এটা বিছ ছেকেণ্ডৰ গল্প ( ৰিপুঞ্জিত হাজৰিকা)

এটা বিছ ছেকেণ্ডৰ গল্প

ৰিপুঞ্জিতক চলিহাই ধৰিলে…

ৰিপুঞ্জিত হাজৰিকা

 

নটিফিকেশ্যনৰ হট্টগোলত ৰিপুঞ্জিত মৰিয়া হৈ দৌৰিছে,গ্ৰুপবোৰৰ কোনোবা ধুনীয়া ছোৱালীৰ নতুন পোষ্টবোৰে ৰিপুঞ্জিতক মাতিছে(ইলেকট্ৰনে প্ৰটনক টানিবই),ৰিপুঞ্জিতে মোৰ গল্প পঢ়া এৰি ফেচবুকত ধৰিছে,কালি আকৌ ৰিপুঞ্জিতে ফেচবুক একাউন্টটো দিয়েক্টিভিট কৰিম বুলি ভাবিছে(নকৰে বুলি ৰিপুঞ্জিতেও জানে,ময়ো জানো)।পানীৰ বটলটোৰ ত্ৰিছডিগ্ৰী কোণ কৰি থকা থাৰ্মডাইনেমিকছৰ কিতাপখনৰ ফালে এবাৰ বেকাকৈ চাই(বহুদিন চিধাকৈ চোৱা নাই) এবাৰ আকৌ কিবা এটা মনত পৰাৰ দৰে কৰি ৰিপুঞ্জিতে আকৌ ফেচবুক খুলিছে,গ্ৰুপবোৰ নটিফিকেশ্যনত মৰিয়া হৈ দৌৰিছে,গ্ৰুপবোৰৰ কোনোবা…
(চলিহাই এইবাৰ ৰিপুঞ্জিতক ধৰিলে নে ৰিপুঞ্জিতে চলিহাক ধৰিলে সেই কথা চলিহা আৰু ৰিপুঞ্জিতে জানে নাই সেই কথা গম পোৱা নাযায়)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!