এটা মেডিকেল কবিতা (ইন্দ্ৰনীল গায়ন)

আগকথা:-
আজি অলপ দিনৰ আগতে লেখিকা ৰঞ্জিতা শৰ্মাৰ চি জে দি আৰু এখন অসম্পূৰ্ণ দিনলিপি কিতাপখন পঢ়াৰ সৌভাগ্য হ’ল। কিতাপখনৰ আৰম্ভণিতে লেখিকায়ে উল্লেখ কৰিছে “ জীৱন প্ৰহেলিকাময়” । গল্প সংকলন এখন উলিওৱাৰ সংকল্প বহুদিনৰে। নামটো অৱশ্যে ঠাৱৰ কৰিব পৰা নাছিলো। সময়ত উপযুক্ত নাম এটাৰ আশ্বাস দিয়া মানুহজন আঁতৰি গ’ল আৰু সঁচাকৈয়ে দি গ’ল এটা গল্পৰ লগতে সংকলনখনৰ নাম। তেওঁক আশ্বাস দিয়া মানুহজন ৫৮ বছৰ বয়সত আঁতৰি যোৱাৰ বাবেই কিতাপখনো ৫৮ নং পৃষ্ঠাতে সমাপ্ত কৰিছে।
এয়া মোৰ এটি ক্ষুদ্ৰ প্ৰয়াস কিতাপখন পঢ়ি মনলৈ অহা ভাববোৰ এই কবিতাটোৰ মাজেৰে প্ৰকাশ কৰাৰ:-

: চি জে দি:
দস্তাবেজৰ আঠাৱন্নতম পৃষ্ঠাত
ৰৈ গৈছিল
জীৱনৰ অধ্যায়
তেওঁ কৈছিল:-
আপুনি দেশী-বিদেশী ফুলৰ
বিষয়ে জানি খুউব ভাল পাইছিল
হয়তো
সেয়ে
ছটিয়াই থৈ গৈছিল সেই পৃষ্ঠাত
এমুঠি তেজৰঙা সান্নিধ্যৰ সুবাস !!
আপোনাৰ মগজুত এটা দুৰাৰোগ্য ব্যধিৰ জন্ম হৈছিল
স্তৰে
স্তৰে
অসহ্য বিষ
যন্ত্ৰণাকাতৰ চিঞৰ
ক্ৰমশঃ
সকলো পাহৰি পেলাইছিল
আনকি তেওঁকো
আঃ কি মৰ্মান্তিক দৃশ্য !!
শুনিছিলো-
এই ৰোগৰ কোনো চিকিৎসা নাছিল
সেইবাবেই
এদিন হঠাতে
আপুনি গুচি গৈছিল
কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে
আৰু
তেওঁৰ হাতত গুঁজি থৈ গৈছিল
চি জে দি
নামৰ এখন অসম্পূৰ্ণ দিনলিপি !!
টোকা:- মেডিকেল ভাষাত চি জে দি(C J D) সম্পূৰ্ণকৈ Creutzfeldt Jakob Disease) এই ৰোগ অতিকৈ আচহুৱা, আৰু মাৰাত্মক সমগ্ৰ বিশ্বতে অতি বিৰল হিচাপে পৰিগণিত হৈছে|
In a Mediacal Terms CJD is a human prion disease. It is a neurodegenerative disorder with characteristic clinical and diagnostic features. This disease is rapidly progressive and always fatal. Infection with this disease leads to death usually within 1 year of onset of illness.

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!