এটা ভাল লগা আবেলি – দুলুমণি শইকীয়া

শৰতৰ এটা আবেলি পৰত
আলফুল বুকুত সপোন তোমাৰ
চকুত চকু থৈ তুমি
শিহৰণ তুলিলা
জোনাকী সপোন মোৰ দুচকুত৷
শান্তিৰ বতৰা লৈ
এজাক মৃদু বতাহে
দুৰু দুৰুকৈ কপালে
মোৰ মনৰ পদুলি৷
তোমাৰ নিবিড় মৰমত
পাখি মেলি সপোনে
মোহনীয়া কৰিলে মোৰ
আজলী মনটি৷
নৈ ঘাটৰ কহুঁৱাৰ বননিত
তুমি মোৰ, মই তোমাৰ প্ৰতিশ্ৰুতিত
হেঙুলীয়া ৰঙেৰে ৰাঙলী
হৈ পৰে আহিনৰ আবেলি৷
সমীৰণৰ কোমল কোমল পৰশত
কহুঁৱাই হালি জালি নাছে
তোমাৰ মধুৰ চাৱনিত
মোৰ লাজুকী নয়নৰ পাঁহিত
হেপাহৰ ঢৌ খেলে৷
সময়ে পাখি মেলি দিলেহি খৱৰ
সন্ধ্যা ৰানীৰ আগমনৰ কথা
নিয়ৰ কণিকাৰ পৰশত
গধূলি গোপালে মেলিলে পাঁহি৷
সময় আগুৱাই যায়
মৰম ভালপোৱাৰ প্ৰতিশ্ৰুতিত
আশাৰ ৰঙীন পোহৰ
সেউজীয়া সেউজীয়া হৈ
পাৰ হৈ যায় মাঁথো
মোৰ ভাল লগা এটা আবেলি৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!