এটা সপোনৰ অপমৃত্যুত: আফতাৰ হুছেইন চৌধুৰী

( সেই ঘটনাত হতভম্ব হৈ পৰা ল’ৰাজনে দুনাই ঘৰলৈ নগল, মুম্বাইত ভিছা প্ৰচেছিঙৰ কামশেষ হোৱাত সি বিদেশলৈ যি গ’ল গ’লেই। আৰু ওভতি নাহিল ঘৰলৈ৷ বহু বছৰৰ পিচত আজিও তাৰ মনত নিজ দেশৰ মানুহৰ প্ৰতি, আইনৰ প্ৰতি অতি ঘৃণা৷ কিছুমান প্ৰশ্নই তাক সদায় আমনি কৰে৷ ভালদৰে কম্পিউটাৰ শিকি চৰকাৰী সাহায্য অবিহনে স্বাৱলম্বী হ’বলৈ বিচৰাটো অপৰাধ আছিল নেকি?…)

 

এজন ল’ৰা, দুচকুত অজস্ৰ সপোন৷ নিয়মীয়াকে বাতৰিকাকত পঢ়ে, দুৰদৰ্শনৰ বাতৰি চায়৷ পঢ়াত মজলীয়া৷ খবৰৰ কাকতযোগে লাহে লাহে গম পালে অসমৰ জলন্ত সমস্যাটো হ’ল নিবনুৱা সমস্যা৷ শিক্ষিত নিবনুৱাৰ সংখ্যা হেনো কুৰি লাখৰ ওপৰত (নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন নকৰাখিনি হিচাপত নাই) ৷ তাৰ সপোন আছিল এনে কিবা এটা কৰাৰ য’ত নিজৰ লগতে আন দহজন নিবনুৱাকো সংস্থাপিত কৰিব পাৰি৷ লাহে লাহে তাৰ সপোন ভাগিল৷ উচ্চতৰ মাধামিক উত্তীৰ্ণ  হৈ স্নাতকক নাম লগালে৷ ভাবি-চিন্তি উলিয়ালে যে বৰ্তমান কম্পিউটাৰৰ যুগ, সেয়ে মহাবিদ্যালয়ৰ শিক্ষাৰ লগতে কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰিলে অন্ততঃ নাখাই মৰিব নালাগিব৷ ভবা মতে মহাবিদ্যালয়ত থকা কম্পিউটাৰ শিক্ষাৰ কেন্দ্ৰত ছফ্টৱেৰ এপ্লিকেচনৰ স্নাতকোত্তৰ ডিপ্লোমা আৰু ব্যক্তিগত এখন প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ হাৰ্ডৱেৰ মেৰামতিৰ ছমহীয়া প্ৰশিক্ষণ সমাপ্ত কৰিলে৷ মহাবিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল আৰু কম্পিউটাৰ শিক্ষাও সমাপ্ত হ’ল৷
এইবাৰ গাঁৱৰ ঘৰত গৈ অলপ টকাৰে পুৰণা কম্পিউটাৰ আৰু যাৱতীয় সামগ্ৰী কিনি সৰুকৈ এখন ডি টি পি আৰু ফটো ষ্টুডিঅ’ খুলিলে৷ আজিকালি চৰকাৰে সঘনে বিভিন্ন আঁচনি ঘোষণা কৰে। আঁচনিত ৰাইজক নিজৰ ফটো লগাই আবেদনপত্ৰ জমা কৰিবলৈ দিয়ে৷ সেয়ে ল’ৰাজনৰ ব্যৱসায় ভালে চলিল৷ তাতে আকৌ অসমত নতুনকৈ অহা ম’বাইল কম্পেনিসমূহে ম’বাইলৰ ছীমকাৰ্ডৰ বাবেও ফটোৰ দৰকাৰ হ’ল৷ মুঠতে সাতে-পাঁচে মিলি ব্যৱসায় বাঢ়িল৷ আইনৰ প্ৰতি অগাধ শ্ৰদ্ধা থকা ল’ৰাজনে সৎভাৱে উপাৰ্জন কৰিব পাৰি বহুত সুখী হ’ল৷ ভতিজাকজনকো কম্পিউটাৰৰ কাম শিকালে। ভতিজাকেও পাৰ্যমানে সহায় কৰিবলৈ ধৰিলে৷ এই সময়ত চৰকাৰে আনন্দৰাম বৰুৱা বঁটা ঘোষণা কৰিলে৷ মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বটা হিচাপে কম্পিউটাৰ দিলে৷ কিছুমানে নিজে ব্যৱহাৰৰ বাবে ৰাখিলে আৰু কোনো কোনোৱে বিক্ৰী কৰিলে৷ সেই কম্পিউটাৰবোৰ লিনাক্স অপাৰেটিং ব্যৱস্থাৰ আছিল। কিন্তু সকলোৱে মাইক্ৰছফ্টৰ ৱিনড’জ পছন্দ কৰাত তেনে কামৰ বাবে অঞ্চলটোৰ কম্পিউটাৰ জনা একমাত্ৰ ল’ৰাজনকেই সকলোৱে মাতিলে৷ কাম কৰাৰ বিনিময়ত কোনোবাই টকা দিয়ে, কোনোবাই নিদিয়ে৷ ল’ৰাজন সকলোতে সন্তুষ্ট৷ লাহে লাহে আৰু কিছুমান উৎসাহী ল’ৰাই কম্পিউটাৰ শিকি ডি টি পিসহ ফটো ষ্টুডিঅ’ খুলিলে। কোনোবাই বিদেশত থকা আত্মীয়ৰ সহায়ত বিদেশী কম্পিউটাৰ কিনিলে৷ কিবা সমস্যা হ’লে সকলোয়ে ল’ৰাজনক বিচৰা হ’ল৷
ইফালে আন এটা চক্ৰই কম্পিউটাৰ ব্যৱহাৰ কৰি ম’বাইল ছীমকাৰ্ডৰ চোৰাং ব্যৱসায় আৰম্ভ কৰিলে৷ প্ৰমাণপত্ৰ জাল কৰি বেলেগ বেলেগ মানুহৰ নামত ছীমকাৰ্ড উলিয়াই সেইবোৰ বেছি দামত বিক্ৰী কৰি সিহতে বহুত টকা উপাৰ্জন কৰিলে৷ ল’ৰাজনৰ আত্মীয় এজন বিদেশত থাকে৷ তেওঁ ল’ৰাজনৰ কাৰণে বিদেশত কাম এটা চাই ভিছাৰ বন্দৱস্ত কৰিলে৷ এইবাৰ বিদেশত ভাগ্য পৰীক্ষা কৰিবলৈ ল’ৰাজনে ভতিজাকৰ হাতত ব্যৱসায় চমজাই ভিছা প্ৰচেচিংৰ কাৰনে মুম্বাই পালে৷
জনপ্ৰিয়তাই ভিতৰি ভিতৰি শত্ৰুৰো যে জন্ম লয় সেয়া ল’ৰাজনে অনুমান কৰিব পৰা নাছিল৷ ভালদৰে কম্পিউটাৰ জনাজনে যে সমস্যাৰ সৃষ্টি কৰিব পাৰে, তাৰ সপোনৰো অগোচৰ আছিল৷
মুম্বাই যোৱাৰ এসপ্তাহৰ পিছত ঘৰত ফোন কৰি ঘৰলৈ তাক বিচাৰি আৰক্ষীয়ে যোৱাৰ জানিব পাৰিলে। আৰক্ষীয়ে প্ৰথমে ল’ৰাজনক বিচাৰিলে৷ ল’ৰাজনক নাপাই কম্পিউটাৰ কোনে চলাই বুলি সুধিলে। ভতিজাকে নিজে চলোৱাৰ কথা কোৱাত আৰক্ষীয়ে ক’লে যে তোমাৰ কম্পিউটাৰত অবৈধ কাম চলি থকাৰ কথা আমি জানিব পাৰিছো। সেয়ে আমি কম্পিউটাৰত কি আছে চাম৷ ঘৰৰ দৰজা, খিড়িকি বন্ধ কৰি ভতিজাক মাৰাথান জেৰা কৰাৰ লগতে কম্পিউটাৰৰ ভিতৰত কি আছে চালি জাৰি চোৱা হ’ল৷ একো নাপাই শেষত কম্পিউটাৰটোকে থানালৈ লৈ গ’ল। লগতে ভতিজাকৰ দেউতাকক থানালৈ যাবলৈ আদেশ দি গ’ল৷ কম্পিটাৰ অবিহনে ভতিজাকৰ ব্যৱসায় অচল হৈ পৰিল। থানালৈ যোৱাত আৰক্ষীয়ে ক’লে কম্পিউটাৰটো ফৰেনছিকলৈ পঠাব লাগিব৷ সকলো নিশ্চিত আছিল যে ফৰেনছিকত পঠালেও অবৈধ একো নাপায়। কিন্তু ভতিজাকৰ ব্যৱসায় বন্ধ হোৱাৰ উপক্ৰম ঘটাত উপায় নেদেখি ভতিজাকৰ দেউতাই থানাৰ লগত চিনাকি (!) মানুহ এজনৰ জৰিয়তে দৰদাম কৰি তিনিহাজাৰ টকাৰ বিনিময়ত কম্পিউটাৰটো মোকলাই লৈ গ’ল।
ইফালে ল’ৰাজনে ফোন কৰি চিনাকি মানুহৰ পৰা গোঠেই ঘটনাটো গ’ম পালে৷ আচলতে সিদিনাখন আৰক্ষীয়ে ছীমৰ অবৈধ ব্যৱসায় কৰা মানুহ এজনৰ ছীমবিক্ৰী কেন্দ্ৰত তালাচী চলাবলৈ যোৱাৰ পথত দালাল এজনে (যিজন কম্পিউটাৰ জনা ল’ৰাজন পৰিচিত) আৰক্ষীক সেই ল’ৰাজনৰ কথা কৈছিল৷ তাৰ মতে সেই অঞ্চলত কম্পিউটাৰ জনা একমাত্ৰ ল’ৰা সিয়েই। সি তেনে অবৈধ কাম কৰিব পাৰে কম্পিউটাৰৰ জৰিয়তে৷ আৰক্ষীয়ে তেতিয়া ছীম বিক্ৰী কৰোতাৰ ঘৰলৈ নগৈ ল’ৰাজনৰ ঘৰলৈ গ’ল৷
সেই ঘটনাত হতভম্ব হৈ পৰা ল’ৰাজনে দুনাই ঘৰলৈ নগল, মুম্বাইত ভিছা প্ৰচেছিঙৰ কামশেষ হোৱাত সি বিদেশলৈ যি গ’ল গ’লেই। আৰু ওভতি নাহিল ঘৰলৈ৷ বহু বছৰৰ পিচত আজিও তাৰ মনত নিজ দেশৰ মানুহৰ প্ৰতি, আইনৰ প্ৰতি অতি ঘৃণা৷ কিছুমান প্ৰশ্নই তাক সদায় আমনি কৰে৷ ভালদৰে কম্পিউটাৰ শিকি চৰকাৰী সাহায্য অবিহনে স্বাৱলম্বী হ’বলৈ বিচৰাটো অপৰাধ আছিল নেকি? থানাৰ দালালজনে কিয় তাৰ কথা ভালদৰে নাজানি তাৰ ঘৰত আৰক্ষী পঠিয়াইছিল? আৰক্ষী বাহিনীৰ লোকসকলো তাৰ নিচিনা বা তাতকৈ উচ্চশিক্ষিত। কিয় কথাটো ভালদৰে গমি নাচালে? এনেকুৱাই যদি হয়, তেন্তে কোনো যুৱকেই দেখোন কম্পিউটাৰ শিকি স্বাৱলম্বী হোৱাৰ সপোন নেদেখিব৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!