অসমীয়া অর্থ যাক পুৰি পেলাব পৰা নাযায়,কিন্তু ইংৰাজীত ইয়াৰ নাম দিয়া হৈছে ‘The Flight’ অর্থাৎ ‘উৰণ’ ৷ গতিকে পৰিচালকে অসমৰ দর্শকক দুভাগত ভগাব বিচাৰিছে আৰু উদ্দেশ্যও ভিন্ন কৰিছে ৷ অসমৰ দর্শকৰ বাবে আধ্যাত্মিক ভাৱবাদী আৱেদন ৰাখি আন্ত:ৰাষ্ট্রীয় দর্শকৰ ওপৰত চূড়ান্ত ‘কাঢ়া'(Ultra) বিপ্লৱী হিচাবে নিজক প্রতিপন্ন কৰিব বিচাৰিছে ৷ বোধহয় সফলো হৈছে ৷ ৰাষ্ট্রীয়,আন্ত:ৰাষ্ট্রীয় ক্ষেত্রত এইটো কোৱা প্রয়োজন বুলি পৰিচালকে বোধ কৰিছে যে অসমত ইতিমধ্যে নাৰীমুক্তি হৈ গ’ল ,চলচ্চিত্রখনত ইতিমধ্যে যি দেখুওৱা হ’ল সেয়া পুৰণা ইতিহাস , বর্তমান অসমীয়া নাৰীয়ে (শেষ দৃশ্য) জীনছ পিন্ধে, আধুনিক বা বন্দিত্বৰ পৰা সদ্যহতে মুক্ত হৈ উৰিবলৈ সাজু ৷ গিৰিবালাই সদায় নিজৰ লগত ৰখা পিঞ্জৰাবদ্ধ কৰি ৰখা চৰাই এটি (বন্দিত্বৰ প্রতীক) শেষ দৃশ্যত নিজে সামন্তীয় সমাজৰ পৰা লংজাম্প মাৰি পাৰ হৈ আধুনিকা হৈ মুক্ত কৰি দিবলৈ ওলাইছে ৷ প্রেক্ষাপটত সূর্য অস্ত গৈছেনে ,উদয় হৈছে ধৰিব পৰা নগ’ল ৷ আচলতে বৰ লৰালৰি, কাৰণ এতিয়া সোনকালে উৰি গৈ আধুনিকাৰ পৰা উত্তৰ আধুনিকা হ’ব লাগে ৷ যি কি নহ’ওক অসমত নাৰীমুক্তি হৈ গ’ল নেকি,প্রেম পুৰি পেলাব পৰা যায়নে নাযায় সেয়া অসমৰ দর্শকে বিচাৰ কৰি থাকিব ৷ কিন্তু তেতিয়াহ’লে সেই মাৰাত্মক অপৰাধটোনে কি?  কি কৰি স্পর্দ্ধা দেখুৱালে পৰিচালকে চলচ্চিত্রখনত ৷ সেয়া হ’ল আৰম্ভণিৰ শ্বটটোত কেঁকোৰা একোছা  চুলিৰ সৈতে ,শেষ দৃশ্যত এটা জীনছ পিন্ধি ওলোৱা যুৱতীগৰাকী আন কোনো নহয় সেয়া হ’ল ড° ইন্দিৰা গোস্বামী বা মামণি ৰয়চম গোস্বামী ৷ চলচ্চিত্রখনৰ মূল চৰিত্র গিৰিবালাৰ জীৱনৰ সৈতে ড° ইন্দিৰা গোস্বামীক  সংযুক্তকৰণ তথা মিহলাই(Assimilate ) পেলোৱা হৈছে ৷ পৰিচালক সান্তনা বৰদলৈ,চলচ্চিত্রখনৰ আটাইকেইটা নাৰী চৰিত্র ,গিৰিবালা আৰু ড° ইন্দিৰা গোস্বামী সকলোকে পৰিচালকে তিনিডাল সমান্তৰাল ৰেখাত পৰিণত কৰি একমূখী গতি কৰিব খুজিছে ,মহতিয়াই গৈছে আন সকলোবোৰ ক্ষেত্র ,ইয়াৰ মাজেৰ পৰিচালকে সচেতন বা অসচেতনভাৱে অতৃপ্ত মনক তৃপ্ত কৰিব বিচাৰিছে ৷ উচ্চ জীৱনবোধৰ অভাৱৰ ফলত এই বিকৃতি পৰিচালকৰ বাবেই ক্ষতিকাৰক হৈছে। পৰিচালকে নিজৰ এই আচাৰ প্ৰকাশভংগীৰ মাজলৈ ড° ইন্দিৰা গোস্বামীক টানি অনাটো কিমান যুক্তিসংগত হৈছে? যিহেতু ড° গোস্বামীৰ উপন্যাসখনত তেখেতৰ সৰুকালৰ স্মৃতিচাৰণ থাকিলেও ই তেখেতৰ আত্মজীৱনী নহয়। তেখেতৰ প্ৰায়ভাগ লেখা মেলাই বাস্তৱ জীৱনৰ পৰা আহৰিত তথা সাহসী ভূমিকাৰ বাবে পৰিচিত বাবেই তেখেতৰ ব্যক্তিগত জীৱনক যেনে তেনে ব্যৱহাৰ কৰিব খোজাটোৱে চলচ্চিত্ৰীয় সচেতনতা তথা চলচ্চিত্ৰীয় ‘গিমিক’ নুসূচায়। আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে শেষ দৃশ্যৰ ভয়ংকৰ জাম্পকাটটোৱে কিছু হতভম্ব কৰিলেও বেছি চিন্তনীয় নহয়, তেওঁলোকে যিকোনো অৰ্থ কৰি ল’ব, কিন্তু অসমৰ দৰ্শকে তৎক্ষণাৎ ধৰিব পাৰিব “এয়া দেখোন মামনি ৰয়ছম গোস্বামী, তেওঁ এতিয়া কেনে আধুনিকা, মুক্ত বিহংগ।”

         আমি ভাবো আৰম্ভণিৰ শ্বটটোৰ গুৰুত্ব আছে। কিন্তু শেষৰ এই শ্বটটো পৰিচালকে ড° ইন্দিৰা গোস্বামীৰ ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধা ৰাখিয়েই ফিল্মৰ ফ্ৰেমৰ পৰা কাটি পেলোৱাটো উচিত আছিল। ই আমাৰ একান্তই ব্যক্তিগত মনোভাৱ হে, কিয়নো চলচ্চিত্ৰকাৰৰ স্বাধীনতাত আমি বিশ্বাসী। আমি ভাবো সেই শ্বটটো নহ’লেও চলচ্চিত্ৰখনিৰ মূল চলচ্চিত্ৰ গুণ ক্ষুদ্ৰ নহ’লহেতেঁন।

ভাষাৰ বিকৃতিৰ প্ৰসংগতঃ
চলচ্চিত্ৰখনিক ভাষা বিকৃতিৰ আসোঁৱাহেও ছুই গৈছে। নামনিৰ কথিত ভাষা, উজনিৰ কথিত ভাষা দুয়োবিধ মিলি কিবা এক খিচিৰি ভাষা তৈয়াৰ কৰা হৈছে আৰু নামনিৰ জনকথিত ভাষাটোৰ বিকৃতিকৰণ ঘটিছে। ফলত ইকুলো হোৱা নাই, সিকুলো হোৱা নাই। এনেয়েও নামনিৰ কথিত ভাষাটোক কৌতুকৰ ভাষা হিচাপে ব্যৱহাৰ কৰা হৈ আহিছে। অথচ ড° গোস্বামীয়ে এই ভাষাটোক তেখেতৰ চৰিত্ৰসমূহৰ মুখত সহৃদয়তাৰে, সচেতনভাৱে উপন্যাসত অধিক জীৱন্ত কৰিবৰ বাবে দিয়াইছিল। যি ভাষা সেই অঞ্চলৰ জনসাধাৰণৰ প্ৰাণৰ ভাষা। বিশিষ্ট লেখক সৌৰভ কুমাৰ চলিহাদেৱে এই ভাষাটোক মূল উপজীৱ্য হিচাপে লৈ ‘হাহিঁ চম্পা’ নামে এটি অনুপম গল্প লিখিছে। ‘হাহিঁ চম্পা’ ভাৰতীয় শ্ৰেষ্ঠ গল্পসমূহৰ ভিতৰত অন্যতম এটি গল্প। শীলভদ্ৰয়েও এই ভাষাটোক তেখেতৰ গল্পসমূহৰ মাজেদি আন্তৰিকতাৰে প্ৰকাশ কৰি আহিছে। কিন্তু চলচ্চিত্ৰখনিত নামমাত্ৰ সচেতনতাৰে, আন্তৰিকতাবিহীনভাৱে প্ৰয়োগ কৰা হৈছে এই ভাষা। তথা লৰালৰিকৈ শেষ কৰিবলৈ বিচৰাৰ বাবেই নেকি মনোযোগবিহীনভাৱে ভাষাটোৰ বিকৃতিত চূড়ান্ত পৰ্যায় পাইছেগৈ। নামনিৰ দৰ্শক উভয়ৰ বাবে ভাষাটোৰ হাহিঁৰ খোৰাক যোগাব বুলি ভাবিব পাৰি অথবা ই চলচ্চিত্ৰখন চোৱাত অসুবিধা কৰিব। আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ কথা বেলেগ, তেখেতসকলৰ বাবে ইংৰাজী ‘অসাধাৰণ ডায়লগ’ৰ ছাবটাইটেল আছে যদিও এই ‘ডায়লগ’ উপন্যাসৰ সংলাপৰ পোনপটীয়া অনুবাদ নহয়, বৰঞ্চ তৈয়াৰ কৰা হৈছে।

         শেষ স্বীকাৰ্যঃ পৰিচালক হিচাপে ডা° সান্তনা বৰদলৈ প্ৰথম স্বাক্ষৰ ভাস্কৰ। চলচ্চিত্ৰখনিৰ চলচ্চিত্ৰীয় গঠন উল্লেখযোগ্য। সজীৱ চিনেমাটোগ্ৰাফী। তেখেতে কেৰেলাত চলচ্চিত্ৰ মহোৎসৱত সাংবাদিক মেলত উল্লেখ কৰা মতে তেখেতে প্ৰাথমিক গুৰুত্ব প্ৰদান কৰে নিজৰ পৰিয়ালক, তাৰ পিছতহে চলচ্চিত্ৰ। আকৌ তেখেতে অসমীয়া সংবাদপত্ৰত উল্লেখ কৰা মতে মঞ্চহে তেখেতৰ বাবে মূখ্য, দ্বিতীয়তে আহে চলচ্চিত্ৰ। ডা° সান্তনা বৰদলৈয়ে নিজৰ ক্ষেত্ৰত ঠিকেই কৈছে।

         কিন্তু চলচ্চিত্ৰই এনেকুৱা ৰেংকিং পচন্দ নকৰে, চলচ্চিত্ৰ মূলতঃ সৎ অথবা অসৎ।Adajya

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!